ইতিহাসৰ আঁত ধৰি ইজৰাইল – পেলেষ্টাইন সংঘাত :

ইজৰাইল আৰু পেলেষ্টাইন

ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘৰ্ষ নতুন নহয়।

দশকৰ পৰা দশক ধৰি চলা এই সংঘৰ্ষৰ ইতিহাস বহু পুৰণি ৷ কিন্তু কিয় এই সংঘাত? ইহুদী সকলৰ ওপৰত বহুতো ভুল ধাৰণা এটা সময়ত বিয়পোৱা হৈছিল । ইহুদী সকলে যিমান ঘৃণা সহ্য কৰিব লগা হৈছিল হয়তো বিগত ১০০০ বছৰত অন্য কোনো ধৰ্মই সহিব লগা হোৱা নাই। তেওঁলোকক অকল ধৰ্মীয় বিশ্বাসৰ বাবেই নহয় এটা বিদেশী সংস্কৃতি বুলি ভাবিও ঘৃণাৰ চকুৰে চাইছিল। ইতিহাসত ইহুদী সকলে নানান ধৰণে বিশেষকৈ হিটলাৰৰ নাজিবাহিনী তথা দ্বিতীয় বিশ্বযুদ্ধত বৰ্বৰ অত্যাচাৰৰ সন্মুখীন হৈছিল । এইবোৰ কাৰণতেই ইহুদী সকলে ১৮০০ শতিকাৰ পিছৰে পৰা ভাবিব বাধ্য হ’ল এখন স্বদেশ গঢ়ি তোলাৰ। সেয়াও এক দীঘলীয়া ইতিহাস। পেলেষ্টাইনৰ জেৰুজালেম ইহুদী সকলৰ বাবে পবিত্ৰ ভূমি । ১৮৯৭ চনত ইহুদীসকলে বিভিন্ন অত্যাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰি পেলেষ্টাইনলৈ প্ৰব্ৰজন আৰু স্থায়ী ভাৱে বসতি কৰিবলৈ ধৰিলে ৷ আৰু স্বদেশ গঠন কৰাৰ সংকল্পৰে বিশ্ব জায়নবাদী বা ইহুদীবাদী সংগঠন প্ৰতিষ্ঠা কৰি তেওঁলোকে আন্দোলনৰ সূচনা কৰিলে। ফলশ্ৰুতিত বিভিন্ন ঠাইৰ পৰা ইহুদী লোকসকল পেলেষ্টাইনলৈ প্ৰৱেশ কৰিবলৈ ধৰাত স্থানীয় আৰব বা সংখ্যাগৰিষ্ঠ মুছলিমসকলৰ মাজত অসন্তুষ্টিৰ ভাৱ সৃষ্টি হৈছিল। ফলত তেওঁলোকে এই আগ্ৰাসনৰ বিৰুদ্ধে যুঁজিছিল আৰু এই গৃহযুদ্ধত বহুতো লোকৰ মুত্যুও হৈছিল যদিও সেইসময়ৰ সাম্ৰাজ্যবাদী বৃটিছ চৰকাৰখনে ইয়াত কিন্তু একো হস্তক্ষেপ নকৰি দৰ্শকৰ স্থিতিহে লৈছিল।

প্ৰথম বিশ্বযুদ্ধৰ পিছত তুর্কি সাম্রাজ্য বা অটোমান সাম্রাজ্য ভঙ্গ কৰি ব্ৰিটেইনে পেলেষ্টাইনৰ শাসনভাৰ হাতত তুলি লয়।

বিশ্বযুদ্ধৰ সময়ছোৱাত ব্ৰিটেইনে ইহুদী সকলক বহু প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্য্যত একোৱেই ৰক্ষা কৰা হোৱা নাছিল। পৰ্যায়ক্ৰমে পেলেষ্টাইনত আৰব জাতীয়তাবাদী আৰু ইহুদি বাদীৰ মাজত দ্বন্দ্ব সংঘাত আৰম্ভ হয়। ইফালে দ্বিতীয় বিশ্বযুদ্ধত যেতিয়া লাখ লাখ ইহুদী সকলক হত্যা কৰা হ’ল (হলোকাস্ট) তেতিয়া স্বতন্ত্ৰ ৰাষ্ট্ৰৰ বিদ্ৰোহে গা কৰি উঠে আৰু চৰম পৰ্যায়ত উপনীত হয় । ব্ৰিটিছ মেণ্ডেটৰ অঞ্চলসমূহ পিছৰ পৰ্যায়ত পেলেষ্টাইনী আৰু ইহুদী সকলৰ মাজত ভাগ কৰাৰ সিদ্ধান্ত লোৱা হয়। ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপত পেলেষ্টাইনক প্ৰায় ৪৩% আৰু ইহুদী সকলক প্ৰায় ৫৭% ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে দিয়া হয়। জেৰুজালেম যিহেতু মুছলিম, ইহুদী আৰু খ্ৰীষ্টান তিনিওটা ধৰ্মৰে পবিত্ৰ ভূমি সেয়ে ৰাষ্ট্ৰ সংঘই জেৰুজালেমক আন্তৰ্জাতিক নিয়ন্ত্ৰণত ৰখাৰ কথা ঘোষণা কৰে। ইহুদী সকলে ইয়াত সন্মতি প্ৰদান কৰিলেও মধ্যপ্ৰাচ্যৰ দেশসমূহে ইয়াৰ বিৰোধিতা কৰিছিল। ১৯৪৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কূটনৈতিক চাপ আৰু ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ অনুসৰি ইজৰাইল ৰাষ্ট্ৰ প্ৰতিষ্ঠা হয় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ পৰা স্বীকৃতি লাভ কৰে । কিন্তু প্ৰায় ৫ খন মান আৰব দেশে একেলগ হৈ নতুনকৈ গঠন হোৱা ইজৰাইলৰ ওপৰত যুদ্ধ ঘোষণা কৰি দিয়ে। আৰু এয়াই আছিল আৰব ইজৰাইলৰ প্ৰথম যুদ্ধ। ইহুদী সকলে সৰ্ব শক্তিৰে যুঁজা এই যুদ্ধত সকলোকে আচৰিত কৰি জয় লাভ কৰে। যুদ্ধৰ অন্তত ১৯৪৯ চনত ৰাষ্ট্ৰসংঘই কৰি দিয়া চুক্তি মৰ্মে বিভাজিত কৰা পেলেষ্টাইনৰ বহু অংশ ইজৰাইলে দখল কৰে, গাজা ষ্ট্ৰিপ ইজিপ্তৰ দখলত গুচি গ’ল আৰু ৱেষ্ট বেংকৰ অঞ্চলসমূহ জৰ্ডানৰ অধীনস্থ হ’ল। এই যুদ্ধৰ শেষত পেলেষ্টাইনৰ নিজা ভূমি বুলি একো নথকাৰ দৰে অৱস্থা হ’ল আৰু প্ৰায় ৭ লাখ পেলেষ্টাইনী লোক নিজ গৃহ এৰি শৰণাৰ্থী হৈ অন্য আৰব ৰাষ্ট্ৰত থাকিব লগা হ’ল। আৰু ইয়াক ১৯৪৮ পেলেষ্টাইনী প্ৰস্থান (1948 Palestine Exodus) বুলিও জনা যায়।

Israel war
Israel war

এতিয়া গৃহভূমিৰ পৰা পলায়ন কৰা পেলেষ্টাইনী সকলে নিজৰ দেশ বিচাৰি ১৯৬৪ চনত পেলেষ্টিন মুক্তি সংস্থা (Palestine Liberation Organization) চমুকৈ PLO ৰ জন্ম দিয়ে। উদেশ্য আছিল সশস্ত্ৰ সংগ্ৰামেৰে ইজৰাইলৰ দৰে দেশসমূহক উৎখাত কৰাৰ । আৰু সেইবাবেই আমেৰিকা আৰু ইজৰাইলে উক্ত সংগঠনটোক সন্ত্ৰাসবাদী সংগঠন বুলি অভিহিত কৰে। কিন্তু অন্যদিশেৰে চালে ইয়াক বিপ্লৱী সংগঠন বুলিও আখ্যা দিব পাৰি। পিছৰ পৰ্যায়ত ১৯৭৪ চনত তেওঁলোকক পেলেষ্টাইন নাগৰিকৰ প্ৰতিনিধি বুলি স্বীকৃতি দিয়া হৈছিল।

১৯৬৭ চনত আকৌ চিৰিয়া, জৰ্ডান আৰু ইজিপ্তৰ লগত ইজৰাইলৰ যুদ্ধ হয় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সহায়ত মাথোঁ ছয় দিনতে সকলোকে পৰাস্ত কৰি ইজৰাইলে জৰ্ডানৰ পৰা পূব জেৰুজালেম আৰু ৱেষ্ট বেংক, চিৰিয়াৰ পৰা গোলান হাইটছ, ইজিপ্তৰ পৰা চিনাই উপদ্বীপ আৰু গাজা ষ্ট্ৰিপ দখল কৰিছিল। ইয়াৰ পিছৰে পৰাই গাজা ষ্ট্ৰিপ আৰু ৱেষ্ট বেংকক “অধিকৃত অঞ্চল” বুলি জনা যায়।

কিন্তু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ হস্তক্ষেপত ইজৰাইলক যুদ্ধত দখল কৰা ঠাইসমূহ ঘূৰাই দিবলৈ বাধ্যতামূলক প্ৰস্তাৱ গ্ৰহণ কৰে যদিও ইজৰাইলে অনীহা দেখুওৱাৰ ফলত ১৯৭৩ চনত আৰব আৰু ইজৰাইলৰ (ইয়ম কিপপুৰ যুদ্ধ) মাজত পুনৰ যুদ্ধ আৰম্ভ হয় ৷ ইজৰাইলে এইবাৰ কিছু বিফলতাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছিল। পিছত ১৯৭৯ চনত দুয়োখন দেশে শান্তি চুক্তি স্বাক্ষৰ কৰি ইজৰাইলে চিনাই উপদ্বীপ ইজিপ্তক ঘূৰাই দিয়ে আৰু ইজিপ্ত এ ইজৰাইলক আনুষ্ঠানিক ৰাষ্ট্ৰৰূপে ঘোষণা কৰে। আৰু ইয়াৰ লগে লগেই ইজিপ্ত আনুষ্ঠানিক ভাৱে ইজৰাইলক স্বীকৃতি দিয়া প্ৰথম আৰৱ দেশ হিচাপে পৰিগণিত হয়। এই শান্তি চুক্তিৰ ফলত ইজিপ্তৰ প্ৰধানমন্ত্ৰী মহম্মদ আনৱাৰ এল সাদাত আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী মেনাকেম বেগিনক শান্তিৰ বাবে নোবেল পুৰস্কাৰো প্ৰদান কৰা হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ ইজিপ্তৰ প্ৰধানমন্ত্ৰী জনক ইজৰাইলৰ সৈতে শান্তি চুক্তি কৰাৰ বাবে ইজিপ্তৰে উগ্ৰপন্থী সংগঠন (Right Wing Extremist) এটাই তেখেতক হত্যা কৰে ৷

১৯৬৭ চনৰ পৰা ১৯৮০ চনলৈকে গাজা ষ্ট্ৰিপ আৰু ৱেষ্ট বেংকৰ ইজৰাইলৰ আধিপত্যত আছিল আৰু বহুতো ইহুদী নাগৰিকে তাতেই স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে। ইজৰাইল চৰকাৰেও প্ৰত্যক্ষ বা পৰোক্ষ বাবে তেওঁলোকক সময়ে সময়ে সহায় কৰি আহিছে। কিন্তু আন্তৰ্জাতিক গোষ্ঠীেয়ে উক্ত দখল সমূহক নাকচ কৰিছিল যিহেতু ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ উলংঘা কৰা দেখা যায়।

১৯৯২ চনত ইজৰাইলৰ প্ৰধানমন্ত্ৰী ইৎজাক ৰবিনে PLO ৰ লগত শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তে তেওঁলোকৰ দেশ ওভতাই দিয়াৰ পোষকতা কৰে আৰু ১৯৯৪ চনত ওসলো চুক্তি স্বাক্ষৰিত হয় আৰু পেলেষ্টিনীয়েন নেচনেল অথৰীটি নামকৰণেৰে পেলেষ্টাইনৰ দেশ গঠন কৰা হয় । কিন্তু ৱেষ্ট বেংকৰ বহু ঠাইত ইজৰাইলি নাগৰিকে ইতিমধ্যে স্থায়ীভাৱে বসবাস কৰি আছিল আৰু বহু আন্তঃগাঁথনিৰ উন্নয়ন কৰা হৈছিল। সেয়ে ৱেষ্ট বেংকক তিনিটা ভাগত বিভাজন কৰি বহু বিভক্ত টুকুৰা সদৃশ অঞ্চল পেলেষ্টাইনী সকলক দিয়া হয়। আৰু সৰু সৰু বিভক্ত অঞ্চলবোৰত পেলেষ্টাইনী সকলে বসবাস কৰিবলৈ আৰম্ভ কৰে। ইয়াৰে কিছুমান অঞ্চল পেলেষ্টাইন চৰকাৰৰ, কিছুমান অঞ্চল দুয়োটা চৰকাৰৰ আৰু কিছুমান অঞ্চল ইজৰাইল চৰকাৰৰ প্ৰশাসনিক নিয়ন্ত্রণত চলি আহিছে ।

দেশ গঠন কৰিবলৈ ৰাষ্ট্ৰসংঘই ১৯৪৯ চনত কৰা চুক্তি মৰ্মে বিভাজিত কৰা অঞ্চল সমূহো লাভ কৰা দূৰৰে কথা ৱেষ্ট বেংক আৰু গাজা ষ্ট্ৰিপৰ সৰু সৰু বিভক্ত কিছুমান অঞ্চলহে পেলেষ্টাইনে লাভ কৰিছিল । কিন্তু ইতিবাচক কথাটো এইয়াই যে শান্তি প্ৰক্ৰিয়া এটাৰ পাতনি মেলিছিল। এই শান্তি চুক্তিৰ বাবে ইজৰাইলৰ প্ৰধানমন্ত্ৰী ইৎজাক ৰবিন আৰু পেলেষ্টাইন অথৰিটিৰ প্ৰধানমন্ত্ৰী ইয়াছেৰ আৰাফাতক শান্তিৰ বাবে নোবেল পুৰস্কাৰো প্ৰদান হয়। কিন্তু ১৯৯৫ চনত ইজৰাইল এটা সংগঠনে ইজৰাইলী প্ৰধানমন্ত্ৰী জনক দেশ বিভক্তকৰণৰ বাবে গুলিয়াই হত্যা কৰে আৰু ইয়াৰ পিছতেই গোটেই শান্তি প্রক্রিয়াটো ধ্বংস হৈ যায়। ঠিক যেনেকৈ কিছুমান ইহুদী লোকে এই শান্তি প্ৰক্ৰিয়াটোৰে অকণমান ঠাই দিয়াটোৱেই বিৰোধিতা কৰে সেইদৰে পেলেষ্টাইনৰ গাজা ষ্ট্ৰিপত দপদপাই থকা হামাছেও PLO ৰ শান্তিপূৰ্ণ প্ৰক্ৰিয়াবোৰৰ পূৰ্ণ বিৰোধিতা কৰে। ৱেষ্ট বেংকত থকা PLO ৰ চৰকাৰখনে এটা শান্তিপূৰ্ণ সমাধানেৰে আগবাঢ়িব খোজা পৰিলক্ষিত হয়। দুয়োটা পেলেষ্টাইনী সংগঠনৰ উদ্দেশ্য একে যদিও পন্থা আছিল একেবাৰেই বিপৰীতমুখী ।

২০০২ চনত দুয়োটা দেশৰে নাগৰিকৰ মাজত হোৱা সংঘর্ষত ১০০ ৰো অধিক মানুহে মৃত্যু বৰণ কৰে । পৰিস্থিতি ইমানেই বেয়ালৈ ধাৱমান হৈছিল যে ইজৰাইলে দখল কৰি থকা ঠাইসমূহত বিশেষকৈ ৱেষ্ট বেংকত ঠায়ে ঠায়ে নিজৰ অঞ্চলবোৰত ওখ দেৱাল বনাই পেলালে আৰু চেক পোষ্ট, সৈনিকৰ পহৰা ইত্যাদি বৃদ্ধিৰ ফলত পেলেষ্টাইনী লোকসকল বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে। ইয়াৰ পৰাই ইজৰাইল আৰু পেলেষ্টাইনী সকলৰ মাজত সংঘৰ্ষ বৃদ্ধি পাব ধৰিলে।

১৯৮৭ চনত পেলেষ্টাইনত জন্ম হোৱা ইছলামপন্থী সংগঠন হামাছৰ লক্ষ্য হৈছে ইজৰাইলৰ ধ্বংস তথা ইজৰাইল, ৱেষ্ট বেংক আৰু গাজাক লৈ নতুন ইছলামিক দেশৰ গঠন কৰা ৷ প্ৰথমতে সশস্ত্ৰ সংগ্ৰামৰ পোষকতাৰে আৰু পিছত ২০০৫ চনত ৰাজনৈতিক প্ৰক্ৰিয়াত আহি ২০০৬ চনত পেলেষ্টাইনৰ আইন পৰিষদৰ নিৰ্বাচনত PLO ক খুব কম ভোটৰ ব্যৱধানত পৰাস্ত কৰি জয়ী হয়। কিন্তু পিছৰ বছৰতেই ২০০৭ ত এই দুটা পেলেষ্টাইনী সংগঠনৰ মাজত গৃহযুদ্ধ আৰম্ভ হয় আৰু দুয়োপক্ষৰ সমৰ্থকসকলে ইয়াত জঁপিয়াই পৰে। এই গৃহযুদ্ধক বেটেল অফ গাজা (Battle of Gaza) বুলি কোৱা হয়। আৰু ইয়াৰ পিছৰ পৰাই পেলেষ্টাইন আকৌ নিজৰ মাজতেই দ্বিভক্ত হৈ পৰে। গাজা ষ্ট্ৰিপ হামাছৰ নিয়ন্ত্ৰণত আৰু ৱেষ্ট বেংক ফাটেহ আৰু PLO ৰ নিয়ন্ত্ৰণত গুচি আহে । কিন্তু হামাছৰ অধীনত থকা গাজা ষ্ট্ৰিপ বৰ্তমান আতংকবাদী সংগঠনৰ দৰে কাৰ্যকলাপ কৰে। ৱেষ্ট বেংকত সন্ত্ৰাসবাদী কাৰ্যকলাপ দেখা পোৱা নাযায়। কিন্তু ইজৰাইলে দশক ধৰি ৰাষ্ট্ৰসংঘৰ চুক্তিক অমান্য কৰি ৱেষ্ট বেংকৰ ওপৰত দখল দি আহিছে আৰু সেইবাবেই হয়তো সাম্প্ৰতিক পৰিস্থিতি অধিক জটিল ৰূপ ধাৰণ কৰিছে।

আনফালে ইজৰাইলেও চেষ্টা কৰে হামাছাক উৎখাত কৰিবলৈ। দুয়োফালৰ পৰা আকাশত ৰকেট প্ৰক্ষেপ, বোমাবর্ষণ ইত্যাদি চলি থাকিল। ২০০৮ চনত ইজৰাইল সেনাৰ আক্ৰমণত ১৩০০জন পেলেষ্টাইনী লোকৰ মৃত্যু আৰু ১৩ জন ইজৰাইলি ব্যক্তিৰ মৃত্যু হয়। আকৌ ২০১২ চনৰ ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইকত হামাছৰ কাছাম ব্ৰিগেডৰ কমাণ্ডাৰ আহমেদ জবাৰীৰ মৃত্যু হোৱাত আৰম্ভ হয় প্ৰবল সংঘৰ্ষ। সেইবাৰো ১৭০ জন পেলেষ্টাইনী আৰু ৬ জন ইজৰায়েলি নিৰীহ লোকৰ মৃত্য হয়। ২০১৪ চনৰ দুয়োপক্ষৰ যুদ্ধত ক্ষত-বিক্ষত হয় গাজা। ২১৪৩ জন পেলেষ্টাইনী লোকৰ মৃত্যু হয় আৰু প্ৰায় ১১০০০ জন আহত হয়। গৃহহীন হয় লক্ষাধিক লোক। আয়ৰণ ডম প্ৰতিৰক্ষা ব্যৱস্থা থকা বাবে ইজৰাইলৰ বিস্তৰ ক্ষতি এতিয়ালৈকে হোৱা নাই। ২০১৪ চনৰ পিছত আকৌ এইবাৰ ২০২১ চনত ইজৰাইল অধিকৃত পূব জেৰুজালেমৰ এক অঞ্চলত কেইঘৰমান পেলেষ্টাইনী লোকক ভূমিহীন কৰাৰ আশংকাত আৰু তাৰ মাজতেই কিছুমান ৰাজনৈতিক নেতাৰ উগ্ৰ ভাষণৰ বাবে সংঘাত আৰম্ভ হৈছে যদিও প্ৰকৃততে এই বিবাদ ১৯৭২ চনৰে পৰা চলি আহিছে। ক’ৰণা মহামাৰীৰ সময়তে পুৰণি শত্ৰুতা আৰু পৰিস্থিতি পৰ্যায়ক্ৰমে পূৰ্ণাংগ যুদ্ধৰ দিশে যদিও এই বিষয়ে একো কোৱা নাযায়।

সাধাৰণ লোকসকলৰ দিন পাৰ হৈছে আতংকত, প্ৰাৰ্থনাৰ বাহিৰে তেওঁলোকৰ হাতত একো নাই । বৃহত্তৰ দৃষ্টিত সংঘৰ্ষ বা যুদ্ধত মৃত্যু এটা সংখ্যা হৈ ৰয়। কিন্তু ধ্বংসস্তূপৰ ভিতৰৰ পৰা কান্দোনৰ যি ৰল শুনা যায়, সিয়ে কৈ যায় যুদ্ধত জয় পৰাজয় যাৰেই নহওক পৰাজয় কিন্তু মানৱতাৰেই। যুদ্ধৰ আঁৰত আৰু কিমান দিন মানৱতা ম্লান পৰিব। দুয়োখন দেশেই গোড়ামী তথা তিক্ততাৰ অৱসান ঘটাই শান্তিৰ পথ বাছি লব লাগিব অন্যথা এই সংঘৰ্ষই অন্যান্য ৰাষ্ট্ৰসমূহতো বিৰূপ প্ৰভাৱ পেলোৱাটো নিশ্চিত।

প্ৰণৱেশ বৰ্মন

 

By