Tawang trip

টাৱাং ভ্ৰমণৰ অভিজ্ঞতা

টাৱাং ভ্ৰমণৰ অভিজ্ঞতা

সূৰ্য উঠা দেশলৈ ডাৱৰৰ মাজত লুকাভাকু খেলি গিৰিৰাজ হিমালয়ৰ সুধা পান কৰিবলৈ এদিন ধপলিয়ালো অপৰূপা টাৱাংলৈ।         অক্টোবৰ মাহৰ শেষৰ সপ্তাহ ।বিশ্বনাথৰ পৰা টাৱাংলৈ স্থলপথেৰে দূৰত্ব প্ৰায় ৩৯০ কি.মি। অসমসীমান্তৰ ভালুকপু্ং পাৰ হৈ কামেংৰ পাৰে পাৰে সৰ্পিল গতিপথেই প্ৰধান আলিবাট।৫০০০ ফুট উচ্চতাত ৰূপ উপত্যকা ,টেং উপত্যকা পাৰ হৈ গন্তব্যস্থানলৈ উচ্চতা প্ৰায় ৮০০০ ফুট। ব'মডিলা পশ্চিম কামেং জিলাৰ সদৰ ঠাই।১৯৬২ চনত হোৱা চীনা আক্ৰমণৰ ভয়াবহ স্মৃতি যেন ব'মডিলা চহৰ খনে বহন কৰিছিল।সমগ্ৰ এলেকাত থকা স্মৃতি ফলক আৰু যুদ্ধৰ বাংকাৰ বোৰে যুদ্ধৰ ভয়াবহতাৰ কথা সোঁৱৰাই দিছিল।তিব্বৰ্তী সকলৰ অতুলনীয় কাৰিকৰী দক্ষতাৰে তৈয়াৰী  বিবিধ কুটীৰ শিল্পজাত সামগ্ৰী সম্ভাৰেৰে এই অঞ্চলটি চহকী। চহৰখনৰ নৈসৰ্গিক প্ৰাকৃতিক…
Read More