কলফুল বা কলডিল বৰ

উপকৰণ সমূহ:

* কলডিল ১ টা

* পিঠাগুৰি আধা বাতি

* বেচন ৫ চামুচ

* জিৰা গুৰি আধা চামুচ

* জালুক গুৰি ১ চামুচ

* নিমখ আৰু হালধি (আন্দাজ মতে)

* মিঠা তেল (বৰ ভাজিব কাৰণে)

ৰন্ধন প্ৰণালী: প্ৰথমে কলডিল টোৰ ওপৰৰ বুঢ়া বাকলি গুচাই ভাল কৈ ধুই, মাজেৰে দুফাল কৰি অলপ বইল কৰি ললো( কেচা ভাব টো নাই হোৱা লৈ কে)। ঠাণ্ডা হলত পাতল পাতল কাটি ললো, এতিয়া এটা প্ৰাত্ৰ ত পিঠাগুৰি,বেচন,জিৰা, জালুক ৰ গুৰি, নিমখ ,হালধি আৰু অকনমান চেনী দি অলপ পানীৰে মিশ্ৰণটো বনাই ললো। কেৰাহী খন গৰম কৰি তাতে মিঠা তেল দিলো, তেল গৰম হলত পাতল কৈ কাটি ৰখা কলডিল ৰ টুকুৰা মিশ্ৰণটো লেতিয়াই , তেলত ভাজি লো বৰ কেইটা ৰঙচুৱা হোৱাত নমাই থলো।

👨‍🍳 প্লাবিতা গগৈ

By