banana kofta curry

কাচকলৰ কোফটা কাৰি

কাচকলৰ কোফটা কাৰি

উপকৰণ (৫জনৰ বাবে) ১.কাচকল চাৰিটা ২.পিয়াঁজ ডাঙৰ ৩ টা ৩.আদা একটুকুৰা ৪.নহৰু১টা ৫.কেঁচা জলকীয়া ৪ টা ৬.তেজ পাট ২টা ৭.জলকীয়া গুৰা এক চাহ চামুচ ৮.জিৰা গুৰা এক চাহ চামুচ ৯.বেচন ৪/৫চামুচ ১০.নিমখ ১১.হালধি (আন্দাজমতে) ১২.ৰিফাইন তেল ১৩.ধনীয়া বা মান ধনীয়া ৰন্ধন প্ৰণালী : প্ৰথমে আমি কাচকল চাৰিটা সিজাই ললোঁ।এতিয়া আমি পিয়াঁজ, আদা, নহৰু , পেষ্ট বনাই ললোঁ।সিজাই লোৱা কাঁচকল কেইটা পিটিকি তাত পিয়াঁজ কুটা,কেঁচা জলকীয়া কুটা,জিৰা গুৰা,নিমখ,হালধি ,জলকীয়া গুৰা,বেচন দি ভালকৈ গোটেইখিনি সানি গোল গোলকৈ বল আকাৰত বনাই এখন কেৰাহীত তেল গৰম কৰি ভাজি ললোঁ।তাৰ পিছত সেই তেলত তেজপাত ,বনাই লোৱা পেষ্ট খিনি দি তাত হালধি ,নিমখ,দি ভাজি থাকিলোঁ।ধুনীয়া ৰং…
Read More