বৰ্ষাৰণ্য

আমাৰ বৰ্ষাৰণ্যসমুহ আৰু কিছু চিন্তা

আমাৰ বৰ্ষাৰণ্যসমুহ আৰু কিছু চিন্তা

বৰ্ষাৰণ্য- অৰ্থাৎ “বৰ্ষা” আৰু “অৰন্য” অৰ্থাৎ যিসমূহ ঠাইত বৰষুণৰ পৰিমাণ বেছি হয়, তেনে ঠাই সমুহত উৎপত্তি হোৱা অৰণ্য সমূহক বৰ্ষাৰণ্য বুলি কোৱা হয়। সংজ্ঞামতে এই ঠাইসমুহত হোৱা বছৰি গড় বৰষুণ ১৮০০ মিলিমিটাৰতকৈয়ো বেছি আৰু জলবায়ু সেমেকা তথা তাপমাত্ৰাও অধিক। সেউজীয়াৰ বিভিন্ন আভাৰে উদ্ভাসিত এই বৰ্ষাৰণ্যসমূহ সাধাৰণতেই বিষুৱ ৰেখাৰ আশ পাশৰ ঠাইসমূহত দেখা পোৱা যায়। ভাৰতৰ বিভিন্ন প্ৰদেশসমূহতো বিভিন্ন বৰ্ষাৰণ্য আছে যিসমূহে আমাৰ দেশখনৰ ভৌগলিক তথা পৰিবেশতান্ত্ৰিক দিশত এক অবিচ্ছেদ্য ভূমিকা পালন কৰি আহিছে। প্ৰায় ৩০৯০০ বৰ্গ কিলোমিটাৰ জোৰা দক্ষিণ পশ্চিম ভাৰতৰ পৰ্বতাঞ্চলৰ এই বৰ্ষাৰণ্যসমূহ মহাৰাষ্ট্ৰৰ পৰা আৰম্ভ হৈ কৰ্নাটকৰ মাজেৰে গৈ তামিলনাডু চুইছেগৈ। ভৌগলিক অৱস্থিতি কিম্বা জলবায়ু আদিৰ দৰে বিভিন্ন…
Read More