অথ: অম্বুবাচী কথা

ধূপ ধূনাৰ আমোলমোল গোন্ধে চৌপাশ সুৰভিত কৰি তোলা পৰিবেশ টোত অহা আহিছে যোৱা গৈছে।কেৱে যদি ওপৰলৈ উঠি যোৱা পথটিৰ স্থায়ী অস্থায়ী দোকান বোৰলৈ ভুমুকিয়াইছে আন কোনোৱে আকৌ ভষ্মৰে সৰ্বশৰীৰ ঢাকি ডিঙিত ৰুদ্ৰাক্ষৰ মালা আঁৰি বম বম বোলে কৈ গীত জোৰা জনক লক্ষ্য কৰি বিভোৰহৈ পৰিছে।কোনোৱে আকৌ দেৱী কালী গোঁসানী নহ’লে জটাধাৰী শিৱৰ ৰূপত বিচৰণ কৰি ফুৰাজনক চাই গদ্ গদ্ হৈ প্ৰণাম কৰিছে।লোকে লোকাৰণ্য হৈ থকা নীলাচল পাহাৰত আহাৰ মাহৰ এই পৱিত্ৰ সময়ছোৱাৰ এইয়া চিৰপৰিচিত সুলভ দৃশ্য।বহি:ৰাজ্যৰ পৰা আগমন ঘটা লাখ লাখ ভক্তৰ সমাগমে নীলাচল পাহাৰৰ ‘ মা’ ৰ আলয়ক এইকেইটা দিন সজীৱতাৰে ভৰাই তোলে ।ৰজ:স্বলা মাতৃৰ পৃজা অৰ্চনা,ধ্যানাদিৰে মূখৰিত চৌহদটিত দৰ্শনপ্ৰাৰ্থী ভক্তই আকুলতাৰে অপেক্ষা কৰে মাতৃৰ মন্দিৰৰ দ্বাৰ মুকলি হোৱালৈ।কিযে এক প্ৰাণচঞ্চল পৰিবেশৰ সৃষ্টি হয় অম্বুবাচী মেলাৰ দিনকেইটিত ।দক্ষৰজাৰ দুহিতা তথা মহাদেৱৰ অৰ্দ্ধাঙ্গীনি নিথৰ সতী দেহৰ অঙ্গছেদনত পতিত হোৱা যোনীৰ আধাৰত সৃষ্ট এইখন শক্তিপীঠ যে জগত বিখ্যাত ।সেয়ে দেশী বিদেশী অগণন পৰ্য্যটকৰে ভৰুণ হৈ পৰা অসমভূমিৰ পূণ্যতীৰ্থ এই নীলাচল পাহাৰৰ ভূমিখণ্ড সাজি কাচি ন-কইনাৰ লেখীয়া হৈ পৰে বছৰৰ আহাৰ মাহটোতেই। মাতৃ বসুন্ধৰা সাজু হয় উৰ্বৰতাৰে সুজলা সুফলা শষ্য শ্যামলী ধৰা এখন সন্তানক প্ৰদান কৰাৰ অৰ্থে। কিন্তু এইবাৰ দুহেজাৰ বিশ চনৰ পৰিস্থিতি সম্পূৰ্ণ ওলোটা ।বিশ্বজোৰা ক’ৰোণা মহামাৰীৰ আতংকই ভীতিবিহ্বল কৰা সাম্প্ৰতিক পৰিস্থিতি যে মা’ৰ পূজা অৰ্চনা ৰ বাবে প্ৰতিকূলতাৰে আবৰা।দেশী কি বিদেশী কি সকলো এইবাৰৰ আহাৰত পূণ্যতীৰ্থ অসমভূমিৰ শক্তিপীঠত পদাৰ্পণ কৰাৰ পৰা বঞ্চিত হ’ল। ৰিক্ত হৈ ৰ’ল এইবেলি মেখেলা উজোৱা বাট। নিমাওমাও পৰিৱেশে বিৰাজ কৰা দেৱালয়ৰ স্থায়ী পুৰোহিতে যথা বিহিত পূজা অৰ্চনা চলাই নিব যদিও সৰ্বসাধাৰণ এই পৃজাত অংশ ল’ব নোৱাৰিব।অম্বুবাচী, আমতি বা সাত লগা আদি নানান নামেৰে প্ৰচলিত আহাৰ মাহৰ এই উৎসৱক এইবেলি জনগণে বৰ্জন কৰিবলগীয়া হোৱাত ভক্তপ্ৰাণ ৰাইজ ব্যথিত হৈ পৰিছে যদিও ‘শৰীৰম আদ্যম খলু ধৰ্ম সাধনম্ ‘বুলি পৰিস্থিতিৰ সৈতে নিজৰ মনক বান্ধি লোৱাৰ প্ৰয়াস কৰিব বাধ্য হৈছে আৰু অনাগত ভৱিষ্যতৰ সোণালী দিনৰ কামনাৰে যেয়ে য’তে আছে তাৰপৰাই নেদেখাজনক আকুলিত হৃদয়ৰে কাকূতি কৰিছে।

কাবেৰী নাথ চহৰীয়া

 

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

− 1 = 3