Assamese fashion

অসমীয়া মানুহৰ পৰম্পৰাগত সাজ-পাৰ

অসমীয়া মানুহৰ পৰম্পৰাগত সাজ-পাৰ

অসমীয়া মানুহৰ পৰম্পৰাগত সাজ-পাৰ (নাৰী আৰু পুৰুষ নিৰ্বিশেষে) ইতিহাসে বৰ্ণাব পৰা দিনৰে পৰা অসমীয়া মানুহে শালত কাপোৰ বৈ নিজৰ প্ৰয়োজনীয় সাজ-পাৰ আৰু ব্যৱহাৰ্য্য আন কাপোৰ ঘৰতে প্ৰস্তুত কৰিছিল ৷ কপাহী কাপোৰৰ উপৰি এৰী, পাট, মুগা, তাচ পলুৰ লেটাৰ পৰা সুতা প্ৰস্তুত কৰি তাৰ পৰা গামোচা, ধুতী/চুৰীয়া, মেখেলা-চাদৰ, পাগুৰি, চোলা, কমৰবন্ধনি, হাঁচতি আদি ভাগে ভাগে বৈ উলিয়াইছিল ৷ সুতাৰ আকাৰ আৰু প্ৰকৃতিৰ লগতে নিৰ্মাণ কুশলতা (technique) আৰু আৰ্হি (design) একেৰূপৰ কাপোৰৰ নাম আৰু ব্যৱহাৰ বেলেগ আছিল ৷ তলত তেনে আৰ্হি অনুসৰি নামৰ তালিকা এখন প্ৰস্তুত কৰাৰ চেষ্টা কৰিছোঁ ৷ কিবা ভুল অথবা সংযোজন থাকিলে সূধী বৃন্দই সোঁৱৰাই দিবলৈ নাপাহৰিব ৷ বিবিধ…
Read More