বৈষ্ণৱী মন্দিৰ দৰ্শন

ভ্ৰমণে মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে । এই ভ্ৰমণৰপৰাই পৃথিৱীখন যে বৰ বহল আৰু ইয়াত যে ভালেমান কথা জানিব লগা আছে, এই কথা উপলব্ধি কৰিব পাৰি । এই ভ্ৰমণ আত্মীয় লোকৰ জৰিয়তে বা অইনৰ সৈতে লগলাগি যৌথভাৱেও হ’ব পাৰে ।এনে ভ্ৰমণে মনত আনন্দ দিয়ে। আমিও তেনে এটি ভ্ৰমণ কৰিছিলো মই মোৰ স্বামী, কণমানি ছোৱালীজনী , শাহুমা আৰু জেশাহু তথা তেওঁলোকৰ পৰিয়াল আমি সকলোৱে আনন্দ স্ফূৰ্তিৰে এই ভ্ৰমণৰ দিনকেইটি পাৰ কৰিছিলো।

২০১৬ চনৰ জুলাই মাহৰ কথা ! বৈষ্ণৱী মন্দিৰ দৰ্শন কৰাৰ সৌভাগ্য ঘটিছিল। মাৰ মন্দিৰ দৰ্শন কৰাৰ হেপাঁহকণ বহু বছৰ আগৰ পৰাই অন্তৰত আছিল আমি যাত্ৰা আৰম্ভ কৰিছিলো উৰাজাহাজেৰে !প্ৰথম দিল্লীত দুৰাতি থাকি ডেৰাডুন পাইছিলোগৈ তাৰপৰা জম্নু-কাশ্মীৰৰ কাট্ৰা(য’ত বৈষ্ণৱী মাৰ মন্দিৰ আছে) অভিমুখে যাত্ৰা কৰিছিলো।নৈশ বাছেৰে আমি যাত্ৰা কৰিছিলো ৰাতিপুৱা পোহৰত যেতিয়া চকুমেলি চাও বহুফুট ওপৰত আমি বাছেৰে গৈ আছো !এতিয়া কল্পনা কৰিলেও কিবা ভয় লাগে চোন !তললৈ দেখি বুকু চিৰিংকৈ মাৰিছিল মোৰ কণমাণিজনীক জোৰকৈ সাৱটি বৈষ্ণৱী মাৰ নাম স্মৰণ কৰিছিলো, লগে লগে ভয়ো দূৰ হৈ গৈছিল আৰু ৰাতিপুৱাৰ সেই নিৰ্মল পৰিৱেশে মনটোক প্ৰশান্তিহে দিছিল। আমি গৈ নিৰ্দিষ্ট সময়ত (পুৱা ৬মান বাজিছিল) বাছ আস্থানত নামিলো। আমি কিছুসময় বাছ আস্থানতে ৰৈ আছিলো মোৰ স্বামীয়ে গৈ আমি থকাৰ ব্যৱস্থা কৰিছিলগৈ “চিন্নাপট্টী” নামৰ হোটেল এখনত আমি সকলো থকাৰ ব্যৱস্থা হ’ল।প্ৰত্যেক পৰিয়ালে বেলেগ বেলেগ ৰূম ললো খুব সুন্দৰ ব্যৱস্থা আছিল হোটেল খনত আমি নিজৰ নিজৰ ৰূমত গৈ গা পা ধুই প্ৰথমে পুৱাৰ আহাৰ গ্ৰহণ কৰিলো আমি ইতিমধ্যে অলপ জিৰনি লৈ ২ মান বজালৈ আকৌ এবাৰ গা পা ধুই মন্দিৰ দৰ্শন কৰিবলৈ ওলালো ।(এটা কথা এইখিনিতে জনাই থওঁ যে আছলতে গৈ পোৱা দিনা মন্দিৰ দৰ্শন কৰিব নগৈ পিছদিনা পুৱা গ’লেহে বেছি ভাল হয় ! আমি কথাটো পিছতহে উপলব্ধি কৰিলো আমি কাশ্মীৰ যাম বুলিয়ে অৱশ্যে অলপ লৰালৰি হ’ল ) আমি খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিছিলো হাতত একোডালকৈ লাঠি কিনি লৈছিলো কিছুমানে লাঠিডাল দান কৰি আহে পূণ্য হয় বুলি কয় আমিও ঘূৰি আহোতে বাটত লগ পোৱা যাত্ৰীক দি আহিছিলো ।তাত পিঠু (পিঠিত উঠাই লৈ যোৱা মানুহ) , ঘোঁৰা , ডোলা, হেলিকপ্তাৰ আদিত যোৱাৰ সুবিধাও আছে আমি মন্দিৰ দৰ্শন কৰিহে ঘোঁৰাত উঠি আহিছিলো । খোজকাঢ়ি গৈ থাকোতে ঠায়ে ঠায়ে বিনামূলীয়াকৈ খোৱাপানীৰ সুন্দৰ ব্যৱস্থা আছে , বাথৰূম – হোটেল,স্বাস্থ পৰীক্ষা আদিৰ কি সুন্দৰ ব্যৱস্থা আছে সচাই শলাগ ল’ব লগীয়া । খোজকাঢ়ি গৈ থাকোতে বহু যাত্ৰী লগ পাইছিলো অচিনাকী মানুহ তথাপি ধুনীয়া হাঁহি মাৰি চিঞৰি কয় “জয় মাতা দি” আমি আটায়ে প্ৰথম গৈছিলো সেয়ে প্ৰথমে বুজি পোৱা নাছিলো যদিও পিছলৈ আমিও চিঞৰি চিঞৰি গ’লো “জয় মাতা দি” মুঠতে যেতিয়াই অলপ ভাগৰ অনুভৱ কৰিছিলো তেতিয়াই চিঞৰিছিলো “জয় মাতা দি” বিশ্বাস কৰক কি যে শক্তি সেই বাক্যত ! আমি দুগুণ উৎসাহেৰে আৰু অলপ আগবাঢ়ি যাব পৰা হওঁ কেতিয়া সন্ধিয়া লাগিল গমেই নাপালো আমি তেতিয়া বহুফুট ওপৰত ক্ষন্তেক জিৰাইছিলো আমি সকলো একেলগে গৈছিলো যদিও কোনেও কাকো চোৱা নাছিলো মাথো গৈ আছিলো ! এনেতে বৈষৱী মাৰ গুহা এটি পালো লোককথামতে তাত বোলে বৈষ্ণৱী মা সৰু থাকোতে সোমাই আছিল ৯ মাহ , মাতৃগৰ্ভত যিদৰে শিশু এটি ডাঙৰ হয় তেনেদৰে তাতে মা ডাঙৰ হৈছিল (কিমানদূৰ সঁচা নাজানো ভক্তৰ মুখত শুনা কথাহে দেই) এতিয়া কথা হ’ল সেই গুহাত মাত্ৰ ১বাৰহে শুমাব পাৰি সেয়ে গোটেই কেইটা আছেনে নাই চাও যে মোৰ স্বামী আৰু ভিনদেউ নাই তাত এতিয়া গুহাত সোমাও কেনেকৈ ইফালে নেটৱৰ্ক নাই মবাইল কেইটা মাথো ফটোহে উঠিবলৈ আছে ফোন কৰিব নোৱাৰি ।আমি যিমানেই ওপৰলৈ উঠি গৈছিলো সিমানেই ঠাণ্ডা পাইছিলো ইফালে বেগ এখনত কণমানিজনীৰ চুৱেটাৰ নিছিলো কিন্তু বেগখনো থাকিল স্বামীৰ হাতত কি যে অৱস্থা হৈছিল ছোৱালী ঠাণ্ডাত কপিবলৈ ধৰিছিল যিমান পাৰো তাইক মই মোৰ গাত লোৱা পাতল স্কাৰ্ফ খনৰে মেৰিয়াই ধৰি এওঁ অহালৈ অপেক্ষা কৰি বহি থাকিলো বহু সময়ৰ মূৰত আহি ওলালহি (তেওঁলোকে বেলেগ এটি পথেৰে ভক্ত অহা দেখিছিল পথটো চমু হ’ব বুলি আহিছিল পিছে বেছি সময়হে লাগিল) মোৰ খং এটাও নুঠা নহয় পিছে খং সামৰি ছোৱালীজনীক চুৱেটাৰটো পিন্ধাই দি আমি পুনৰ যাত্ৰা কৰিলো । ৰাতি আমি মন্দিৰ পালোগৈ আমি ৰৈ ৰৈ যোৱাৰ বাবে বেছি সময় লাগিছিল১১.৪৫ বজাত আমি মন্দিৰত প্ৰৱেশ কৰিলো । মন্দিৰত প্ৰৱেশ কৰাৰ আগতে আমাৰ মবাইল পইচাৰ বেগ সকলো থৈ যাব দিলে বাহিৰত, আমি চিন্তা কৰিছিলো যদিও পিছত বুজিলো তাত একোৰে চিন্তা নাই নিশ্চিন্ত মনে সকলো থৈ যাব পাৰি ।ইয়াৰ পিছত ভৈৰৱ মন্দিৰ দৰ্শন কৰিব লাগে লোকপ্ৰবাদ মতে বৈষ্ণৱী মন্দিৰৰ কেইবাফুট ওপৰত ভৈৰৱ মন্দিৰ অৱস্থিত মাৰ দৰ্শন কৰি ভৈৰৱ মন্দিৰ দৰ্শন কৰিলেহে সফলতা প্ৰাপ্তি হয় বোলে কিন্তু আমাৰ সেই যাত্ৰা কৰা ন’হল পিছদিনা আমি কাশ্মীৰ যাম বুলি সকলো ব্যৱস্থা হৈ আছিল সেয়ে মাৰ দৰ্শন কৰি পুনৰ নামি আহিবলৈ আমি ঘোঁৰা ল’লো ।প্ৰত্যেকৰ বেলেগ বেলেগ ঘোঁৰা মোৰ সৈতে মোৰ ছোৱালীজনীক বান্ধি দিলে ।আমি সুকলমে আহি তল পালোহি ! আমি ৰাতিপুৱা ৪ বজাত হোটেল পালোহি ।হোটেল সোমায়ে বিছনাত এবাগৰ মাৰি ল’লো ক্লান্ত হৈ পৰিছিলো আটায়ে ।গা পা ধুই , খোৱা -বোৱা কৰি সকলো শুই পৰিলো ! কিমান শুলো মনত নাই মুঠতে হেপাঁহ পলুৱাই শুই ল’লো। পিছদিনা আমি কাশ্মীৰ যাবলৈ সাজু পিছে কি হ’ব সন্ত্ৰাসবাদীৰ লগত যুদ্ধৰ ফলত সকলো বন্ধ কৰিলে আমাৰো কাশ্মীৰ যাত্ৰা তাতে সামৰণি পৰিল । সেইদিনধৰি আমি হোটেলতে নিজৰ ঘৰৰ দৰে থকা হ’লো আৰু হোটেলখনৰ মানুহবোৰৰ পৰা বৰ আদৰ পালো । হোটেলৰ ওচৰৰ দোকানবোৰো চিনাকী হৈ পৰিল। ওচৰতে থকা হনুমান মন্দিৰো গলো অকলে ৰাতিপুৱা এনেই খোজকাঢ়িব যাওঁতে মন্দিৰটো দেখিছিলো ।আমাৰ ছোৱালীজনী হঠাৎ এদিন গা বেয়া হৈছিল গোটেই ৰাতি মই নুশুলো ঘৰৰ পৰা ইমান দূৰত তাতে অচিনাকী ঠাই হোটেলৰে মানুহ এজনে ক’লে যে তাত ওচৰতে এজন ডক্টৰ আছে ,তাতে লৈ গ’লো পুৱাই ।যাত্ৰীৰ বাবে বিশেষ সুবিধা দিছিল । অলপমান ঔষধ খায়েই তাই সুস্থ হ’ল। আমি য’ত আছিলো তাত খোৱা খাদ্য সম্পূৰ্ণ নিৰামিষ আছিল , আনকি নহৰু পিঁয়াজো তেওঁলোকে ব্যৱহাৰ নকৰিছিল , ভাততকৈ ৰুটিৰ ব্যৱহাৰ প্ৰচুৰভাৱে কৰিছিল । ৰাতি বহুদেৰিলৈকে ৰূমত আমি সকলোৱে মিলি কথাৰ মহলা মাৰিছিলো!এদিন যদি আমাৰ ৰূমত এদিন জেশাহু হতঁৰ ৰূমত । আমি ইমানদিন তাত থাকিলো সেয়ে সেই ঠাইৰ ওচৰে পাজৰে ভালদৰে ঘূৰিছিলো শেষত যিদিনা আমি উভতি আহিছিলো হোটেলৰ মালিকে আমাক হিন্দীতে কৈছিল পিছত আকৌ আহিলে তেওঁলোকৰ তাতে থাকিবলৈ । আমিও কথা দিছিলো( বৈষ্ণৱীমায়ে মাতিলে পুনৰ যোৱাৰ হেপাঁহকণ আছে মনত ) । খুব সুন্দৰ এটি অভিজ্ঞতা লৈ ঘৰমুৱা হ’লো আমি । কাট্ৰাৰ পৰা আমি টেক্সিৰে ষ্টেচন আহিলো “দুৰন্ত এক্সপ্ৰেচ ” নামৰ ৰেলেৰে আহি দিল্লী পালোহি পুনৰ উৰাজাহাজেৰে আহি গুৱাহাটী পালোহি ৰাতি তেতিয়া ৯ বাজিছিল আমি ঘৰলৈ টেক্সি লৈ আহিলো । আজিও সেই যাত্ৰাৰ কথা মনত পেলাই মন জীপাল কৰোঁ লিখি প্ৰকাশ কৰিব নোৱাৰা এটি জীপাল অনুভূতি মনত চিৰদিন থাকি যাব ।

মমী বৰঠাকুৰ

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

13 + = 18