চেণ্ডেল

প্ৰাচীন কালত ৰজা মহাৰজা দিনৰ পৰা আৰম্ভ কৰি ,বৰ্তমান ন ন বিজ্ঞান প্ৰযুক্তিৰ দিনত মানুহৰ দৈনন্দিন জীৱনৰ আটাইতকৈ লাগতিয়াল বস্তুবিধেই হৈছে চেণ্ডেল….ইয়াৰ অবিহনে মানুহে এতিয়া এখোজো খোজ দিবলৈকো অপাৰগ…পৃথিৱীৰ প্ৰায়ভাগ মানুহৰে চাগে অতিকমেও এযোৰকে হ’লেও চেণ্ডেল আছেই….অৱশ্যে সম্ভ্ৰান্ত বা চৌখিন মানুহৰ কথাটো অলপ বেলেগ …পিছে এইক্ষেত্ৰত বৰুৱা পৰিয়ালো কম নহয়…বৰুৱাৰ পৰিয়াল বুলিবলৈ বৰুৱা বৰুৱানী ল’ৰা ছোৱালীহালে মুঠ চাৰিটা প্ৰানী….অৱশ্যে বৰুৱা পৰিয়ালৰ কাৰ কেইযোৰ জোতা চেণ্ডেল আছে সেইটো ক’বলৈ বিচৰা নাই…পিছে বৰুৱা পৰিয়ালৰ ঘৰত বিশেষ হাৱাই চেণ্ডেলকেইযোৰৰ কথাহে ক’বলৈ বিচাৰিছো ….সেয়ে লৈ ঘৰখনৰ মাজে মাজে সৰু সুৰা কিছুমান ঘটনা নঘটা নহয়….

চাবলৈ গ’লে বৰুৱা বৰুৱানী ল’ৰা ছোৱালী প্ৰত্যেকৰে তিনিযোৰকৈ হাৱাই চেণ্ডেল …বাহিৰলৈ গ’লে এযোৰ…ভিতৰত পিন্ধিবলৈ এযোৰ…বাথৰুমত এযোৰ…কিন্তু সময়ত গৈ বাথৰুমৰ চেণ্ডেলো আহি পাগঘৰ আৰু ভিতৰৰ চেণ্ডেল পায়গৈ বাথৰুম…তেতিয়াহে বৰুৱানীৰ খংটো মূৰৰ চুলি পায়গৈ যেতিয়া ঘৰৰ বাকী সদস্যবোৰে তেনে কৰে…কিন্তু নিজৰ ক্ষেত্ৰত হ’লে সকলো মাফ😁.. কেতিয়াবা দেখিব বাহিৰৰ চেণ্ডেল ভিতৰৰ চেণ্ডেল মিলি দুৱাৰমুখতে সৱ এনেকৈ থুপ খাই থাকে যেন…চেণ্ডেল কেইযোৰ দেখিলে বৰুৱানীৰ এনে লাগে ..বহু দিনৰ মূৰত পুৰণি বন্ধু লগ পাই ডিঙিত ধৰি যেন খা-খবৰ হে লৈছে … আকৌ কেতিয়াবা বৰুৱাৰ হাৱাইযোৰ পিন্ধি বৰুৱানী পিটপিটাই ঘূৰি ফুৰে কেতিয়াবা আকৌ বৰুৱানীৰ যোৰ বৰুৱাই..তাৰ মাজে মাজে ছোৱালীৰ চেণ্ডেল মাকে …মাকৰ চেণ্ডেল জীয়েকে ..মুঠতে কোনে কাৰ চেণ্ডেল পিন্ধি কাম চলাই গৈছে …কাৰো ভৰিৰ পিনে চাবলৈ সময় নাই…বৰুৱানীৰ সৰু ল’ৰা আৰু এখোপ চৰা তাৰ নিজৰ কেইযোৰ ক’ত থাকে সি নিজেও নাজানে ..বৰুৱানী কেতিয়াবা ল’ৰাৰ চেণ্ডেল বিচাৰি প্ৰতিবেশী ঘৰত উদ্ধাৰ কৰেগৈ….শেষত গৈ মাকৰ বায়েকৰ নাপালে বাপেকৰ মস্ত চেণ্ডেলযোৰ পিন্ধিয়েই ল’ৰাই বাথৰুমৰ কামফেৰা শেষ কৰেগৈ 😜…বৰুৱাই কেতিয়াবা খঙতে ৰুদ্ৰমূৰ্তি ধৰি কয় ..”ইমান কেইযোৰ চেণ্ডেল থকাৰ পিছতো এযোৰো সময়ত পিন্ধিবলৈ নাপাও, যায় কলৈ মোৰ চেণ্ডেলকেইযোৰ ?” তেতিয়া বাকী সদস্যবোৰ যেন নিমাতি কইনা হে….

বৰুৱা বৰুৱানী পুৰণা ঘৰলৈ গ’লেও নিজৰ চেণ্ডেল কিন্তু লগত নিবই…তথাপি বৰুৱানীৰ পুৰণি অভ্যাস ক’ত ইমান সোনকালে সলনি হ’ব… এদিন আবেলি সময়ত বৰুৱানীৰ শাহুৱেকে গাঁৱৰ নামঘৰলৈ যাবলৈ তেঁওৰ পিন্ধা চেণ্ডেল যোৰ বিচাৰি নাপায় হুলস্থুল লগালে.. ” কোন চোৰ আহিল অ ,মোৰ পুৰণি হাৱাই চেণ্ডেল যোৰ দিনদুপৰতে নিলে যে”.. বৰুৱানীও চাৰিওফালে চলাথ কৰিলে নাই ক’তো নাই চেণ্ডেল…সঁচাকে চোৰে নিলে নেকি?..তেনেতে ননদে বৌয়েকলে কেৰাহিকৈ চাই ” বৌ ৰাতিপুৱা হাজৰিকা খুড়াৰ ঘৰলৈ যাওঁতে মাৰ চেণ্ডেলযোৰ পিন্ধি গৈছিলা যে আহি ক’ত খুলি থৈছিলা আৰু এইযোৰ চেণ্ডেল কাৰ বাৰান্দাৰ ষ্টেপতে ৰাতিপুৱাৰে পৰা পৰি আছে?..তেতিয়াহে বৰুৱানীৰ মনত পৰিল ..ৰাতিপুৱা হাজৰিকা খুড়ীক মাত লগায় বাৰান্দাত খুলি থোৱা চেণ্ডেলযোৰ মানে মোৰ বুলিয়েই পিন্ধি আহিলো…শাহুমাকৰ ৰূপ দেখি বোৱাৰীকে লৰালৰিকৈ চেণ্ডেল সলাবলৈ হাজৰিকাৰ খুড়ীৰ ঘৰ পালৈগৈ…শাহুৱেকে এই বিষয়ে ভালদৰে জ্ঞাত এই অভ্যাস বোৱাৰীয়েকৰ যে নতুন নহয়…ইফালে হাজৰিকা খুড়ীৰো শাহুমাকৰ দৰে চেন্দেল হিচাৰি একে দশা …😁

 

“এইয়া বৰুৱা পৰিয়ালৰ অভ্যাস নে স্বভাৱ বাৰু”বৰুৱানী তাকে ভাবি এতিয়া হুমুনিয়াহ কাঢ়ে…..

 

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

32 − = 22