আন্দামান ভ্ৰমণ আৰু চেল্যুলাৰ জেল

আন্দামান ভ্ৰমণ

আন্দামান ভ্ৰমণ আৰু চেল্যুলাৰ জেল

সৌন্দৰ্য্যৰ দিশেৰে যিদৰে অতুলনীয় তেনেকৈ আন্দামান ভ্ৰমণৰ অভিজ্ঞতাও অসাধাৰণ। ৫৭২ তা সৰু বৰ প্ৰাকৃতিক প্ৰাচুৰ্যৰে ভৰপূৰ দ্বীপ সমূহৰে গঠিত আন্দামানলৈ ২০১৯ চনত সপৰিয়ালে ফুৰিবলৈ গৈছিলোঁ। আমাৰ মনত সৌন্দৰ্য্যৰ চাপ পেলাই থৈ যোৱা ভ্ৰমণৰ মাজত এক উল্লেখনীয় স্থান আছিল চেল্যুলাৰ জেল বা কালাপানী।

চেল্যুলাৰ জেল বা কালাপানী, এনে এক ঠাই যিয়ে আপোনাক স্বাধীনতা সংগ্ৰামী সকলৰ সৰ্বোস্ব ত্যাগৰ পৃষ্ঠাবোৰ আলোকপাত কৰি তুলিব পাৰে। ইতিহাসৰ পাতবোৰ লুটিয়াই যাওঁতে চেল্যুলাৰ জেলত আয়োজিত শব্দ আৰু পোহৰ প্ৰদৰ্শনীয়ে বিপ্লৱী সকলৰ ত্যাগৰ গৌৰৱে মোক গভীৰ ভাৱে আৱেগিক কৰি তুলিছিল। সন্ধিয়া আয়োজিত প্ৰদৰ্শনীটোত কাৰাগাৰৰ প্ৰতিটো বিশেষ কোঠালিত নিৰ্দিষ্ট পোহৰেৰে আলোকিত কৰি সেই বন্ধ কোঠালিত তথা যথাস্থানত সংঘঠিত নৃশংস আৰু বেদনাদায়ক ইতিহাসবোৰ ঘোষকৰ কণ্ঠত যেন এতিয়াও জীৱিত। বন্দী স্বাধীনতা সংগ্ৰামী সকলৰ কৰুণ ইতিহাসৰ দিনবোৰ চকুৰ ওচৰত ভাঁহি উঠিছিল।

পোহৰ আৰু শব্দ প্ৰদৰ্শনীটোৱে ব্ৰিটিছ শাসকসকলৰ দ্বাৰা কাৰাগাৰৰ বন্দী সকলৰ ওপৰত দীৰ্ঘদিন ধৰি চলোৱা বৰ্বৰ অত্যাচাৰ আৰু স্বাধীনতাৰ বাবে সংগ্ৰাম কৰা বিপ্লৱী সকলৰ সকলো কষ্টৰ এক কৰুণ কিন্তু মহান গাঁথা জীৱন্ত ৰূপত ফুটাই তুলাইছিল। চেল্যুলাৰ কাৰাগাৰৰ ভিতৰৰ মুহূৰ্তবোৰ যেন মোৰ স্মৃতিত এতিয়াও সজীৱ। চেল্যুলাৰ কাৰাগাৰক কালাপানী বুলিও কোৱা হয়। কালৰ অৰ্থ হৈছে “সময় বা মৃত্যু” আনহাতে চৌদিশে পানীৰে আবৃত্ত কোনো বন্দীয়েই এই ভয়ংকৰ কাৰাগাৰৰ পৰা পলাই আহিব পৰা কোনো সুৰুঙাই নাছিল।

১৮৫৭ চনৰ মহাযুদ্ধৰ পিছত ব্ৰিটিছে অসংখ্য ভাৰতীয় স্বাধীনতা সংগ্ৰামীক আন্দামানৰ ৰছ্ নামৰ এখন দ্বীপত আনি বন্দী কৰি থৈছিল, কিন্তু লাহে লাহে ঠাইৰ অভাৱত এখন নতুন কাৰাগাৰৰ নিৰ্মাণৰ কাম আন্দামানৰ পোৰ্ট ব্লেয়াৰত আৰম্ভ কৰা হয়। চেল্যুলাৰ কাৰাগাৰখন ১৮৯৬ চনত আৰম্ভ কৰি ১৯০৬ চনৰ ভিতৰত সম্পূৰ্ণ কৰি তুলা হৈছিল। মূল ভূখণ্ডৰ পৰা নিৰ্বাসিত ভাৰতীয় স্বাধীনতা সংগ্ৰামীসকলক বন্দী কৰিবলৈ ব্ৰিটিছসকলে কাৰাগাৰটো ব্যৱহাৰ কৰিছিল। বীৰ সাভাৰকাৰ আৰু বটুকেশ্বৰ দত্তৰ দৰে বিখ্যাত সংগ্ৰামী সকলো ইয়াতে বন্দীত্বৰ জীৱন কটাই।

চেল্যুলাৰ কাৰাগাৰটো সাতটা উইংৰে গঠিত চকা সদৃশ। প্ৰতিটো শাখাই তিনিমহলীয়া, ঠিক মাজতেই এটা ওখ টাৱাৰ আৰু তাৰ পৰা প্ৰতিটো শাখাতেই নজৰ ৰাখিব পৰাকৈ নিৰ্মাণ কৰা হৈছিল। কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি দেখা পালেই তাৰ পৰাই চাইৰেন বজোৱাৰ ব্যৱস্থা কৰি থোৱা হৈছিল। এতিয়া পিছে গোটেই কেইটা শাখা নাই।

ফাঁচি দিয়া ঠাইডোখৰৰ ঠিক বিপৰীতে সজা মেচত বন্দী সকলক প্ৰতিদিনে সামান্য আহাৰ দিয়া হৈছিল। মেচত খাই থকা বন্দিসকলে ফাঁচি দিয়া ঠাইখিনি তথা দৃশ্যবোৰ দেখি যাতে মানসিক ভাবে দুৰ্বল হৈ পৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ আৰ্হিৰে কাৰাগাৰটো নিৰ্মাণ কৰা হৈছিল। বন্দী সকলে কাম কৰা ঘৰবোৰ কাৰাগাৰৰ শাখাবোৰৰ মাজে মাজে সজা হৈছিল। বৰ্তমান সেইবোৰক প্ৰদৰ্শনী গৃহলৈ ৰূপান্তৰিত কৰা হৈছে। য’ত বন্দী সকলক প্ৰদান কৰা কামৰ নমুনা দেখিলে অন্তৰখন কঁপি উঠে। সেই ইতিহাসৰ ছবিবোৰ খুবেই বেদনাদায়ক।

তেওঁলোকে নিৰ্ধাৰণ কৰা সময়ৰ ভিতৰত বন্দীসকলক নিৰ্ধাৰিত পৰিমাণৰ সৰিয়হৰ পৰা তেল উলিওৱা বা নাৰিকলৰ ৰছী ইত্যদি বনাবলৈ দিয়া হৈছিল। সময়মতে নিৰ্ধাৰিত পৰিমাণৰ সামগ্ৰী আদায় দিব নোৱাৰাৰ অজুহাতত তেওঁলোকক সকলো বন্দীয়ে চাব পৰাকৈ মুকলি ঠাইত কঠোৰ শান্তি বিহিছিল। যাৰ নমুনাবোৰ এতিয়াও তাত সজাই থোৱা আছে। কেতিয়াও ফাঁচি দিয়া ঠাই দেখা নাছিলোঁ ৷ কাঠগঢ়া, ফাঁচি দিয়া ৰছী ইত্যাদি গোটেই দৃশ্যখিনি চাই বিচলিত হৈ পৰিছিলোঁ।

“চেল্যুলাৰ” নামটো কোঠালিবোৰ দেখিলেই বুজিব পাৰি। মুঠ ৬৯৩ টা তেনেই সৰু সৰু প্ৰায় ১৫ / ৮ ফুট দৈর্ঘৰ কোঠালীবোৰৰ পৰা এজনে আনজনক কোনোপধ্যেই দেখিব নোৱাৰে। কেৱল ইখন কাৰাগাৰৰ পিছফালৰ দেৱাল আৰু মাজৰ অংশখিনিহে চকুত পৰে।

প্ৰতিটো কাৰাগাৰৰ শাখা কেন্দ্ৰীয় টাৱাৰৰ সৈতে একোখনকৈ লোহাৰ দলঙেৰে সংযোজিত কৰা হৈছে আৰু নিশা এই লোহাৰ দলংবোৰ কাৰাগাৰৰ শাখাবোৰৰ পৰা বিচ্ছিন্ন কৰি দিয়া হৈছিল যাতে কোনো বন্দীয়েই পলাব খুজিলেও শাখাটোৰ পৰা ওলাই আহিব নোৱাৰে। প্ৰতি মাহতে বন্দী সকলক নিজা কোঠালি সমূহৰ পৰা অন্য কোঠালি সমূহত প্ৰেৰণ কৰা হৈছিল যাতে কোনোপধ্যেই কাষত থকা জনৰ লগত কোনোধৰণৰ সমন্ধ গঢ় লৈ নুঠে।

এই অসাধাৰণ কাৰাগাৰখনত বন্দী সকলৰ জীৱন যথেষ্ট কষ্টকৰ আছিল। ব্ৰিটিছ সকলে বিভিন্ন নৃশংস শাৰীৰিক অত্যাচাৰৰ ওপৰিও যাতে মানসিক ভাৱে জুৰুলা কৰি তুলিব পাৰি তাৰ কোনো প্ৰয়াসেই বাদ দিয়া নাছিল। ইয়াৰে বহু বন্দী মানসিক বিকাৰগ্ৰস্থতাৰ সন্মুখীন হৈ মৃত্যু বৰণ কৰিছিল।।

গোটেই দিনটোৰ বাবদ ৰাতিপুৱা ক্ষন্তেক সময়ৰ বাবে তেওঁলোকক বাহিৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰা হৈছিল। শৌচাগাৰ নথকা শৌচাগাৰতকৈও হয়তো সৰু কোঠালিবোৰত ওৰে দিনটো বন্দী কৰি থোৱা হয়। ৰাতিপুৱাৰ পিছত প্ৰয়োজন সাপেক্ষে নৈমিত্তিক কৰ্মৰ বাবে একোটা মাটিৰ পাত্ৰ হে তেওঁলোকক দিয়া হৈছিল।

কেতিয়াও দুৰ্বল হৈ নপৰা আৰু পলাই যোৱাৰ বাৰম্বাৰ প্ৰচেষ্টা কৰা বীৰ সাভাৰকাৰৰ কোঠালিটো এতিয়া ধুনীয়াকৈ সজাই থোৱা পৰিলক্ষিত হ’ল। বন্দী সকলক ইমানেই আনৰ পৰা বিচ্ছিন্ন কৰি ৰাখিছিল যে বীৰ সাভাৰকাৰে নিজৰ ভাতৃ একেটা কাৰাগাৰতে বন্দী থকাৰ কথাটো এবছৰৰ মূৰতহে গম পাইছিল আৰু সৌভাগ্যক্ৰমে চৌহদত কাম কাজৰ সময়ত এবাৰহে দুয়োৰে দেখা সাক্ষাৎ হৈছিল ।

ইয়াতকৈয়ো অনেক বেছি বহুতো নৃশংস কাহিনী আছে যিয়ে আপোনাক শিহৰিত কৰি তুলিব। অমানৱীয় অত্যাচাৰ, লেতেৰা পৰিবেশত বসবাস, আনকি জন্তুৰ দ্বাৰা অত্যাচাৰৰ চিত্ৰ প্ৰদৰ্শনীবোৰ দেখি বুকুখন মোচৰ খাই গৈছিল। আটাইতকৈ বেছি শোকত ম্ৰিয়মাণ হৈছিলোঁ , মহাবীৰ সিঙৰ কাহিনী শুনি। আগশাৰীৰ খেলুৱৈ মহাবীৰ সিংৰ নেতৃত্বত ব্ৰিটিছ চৰকাৰৰ অত্যাচাৰৰ বিপক্ষে প্ৰতিবাদ কৰি গণ অনশনৰ জৰিয়তে কাৰাগাৰতে বিদ্ৰোহ আৰম্ভ কৰিছিল।

কিন্তু তেখেতৰ অনশন ভঙ্গ কৰিবলৈ বলপূৰ্বক ভাৱে ব্ৰিটিছ বিষয়া সকলে গাখীৰ খুৱাবৰ চেষ্টা কৰোঁতে সেই গাখীৰ হাওঁফাওঁত প্ৰবেশ কৰাত সেই সাহসী আত্মাৰ মৃত্যুবৰণ হৈছিল। ভাবিলে দুখ লাগে, আমাক নেতৃত্ব দি স্বাধীনতা কঢ়িয়াই অনা সেই শ্বহীদ জনক ব্ৰিটিছ বিষয়াসকলে শৰীৰত শিল বান্ধি সাগৰত পেলাই দিছিল। বিপ্লৱী সকলৰ জীৱন যাপনৰ ইতিহাসবোৰে মনত কেতিয়াবা ক্ৰোধৰ জোৱাৰ, কেতিয়াবা মিশ্ৰিত আৱেগৰ লহৰ আকৌ কেতিয়াবা গৌৰৱেও বুকুখন খুন্দিয়াই থৈ যায়।

চেল্যুলাৰ কাৰাগাৰখনত প্ৰথম খোজ দিওঁতে ঠাইখনৰ সৌন্দৰ্য্যক অস্বীকাৰ কৰা নাছিলোঁ। নিস্তেজ বগা আৰু ৰঙা দেৱালৰ বিপৰীতে সেউজীয়া ঘাঁহনি। চাদৰ পৰা সাগৰৰ ঢৌবোৰ আৰু দূৰ দূৰণিত হাঁহি থকা সৰু সৰু দ্বীপবোৰ ৷ যদিও চতুৰ কাৰুকাৰ্যৰে নিৰ্মাণ কৰা কাৰাগাৰৰ পৰিবেশটো সেমেকা যেন অনুভৱ কৰিছিলোঁ। প্ৰতিটো ইটাই যেন সাক্ষী হৈ ৰৈছে একোটা অব্যক্ত কৰুণ কাহিনীৰে । এটাই মাত্ৰ ইতিবাচক আৱেগ অনুভৱ কৰিছিলোঁ ,সেয়া আছিল গৌৰৱ।

এই ভ্ৰমণক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আমাৰ স্বাধীনতাৰ বাবে নৃশংসতাৰ শেষ বিন্দুলৈকে অত্যাচাৰ সহি উশাহৰ অন্তিম সময়লৈকে বিদ্ৰোহ কৰি থকা সেই মহান বিপ্লৱীসকলক মই সশ্ৰদ্ধে প্ৰণিপাত জনাইছোঁ।

 প্ৰণবেশ বৰ্মন

🏠

By