Goa

গোৱা ভ্ৰমণৰ অভিজ্ঞতা

গোৱা ভ্ৰমণৰ অভিজ্ঞতা

যোৱা ২0১৮ চনৰ ২২ নবেম্বৰ তাৰিখে আমি দুয়ো ৰাতিপুৱা ৯-৪৫ মান বজাত ল'ৰাৰ বন্ধু চানীৰ গাড়ীৰে যোৰহাট এয়াৰপট'লৈ ঢাপলি মেলিছো।নিদিষ্ট সময়ত গৈ পায় চানীক বিদায় দিলো।পৰিবাৰে কোৱা মতে প্ৰয়োজনীয় আধাৰ কাৰ্ডখন হাতত উলিয়াই লৈছো; মোৰহে অকণ মান‍ মনৰ উদ্বেগ আছে, কাৰণ মই প্ৰথম। আৱশ‍্যকীয় কাম বিলাক সুকলমে হৈ গৈছে ,----কোনো টকা-পইচাৰ লেনা-দেনা নাই।প্ৰায় এক মান বজাত ইণ্ডিগ'ৰ উৰাজাহাজত বহিলো ।মই নতুন বাবে পৰিবাৰে মোক খিড়িকী কাষত বহুৱালে।মোৰহে জীৱনৰ বাবে প্ৰথম বাৰ। আমাৰ বাবে খোৱা কফি আৰু মেগি দি গ'ল ,বাক‍্য বিনিময় সীমিত ।যোৰহাটৰ পৰা কলিকতালৈ ভালকৈ উপভোগ কৰিলোঁ, আমি কলিকতাত নামি বেগ দুটা লৈ বাহিৰলৈ ওলাই আকৌ কেবত হোটেল পালোগৈ।…
Read More