কোমোৰাৰে লোকেল মুৰ্গী মাংসৰ জোল

উপকৰণ সমূহ:

১. সৰিয়হ তেল: আধা কাপ

২.কটা লোকেল মুৰ্গী: ৪০০ গ্ৰাম

৩.সৰু কোমোৰা এটাৰ আধা ফাল (ফটোত দেখুৱা ধৰণে কাটি লৈছো)

৪.আদা: এটুকুৰ +পিয়াজ: সৰু দুটা+কেঁচা জলকীয়া: ২টা + নহৰু ৮ ফুট +কাটি ৰোৱা কোমোৰাৰ বাকলি= পেষ্ট

৫.তেজপাত: এখিলা

৬.মচলা:- জিৰা গুৰি দুচামুচ + জালুক গুৰি এচামুচ+ হালধি ৰং ধৰাকৈ+ নিমখ জোখ মতে + গৰম মচলা পেষ্ট এচামুচ

ৰন্ধন প্ৰণালী:

১) ধুই লৈ পানী টুকি লোৱা মাংসখিনি হালধি নিমখ সানি ৰঙচুৱা হোৱাকৈ ভাজি উঠাই থলোঁ।

২) কোমোৰাৰ টুকুৰাবোৰো সেই তেলতে ভাজি লৈ উঠাই থলোঁ।

৩)এতিয়া তেলত প্ৰথমে তেজপাত দি পেষ্ট কৰি থোৱা পিয়াজ, আদা, নহৰু, জলকীয়া আৰু কোমোৰাৰ বাকলি খিনি ঢালি কম জুইত খুব ভালদৰে ভাজি লৈ তাত আগতে ভাজি উঠাই থোৱা মাংস আৰু কোমোৰাখিনি দি জোখ মতে নিমখ আৰু হালধি আৰু গৰম মচলা খিনিৰ বাহিৰে বাকীখিনি দি ভালদৰে ভাজিলোঁ। (শুকান মচলা গুৰি ব্যৱহাৰ কৰিলে অলপ গৰম পানীৰ সৈতে মিহলাই ব্যৱহাৰ কৰিলে মচলা পুৰি নাযায়)

৪) ভালদৰে ভজা হলত পানী দি ঢাকনি লগাই ১৫ মিনিট মান সিজিব দিলোঁ। আকৌ গৰম মচলাৰ পেষ্ট খিনি মিহলাই ঢাকনি লগাই ৫ মিনিট উতলাই নমাই থলোঁ।

👨‍🍳 চয়নিকা নাথ

By