Delhi experience

নতুন দিল্লীৰ অ’লা চালকৰ বদান্যতা

নতুন দিল্লীৰ অ’লা চালকৰ বদান্যতা

বিশেষ ৰাজহুৱা কাম এটিৰ বাবে নতুন দিল্লীৰ চাউথ ব্লকত থকা সামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়লৈ প্ৰথম বাৰৰ বাবে গৈছিলো ৷ দুবছৰ আগতে ৷ সকলো ক্ষেত্ৰতেই শেষ ভৰষাৰ স্থল আমাৰ সামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ পোৱাটোৱেই আমাৰ নিচিনা সাধাৰন ব্যক্তিৰ বাবে নি:সন্দেহে অতি গৌৰৱৰ বিষয় !! তাতেই আকৌ সাক্ষাৎ কৰিবলৈ যোৱা শীৰ্ষ সামৰিক বিষয়া গৰাকী আমাৰ অসমৰেইএগৰাকী কৃতী সন্তান ! ইমান দিনে তেখেতৰ বিষয়ে শুনিহে আছিলো ! সেয়ে নিৰ্দিষ্ট দিনটোৰ পুৱাৰে পৰাই উৎকণ্ঠিত হৈ আছিলো ৷ কৈলাশ কলনী স্থিত 'বড়োলেণ্ড অতিথি শালা'ৰ পৰা অ'লা কাৰ এখনেৰে যাত্ৰা আৰম্ভ কৰিলো ৷ লগত মোৰ প্ৰিয় সতীৰ্থ এজন৷ অ'লা চালক জন বেছ ফূৰ্তিবাজ ডেকা…
Read More