অসমীয়া মানুহৰ পৰম্পৰাগত সাজ-পাৰ
(নাৰী আৰু পুৰুষ নিৰ্বিশেষে)
ইতিহাসে বৰ্ণাব পৰা দিনৰে পৰা অসমীয়া মানুহে শালত কাপোৰ বৈ নিজৰ প্ৰয়োজনীয় সাজ-পাৰ আৰু ব্যৱহাৰ্য্য আন কাপোৰ ঘৰতে প্ৰস্তুত কৰিছিল ৷ কপাহী কাপোৰৰ উপৰি এৰী, পাট, মুগা, তাচ পলুৰ লেটাৰ পৰা সুতা প্ৰস্তুত কৰি তাৰ পৰা গামোচা, ধুতী/চুৰীয়া, মেখেলা-চাদৰ, পাগুৰি, চোলা, কমৰবন্ধনি, হাঁচতি আদি ভাগে ভাগে বৈ উলিয়াইছিল ৷ সুতাৰ আকাৰ আৰু প্ৰকৃতিৰ লগতে নিৰ্মাণ কুশলতা (technique) আৰু আৰ্হি (design) একেৰূপৰ কাপোৰৰ নাম আৰু ব্যৱহাৰ বেলেগ আছিল ৷ তলত তেনে আৰ্হি অনুসৰি নামৰ তালিকা এখন প্ৰস্তুত কৰাৰ চেষ্টা কৰিছোঁ ৷ কিবা ভুল অথবা সংযোজন থাকিলে সূধী বৃন্দই সোঁৱৰাই দিবলৈ নাপাহৰিব ৷
বিবিধ ধুতী/ চুৰীয়া
১/ কপাহী বা সুতীৰ ধুতী/চুৰীয়া
২/ এৰী ধুতী/চুৰীয়া
৩/ মুগাৰ ধুতী/চুৰীয়া
৪/ বৰচুৰীয়া
৫/ কপাহী ধুতী/চুৰীয়া
৬/ পাটৰ চুৰীয়া
৭/ মেজাংকৰী-পাটৰ চুৰীয়া
৮/ চিকন পাটৰ চুৰীয়া
৯/ ঢলাপাটৰ চুৰীয়া
১০/ তাচ কাপোৰৰ ধুতী/ চুৰীয়া
১১/ পানচ’পা বা চ’পাপতীয়া কাপোৰৰ ধুতী/ চুৰীয়া
লগতে,
১/ ইজাৰ (এবিধ ঠেঙা) আৰু
২/ লহঙা (সুত্ৰধাৰ আৰু গায়ন-বায়ন ঠেঙা)
বিঃদ্ৰঃ – ধুতী আৰু চুৰীয়াৰ জোখ ৮ হাতৰ পৰা ১২ হাতলৈ দীঘল হ’ব পাৰে ৷ দীঘ অনুসাৰি ৮হতীয়া, ১০হতীয়া আৰু ১২হতীয়া ধুতী/চুৰীয়া কোৱা হয় ৷ চুৰীয়া আঠুমুৰীয়াকৈ পিন্ধা হৈছিল আৰু ধুতী গেৰোহালৈকে ওলোমাই পিন্ধা হৈছিল ৷
বিবিধ গামোচা
১/ পানী গামোচা
২/ ফুলাম গামোচা
৩/ আক্ লা গামোচা
৪/ কেঁচাসুতাৰ গামোচা
৬/ পকোৱা বা মিহি সুতাৰ গামোচা
৭/ উকা গামোচা
৮/ পাৰি দিয়া গামোচা
৯/ অানাকটা গামোচা
১০/ যোৰ গামোচা বা দৰা বৰণৰ গামোচা
১১/ মুখচা (মুখ মচা গামোচা)
১২/ তিয়নী বা বৰগামোচা
১৩/ ফুটুকী গামোচা
১৪/ তেলচ
* * গামোচা সদৃশ বস্ত্ৰ
১/ উৰমাল (ৰুমাল)
২/ টঙালি
৩/ কমৰবন্ধ
৪/ বচোৱাল (ফুলাম টঙালী বিশেষ)
৫/ জৰদত টঙালি
৬/ নেট (পাটৰ টঙালি )
৭/ পখৰুটং (হাঁচতি বিশেষ) ইত্যাদি
৮/ পাজাৰ বা পঁয়জাৰ (গামোচা বিশেষ)
পুৰুষৰ বিবিধ চাদৰঃ
১/ চেলেং
২/ অনাকটা চেলেং
৩/ মগৰ দিয়া চেলেং
৪/ উড্ডীয়ান (কান্ধত লোৱা এৰী/পাট/মুগাৰ চেলেং)
৫/ বৰ কাপোৰ
৬/ ঢৰীয়া চাদৰ
৭/ মৰুৱা চাদৰ
৮/ খনিয়া চাদৰ ( এৰী সুতাৰ)
৯/ পাছাৰা (জাৰত উৰা কাপোৰ)
১০/ বিকিৰা চাদৰ (এৰী সুতাৰ)
১১/ ভাংৰা বা ভাংগুৰা চাদৰ (এৰী সুতাৰ)
১২/ বগলা দিয়া চাদৰ (ৰূপৰ গুণাৰ বনকৰা)
১৩/ গলবন্ধনী
১৪/ থংগা (নোমাল গৰম কাপোৰ, নাৰী পুৰুষ উভয়ৰে)
১৫/ নিহালি বা কাথা (পুৰণি কপাহী কাপোৰ তৰপে তৰপে চিলোৱা)
পাগ বা পাগুৰি
১/ বোলোৱা পাগ
২/ বৰ পাগ
৩/ উকা পাগ
৪/ চিকন পাগ
৫/ পাটৰ পাগ
৬/ মুগাৰ পাগ
৭/ মথুৰা পাগ
৮/ ফচৌ বা ফচৌপাগ
৯/ মোগলাই পাগ
১০/ কুহুমবুলীয়া পাগ
১১/ গুণাকটা পাগ
১২/ হাঁচতি পাগ
১৩/ কুনমিন পাগুৰি
১৪/ মূৰ-হাঁচতি পাগ
১৫/ ফুলবছা পাগ
১৬/ সোণ ফুল বছা পাগ ৷ ইত্যাদি ৷
চোলা
ক) মহিলাৰচোলা
১/ কাঁচুলি
২/ মজা জামা (নৰ্ত্তকীৰ চোলা)
খ) পুৰুষৰ চোলা
১/ চাপকন
২/ আৰণি চাপকন
৩/ হলৌ চোলা
৪/ এঙা/এঙ্গা চোলা
৫/ নৰা চোলা
৬/ বকু/বুকু চোলা
৭/ মিৰজাই বা ফুটুৱৈ চোলা
৮/ মোগলাই চোলা
৯/ গোমচেং চোলা
১০/ চাটন চোলা
১১/ বুটাদাৰ/বুটাবছা (চাটন) চোলা
১২/ জালি চোলা
১৩/ ঘাগৰা
১৪/ দৰাৰ জামাচোলা
১৫/ ৰূপৰ বেড়িদিয়া চোলা (ৰজা আৰু ৰাজপুৰুষৰ )
১৬/ জলম চোলা
১৭/ মজা-জামা (বহুৱাৰ ভাও দিয়া ঢুলীয়াৰ চোলা)
বিবিধ মেখেলা
১/সুতী (চাতন) বা কপাহী মেখেলা
২/ বুটাবছা মেখেলা
৩/ পাটৰ মেখেলা (উকা বা সুতা আৰু গুণাৰ বনকৰা)
৪/ গুণাৰ বনকৰা কিংখাপ মেখেলা
৫/ মেজাংকৰী পাট মেখেলা
৬/ গোমচেং পাট মেখেলা
৭/ মুগাৰ মেখেলা
৮/ মেথনি
৯/ কঁকাল বন্ধা মেখেলা
১০/ ফুলবছা মেখেলা
১১/ গাঢ়িদিয়া/গাৰিয়লি মেখেলা
১২/ কাৰছিপি বনকৰা (জ্যামিতিক আৰ্হি) মেখেলা
১৩/ গুণাকটা মেখেলা
১৪/ নৰা মেখেলা
বিবিধ চাদৰ
১/ উকা ৰিহা
২/ দহিঅলীয়া ৰিহা
৩/ গাৰিয়লী ৰিহা
৪/ গুণাকটা ৰিহা
৫/ কেছবছা ৰিহা
৬/ আচুঅলীয়া ৰিহা
৭/ বৰৈলগা ৰিহা
৮/ উকা চাদৰ ( সুতা, পাট বা মুগা)
৯/ কপাহী চাদৰ
১০/ বনকৰা চাদৰ (বেজী-সুতাৰ কাম)
১১/ গাৰিয়লী চাদৰ
১২/ বৰৈলগা চাদৰ
১৩/ ৰেচমী এৰী চাদৰ
১৪/ ৰেচমী মুগাৰ চাদৰ
১৫/ ৰেচমী পাটৰ চাদৰ
১৬/ ৰেচমী মেজাংকৰী চাদৰ
১৭/ ৰেচমী কিংখাপৰ চাদৰ
১৮/ মৰুৱা চাদৰ
১৯/ বগলা দিয়া চাদৰ (ৰূপৰ গুণাৰ বনকৰা)
২০/ বানাত (সোণ-ৰূপৰ গুণাৰে বুটাবছা উমাল চাদৰ)
২১/ পাছাৰা/পাছুৰা চাদৰ
২২/ আলোৱান (মূৰে-গাৱে মেৰিয়াব পৰা চাদৰ বিশেষ)
২৩/ গাতালা (মেথনিৰ সতে বুকু ঢাকিব পৰা চাদৰ)
২৪/ এণ্ডি চাদৰ (স্কাৰ্ফ জাতীয়)
২৫/ থংগা (নোমাল গৰম কাপোৰ, নাৰী পুৰুষ উভয়ৰে)
২৬/ ঝৰদাৰ বা মুংজুৰি (স্কাৰ্ফ জাতীয়)
✍ ড° জয়ন্ত কুমাৰ দাস