এই প্ৰেম যুগ যগান্তৰলৈ

সাধাৰণতে যিটো বয়সত প্ৰেমৰ জোৱাৰ উঠে , সেইবয়সতেই চুমিৰ জীৱনলৈও প্ৰেমৰ প্ৰস্তাৱবোৰ আহিবলৈ ধৰিলে।ৰাস্তাৰে যাব নোৱাৰে ডেকা ল’ৰাবোৰৰপৰা বিভিন্ন কমেন্ট আহে,মুকলিকৈ ঘৰৰ বাৰাণ্ডাতো ক্ষন্তেক বহিব নোৱাৰে,দুৰণিৰপৰা চকু কেইবাহালে তাইকেই চাই থাকে।পুৱা গেট খুলিবলৈ গৈ কেতিয়াবা যদি কোনোবাই পেলাই থৈ যোৱা প্ৰেমপত্ৰ পাই কেতিয়াবা আকৌ স্বচক্ষে দেখা পাই কোনোবাজনক।তাইৰ বিৰক্তিত কপাল কোচ খাই আহে,আনেহে নালাগে সন্মানীয়জনৰ চকুতো তাই আজিকালি অলপ বেলেগ চাৱনি দেখে।

তথাপিও তায়ো তেজ মঙহেৰে সৃষ্টি হোৱা জীৱ,তাইৰো কাৰোবাক ভাললাগিব পাৰে,অথচ তাইক আমনি কৰি থকা এজনকোচোন তাইৰ কিঞ্চিতো ভালনালাগে,বৰং ঘৃণাহে উপজে তেওঁলোকলৈ।অথচ,তাইৰ ভাললাগিবলৈ ধৰিলে সেইজনকহে যি তাইক সেই দৃষ্টিৰে নাচায়েই।কিন্তু বহু চেষ্টা কৰিও তাইৰ পক্ষে মনৰ কথাষাৰ তেওঁক জনোৱা সম্ভৱ নহ’ল।কিন্তু,মুখেৰে নক’লেও তাইৰ কাজ-কৰ্মত জানো সেই অনুৰাগ প্ৰকাশ হোৱা নাছিল,নিশ্চয় হৈছিল,কিন্তু যাৰ চকুত পৰিব লাগিছিল তেওঁৰ হ’লে চকুতে নপৰিল।এই দুখ বুকুতে সামৰি তাই বয়সৰ গতিত আৰু দুখোজ আগুৱাই গ’ল।

নীলাক্ষি বৰপাত্ৰগোঁহাই,যাক সৰু ঠাইকনত বেছিভাগ মানুহে চুমি বুলিয়েই জানে।এগৰাকী আহোম ৰমণীৰ গাত থাকিবলগীয়া সকলোখিনি ৰূপ-গুণ এই নীলাক্ষি বৰপাত্ৰগোঁহাইৰ গাত জিলিকি আছে।এফালে যদি মনত কোমলতা-অনুৰাগৰ ভাণ্ডাৰ আনফালে আছে তীব্ৰ সাহস।তাৰোপৰি ছোৱালীজনী জোখতকৈ অলপ বেছিকৈয়ে জেদী-খঙাল।অৱশ্যে ,ইয়াৰবাবে দায়ী তাইৰ ঘৰখনহে যেন,তাইৰ জন্মও এনে এখন ঘৰত হ’ল য’ত তাইৰ লালন-পোষনো ৰাজকন্যাৰ দৰেই কৰা হ’ল।যাৰবাবেই হয়টো তাইৰ মনটো আনদহজনী ছোৱালীতকৈ বহু বেলেগ।

প্ৰথমপ্ৰেমৰ বিফলতাই চুমিৰ মনলৈ প্ৰেমৰ প্ৰতিয়ে বিৰক্তি আনি দিলে,যাৰফলত তাই যেনেকৈ নিজৰ কেৰিয়াৰত আগবাঢ়ি গ’ল ঠিকসেইদৰে প্ৰেমবিৰোধীও হৈ পৰিল।প্ৰথমতে তাইৰ ঘৰৰ মানুহে তাইৰ মনত প্ৰেমক লৈ এনে বিৰাগ দেখি ভালেই পাইছিল,অন্ততঃ ছোৱালীজনী কোনো ল’ৰাৰ কবলত নপৰে বুলি,কিন্তু যেতিয়া তাই পি এইচ দি কৰি থকা অৱস্থাত ঘৰৰপৰা দেখুওৱা কেইবাজনো ল’ৰাক একেষাৰতে নাকচ কৰিলে তেতিয়াহে যেন সকলোৰে গা লৰিল।সেই নীলাক্ষি বৰপাত্ৰগোহাঁয়েই এতিয়া এখন আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠানৰ প্ৰবক্তা।যেন ৰূপ তেন গুণ তথা মেধাৰো অধিকাৰী তেওঁ আজি।অথচ ত্ৰিশৰ ওচৰৰ এইগৰাকী সুন্দৰী মহিলা কিন্তু আজিও অবিবাহিতা।অথচ,এতিয়াও তাইৰ বাবে বিয়াৰ প্ৰস্তাৱ আহিয়েই থাকে।

প্ৰকৃততে পৃথিৱীখন কেৱল মাথো ঘূৰণীয়াই নহয় আমি ভবাতকৈ বহুত সৰুও,যাৰফলত আমি যাক জীৱনত দ্বিতীয়বাৰ কেতিয়াও লগ পাবলৈ নিবিচাৰো সময়ত কিন্তু তেওঁকে আকৌ লগ পাওঁ।চুমিৰ লগতো তাকেই ঘটিল,তায়ো তাইৰ প্ৰথম প্ৰেমক পুনৰ লগ পালে,তাকো তাই য’ত ভাড়া ঘৰলৈ আছিল সেইঘৰৰ মালিকৰ আত্মীয়ৰ ৰূপত পালে,অৰ্থাত এইবাৰ প্ৰথম প্ৰেমৰপৰা আতৰি থাকিম বুলিও আতৰিব নোৱাৰাকৈ পালে।এইসকলো ঘটনাবোৰ দুনাই যেন ওভোটাকৈ ঘূৰিব ধৰিলে,এনে লাগিল তাইৰ।কিয়নো যিটো সময়ত তাই তেওঁৰ প্ৰেমত পৰিছিল সেইসময়ত তেওঁ তাইৰ ঘৰৰ কাষৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল,আৰু এতিয়া তাই তেওঁৰ আত্মীয়ৰ ঘৰত ভাড়াতীয়া হিচাপে আছে।কিন্তু এতিয়াও সেই একেই ভন্তীসূলভ ব্যৱহাৰ তেওঁৰ কথা-বতৰাত ফুটি উঠিল,যিটোৱে তেওঁক লগপোৱাৰ আনন্দত চেচাঁ পানী ঢালিলে।

এদিন পুহৰ শীতৰ নিশা,মালিকৰ ঘৰৰ সকলোৰে লগত তায়ো জুইৰ ঊম লৈ আছিল টুলএখনত বহি,আচলতে সেই জুইকুৰা মালিকৰঘৰ আৰু ভাড়াতীয়া তিনিওঘৰ মিলি ফুৱাই,হঠাতে ওলালহি নহয় সেইজন মানে নীলাভ শৰ্মা।ঠাণ্ডাত বাইক চলাই অহাৰ বাবে ঠাণ্ডাত কঁপি উঠিছিল তেওঁ,তেওঁৰ এনে অৱস্থা দেখা মাত্ৰকে কি হ’ল জানো চুমিয়ে তাইৰ টুলখনতে তেওঁক বহিবলৈ বুলি ঠিয় হৈ দিলে,বহুদিনৰ মুৰত আকৌ এবাৰ তেওঁলৈ তাইৰ বেয়া লাগি আহিল,লগতে খঙো উঠিল ঠাণ্ডাখনত এনেদৰে অহাৰ বাবে। তাইৰ খুউব মন গ’ল তাৰ হাতত একাপ গৰম কফী তুলি দিবলৈ,কিন্তু তাই যেন ধৰা পৰি যাব মানুহখিনিৰ আগত,সেয়ে মনৰ ইচ্ছা মনতে সামৰি থ’লে।কিন্তু,সেই এটা যুগৰ পিছতো নীলাভ শৰ্মা কিন্তু একেই থাকিল,একেবাৰে কথাত মচগোল হৈ পৰিল বাকী মানুহখিনিৰ সৈতেহে।

সেইদিনা নিশা চুমিয়ে পুনৰ উপলদ্ধি কৰিলে,তাইৰ মনৰ নিভৃত কোণত মনে মনে বহি থকা সেই তীব্ৰ অনুৰাগটোক,যি কেৱল নীলাভৰ বাবেহে জাগ্ৰত হয়।কিমান কি যে অদ্ভূত চিন্তা আহিবলৈ ধৰিলে তাইৰ মন-মগজুত সেইনিশা যে তীব্ৰ শীততো তাই ঘামি উঠিল বাৰে বাৰে।

:থেংক ইউ।— নীলাভে তাৰ বাইকখন মোহাৰি মোহাৰি তাইলৈ মিঁচিকিয়া হাঁহিটি মাৰি ক’লে,তাই এইবাৰ তাইৰ দুচকু মুদি দিলে,কিয়নো এইহাঁহিতেইটো তাই প্ৰেমত পৰিছিল তেওঁৰ।তাই মনতে ভাবিলে,নীলাভ ইয়াত থকা মানে তাই বদনামৰ ভাগী হোৱা।বাৰে-বাৰে যেন ধৰা পৰি যাব খুজিছে তাই,এতিয়াটো তাই সেই ফুকলীয়া বয়সীয়া চুমি হৈ থকা নাই যে বদনাম হ’লেও মানুহে বয়সৰ ভুল বুলি ধৰি ক্ষমা কৰি দিব,তাই এতিয়া এগৰাকী প্ৰবক্তা,তাকো এখন আগশাৰীৰ প্ৰতিষ্ঠানৰ।তাই একো উত্তৰ নিদিয়াকৈ দুৱাৰখন জপাই দিলে এইবাৰ।

:চুমি,মই আহিব পাৰোনে?– দুৱাৰখনত নক কৰি নীলাভ ৰৈ আছে,চুমিয়ে গা ধুই আহিছিলহে মাথো,তেনেকৈয়ে তাই দুৱাৰখন খুলি দিলেহি,পুনৰ এবাৰ নিজৰ বুকুৰ ষ্পন্দন নিজেই শুনি গ’ল তাই।

:কি হ’ল?ইমান মাতিলো,মাত এটা দিয়া নাইযে— নীলাভে আহিয়েই তাইক যেন জেৰাহে কৰিলে।

:মই বাথৰুমত আছিলো— তাই তাইৰ দীঘল চুলিকোচা মোহাৰি মোহাৰি ক’লে এইবাৰ।তাই লক্ষ্য কৰিলে নীলাভেচোন কাহিছে,তাই তাক বহিবলৈ কৈ এইবাৰ পাকঘৰ পালেহি,মিনিটৰ ভিতৰতে আদা-জালুক দি সুন্দৰকৈ চাহ একাপ বনাই আনিলে। তালৈ বুলি আগবঢ়াই ক’লে—-

:এয়া খাই লওঁক,আৰাম পাব।—সিয়ো চাহকাপ হাতত লৈ ক’লে —–

:একদম মাক চাই জী,খূড়ীৰ হাতৰ এনে গৰম চাহ কিমান খালো এসময়ত!তেতিয়া তুমিটো বহুত সৰু আছিলা……— এইবাৰ আৰম্ভ হ’ল তেওঁৰ কাহিনী,কিন্তু চুমিৰ কাণত হ’লে নোসোমাল,তাই মাথো ভাবিলে,এইজনে তাইক কেতিয়াবা ডাঙৰ দেখিবনে!নিজে এনে ডাঙৰটো,তাইতকৈ মাথো পাচটা বছৰৰহে ডাঙৰ।

:হেই কি ভাবি আছা?— নীলাভৰ মাতত তাইৰ তন্ময়তা ভাগিল এইবাৰ,তাই এইবাৰ তাইৰ সৰু চকুযুৰি আৰু সৰু কৰি হাঁহি এটা মাৰিলে।

:তোমালোক আহোম ছোৱালীবোৰৰ সৰু চকুৰ এনে হাঁহি মোৰ বৰ প্ৰিয় জানানে— নীলাভে পুনৰ আৰম্ভ কৰিলে,তাৰ কথাত তাই লাজেই কৰিবনে নে খঙেই কৰিব ঠিক ধৰিব নোৱাৰিলে।মাথো মনৰ সমস্ত ভাব মনতে সামৰি তাই ক’লে—

:তেনেহ’লে আপোনাৰ বৌয়ো আহোম ছোৱালীয়ে নিশ্চয়—-তেওঁ পুনৰ সেই হাঁহিটি মাৰি ক’লে —-

:হয়,হয়—এইবাৰ তাইৰ কাণ-মুৰ চব গৰম হৈ আহিল,মানে এইজনে বিয়াও পাতিলে,তাইহে ক’ব নোৱাৰে।অনিচ্ছাস্বত্তেও তাই গ্লাছৰ বাতি এটাত চফ অকন বাকি লৈ আহিল এইবাৰ।

:থেংক ইউ,পিছে তুমি হেনো বিয়া-বাৰু নপতাকৈ আছা,কিয় মই জানিব পাৰোনে?— কথাচহকী নীলাভ শৰ্মাৰ কথা যেন শেষ নহ’বই আজি ।

:সকলো ঘটনাৰ আৰতে এটা কাৰণ থাকে,মোৰো বিয়াৰ নপতাৰ বাবে কাৰণ নথকা নহয়,কিন্তু মই এনেকৈয়ে সুখী— তাই নিজৰ খঙক যেনেতেনে সম্বৰণ কৰি কথাকেইটা ক’লে।

:আৰে কাৰণ যিয়েই নাথাকক,মানুহে বিয়া পাতি চাব লাগে বুজিছা।সকলোৰে এক সুকীয়া মাদকতা আছে।

:হয় দিয়ক,কিন্তু মই এনেকৈয়ে সুখী।—- সেইদিনা নীলাভ যোৱাৰ পিছত খঙে-দুখে একাকাৰ হৈ তাই গোটেই দিনতো কান্দিলে,ঠিক এযুগ আগতে নীলাভহঁতে তাহাঁতৰ ঘৰৰ কাষৰ ভাড়াঘৰতো এৰি যাওঁতে কন্দাৰ দৰে।কিন্তু,এসময়ত তাইৰ নিজলৈকে খং উঠি আহিল,তাইৰ তাক ভাললাগিছিল,তাকে তাই কৈ দিয়াহেঁতেন এইটো আফচোচ কৰিবলৈ নাথাকিলহেঁতেন যে তাই তাক তাইৰ মনৰ বতৰা নিদিলেই।খুউব বেছি তেওঁ তাইৰ মাকক কৈ দিলেহেঁতেন,দুটা চৰ খালেহেঁতেন মাকৰ হাতৰ পৰা,কিন্তু তেতিয়া আৰু নিজক দোষীবলৈ একো বাকী নাথাকিলহেঁতেন।

তাৰপিছত ঘটনাটোৱে যেন বেলেগ দিশেহে গতি কৰিলে,নীলাভ যোৱাৰ এসপ্তাহমানৰ পিছত তেওঁৰ খূড়াক মানে চুমিৰ ভাড়াঘৰৰ মালিকে তাইক হাঁহি হাঁহি সুধিলে—–

:কোনে ক’লে তোমাক আমাৰ নীলে বিয়া পাতিলে বুলি?

:নীলাভ দাই নিজে কৈছিল মোক — চুমিয়ে আচৰিত হৈ ক’লে এইবাৰ ।

:কোনোবা আহোম ছোৱালী বুলিও কৈছিল ।

:তাৰ কথাক বিশ্বাস কৰিছানে তুমি?আমি কৈ কৈ নাই পৰা আজিলৈকে তাৰ বিয়াখন পাতিবলৈ,এতিয়া তাৰ বয়সো পয়ত্ৰিশ হ’বগৈ,কিনো ভাবি আছে সিহে জানে।—খূড়াকে কৈ গ’ল,তাই মাথো ভাবিলে কিয় তাইক জীয়া ফাঁকিটো মাতিলে তেওঁ।

এইবাৰ চুমিক চাবলৈ অইলৰ অফীচাৰ এজন আহিব,মাকে তাইক ফোন কৰি মাতি পঠিয়াইছে,তায়ো এইবাৰ না কৰা নাই,মাথো তাইৰ ঘৰলৈ যোৱাৰ দীৰ্ঘদূৰত্বৰ বাটটোৰ বাবে নীলাভৰ গাড়ীখন ভাড়াত বিচাৰিছে।সি সময়মতে উপস্থিত হ’ল তাইৰ ভাড়াঘৰত।তাইটো সাজুৱেই আছিল,তাই যেন আজি এখন যুদ্ধলৈহে ওলাইছে,এনেভাবত নিজক সাজু কৰিলে তাই।

আজি কিন্তু নীলাভ চুপ,তাইহে তাক সুধি আছে বৌক কিয় নানিলে বুলি,একোবত হয়টো নীলাভো অতিষ্ঠ হ’ল,তাইক উভতি ধৰিলে সি—–

:তুমিচোন কৈছিলা,তুমি অকলেই সুখী বুলি,পিছে আজি কিয় বা বিয়া হ’বলৈ মন মেলিলা?

:ঘৰৰ মানুহৰ ইচ্ছা,কি কৰিব,মা-দেউতাৰ ইচ্ছাটো পুৰ কৰিবই লাগিব।— তাইৰ কথাত সিয়ো হয়ভৰ দিলে,নিদিয়ো নোৱাৰি যে সেয়ে,কিয়নো তাই ঠিক কথাই কৈছে।

:তুমি বৌৰ কথা সুধিছিলা নহয়,তেওঁৰ মানে এতিয়া সাত মাহ চলি আছে,সেয়ে ইমান দীঘল যাত্ৰা আৰু এতিয়া সম্ভৱ নহয় তেওঁৰ বাবে—- নীলাভৰ এনে এক অদ্ভূত ফাঁকি শুনি চুমি অবাক লাগিল এইবাৰ,তথাপিও মনৰ ভাব মনতে ৰাখি ঠিক কৰিলে,ৰহ আজি তোকো শিকাই আছো।তাই পুনৰ আৰম্ভ কৰিলে—-

:হয়দেই , ইমানচোৱা বাট তেওঁনো আহে কেনেকৈ!মই পিছে এইবাৰ ঠিক কৰিলো,এইবাৰ আৰু না নকৰো,দেউতাৰো দেহা আজিকালি ভালে নাথাকে,সেয়ে কণাই হওঁক খুৰাই হওঁক বিয়া তেওঁলৈকে হ’ম।আচলতে কি জানে,মই এনেও বাহ্যিকতাত গুৰুত্ব নিদিওঁ,এনে এজন লোককহে বিচাৰো যাক মই চকু মুদি বিশ্বাস কৰিব পাৰো,যি কেতিয়াও মোক মিছা নকয়।—- এইবাৰ শঁৰপাত তাই যেন তালৈকে উদ্দেশ্য কৰি মাৰিলে,যাৰফলত বহুপৰ মৌনতাই বিৰাজ কৰিলে দুয়োৰে মাজত।পিছে চুমিয়ে ভাবিলে তাই আজি মনে-মনে থাকিলে নহ’ব,তেওঁৰ মনত যদি কিবা আছে উলিয়াবই লাগিব,সেয়ে তাই পুনৰ আৰম্ভ কৰিলে—-

:আচলতে,আমাৰ বিয়াখন একপ্ৰকাৰে ঠিকেই হৈ আছে,মাথো আজি নিয়মটোহে কৰিব,মানে তামোল-পাণ পেলোৱা নে কি কয় যে,সেয়া আৰু।

অৱশ্যে মই নিজে চাকৰিয়াল বাবে প্ৰথমতে ভাবিছিলো মানুহজন ব্যয়সায়ী হোৱা হ’লে ভাল আছিল—- তাই পুনৰ এপাত শঁৰ এৰিলে নীলাভক উদ্দেশ্যি,কিয়নো নীলাভো এজন ব্যৱসায়ীয়েই।

:অ’ হ’ব লাগিছিল আকৌ ব্যৱসায়ীলৈকে বিয়া—নীলাভৰ জিভা পিচলিল এইবাৰ,তায়ো তাৰ পূৰ্ণসুযোগ ল’লে—-

:মই আকৌ ঘপককৈ ক’ত ব্যৱসায়ী এজন পাওঁ

:আছিল নহয়,মোক কোৱা হ’লেই হয়,মানে মোৰ লগৰ দুজনকৈ বন্ধু আছে মানে

:এহ,যি হ’ল হ’ল আৰু,ব্যৱসায়ীসকলৰ হেনো সময়েই নাথাকে পৰিয়ালক দিবলৈ,চাওঁকচোন নিজলৈয়ে আপুনি,সেইহেন মানুহজনীক এৰি ইমানদূৰ আহিবলগীয়া হৈছে

:অ’ হেল্ল’,মই ইমান দুৰ মাথো তোমাৰ কাৰণেহে আহিছো

:মোৰ কাৰণে,কিন্তু কিয়?—-চুমিয়ে নীলাভৰ কথাত আমোদ পাই সুধি গ’ল

:কিয় আৰু,পুৰণি চিনাকী কাৰণে,সেয়াও সুধিব লাগেনে?

:অ’

:মোৰ বিয়াতো মোক থ’বলৈ যাব কিন্তু,মই এতিয়াই কৈ থ’লো

:সময়েহে ক’ব— নীলাভ যেন অলপ গহীন হ’ল এইবাৰ

:কিয়?

:মোৰ আন কামো ওলাব পাৰে

:যেনেতেনে মেনেজ কৰিব আৰু—– এনেতে তাইৰ মোবাইললৈ নীলাভৰ খূড়াক মানে তাইৰ ভাড়াঘৰৰ মালিকজনৰপৰা কল আহিল,তায়ো ফোনটো ৰিচিভ কৰি চিঁঞৰি উঠিল—-

:কি?মই কৈ দিছো নীলাভ দাক— বুলি তাই ফোনটো কাটি দিলে,কাটি দি একেবাৰে ফ্লাইট মোদত থ’লেগৈ মোবাইলটো যাতে দুনাই আকৌ নাবাজে।এইবাৰ তাই নীলাভলৈ চাই ক’লে—

:আপুনি মোক নেকষ্ট বাছ ষ্টেন্দটোত নমাই দিব,মই বাছতেই যামগৈ,মানে আপোনাৰ বৌৰ গা বেয়া কৰিছে হেনো,এইমাত্ৰ খূড়াই ফোন কৰিছিল মোলৈ— বুলি কল লগত থকা খূড়াকৰ নাম্বাৰটো তাই দেখুৱালে তাক । বিঁকট শব্দ এটা কৰি গাড়ীখন ৰৈ গ’ল,তাৰপাছত তাইলৈ চাই সুধিলে—–

:কি ক’লা তুমি এইমাত্ৰ?

:আপোনাৰ মিছেছৰ গাটো বেয়া কৰিছে,সেয়ে আপোনাক মাতিছে—- তাই ভয়ে-ভয়ে ক’লে এইবাৰ।তাইৰ কথা শুনি সি এইবাৰ ষ্টেৰিঙতে হাতখন জোৰেৰে মাৰি দিলে,মনতে মাথো ভাবিলে সি পুনৰ এবাৰ,কিয় ক’ব পৰা নাই চুমিক কথাটো সি!

:মই নামো — এইবুলি চুমিয়ে চিটবেল্ট খুলিলেই।

:তুমি বহি থাকা,মই কৈছো নহয় বহি থাকা—- নিজৰ ওপৰত উঠা খংটো যেন সি চুমিৰ ওপৰতে জাৰিব

:তুমি কিমান ফাকি মাতাহে,শিক্ষক হৈয়ো মুখত ইমান ফাকি তোমাৰ

:আৰু আপোনাৰ……………

শিক্ষয়িত্ৰীতকৈ বয়স আৰু সন্মানত ডাঙৰ হৈয়ো ……—- চুমি আধাতে ৰৈ গ’ল এইবাৰ।

:আৰু কি কৰিম,তুমিয়েই কোৱাচোন,কেনেকৈ কওঁ তোমাক,মোৰ মুখৰপৰা নোলায় কিয়—এইবাৰ নীলাভে তাৰ মুখখন ষ্টেৰিঙতে গুজি দিলে,এটা কোমল ষ্পৰ্শ তাৰ চুলিৰ ওপৰেদি বাগৰি গ’ল,সি মুৰ তুলি চালে এইবাৰ চুমিলৈ—-

:কওঁক,কৈ যাওঁক,আপুনি যিয়েই নকওঁক মই অকনো বেয়া নাপাওঁ।—- চুমিয়ে কোমল কণ্ঠেৰে ক’লে এইবাৰ।

:তুমি বেলেগৰ লগত বিয়া হ’ব নালাগে,মই তোমাক বিয়া পাতিম,কিয়নো মই ………

মই তোমাক ভালপোৱা আজি চৈধ্যবছৰ দুমাহ দুদিন হ’ল। —- এইবাৰ কন্দনামুৱা হৈ নীলাভে তাইক সাবতি ধৰিলে,তাইৰো মনটোৱে এতিয়াহে যেন শান্তি বিচাৰি পালে,তায়ো দুয়োহাতেৰে তাক সাবতি ধৰিলে —–

:কোনোবাই কাৰোবাক কিমান ভালপালে এনেকৈ দিন-বাৰ-মাহ-বছৰৰ হিচাপ ৰাখিব পাৰে!কিয় গুচি গৈছিল আপুনি তেনেকৈ মোক একো নোকোৱাকৈ,মই কিমান বিচাৰিলো আপোনাক,কিমান কান্দিলো,আকৌ সেইদিনা কিয় বিয়া পাতিলো বুলি মিছাকৈ কৈছিল?কিয়?কিয়—- এইবাৰ চুমিয়ে হাঁওহাঁওকৈ কান্দি উঠিল ,গ্লাছ বন্ধ-এচি অন থকা ইন’ভাখনত দুয়ো দুয়োকে কিমান সময় এনেদৰে ধৰি থাকিল কোনেও ক’ব নোৱাৰিলে।একোবত নীলাভে সম্বিত ঘূৰাই পাই দেখে যে দূৰৈত পুলিচ দুজনে লাঠি জোকাৰি তাহাঁতৰ পিনেই আহিব ধৰিছে , সি বুজি পালে তাহাঁতক কি বুলি ভাবিছে পুলিছে আজি , সেয়ে অকনো পলম নকৰি সি গাড়ীৰ ষ্টেৰিং ঘূৰালে ——–

:চুমি,পলোৱা পলোৱা — চুমিয়ে আচৰিত হৈ সুধিলে

:কিন্তু,কিয়?

:এওঁলোকে আমাক আজি বেলেগ বুলিয়ে ভাবিলে অ’ — কিন্তু চুমিয়ে হ’লে একো বুজি নাপালে , তাই মাথো আচৰিত হৈ তালৈ চাই ৰ’ল বহুপৰ । পিছত যেতিয়া সি কথাটো ভঙাই তাইক ক’লে তাইৰ লাজতে মুৰ তুলিব নোৱাৰা অৱস্থা হ’ল ।।।

✍️উজ্জ্বলা বৰদলৈ

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

2 + 3 =