মাটি ঢাকনি হিচাপে প্লাষ্টিকৰ ব্যৱহাৰ

কৃষিত প্লাষ্টিকৰ ব্যৱহাৰে এক নতুন যুগৰ সূচনা কৰিছে। কৃষিত প্লাষ্টিকৰ ব্যৱহাৰ যথেষ্ট। তাৰে ভিতৰত মাটিৰ ঢাকনি হিচাপে ব্যৱহাৰ এক উল্লেখনীয় কৌশল। আমাৰ কৃষক সকলে বিভিন্ন সামগ্রী যেনে – শুকান পাত, ধানখেৰ, ধানৰ তুঁহ, কাঠৰ গুড়ি, শুকান ঘাঁহ, শুকান কুঁহিয়াৰৰ পাত, শুকান নাৰিকলৰ পাত, নাৰিকলৰ বাকলি ইত্যাদি মাটিৰ আদ্ৰতা সংৰক্ষণ, অপতৃণ নিয়ন্ত্ৰণ তথা মাটিৰ উষ্ণতা প্ৰশমিত কৰাৰ বাবে ব্যৱহাৰ কৰি আহিছে। ইয়াৰ ফলত মাটিৰ উৰ্বৰা শক্তি অটুট থাকে আৰু মাটিৰ গঠন ভাল হয়। কিন্তু এই সমগ্ৰীবিলাক প্ৰচুৰ পৰিমাণে প্লাষ্টিকৰ অৱৰণবিলাক সহজে পোৱা যায়। পৰিবহন আৰু ব্যৱহাৰত সুবিধাজনক। সেই কাৰণে এই প্লাষ্টিক অৱৰণবিলাক মাটিৰ ঢাকনি বা মালচ হিচাপে বৰ্তমান কৃষক সকলে অগ্ৰাধিকাৰ দিব ধৰিছে। আজিকালি এল ডি পি ই আৰু এল এল ডি পি ই ক’লা ৰঙৰ মালচ  আৱৰণ খুব জনপ্ৰিয় হৈছে।

মালচিং বা মাটি ঢাকনিৰ উপকাৰ বহুত। মাটিৰ আৰ্দ্ৰতা সংৰক্ষণ, অপতৃণ নিয়ন্ত্ৰণৰ উপৰিও মাটি খহনীয়া, কিছুমান ৰোগ আৰু পোকৰ আবিৰ্ভাৱ ৰোধ কৰে। শস্যত প্লাষ্টিক মালচিঙৰ ব্যৱহাৰে উন্নত মানদণ্ডৰ অধিক উৎপাদন পোৱাত সহায় কৰে।

মালচ মূলত দুই প্ৰকাৰৰ – জৈৱিক আৰু অজৈৱিক। শস্য, পচন সাৰ তথা কাঠৰ উদ্যোগৰ যি অৱশিষ্ট যেতিয়া মালচিং হিচাপে ব্যৱহাৰ কৰা হয় তাক জৈৱিক মালচ বুলি কোৱা হয়। জৈৱিক মালচৰ ব্যৱহাৰৰ পিছত নিষ্পত্তিৰ কোনো অসুবিধা নাই কিন্তু লভ্যতা এক সমস্যা। প্লাষ্টিক অৱৰণৰ দৰে অজৈৱিক পদাৰ্থ যেতিয়া মালচিংৰ বাবে ব্যৱহাৰ কৰা হয় তাক অজৈৱিক মালচ বোলে। প্ৰাকৃতিক মালচ সকলো সময় আৰু স্থানতে বিভিন্ন ৰংত আৰু গাঢ়তাত পোৱা যায়।

প্লাষ্টিক মালচ বিভিন্ন ধৰণৰ আছে। ক’লা ৰঙৰ প্লাষ্টিক মালচ ব্যৱহাৰ কৰিলে সূৰ্য্যৰ ৰশ্মি পাৰ হৈ মাটিলৈ নাযায়। যাৰ ফলত সালোক সংশ্লেষণ নহয় আৰু অপতৃণ বাঢ়িব নোৱাৰে। মাটিৰ আৰ্দ্ৰতা সংৰক্ষণ হয়। এই ক’লা ৰঙৰ মালচ শাক পাচলিৰ খেতিত ব্যৱহাৰ হয়। স্বচ্ছ মালচত সূৰ্য্যৰ ৰশ্মি পাৰ হ’ব আৰু অপতৃণ গজিব। গতিকে অপতৃণনাশক প্লাষ্টিক আৱৰণৰ ভিতৰ ফালে ব্যৱহাৰ কৰি অপতৃণ নিয়ন্ত্ৰণ কৰিব লাগিব। এই মালচ ব্যৱহাৰ কৰিলে মাটিত থকা ৰোগ বহু পৰিমানে প্ৰতিৰোধ হয়। দুই ফালে ভিন্নৰঙী মালচ ব্যৱহাৰ কৰিলে পাত আৰু ফলৰ আকাৰ, গছৰ উচ্চতা, ফুল ফুলাৰ সময় আদি নিয়ন্ত্ৰণ কৰাৰ উপৰিও পোক আৰু ৰোগ নিয়ন্ত্ৰণ কৰে। উদাহৰণস্বৰূপে বগা/ ক’লা মালচ ব্যৱহাৰ কৰিলে মাটি শীতল হৈ থাকে কিন্তু ৰূপালী/ ক’লা মালচ ব্যৱহাৰে মোৱা পোক আৰু থ্ৰীপচজাতীয় পোক নিবৃত কৰে। কিছুমান প্লাষ্টিক মালচ সূৰ্য্য ৰশ্মি আৰু কিছু প্ৰাকৃতিক পৰিবেশত মাটিৰ লগত মিলি যায়।

প্লাষ্টিক আৱৰণৰ ৰং নিৰ্বাচন আমি অপতৃণ নিয়ন্ত্ৰণ, ৰোগ প্ৰতিৰোধ নে মাটিৰ উষ্ণতা বঢ়ায় ইত্যাদিৰ ওপৰত ভিত্তি কৰি ব্যৱহাৰ কৰিব লাগে । সাধাৰণতে বাৰ্ষিক শস্যৰ বাবে ২০-২৫  মাইক্ৰণ, দ্বিবাৰ্ষিক শস্যৰ বাবে ৪০-৫০ মাইক্ৰণ আৰু বহু বাৰ্ষিক শস্যৰ বাবে ৫০-১০০ মাইক্ৰণ গাঢ়তাৰ প্লাষ্টিক ব্যৱহাৰ কৰিব লাগে। শাক পাচলিৰ বাবে প্লাষ্টিক মালচিঙৰ খৰচ প্ৰতি বৰ্গমিটাৰত প্ৰায় দুটকা আৰু ফল-মূলৰ বাগিছাৰ বাবে প্ৰায় ১.৫০ টকা প্ৰতি বৰ্গমিটাৰত পৰে। কৃষকসকল প্লাষ্টিক মালচিঙৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে চৰকাৰী আৰ্থিক সাহায্যৰ ব্যৱস্থা আছে। প্লাষ্টিক মালচিঙ ব্যৱহাৰৰ ফলত উৎপাদন ২৫-৭০ শতাংশ বঢ়াৰ তথ্য পোৱা গৈছে।

হিমাদ্রি শেখৰ দত্ত, সহকাৰী অধ্যাপক,উদ্যান বিজ্ঞান মহাবিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়

By