গোৱা ভ্ৰমণৰ অভিজ্ঞতা

যোৱা ২0১৮ চনৰ ২২ নবেম্বৰ তাৰিখে আমি দুয়ো ৰাতিপুৱা ৯-৪৫ মান বজাত ল’ৰাৰ বন্ধু চানীৰ গাড়ীৰে যোৰহাট এয়াৰপট’লৈ ঢাপলি মেলিছো।নিদিষ্ট সময়ত গৈ পায় চানীক বিদায় দিলো।পৰিবাৰে কোৱা মতে প্ৰয়োজনীয় আধাৰ কাৰ্ডখন হাতত উলিয়াই লৈছো; মোৰহে অকণ মান‍

মনৰ উদ্বেগ আছে, কাৰণ মই প্ৰথম। আৱশ‍্যকীয় কাম বিলাক সুকলমে হৈ গৈছে ,—-কোনো টকা-পইচাৰ লেনা-দেনা নাই।প্ৰায় এক মান বজাত ইণ্ডিগ’ৰ উৰাজাহাজত বহিলো ।মই নতুন বাবে পৰিবাৰে মোক খিড়িকী কাষত বহুৱালে।মোৰহে জীৱনৰ বাবে প্ৰথম বাৰ। আমাৰ বাবে খোৱা কফি আৰু মেগি দি গ’ল ,বাক‍্য বিনিময় সীমিত ।যোৰহাটৰ পৰা কলিকতালৈ ভালকৈ উপভোগ কৰিলোঁ, আমি কলিকতাত নামি বেগ দুটা লৈ বাহিৰলৈ ওলাই আকৌ কেবত হোটেল পালোগৈ। কেব’ৰ দাইভাৰটোৱে আমাক বাংলাদেশৰ পৰা আহিছো নেকি সুধিছিল—-। OYO হোটৈল এখনৰ সন্মুখত আমাক নমাই গাড়ীখন গ’লগৈ।–টকা-পইচাৰ লেন-দেন নাই।

হোটেলত এৰাতি থাকি আমি কাইলৈ পুৱা ১০ বজাত কলিকতা এয়াৰপট’ৰ পৰা গোৱালৈ যাম।ভাত খাই শুই থাকিলো। পুৱাৰ চাহ কাপ কলিকতাৰ ফুটপাঠত খাবলে অকলে মই–আকৌ তাত সুধিছিল–বাংলাদেশৰ পৰা আহিছো নেকি !কি আচৰিত! আগদিনা কেব’ৰ দাইভাৰটোক শ্ৰীমতীয়ে কোৱাৰ দৰে কৈ দিব মন গৈছিল–“আমাক বাংলাদেশী যেন লাগে নেকি “– নক’লো। তাৰমানে ইয়াত বাংলাদেশীৰ অবাধ বিচৰণ ।অসমৰ বুলি কোৱাৰ পিছত তাত জোম বান্ধি চাহ খাই থকা মানুহ খিনিয়ে নানা কথা পাতিবলৈ আগ্ৰহ কৰিছিল, মই হে সোনকালে আহিব লগা হ’ল।

নিদিষ্ট সময়ত কলিকতা এয়াৰপট’ পাবলৈ আকৌ কেব’ত বহিলো।এইবাৰ সি নুসুধিলে। নামিলো ,টকা-পইচাৰ লেন-দেন নাই।আমাৰ যোৱা-অহাৰ সকলো টিকট মবাইলতে আছিল,হাতত কেৱল আধাৰ কাৰ্ড। সঠিক সময় মনত নাই,গোৱালৈ বুলি উৰিলো।

গোৱা : আমাৰ দেশৰ পশ্চিমাঞ্চলত অৱস্থিত সকলোতকৈ সৰু ৰাজ্য গোৱা।জনসংখ‍্যা হিচাপত চতুৰ্থ সৰু ৰাজ‍্য।।উত্তৰে মহাৰাষ্ট্ৰ আৰু পূব-দক্ষিণে কৰ্ণাটক,পশ্চিমৰ বিশাল অংশ আবৰি আছে আৰব সাগৰে।ভাৰতবৰ্ষৰ এখন চহকী ৰাজ্য।গোৱা দুভাগত বিভক্ত উত্তৰ আৰু দশিণ—-

আমি আবেলি প্ৰায় তিনি মান বজাত গোৱাৰ এয়াৰপট’ৰ পৰা ওলালো,আৰু অধিৰ আগ্ৰহেৰে ৰৈ থকা আমাৰ একমাত্ৰ ছোৱালী সম্প্ৰীতিক(ভন্তী)লগ পালো। আমাৰ এই ভ্ৰমনৰ উদ্দেশ্য মাথোঁ আমোদ-প্ৰমোদ যিটো ভন্তীৰ আব্দাৰত হৈছে। কেব’লৈ ফোন কৰি থাকোতেই ভন্তীয়ে আমাক আঙুলিয়াই দেখুৱালে–মই জোৰে মাতি দিলো “–ঐ দিপু “—সি ইফালে-সিফালে চাইছে,ভাবিছে এই গোৱাত মোৰ ঘৰত মতা নামেৰে কোনে মাতি দিলে !! ওচৰলৈ আহিল সকলোকে দেখি আচৰিত হ’ল,তেওঁ দীপক আগৱালা,কমাৰবন্ধাৰে,আমাক বাইদেউ-ভিনিদেউ সম্বন্ধ।

আমি কেবে’ৰে আগতে বুক কৰি থোৱা OYO TOWNHOUSE হোটেল পালো।অলপ জিৰণি লৈ খানা খাই প্ৰায় সন্ধ‍্যা ৫মান বজাত আৱহাৱা জানিবলৈ আৰু বুজিবলৈ পশ্চিম দিশলৈ সাগৰৰ সন্ধানত ওলাই গ’লো।সোভাগ‍্যক্ৰমে কিছু দূৰ যোৱাৰ পাছত সাগৰৰ ঢৌ’ৰ শব্দ শুনিবলৈ পালো। তেতিয়া আন্ধাৰেই হৈ আহিছে।বিজুলী চাকিৰে আলোকিত,কাষত বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠান,ভোজনালয়,মিউজিক্,বিভিন্ন গঢ়ৰ মুনিহ-তিৰোতাৰ সমাবেশ,ল’ৰা-ছোৱালীৰ ভিৰ অলপ বেছি।আনফালে কিছু লোকে হৈ-হাল্লা কৰি নাচি-বাগি স্ফুৰ্ত্তি কৰিছে।

আমিও ৰৈ নাথাকিলো সাগৰৰ ঢৌ’ত নামি পৰি অনুপম আনন্দ উপভোগ কৰিলোঁ। এনেকৈ বহু সময় চাই-মেলি থাকোতেই কেতিয়া ৰাতি ১১ টা বাজিল গমেই নাপালো। ধুনীয়া ধুনীয়া খাদ‍্য সম্ভাৰে পৰিপূৰ্ণ কোনো এখন হোটেলত ৰাতিৰ ভাত সাজ খাই হোটেললৈ ঘূৰি আহিলো।

পূৱা ৮-৩০ বজাত হোটেলৰ ফ্ৰী বেকফাষ্ট খাই কেব’ত বহিলো।দ্ৰাইভাৰজন মাৰাঠী হিন্দী-ইংৰাজী দুয়োতা ভাষা জানে।তেওঁ আমাৰ ভ্ৰমনসূচী খন পঢ়িলে আৰু ক’ৰ পৰা ক’লৈ গ’লে সুবিধা হব মনতে ঠিক কৰি প্ৰথমে লৈ গ’ল ডলফিন্ পাৰ্কলৈ,পাৰ্কত সৰু-সৰু ফেৰী ৰৈ থাকে, আমি টিকট কৰি প্ৰত‍্যেকেই লাইফ জেকেট পিন্ধি বহিলো।যাত্ৰীয়ে লাইফ জেকেট পিন্ধাটো ধৰাবন্ধা।সেইটো আছিল মোৰ বৰ ভয় লগা যাত্ৰা,এঘন্টা মান যোৱাৰ পিছত কোনো এটা ঠাইত ডলফিন্ বিলাক ওলাই,, মাজ সাগৰ,ভীষণ ঢৌ,কেতিয়াবা কেতিয়াবা পাছত বা আগত থকা ফেৰীখন হেৰাই যায়,নীলা পানীৰ তৰঙ্গ ত্ৰিভুজাকাৰে ওপৰলৈ উঠি আহে।আমাৰ ফেৰী ঘূৰিল,ডলফিন সেই দিনা নেদেখিলো।

ইয়াৰ পিছত একাদিক্ৰমে বহুত Beach চালো,,সাগৰৰ পানীত নামিলো হিচাব নাই। উত্তৰ আৰু দশিণ গোৱাত মুঠতে ৫০খন মান বিচ্ আছে।Bbeach বিলাকৰ একেই পৰিবেশ, কিছু ঠাইত ঢৌ’ৰ প্ৰকোপ বেছি।

ওখ পাহাৰত উঠি সাগৰৰ দৃশ্য চালো,তাতে হিন্দী চিনেমা যেনে–দিল চাহটা হেয়,থ্ৰি-ইদিয়ত ইত্যাদিৰ চুটিং হৈছিল। পাহাৰৰ মাজত কাৰাগাৰ এখনো দেখিলো–।

এইবাৰ আহিলো Candolim Beach লৈ,এইখন এখন অন‍্যতম ধুনীয়া বিচ্।গাইদে আমাক তাতে খানা খাই লবলৈ ক’লে।এই Beach লৈ বিদেশী পৰ্যটকৰ সমাগম বেছি, আতক ধুনীয়াকৈ সকলো সজোৱা,প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপুৰ।দীঘলীয়া আৰামী বেঞ্চ,শৰীৰ মালিছ ,

ইত্যাদি সুবিধা আছে।ইয়াতে আমি অক্টোপাচ্ আৰু সাগৰীয় কেঁকুৰাৰ সোৱাদ ল’লো।

খাই-বৈ ওপৰলৈ উঠি আমাৰ এটা অৰ্থান্তৰ ঘটিছিল।কেব’ৰ দ্ৰাইভাৰে ফোন নুঠাই,পাৰ্কিং কৰা ঠাইত গাড়ী খনো নাই অন্যহাতে ভন্তীয়ে কেৱল মবাইলটো লৈহে নামিছিল,বাকী পাৰ্চ,কাৰ্ড ইত্যাদি সমষ্ট গাড়ীতে এৰিছিল।হোটেলত ময়ে কাৰ্ড পেমেন্ট্ কৰিছিলো। কি হব এতিয়া !!বিমোৰত পৰিছিলো, পাৰ্কিং ঠাই আৰু এটা দেখি মই আগবাঢ়ি গৈছো–সি গাড়ীৰ দুৱাৰ খুলি ছিট টো হেলনীয়াকৈ লৈ গান শুনি আছিল,মোক দেখি তৎক্ষণাত নামি আহি নম্ৰভাৱে “আপলোক আ গায়া ছাৰ !?” গাড়ীত এৰি যোৱাৰ দৰে সকলো বস্তু একেই আছিল ,আচলতে ফোন নম্বৰটোহে তেওঁৰ নাছিল।

ইয়াৰ পিছত আৰু কেইটামান Beaches লৈ নিছিল আমিহে চোৱাৰ ইচ্ছা সামৰিলো।

প্ৰতেকটো বিচ্ আছিল সৌন্দৰ্যৰ আকৰ,ই এক যুগমীয়া সৌন্দৰ্য্য ইয়াত কোনো কৃত্ৰিমতা নাই, সাগৰৰ ঢৌ অনন্ত কালৰ পৰা অবিৰাম আহিছে গৈ আৰু নামি গৈ আছে,আৰু অনন্ত কাললৈ সেই দৰেই উত্তালহৈ থাকিব আৰব সাগৰৰ তীৰ্।অনুভৱ আৰু চাই উপলব্ধি কৰিব পাৰি।

আমি হোটেল পালোহি।পিছৰ দিনা আমি Ponda যাম।

পুৱাৰ ব্ৰেকফাষ্ট কৰি আকৌ একেখন কেবকে লৈ Sahakari Spice Farm, Curti,Ponda-Goa লৈ যাত্ৰা কৰিলোঁ

গোৱাক “প্ৰাচ‍্যৰ ৰোম” বুলিও কোৱা হয়।পুবতে পৰ্তুগীজ ঔপনিবেশিক শাসক সকলে প্ৰায় ৬০ টা মান গীৰ্জা আৰু কনভেন্ট প্ৰতিষ্ঠা কৰিছিল, ইউনেস্কোৰ স্বীকৃতি প্ৰাপ্ত এটা গীৰ্জা চলো,বোম যীশুৰ গীৰ্জা(Basilica of Bom Jesus) ,অতি সুন্দৰ।

আমি ১-৩০ মান বজাত সেই বিখ্যাত মচলা ফাৰ্মখন পালোগৈ।গাৱৰ পৰিবেশত।আমি টিকট কৰি সোমাই গ’লো।তাত এখন ডাঙৰ ভোজনালয়,আমাক ফুলৰ মালা পিন্ধাই মহিলা সকলে আদৰণি জনালে,চিচাৰ গিলাচত ফলমূলৰ পৰা তৈয়াৰী ৰঙীন চৰবত যাঁচিলে।সেউজীয়া গছ-গছনীৰে আবৰি থকা এটা ঠাণ্ডা পৰিবেশ।পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অতুলনীয়। মাছে-মঙহে ভালকৈ এসাজ খালো।তাৰ পিছত গাইদ সহ সকলো মছলা আৰু ঔষধি গছৰ বিবৰণ গুণাগুণ বুজাই দিছিল।ইয়াৰুপৰি কিছুমান উৎপাদিত সামগ্ৰী বিক্ৰী কাৰণে ৰাখে।আমি ফাৰ্মৰ পৰা ওলাই আহিলো। এনেকুৱা ডাঙৰ মছলা ফাৰ্ম কেইবাখনো গোৱাত আছে।আচলতে গোৱালৈ গ’লে এনে ফাৰ্ম এখন চোৱাটো অত‍্যন্ত আৱশ‍্যক।

সন্ধ‍্যা আহি হোটেল পালো। পিছৰ দিনা আমি দক্ষিণ গোৱালৈ যাম ,কেব’একেখনেই।

OyoTownhouse হোটেলৰ পৰা বিদায়লৈ আমি দক্ষিণ গোৱাৰ Majestic beach comfort লৈ যাত্ৰা কৰিছিলো,বাটতে অন‍্যান‍্য দুই এঠাইত গাইদে গুৰুত্বপূৰ্ণ ঠাই দেখুৱাই নিছিল।দ্ৰাইভাৰ তথা গাইদ্ জন আমাৰ প্ৰতি ইমানেই সন্তোষিত আছিল যে তেওঁ বেয়া পোৱা দূৰৰ কথা আমি যাতে কোনো কথাত বেয়া নাপাও তালৈহে তেওঁ সৰ্তক আছিল।আবেলি ২ বজাত আমাৰ দক্ষিণ গোৱাৰ হোটেলখন পায় আমাৰ বুক কৰি থোৱা ঘৰটোলৈ গ’লো।এটা পৰিয়ালৰ এটা ঘৰ,হোটেলৰ ব্যক্তিগত beach আছে।ইয়াত কৰ্মৰত তিনিজন মান অসমীয়া যুৱকো লগ পাইছিলো। আমি খাই-বৈ কিছু সময় জিৰণী লৈ নিজৰ বিচ্ লৈ গ’লো।ইয়াতে আমি মুকলি মনেৰে সাগৰত খেলিলো-হাঁহিলো -বহুত সময় অতিবাহিত কৰিলোঁ, ফটো,ভিডিঅ ইত্যাদি কৰিলোঁ।গোৱাৰ আনন্দ তাতেই সামৰণি মাৰিলো।।

পদ্মধৰ বৰা

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

+ 88 = 96