বুটৰ বড়ৰ সতে ঢেকিয়াৰ টেঙা আঞ্জা

উপকৰণ:

১/ ঢেকিয়া শাক এমুঠি

২/ বুট ১ পোৱা

৩/ বিলাহী ৩ মান

৪/ পিয়াজ ২ টা

৫/ নহৰু ৬ ফুট মান

৬/ কেঁচা জলকীয়া ৫ টা

৭/ আদা এটুকুৰা

৮/ মচুৰ দালি এমুঠিমান

৯/ নিমখ, হালধি পৰিমাণ অনুসৰি

প্ৰণালী

প্ৰথমতে বুটখিনি ৩ ঘন্টা তিয়াই থৈ মিক্সিত গুৰি কৰি ললো ।বুটৰ লগত কেঁচা জলকীয়া দুটা , নহৰু ৩ফুটা একেলগে দিব লাগে। এতিয়া কেৰাহিত তেল দি বৰ কেইটা বনাই ল’লো।

ইয়াৰ পিছত ঢেকিয়া মুঠি বাছি ধুই মিহিকৈ কাটি ললো। তাৰপিছত মচুৰ দালি আৰু কাটি লোৱা ঢেকিয়া কন লগতে পৰিমাণ অনুসৰি নিমখ দি দুটা চিটি মাৰি নমাই থলো। বৰ ভাজা কেৰাহিত তেল দি পিয়াজ কাটি দিলো জলকীয়া ফালি পেলাই দি দিলো ,নহৰু ৩ফুটা থেতালি তেলত দি কিছু সময় ভাজি বিলাহী কেইটা কুটি তাতে দি গলি জুৱালৈ লৰাই থাকি অলপ হালধি দি দুবাৰ মান লৰাই ঢেঁকীয়া খন পানীৰ পৰা টুকি তাতে দি দিলো।কিছু সময় ভাজি ভাজি তাতে ঢেঁকীয়া সিজোৱা পানী কণ ঢালি দিলো।ওটল অহাৰ পিছত বৰ কেইটা দি আকৌ দুবাৰ মান ওতলিব দি গ্ৰেভি হৈ অহাত নমাই থলো।

👨‍🍳 ৰীতা দাস বৰদলৈ

By