জনগোষ্ঠীয় শামুকৰ আঞ্জা

উপকৰণ সমূহ :

১. ২০০ গ্ৰাম বোৱতী জুৰিত পোৱা শামুক

২. চাৰি চামুচ মিঠাতেল

৩. আদা+নহৰু+জিৰা+কেচা জলকীয়া ২ টা পেষ্ট

৪. মজলীয়া পিয়াজ 2টা

৫. এখিলা তেজপাত

৬. নিমখ আৰু হালধি জোখৰ

ৰন্ধন প্ৰণালী :

১. প্ৰথমতে শামুকখিনি নিমখ পানীত ২-৩  বাৰ ভালদৰে ধুই লব।

২. পিঁয়াজখিনি তেলত ৰঙচুৱাকৈ ভাজি লব।

৩. মছলা পেষ্ট টো পিয়াঁজৰ সৈতে কেই চেকেণ্ডমান ভাজি জোখৰ নিমখ, হালধী আৰু তেজপাত দিব।

৪.  পেনখনত শামুকখিনি দি ভালদৰে পানীখিনি শুহি নোযোৱালৈকে ভাজি লব।

৫.  শেষত পেনখনত শামুকখিনি ডুবি যোৱাকৈ পানী দি ১০ মিনিত উতলাই দিব।

আঞ্জা প্ৰস্তুত।

👨‍🍳 ৰাজীৱ কায়স্থ

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

22 + = 27