জীৱন কেনভাচ

দৰিদ্ৰতাই পিছ নেৰা সাৱিত্ৰীৰ সাংসাৰ।উৱলি যোৱা ঘৰখনত থাকে তাইৰ সৈতে তাইৰ একমাত্ৰ ছোৱালী সবিতা। বিধবা মাকে খুউব কষ্টেৰে তাইক ডাঙৰ কৰিছে।দেখনে শুৱনে কিন্তু বেছ স্বাস্থৱন্ত সবিতা।মাগুৰবৰণীয়া ওঠৰ বছৰীয়া সাবিতাৰ চুলিকোছা পিঠিলৈকে পৰা, ঢৌ খেলুৱা, প্ৰায়ে মাজেৰে সেউটা ফালি পিটপিতিয়াকৈ বেণ্ড এডালেৰে বান্ধি ৰাখে।চুলিখিনিয়ে যেন তাইৰ সোন্দৰ্য্য। আন নহলেও চুলিখিনি তাই যত্নেৰে ৰাখে।লাহে লাহে তাইও বুজি উঠিছে যে তাইৰ চুলিত বহুতৰে চকু পৰে।

গাভৰু সবিতাক মাক সাৱিত্ৰীয়ে এনেদৰে অকলে ৰাখিব লাহে লাহে ভয় খোৱা হল। মাকে কেতিয়াও নিবিচাৰে তাইৰ দৰেই সবিতাৰো জীৱন দৰিদ্ৰতাৰ গহ্বৰত জিন যোৱাটো।সাৱিত্ৰীয়ে মৰমৰ জীয়ৰীক গাওঁৰে প্ৰভাত মাষ্টৰৰ বিয়া দিয়া জীয়েকৰ কামৰ সহায়িকা হিচাবে ৰখাটোকে ঠিৰাং কৰিলে।

চহৰৰ বাসিন্দা মাষ্টৰৰ পুত্ৰী উৰ্বশী। স্বামী আৰু তিনিটাকৈ লৰা ছোৱালীৰে সৈতে ভৰা সাংসাৰ খন চম্ভালিবলৈ সহায়ৰ আন এখন হাত কেতিয়াবাৰ পৰাই বিচাৰি আছিল।সবিতাক পাই ভালেই পালে।সবিতাৰ মাকেও সৰুৰে পৰা পাই অহা উৰ্বশীক জীয়ৰী গতাই অশ্ৰু সিক্ত নয়নেৰে তাইক চহৰলৈ বিদায় দিলে।

ওঠৰ বছৰ গাঁওত মাতৃ আদৰত ডাঙৰ হোৱা সাবিতাই মাকৰ অবিহনে জীৱন কটাই দুখত ভাগি পৰে। উৰ্বশী আৰু তাইৰ স্বামী স্বপ্ননীলে তাইক মাহীয়েক মহাকৰ নিচিনাকৈ মৰম দিলে।দিন পাৰ হোৱাৰ লগে লগে তাইও ঘৰখনক নিজৰ বুলি আঁকোৱালি ললে।

মহাক মাহীয়েকৰ লৰা ছোৱালী কেইটাক নিজৰ ভাই ভনীৰ দৰে আদৰ কৰে সাবিতাই। লাহে লাহে নতুন পৰিৱেশটো সহজ হৈ পৰিল তাইৰ বাবে। সকলো কাম নিপুন আৰু নিয়াৰিকৈ কৰা সবিতা সকলোৰে অতিকৈ মৰমৰ হৈ পৰিল।

সবিতা অবিহনে ঘৰৰ যেন কোনো এপদ বস্তু লৰচৰ নহয়। ফুৰ্তিবাজ স্বভাৱ টোৱে তাইৰ আকৰ্ষণ।ইমান খিনি কাম কৰিও তাইৰ মুখত ভাগৰৰ চিন চাব নপৰে।

দেওবাৰে ৰাতিপুৱাৰ পৰাই তাইৰ কামৰ খপজপ। ৰাতিপুৱা ন বজাৰ পৰা দূৰদৰ্শনত চলি থকা চিৰিয়েল খনৰ বাবেই হুৱাদুৱা তাইৰ।মুঠতে টিভিৰ সন্মুখত বহাৰ আগতেই তাইক যি কাম দিয়ে দিয়ক কিন্তু চাই থকা সময়ত কাম দিলে তাইৰ মুঠেও পছন্দ নহয়।তাই টিভি চাই থাকিলে চাহৰ কাপটো মুখৰ ওচৰত নি চাহ খাবলৈও পাহৰি থাকে, ইমানেই নিচা।

সময়বোৰ গৈ থাকিল এনেদৰেই।আজিকালি মাহীয়েক উৰ্বশীয়ে ক্লাৱৰ বিভিন্ন ধৰণৰ অনুষ্ঠান বোৰত অংশগ্ৰহণ কৰিবলৈও সময় পোৱা হৈছে।ডাঙৰ ল’ৰাটোৰ লগত বেছি ঝামেলা আগৰ পৰাই নাছিল, সৰু দুটাইয়ো সবিতাক পাই মাকৰ লগত লাগি নাথাকে আজিকালি।

দিনে দিনে ডাঙৰ হৈ অহা সবিতা ভাল পৰিবেশ পাই আৰু বেছি আকৰ্ষণীয় হৈ পৰিল।ওচৰৰ ঘৰৰ জ্যোৎস্না আছিল তাইৰ মনৰ কথা পতা লগৰী।আবেলি এবাৰ হলেও সিহঁতে লগ কৰি আনক কব নোৱাৰা কথাবোৰ পাতে।এদিন আবেলি সবিতা, জ্যোৎস্না আৰু উৰ্বশীৰ সৰু ছোৱালী ৰিমাই একেলগে ফুৰি থাকোতে হঠাতে চাইকেলত আহি থকা ল’ৰা এটাই সবিতাক কাগজৰ টুকুৰা এটা দিয়া দেখা পালে ৰিমাই। আহি মাকক লগাই দিয়াত সেই দিনা সবিতাক মহাক মাহীয়েকে সোধা মেলা কৰি গম পালে যে ল’ৰাটোৰ লগত তাইৰ এমাহ আগৰ চিনাকি।

বিবাহ উপযুক্ত সবিতাৰ পছন্দক এবাৰ লগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে অভিভাৱক সদৃশ সাবিতাৰ মহাক-মাহীয়েকে।ল’ৰাজনৰ সৰুকৈ হলেও চৰকাৰী চাকৰি এটা থকাই সকলোৱে সিহঁতৰ প্ৰেমক হকা বাধা নিদি বৰঞ্চ স্থায়ী কৰিবলৈ বিয়াৰ কথা বতৰা চলাই।

তাই খুব সুখী।নিজকে আইনাত চাই ওৰনিখন লৈ কইনা সাজত নিজকে সজাই কিবা এটা কব নোৱাৰা লাজ লাজ অনুভূতিত তাইৰ গাল মুখ ৰঙা পৰি যায়।কিমান যে সপোন, কিমান যে আবেগ।তাইৰ মেঘাচন্ন জীৱনত এতিয়া প্ৰেমৰ চিপচিপ বৰষুণ আৰু অকস্মাত দেখা ৰামধেনুৱে চৌপাশ যেন মোহময় কৰি তুলিছে।

এবাৰ মাকক চাবলৈ তাই ঘৰলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰে।আৰু তাইৰ প্ৰেমিকক লগ কৰি সোনকালেই এক হোৱাৰ প্ৰতিশ্ৰুতিৰে তাই বিদায় লয়।

গাঁওত যোৱাৰ দুদিন নৌ হওঁতেই তাইৰ নৰিয়া গাৰ খবৰ পালে উৰ্বশীয়ে।কি হৈছে খবৰ লবলৈ গৈ দেখা পাই তাইৰ চকুযুৰি ৰঙা পৰি আছে, সামান্য ডিঙিৰ বিষ আৰু জ্বৰ। তাইক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়া হল।বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ ফলত তাইৰ ডিঙিত ধৰা পৰিল কেঞ্চাৰৰ বীজাণু ।সকলোৰে মূৰত সৰগ ভাঙি পৰিল।

সবিতাক ভাল চিকিৎসালয়লৈ নিয়া হয়।ৰে দি তাইৰ কেঞ্চাৰ কোষ আঁতৰুৱাৰ চেষ্টাত লাহে লাহে তাইৰ ধুনীয়া চুলিকোছা সৰিবলৈ আৰম্ভ কৰে।তাই ভাগি পৰে শাৰীৰিক লগতে মানসিক ভাৱেও।তাইৰ প্ৰেমিকেও তাইৰ লগত বিয়া হোৱাৰ প্ৰতিশ্ৰুতি প্ৰত্যাখ্যান কৰে।সুন্দৰ উজ্জ্বল চকুযুৰি তাইৰ ম্লান পৰি গল লাহে লাহে।মানুহৰ জীয়াই থকাৰ হেঁপাহটোৱে মহৌষধ।যেতিয়া সেই হেঁপাহকনো নাইকিয়া হৈ পৰে তেতিয়া জীৱন এনেই মৰহি যায়।

মাহীয়েকক তাই কয়–“মাহী আমাৰ নিচিনা মানুহবোৰৰ কপালত দুখেই লিখি থৈছে ভগৱানে, তুমি যিমানেই চেষ্টা নকৰা কিয় তাৰ কোনোদিন পৰিৱৰ্তন নহয়।মোৰ আৰু জীয়াই থকাৰ হেঁপাহ নাইকিয়া হৈছে।এই বিষৰ কষ্ট লৈ আৰু বেছিদিন চাগে জিয়াব নোৱাৰিম।” দুদিন পিছতেই তাইৰ বুকুৰ স্পন্দন নাই বুলি ডক্টৰে জনায়।

প্ৰতিজন মানুহৰে জীৱন টোৱে হল একোখনি কিতাপ।সুখ-দুখ হাঁহি-কান্দোনেৰে ভৰা একোটি গল্প যেন।

সবিতাৰ অস্তিত্বয়ে কাৰো জীৱন সলনি কৰা নাছিল কোনোদিনে কিন্তু তাইৰ মৃত্যুৱে উৰ্বশীৰ ঘৰখন খালি কৰি থৈ গল। স্মৃতিৰ আচলেৰে ঢাকি থোৱা সবিতা এতিয়া কাৰোবাৰ গল্পহে মাথোন।

Chayanika Nath

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

+ 72 = 74