khadya sabhar

ঢেকীয়া আলু বুটৰ ভাজি

ঢেকীয়া আলু বুটৰ ভাজি

উপকৰণ ঢেকীয়া এমুঠি আলু এটা তিয়াই থোৱা বুট এমুঠি পিয়াজ এটা মিঠাতেল এচামুচ নিমখ সোৱাদ অনুসৰি জলকীয়া এটা প্ৰণালী অসমৰ বাৰীত হোৱা অতি সহজলভ্য ঢেকীয়াৰ বহুতো গুণ আছে আৰু অতি সুস্বাদো এবিধ ব্যণ্জ্ঞন। এমুঠি ঢেকীয়া শাক মিহিকৈ কাটি আলু মিহিকৈ কাটি ল'লো।কেৰাহিত তেল গৰম কৰি কুটি থোৱা পিয়াজ খিনি দি ভাজি কুটি থোৱা ঢেকীয়া আলু খিনি লগতে বুট কেইটাও দি নিমক হালধী দি কম জুইত লৰাই লৰাই ভাজিলো ।ঢাকোন মাৰিব নালাগে ভালকৈ সিজি অহাত নমাই নিৰামিষ ভাতৰ লগত পৰিবেশন কৰিলো 👨‍🍳 মাইনু হাজৰিকা
Read More