how to go sadhaguru centre

শিৱাঙ্গ সাধনা আৰু ভেল্লীনগিৰি তীৰ্থযাত্রা

শিৱাঙ্গ সাধনা আৰু ভেল্লীনগিৰি তীৰ্থযাত্রা

শিৱাঙ্গৰ আক্ষৰিক অৰ্থ হৈছে "শিৱৰ অঙ্গ" আৰু শিৱাঙ্গ সাধনা (Shivanga Sadhana) হৈছে সৃষ্টিৰ উৎসৰ সৈতে আমাৰ সম্পৰ্ক আৰু মনত ভক্তিভাৱ কঢ়িয়াই অনাৰ এক সুযোগ। ৪২ দিনীয়া এই শক্তিশালী সাধনাই আমাৰ জীৱনলৈ কঢ়িয়াই আনে সবল শৰীৰ আৰু সুস্থ মন। লগতে গ্ৰহণযোগ্যতা শক্তি আৰু গভীৰ স্তৰৰ অভিজ্ঞতা অন্বেষণ কৰাৰ এক বাট দেখুৱায় । ২০২০ চনৰ মহাশিৱৰাত্ৰিৰ ৪২ দিন আগৰ পৰা মই সাধনা আৰম্ভ কৰিছিলোঁ। নিয়মানুসাৰে ৰাতিপুৱা উঠি নিৰ্দিষ্ট শ্লোকেৰে পূজা কৰাৰ পাছত এগিলাচ নেমুপানী, ৰাতি তিয়াই থোৱা ১০ টামান জালুক আৰু মৌ মিহলাই পান কৰোঁ। লগতে ২-৩ টামান নিমপাত আৰু এমুঠি কেঁচা বাদামেই আছিল ৰাতিপুৱাৰ আহাৰ। দিনত দুবাৰ সম্পূৰ্ণ নিৰামিষ আহাৰ গ্ৰহণ…
Read More