অব্যক্ত

এবেগতীয়া গুলপীয়া ৰঙৰ চেণ্ডেলযোৰৰ আগদোখৰ বৰ যত্নৰে অকন জোঙাকৈ চিকুণাব লৈছিল বীৰ্ জাই। বীৰ্ জা মুচি।আজি কেইবাদিনৰ পৰাই অলপমান আজৰি পালেই এই অকনমানি জোতা যোৰ বনাবলৈকে উলিয়াই লয় সি। ভালদৰে লাগিব পাৰিলে আজিয়েই ওলাব।জোতাযোৰৰ পিছফালে কনমানি হিল্ অকনো আছে। সমূখত গুলপীয়াত সোনালী পাথৰ খটোৱা জিকমিকাই থকা ফুল এচটা। এইচটা যোগাৰ কৰিবলৈ কমখন হাবাথুৰি খোৱা নাই সি ! পল্টনবজাৰ,পান -বজাৰৰ অলিয়ে গলিয়ে কেবাদিনো ফুল, পাত বা মণি গোঁঠা ‘বো’ এযোৰ আনিবলৈ সি চলাথ কৰি ফুৰিছিল। যোৱা পৰহিহে হঠাতে সি বিচাৰি পালে। -এইবোৰ ৰচকী সমাহাৰৰ দামো বহুত পৰে।

-হলেও !

-আলফুলে ফুল চটাত হাতফুৰাই আত্ম সন্তুষ্টিৰে ভৰি পৰে তাৰ মন।

বিন্নী তাৰ একমাত্ৰ জীয়েক। তাৰ দৰে জপৰা চুলিৰে ভৰা,গভীৰ চকু দুটাৰে বগাকৈ- তাৰ পাঁচ বছৰীয়া ছোৱালী।

চেমিজ জাতীয় চোলা একোটা পিন্ধি তাৰ দোকানলৈ তাইৰ সঘনাই আগমন হয়। কেতিয়াবা মাকৰ লগত ,কেতিয়াবা তাৰ লগত- দোকান খোলোতেই। আহিয়েই তাই দেউতাকে বনোৱা কলা- ৰঙা-মটীয়া- ৰঙৰ জোতা, চেণ্ডেল বোৰৰ থাক্ কেইটা এফালৰ পৰা চাই যায়। ঢপলা,ডাঙৰ ডাঙৰ !-ৰঙবোৰো অকনো পছণ্ড নহয় তাইৰ।-তথাপিও দেউতাকে যে জোতা ,চেণ্ডেল বনাব পাৰে ! কম কথানে?-গৌৰৱ বোধ, অহংকাৰ বোধেৰে গৰ্বীত হয় তাই ! -মাত টোও পেনপেনীয়া হৈ পৰে।

-“বাবা,মোক একটা্ গুলাবী কালাৰেৰ জোতা বানাই দিবি না-! হাই হিল্।”

-তাইৰ আব্দাৰ।

অ,’ মনত পৰিছে বীৰ্ জাৰ। বিন্নী দোকানত থাকোতে এদিন এজনী তাইৰ বয়সৰে ছোৱালী সোমাই আহিছিল ,সিঁহতৰ দোকানলৈ। মাকৰ চেণ্ডেল চিঙিছিল ; ঠিক্ কৰি আছিল সি। সেইকন সময়তে বিন্নীয়ে দেখিলে নতুন ছোৱালী জনীৰ ভৰিত জোতাযোৰ। -গুলপীয়া,সোনালী ফুল,হাইহিল্ ! সি মন কৰা নাছিল। কিন্তু তেতিয়াৰ পৰা আজি প্ৰায় আঠ মাহ মানৰ পৰা শুনি শুনি তাৰএই চেণ্ডেল যোৰৰ প্ৰতিবিম্ব এটা চকুত ভাঁহি উঠা হৈছে। অবশ্যে,তেতিয়াই সি ঠিক কৰিছিল -দিব লাগিব । বিন্নীকো দিব লাগিব ঠিক তেনে এযোৰ জোতা !! -অলপ দামেই পৰিব লাগিলে !

পিছে,খৰচৰ কথা ভাবিলেই তাৰ মনটো কোচ খাই আহে। গুৱাহাটী হেন ঠাইৰ মাজ মজিয়াত জোতাৰ দোকান !-দোকান ভাড়া, ঘৰ -ভাড়া,স্কুলত পঢ়া ছোৱালীৰ ফীজ্ ,ঘৈণীয়েক—সংসাৰৰ সাত টা জোৰা অকল জোতা ,চেণ্ডেল ভাল কৰি আৰু সজাই থোৱা দুই-এযোৰ জোতা বিক্ৰী কৰি মাৰিব লগীয়া হয়।-বৰ সহজ কথা নহয় !-তদুপৰি পত্নী আকৌ সন্তান সম্ভৱা। ডাক্তৰে এই সময়ত ভাল ভাল খাদ্য খাবলৈ দিয়ে।- সাধ্য অনুসৰি কিনেও সি। তাইহে খাবলৈ ল’ই ও প্ৰায়ে বিন্নীৰ টিফিন্ ত দি পথিয়ায়।

– সিদিনা তাৰ তো খঙেই উঠি গৈছিল! -“আৰে ,নাখাবি তো মোকে বল্ বি না ! -না কিন্ লে তবু পইচা টা বাচ্ ব ।” -“যত চব !”

-তাইৰ চকু চলচলীয়া হয়। এই সময়ত গালি- গালাজ্ কৰা ঠিক নহয় আৰু নিজৰ ছোৱালীক ভাল টিফিন্ এটা দি পঠিওৱাৰ গৌৰৱবোধ ,আনন্দবোধ কেনেকুৱা সি বুজি পায় ,অনুভব কৰিব পাৰে ! তথাপিও কিহবাৰ ওপৰত অকাৰনে উগ্ৰ খঙ উঠি আহে তাৰ। অকলে অকলে থকাৰ সময়ত ছোৱালীৰ দুমাহৰ স্কুল ফীজ্,মাহটোৰ দোকানৰ ভাড়া,ৰেচনৰ দোকানৰ বাকীৰ কীট্ কেইটাই মূৰটোত কিলবিলাই উঠে বীৰজা্ ৰ আৰু এটা সময়ত,- এইবোৰক কাবু কৰি এখন জপৰা চুলিৰে ভৰা অকনমানি বগা মুখে মাত দিয়ে তাক -“বাবা কি কৰ্ ছ’?”

-তাৰ মিছিকিয়া হাঁহি ওলাই যায়।

শান্তা বাই গৈ আছে।- ৰাষ্টাৰে আহোতে- যাঁওতে তাক এটা মাত দি যায়। দুঘৰত কাম কৰে তাই। তাক এ-শ ষাঠি টকা বাকী দিব আছে। -সি আশাৰে চালে,-কেতিয়াকৈ বা দিব! -নাই,বেগাবেগিকৈ গুচি গ’ল।

“হাৰামজাদী বুঢ়ী!”

-পুণৰ কামত মন দিয়ে সি।

তাৰ গুলপীয়া জোতা যোৰ অৱশেষত তৈয়াৰ হ’ল। অলপমান সময় তন্ময় হৈ চাই থাকি আনে নেদেখাকৈ চেল্ ফ ৰ তলতে একাষৰীয়া কৈ থলে সি। বিন্নীয়ে দেখিলে বৰ ষ্ফূুৰ্তি পাব !

“বীৰ্ জা গজাল এটা মাৰি দিয়াচোন, চেণ্ডেল পাট্ এৰাই গ’ল‌।”-সি মুৰ তুলি চালে, হুছেইন চাৰ !-সি চেণ্ডেল পাট হাতত ললে,অকনমান চাফা কৰিলে আৰু ওখ পাদদানী টোত থৈ পাতছটাৰ ভিতৰত সুমুৱাই দি আলফুলে সৰু গজাল এডাল মাৰি দিলে। -কৰিব লগীয়া আৰু একো নাই। হৈ গ’ল। টকা পাঁচটা হাতত লৈ তাৰ আকৌ এবাৰ হিচাপৰ অংকটো মনলৈ আহিল‌।

–অলপ পৰ কোনো গ্ৰাহক নাই।

পৃথিৱীত বাৰু এনেকুৱা কেতিয়াবা নহয়নে যে প্ৰতি ঘৰ মানুহৰ ঘৰতেই জোতা, চেণ্ডেল ছিগি আছে আৰু উশাহ নোপোৱাকৈ এফালৰ পৰা সি ঠিক কৰি গৈছে।-কামৰ সমানে সমানে শকত হৈ গৈছে তাৰ- উপাৰ্জনৰ টোপোলাটোও ! -সিহঁতে চিনেমা চাবলৈ গৈছে,ঘৈণীয়েকক শাৰী কিনি দিছে,ৰাষ্টাৰ কাষত চাহ চিঙৰা খাইছে !!

-“ধেত্।”

-হাঁহি উঠি যায় তাৰ।-“যতচব!”

অলপ সময়ৰ ভিতৰত অগা- পিছাকৈ জন্নত,ফাৰহান আৰু মিষ্টি আহিল।জন্নতৰ জোতাৰ পঁচিশ টকা,ফাৰহানৰ চেণ্ডেলৰ আঠা লগোৱা-দহ টকা আৰু মিষ্টিৰ -বিশ টকা,আগৰ বাকীৰ পৰিশোধ। বীৰ্ জা ৰ অলপ সময়ৰ আগৰ গোমা মনটোও লাহে লাহে ফৰকাল হৈ পৰিল। বীৰ্ জাই কাজলৰ মাকৰ দোকানৰ পৰা তামোল এখন খালে।

তামোলখন চোবাই থাকোতেই মানুহ এগৰাকী গাড়ীৰ পৰা নামিল,ইফালে সিফালে চাই লেকেচিয়াই তাৰ দোকানৰ ফালে আগবাঢ়ি আহিল ;-সোঁ ভৰিখন আগবঢ়াই দিলে। চেণ্ডেলপাট আধা এৰাই সমূখ চটা সুলকি পৰিছে।সি তেওঁক পিন্ধিবলৈ চেণ্ডেল এপাট আগবঢ়াই দিলে। সুলকি পৰা চেণ্ডেল পাট চাফ্ চিকুণাই থাকোতে মানুহ জনীয়ে তাৰ নাম ধাম সকলো সুধি পেলালে। -কথা পাতি ভাল পোৱা সৰবৰহী তিৰোতা। “সজাই থোৱা চেণ্ডেলবোৰ তুমিয়েই বনাইছা- নে? -সেইযোৰ চাঁও,-কিমান ল’বা?” -সি চেণ্ডেল যোৰ আগবঢ়াই দিলে ;-বগা ঢপলা হাৱাই চেণ্ডেলৰ নিচিনা চেণ্ডেল যোৰ !

-“অ,’-মইয়ে বনাই লোৱা,-ষাঠি টকা পৰিব।”

-আঠা লগাই ওলাই পৰা চেণ্ডেল পাট্ সি অলপ সময় শুকুৱাবলৈ দিলে।

মানুহজনীৰ চকু কেইটাই পিত্ পাত্ কৈ বিচাৰি আছে।

-মোৰ দোকানত তাহাতৰ কাম কৰা মানুহৰ চেণ্ডেলৰ বদলি দোছোৰা একো নাই।- বীৰ্ জা ই ভাবিলে।

“সেইযোৰ দেখুওৱা চোন !” -চেলফ্ ৰ তলৰ গুলপীয়া চেণ্ডেল যোৰত চকু থৈ তেওঁ কৈ উঠিল।

-“সেইযোৰ বিক্ৰীৰ বাবে নহয়।”- বীৰজাই লাহেকৈ ক’লে যদিও নিজে বনোৱা চেণ্ডেলৰ কৃতিত্ব সি আনক দেখুওৱাৰ লোভ সামৰিব নোৱাৰিলে। চেলফ্ ৰ পৰা উলিয়াই সি মানুহজনীক দেখুৱালে।

“বাপৰে বিৰাট ধুনীয়া হৈছে, তুমি বনাইছা?”

‘অ,!’-বীৰ্ জাৰ মুখখন আত্ম সণ্টুষ্টিত উজ্বলি উঠিল। -আজি প্ৰায় আঠ মাহৰ মুৰত সি এইযোৰ বনাই উলিয়াইছে !

-“কাইলৈ মোৰ ছোৱালী জনীৰ জন্ম দিন,তাই এনেকুৱা গুলপীয়া চেণ্ডেল এযোৰ বিচাৰিয়েই আছিল ! -তোমাক চাৰি শ টকা দিও ,মোক বান্ধি দিয়া। -তাই বৰ ভাল পাব!” -মানুহ জনীয়ে কাতৰ ভাৱে ক’লে।

প্ৰথম অবস্থাৰ অমান্তিৰ পৰা কেৰ্ জেৰ্ , অনুৰোধ,আব্দাৰত -এটা সময়ত বীৰজা দুৰ্বল হৈ পৰিল। টকাই হাত বাউল দিলে তাক। দোকানৰ ভাড়াটো অন্তঃত ওলাব। চাৰিশ টকা বহুত বেছি ! সি ভবাত কৈ ও !-তদুপৰি জোতাযোৰ সিয়েই বনাইছে যেতিয়া আৰু এযোৰ সি বনাই ল’ব পাৰিব।

-এটা সময়ত ঢপলা,বগা চেণ্ডেলযোৰৰ লগত একেলগে বান্ধ খাই গুলপীয়া অকমানি যোৰো মুঠ চাৰিশ আশী টকাৰ বিনিময়ত গাড়ীত উঠিল।

গাড়ীখন যোৱাৰ পিছত তাৰ মনলৈ এটা বিষাদ বোধ আহিল। —টকা চাৰিশ পালে বুলিয়েই সি—! চেণ্ডেল যোৰৰ প্ৰতি বিন্নীৰো তো হেপাঁহ আছিল ! আৰু এযোৰ সি পাৰিবনে বনাব?

-হুমুনিয়াহৰ সতে তামোলৰ পিক্ আৰু ভাৱনা বোৰো সি দলিয়াই পেলালে।

দোকানখন বন্ধ কৰি সি চাৰিটা কল ,এমুঠি শাক আৰু এপোৱা মাছ লৈ ঘৰলৈ বুলি খোজ ললে।

ভাৰাঘৰৰ টিন্ পাতৰ গেট্ খন খুলি থাকোতেই বিন্নীয়ে দৰ্জা খুলি দিলে।

-“বাবা !”-বুলি দৌৰ মাৰি দেউতাকৰ হাতৰ পৰা বস্তু খিনি কেকোঁ- জেকো কৈ লৈ ভিতৰলৈ গ’ল। মাকক গতাই দি তাই আকৌ এবাৰ দেউতাকৰ ওচৰলৈ আহিল। কোচত জাপ মাৰি উঠি দুটামান চুমা খালে। এইবাৰ যথেষ্ঠ পেনপেনীয়া মাতেৰে কানত সোঁৱৰাই দিলে,”বাবা,আমাকে এক্ টা গুলাবী কালাৰেৰ জোতা বানাই ,দিবি তো। হাই হিল্ !”

**বুকুখন হঠাতে বিষাই উঠা যেন অনুভৱ কৰিলে বীৰ্ জাই ! – নিজকে বৰ নিমাখিত,অসহায় লাগিল তাৰ। এহাতেৰে বুকুখন মোহাৰি মোহাৰি,আনখন হাতেৰে বিন্নীক লৈ শূণ্যলৈ চাই সি তাইক ক’লে,

-“হাই হিল্ পৰ্ লে -তুই পড়ে যাবি বিন্নী !!”

ডঃ মনালিছা নাথ

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

36 − 32 =