বাঙালী সম্প্ৰদায়ৰ চিতল মাছৰ মুইঠ্যা

উপকৰণসমূহ:

* ৫০০ গ্রাম চিতল মাছৰ পিছ

* ২০০ গ্রাম সৰিয়হৰ তেল (মিঠা তেল)

* ২ টেবিল চামুচ ময়দা

* ১ কাপ পিয়াজ পেষ্ট

* ১/২ কাপ বিলাহী পেষ্ট

* ২ সৰু চামুচ আদা পেষ্ট

* ২ সৰু চামুচ নহৰু পেষ্ট

* ৪/৫ টা জলকীয়া

* ১+১/২ সৰু চামুচ নিমখ

* ১ সৰু চামুচ হালধি গুৰি

* ১/২ সৰু চামুচ কাশ্মীৰি লাল মিৰ্চ

* ১ সৰু চামুচ ঘি

* ২/৩ টি ইলাছি

* ১ টা তেজপাত

* ১ কাপ পানী

ৰন্ধন প্ৰণালী:

প্ৰথমে- চিতল মাছৰ পিছ সমূহ অলপ সময়ৰ বাবে পানীত সজাই লৈ, ছালৰ পৰা মাছ খিনি ভালদৰে চামুচেৰে চুচি পৃথক কৰি লব লাগে। মাছ খিনিত থকা সৰু সৰু কাঁইট বোৰ বাচি আঁতৰাব লাগিব।

দ্বিতীয়তে – চুচি থোৱা মাছ খিনিত সৰু মিহিকৈ কাটি থোৱা পিয়াজ, জলকীয়া, হালধি,নিমখ আৰু ময়দা ভাল দৰে মিহলাই — হাতৰ তলুৱাত অলপ মিঠা তেল লৈ মাছৰ মিশ্ৰণটো সৰু / ডাঙৰ আকৃতিৰ বল বনাই লৈ , গৰম কৰা সৰিয়হৰ তেলত ভাজিব লাগিব ।

তৃতীয়তে – সেই একেই গৰম সৰিয়হৰ তেলত ১ টা তেজপাট , ২বা ৩ টা ইলাচি দিয়াৰ অলপ সময়ৰ পিছত তাত ১/২ কাপ পিয়াজ পেষ্ট্, ২ সৰু চামুচ আদা পেষ্ট্, ২ সৰু চামুচ নহৰু পেষ্ট্, ১/২ কাপ বিলাহী পেষ্ট্, ৪/৫ টা জলকীয়া, ১বা ২ চামুচ নিমখ , ১ সৰু চামুচ হালধি গুৰি,১/২ সৰু চামুচ কাশ্মীৰি লাল মিৰ্চ গুৰি যদি বিচাৰে জীৰা গুৰি — এনেকৈ এটাৰ পিছত এটাকৈ উপকৰণবোৰ দি ভালদৰে মিশ্ৰণ কৰি অলপ সময় তেলত ভাজিব — ৫/৬ মিনিট পিছত এই মচলা মিশ্ৰণ টোত ভাজি থোৱা মাছৰ বল কেইটা দি মচলা মিশ্ৰণটোৰ হৈতে মিহলি কৰি, যদি বিচাৰে ১ বা ২ সৰু চামুচ ঘিঁ দিব পাৰি — শেষত ১ কাপ পানী দি অলপ সময় (৭/৮ মিনিট) মিশ্ৰণটো ঢাকি ৰাখিলে—

“চিতল মাছৰ মুইঠ্যা ” সম্পূৰ্ণ তৈয়াৰ।

👨‍🍳 প্রিয়া দত্ত

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

− 7 = 2