অমিতাভ বচ্চন

অমিতাভ বচ্চন

অমিতাভ বচ্চন| গলগলীয়া কন্ঠস্বৰৰ বাবেই এসময়ত আকাশবাণীয়ে প্ৰত্যাখ্যান কৰা এই প্ৰখ্যাত ব্যক্তিগৰাকীয়ে বৰ্তমানলৈ চিনেমাত প্ৰায় ৪০ টাকৈ গীত গাইছে।
দেউতাকে জন্মৰ সময়ত নাম দিব বিছাৰিছিল ইনকিলাব শ্ৰীবাস্তৱ।
কালক্ৰমত সেই নামৰ ঠাইত তেওঁ আন এটা নামেৰে প্ৰখ্যাত হৈ পৰিল।কবি সুমিত্ৰা নন্দন পন্তৰ পৰামৰ্শ অনুযায়ী পিতৃয়ে যি নাম ৰাখিলে সেই নামেৰেই জগত জিনিলে এইগৰাকী মহান ব্যক্তিয়ে।নিজৰ নামৰ পাছত থকা শ্ৰীবাস্তৱ উপাধিটো আতৰাই পিতৃৰ উপাধি গ্ৰহণ কৰিলে তেওঁ এটা সময়ত।


সেই তাহানিৰ বম্বেত তেওঁৰ থাকিবলৈ ঘৰ নাছিল এটা সময়ত।ক’ত উজাগৰি নিশা কটাইছিল মেৰিন ড্ৰাইভত তাৰো হিচাপ নাই তেওঁৰ হাতত।এতিয়া তেওৰ বাসগৃহৰ সন্মুখত প্ৰতিদিনেই ভিৰ কৰেহি হাজাৰ হাজাৰ দৰ্শনাৰ্থীয়ে।তেওঁৰ গুণমুগ্ধই প্ৰিয় অভিনেতাগৰাকীৰ এটা মাত্ৰ পলক পাবলৈ ৰৈ থাকে সমগ্ৰ দিনটো।


কেৰিয়াৰ আৰম্ভণি যথেষ্ট সংগ্ৰামপূৰ্ণ আছিল তেওঁৰ।সেই সময়ত হিন্দী ছবিজগতৰ প্ৰখ্যাত সংগীত পৰিচালক কল্যাণ জী আনন্দ জীয়ে তেওঁক যথেষ্ট সহায় কৰিছিল।ইফালে আন এগৰাকী বিখ্যাত কৌতুক অভিনেতা মেহমুদে তেওঁক থাকিবলৈ আশ্ৰয় প্ৰদান কৰিছিল মুম্বাইত।


তেওঁ কেৰিয়াৰৰ প্ৰথম চিনেমাখনৰ মাননি লাভ কৰিছিল মাত্ৰ এহাজাৰ টকা।সেই চিনেমাখনো হৈছিল ফ্ল’প।ছবিগৃহত দৰ্শকক টানিবলৈ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল এই নৱাগত অভিনেতাগৰাকীয়ে।


সেয়া সত্তৰ দশকৰ কথা।তেওঁৰ ইতিমধ্যে ১২খনকৈ চিনেমা ফ্ল’প হৈছিল।পিচে তেওঁ আছিল হাৰ নমনা বিধৰ।তাৰ পিচতেই প্ৰথম বাৰৰ বাবেই চিনেদৰ্শকে লাভ কৰিলে ভাৰতীয় বোলছবি জগতত ‘এংগ্ৰী ইয়ং মেন’ লুকৰ এগৰাকী অভিনেতা।চিনেমাত তেওঁৰ অত্যন্ত কঠোৰ খঙাল ৰূপটোক দৰ্শকে যথেষ্ট আদৰি ল’লে।তেওঁ হৈ পৰিল ভাৰতীয় চিনেমাজগতৰ মেগাষ্টাৰ।
সেই যি যাত্ৰা আৰম্ভ হ’ল সেয়া এতিয়ালৈ অবিৰত ভাৱে চলি আছে।বিভিন্ন সময়ত বিভিন্ন চৰিত্ৰৰে দৰ্শকক সদায় মোহাচ্ছন্ন কৰি আহিছে তেওঁ।শতিকাৰ এগৰাকী শ্ৰেষ্ঠ অভিনেতা তেওঁ।


নাম অমিতাভ বচ্চন Amitabh Bachchan
‘সুনা হি হৌগা চায়েদ আপলৌগৌ নে’।


১৯৭৩ত মুক্তিপ্ৰাপ্ত জঞ্জীৰ চিনেমাই এই মেগাষ্টাৰ গৰাকীৰ কেৰিয়াৰে সলনি কৰি পেলায়।তাৰ পিচৰখিনি সোণালী ইতিহাস ভাৰতীয় চিনেমাজগতৰ।য’ত অমিতাভ নাই সেই চিনেমাত দৰ্শকো নাই।এনে এক পৰ্যায় পাইছিল এটা সময়ত তেওঁৰ কথা ভাবিয়েই চিনেমাৰ চৰিত্ৰ নিৰ্মাণ কৰিছিল।সেই সকলৰ মাজত আছে প্ৰখ্যাত গীতিকাৰ জাভেদ আখতাৰ(অভিনেতা ফাৰহান আখতাৰৰ পিতৃ) বিখ্যাত চিত্ৰনাট্যকাৰ ছেলিম খান(অভিনেতা চলমন খানৰ পিতৃ)।


তেওঁৰ পৰ্দাৰ প্ৰিয় নাম আছিল বিজয়।এই নামেৰেই তেওঁ প্ৰায় ২০খনতকৈ অধিক চিনেমাত অভিনয় কৰিছিল।সকলোৰে মুখত এই নামটো হৈ পৰিছিল চৰ্চিত।
অমিতাভেই একমাত্ৰ অভিনেতা যি হিন্দী চিনেমাজগতত প্ৰচুৰ দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল।আকৌ’মহান’ চিনেমাখনত তেওঁ তিনিটাকৈ চৰিত্ৰ ৰূপায়ণ কৰিছিল।


নব্বৈ দশকৰ শেষৰ ফালে ‘মৃত্যুদাতা’ চিনেমাখনৰ জৰিয়তে দ্বিতীয়বাৰলৈ চিনেমাজগতত পদাৰ্পণ কৰা অভিনেতা গৰাকীক সেই সময়ত ‘বিগ বি’ নামেৰে অভিহিত কৰা হৈছিল।
অমিতাভ অভিনীত ‘খুদা গাৱাহ’ আফগানিস্তানত সৰ্বাধিক বাৰ প্ৰদৰ্শিত চিনেমা আছিল।এই চিনেমাখনৰ শ্বুটিং আফগানিস্তানত হৈছিল।সেই সময়ত আফগানিস্তানৰ ৰাষ্ট্ৰপতি নাজিবুল্লাহ আহমেদজাই মেগাষ্টাৰ অমিতাভক ভিআইপি চিকিৎসা সেৱা আগবঢ়োৱাৰ উপৰি সুৰক্ষাৰ ক্ষেত্ৰত আগবঢ়াইছিল তেওঁৰ অধিকাৰীক বিমান বাহিনীক।


তেওঁৰ পচন্দৰ অভিনেত্ৰী গৰাকী হৈছে ৱাহেদা ৰহমান
ভাৰতীয় কমিক চৰিত্ৰ সুপ্ৰিম’ নিৰ্মাণ কৰা হৈছিল অমিতাভ বচ্চনক লৈ।


এছিয়াৰ প্ৰথম গৰাকী অভিনেতা হিচাপে অমিতাভ বচ্চনৰ মমৰ প্ৰতিমূৰ্তি লণ্ডনৰ প্ৰখ্যাত যাদুঘৰ মেডাম টুছাডত ৰখা হৈছিল।সেয়াও আন এক বিৰল সন্মান।
বিবিচি নিউজৰ এক সমীক্ষা অনুযায়ী অমিতাভে প্ৰখ্যাত কৌতুক অভিনেতা চাৰ্লি চেপলিন আৰু আমেৰিকান বিখ্যাত অভিনেতা মাৰ্লন ব্ৰেণ্ডক হৰুৱাই ‘মিলেনিয়ামৰ অভিনেতা’ৰ খিতাপ অৰ্জন কৰিছিল।


২০০১ত ভাৰত চৰকাৰে পদ্ম বিভূষণেৰে সন্মানিত কৰিছিল তেওঁক।
অমিতাভ বচ্চনৰ ৰোগ বুলিবলৈ তেওঁ এজমাত আক্ৰান্ত।তদুপৰি আন এক বিৰল ৰোগ আছে তেওঁৰ দেহত।সেয়া হৈছে ‘মাইস্থেনিয়া গ্ৰাভিছ’।এই ৰোগত আক্ৰান্ত হ’লে পেশী দুৰ্বল হৈ পৰে।
প্ৰতিবেদন অনুসৰি অমিতাভৰ বাসগৃহ প্ৰতীক্ষা আৰু জলসাৰ আনুমানিক মূল্য ২০০কোটিতকৈ অধিক।তাৰে ‘জলসা’ বাসগৃহটো পৰিচালক ৰমেশ চিপ্পীয়ে মেগাষ্টাৰ অমিতাভক উপহাৰ দিছিল।


গাব্বানা ব্ৰেণ্ড।এই প্ৰখ্যাত ছুট নিৰ্মাণ কোম্পানীয়ে বিগত ৩০বছৰ ধৰি অমিতাভৰ পছন্দ অনুযায়ী ছুটৰ ডিজাইন কৰি আহিছে।
১১খনকৈ বিলাসবহুল গাড়ীৰ উত্তৰাধিকাৰী অমিতাভ বচ্চন।সবাতোকৈ বিলাস বহুল গাড়ী ৰলছ ৰয়ছ ফেন্টম খন আকৌ প্ৰখ্যাত চিত্ৰনিৰ্মাতা বিধু বিনোদ চোপ্ৰাই উপহাৰ দিছিল অমিতাভক।
অমিতাভৰ নিজৰ প্ৰিয় গাড়ী খন হৈছে লেক্সাছ।যি বুলেটপ্ৰুফ।এই গাড়ীখনৰ এটা টায়াৰৰ দামেই হৈছে প্ৰায় আঢ়ৈ লাখ টকা।


অমিতাভৰ কলম সংগ্ৰহ হৈছে আন এক নিচা। ১০০০তকৈ অধিক কলম সংগ্ৰহ কৰা আছে অমিতাভৰ।জাৰ্মান সংস্থা ম’ন্ট ব্লেঙ্কে অমিতাভ বচ্চনৰ প্ৰতিটো জন্মদিনতেই এটা আটকধুনীয়া কলম উপহাৰ হিচাপে প্ৰদান কৰি আহিছে।


ঘড়ীৰ প্ৰতি আন এক দুৰ্বলতা আছে অমিতাভৰ।তেওঁৰ প্ৰিয় ব্ৰেণ্ড লংগাইন্স।যাৰ প্ৰাৰম্ভিক দাম আৰম্ভ হয় দুই লাখৰ পৰা।


লণ্ডন আৰু ছুইজাৰলেণ্ড অমিতাভৰ প্ৰিয় ঠাই।


১৯৭৩ চনৰ পৰা ১৯৮৩ বৰ্ষলৈ অমিতাভৰ ১৯ খনকৈ চিনেমাই স্বৰ্ণজয়ন্তী উদযাপন কৰিছিল।


চলচ্চিত্ৰৰ উপৰি ছ’চিয়েল মিডিয়াতো সক্ৰিয় আমাৰ অমিতজী।তেওঁৰ টুইটাৰ একাউন্টৰ অনুগামী হৈছে প্ৰায় ১৭কোটি।

প্ৰাণজিৎ ডেকা

By