আমাৰ বৰ্ষাৰণ্যসমুহ আৰু কিছু চিন্তা

বৰ্ষাৰণ্য- অৰ্থাৎ “বৰ্ষা” আৰু “অৰন্য” অৰ্থাৎ যিসমূহ ঠাইত বৰষুণৰ পৰিমাণ বেছি হয়, তেনে ঠাই সমুহত উৎপত্তি হোৱা অৰণ্য সমূহক বৰ্ষাৰণ্য বুলি কোৱা হয়। সংজ্ঞামতে এই ঠাইসমুহত হোৱা বছৰি গড় বৰষুণ ১৮০০ মিলিমিটাৰতকৈয়ো বেছি আৰু জলবায়ু সেমেকা তথা তাপমাত্ৰাও অধিক। সেউজীয়াৰ বিভিন্ন আভাৰে উদ্ভাসিত এই বৰ্ষাৰণ্যসমূহ সাধাৰণতেই বিষুৱ ৰেখাৰ আশ পাশৰ ঠাইসমূহত দেখা পোৱা যায়। ভাৰতৰ বিভিন্ন প্ৰদেশসমূহতো বিভিন্ন বৰ্ষাৰণ্য আছে যিসমূহে আমাৰ দেশখনৰ ভৌগলিক তথা পৰিবেশতান্ত্ৰিক দিশত এক অবিচ্ছেদ্য ভূমিকা পালন কৰি আহিছে। প্ৰায় ৩০৯০০ বৰ্গ কিলোমিটাৰ জোৰা দক্ষিণ পশ্চিম ভাৰতৰ পৰ্বতাঞ্চলৰ এই বৰ্ষাৰণ্যসমূহ মহাৰাষ্ট্ৰৰ পৰা আৰম্ভ হৈ কৰ্নাটকৰ মাজেৰে গৈ তামিলনাডু চুইছেগৈ। ভৌগলিক অৱস্থিতি কিম্বা জলবায়ু আদিৰ দৰে বিভিন্ন কাৰনবশতঃ  এই বৰ্ষাৰণ্যসমূহ জৈৱ বৈচিত্ৰৰ এক অফুৰন্ত সম্ভাৰ। ভাৰতবৰ্ষৰ মাটিকালিৰ কেৱল ছয় শতংশ অৰ্থাৎ ১৮০০০ বৰ্গ কিলোমিটাৰ জোৰা এই বনাঞ্চলসমুহ বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰানীৰ ৰম্যভূমি। প্ৰকৃততে ভাৰতবৰ্ষৰ পঞ্চাশ শতাংশ বন্য জন্তুৰ প্ৰজাতি আৰু সাতষষ্টি শতাংশ মাছৰ প্ৰজাতি কেৱল এই বনাঞ্চলসমুহতে পোৱা যায়। পশ্চিমাঞ্চলৰ  বনাঞ্চলসমুহ দৰে উত্তৰ ভাৰতৰ বৰ্ষাৰণ্যসমূহো লেখত লবলগীয়া। এই বনাঞ্চলসমুহ অসম, মেঘালয়, মনিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু অৰুনাচল প্ৰদেশৰ কিছু অংশত বিস্তাৰিত হৈ আছে। বিভিন্ন ধৰনৰ চিৰসেউজ, পৰ্ণপাতী আৰু  জলহ অৰণ্যৰে ভৰপুৰ এই বনাঞ্চলসমুহে একো একোটা বিশেষ পৰিস্থিতিতন্ত্ৰক প্ৰতিনিধিত্ব কৰি আহিছে। এই  পৰিস্থিতিতন্ত্ৰসমুহক খমুচি ধৰি দশক দশক জুৰি নানান ধৰনৰ বন্যপ্ৰাণী যেনে বিভিন্ন বান্দৰৰ প্ৰজাতি, বাঘ, সিংহ, লতামাকৰি, ভালুক আদিয়ে বসবাস কৰি আহিছে। “অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ”। এই সূৰ্য উঠা দেশ, মহিমামণ্ডিত অসমতো  এক বৰ্ষাৰণ্য আছে, যাৰ নাম দিহিং পাটকাই অভয়াৰণ্য। অৰণ্যৰ এক নিজা সৌন্দৰ্য আছে, আছে এক নিজা গৰিমা। ব্ৰহ্মপুত্ৰৰ দক্ষিণ দিশত, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাস্থিত, অনন্ত সন্মোহীনি সৌন্দৰ্যৰে বিভুষিত  দিহিং পাটকাই অসমৰ প্ৰাকৃতিক সম্ভাৰৰ এক অফুৰন্ত উৎস। গগণমুখী হোলোঙ গছৰ ঠল-ঠেঙুলিয়েদি উল গোঠা নানা তৰহৰ বনৰীয়া লতবোৰ, নিয়ৰসিক্ত অৰণ্যৰ মজিয়া আৰু গছৰ কাণে কাণে বতাহৰ সুহুৰি!! বৰ্ষণমুখৰ আবেলিবোৰত মেঘৰ জোলোঙাইদি ওলোৱা বেলিৰ কুহুমীয়াবোৰে হোলোঙ গছবোৰৰ শীৰ্ষৰ পাতকেইটা যেনেকৈ উদ্ভাসিত কৰি তোলে, সেই নৈসৰ্গিক শোভা বৰ্ননাতীত।

            ব্ৰাজিলৰ আমাজান অৱবাহিকাৰ অৰণ্যাঞ্চলক পৃথিৱীৰ হাঁওফাঁও বুলি কোৱা হয়। কিয় বাৰু? পৃথিৱীৰ বৃহত্তম আৰু আটাইতকৈ বৈচিত্ৰপুৰ্ণ,  প্ৰায় ৫.৫ বৰ্গ কিলোমিটাৰ জোৰা এই বনাঞ্চলে প্ৰত্যেক বছৰ গড়ে ৯০ৰ পৰা ১৪০ নিযুত টন কৰ্বন-ডাই-অক্সাইড গেছ বায়ুমণ্ডলৰ পৰা নিস্কাষণ কৰে। “কৰ্বন চিংকিং” (carbon Sinking) হৈছে এনে এক পৰিঘটনা যাৰ অবিহনে পৃথিৱীত জীৱ তিস্থি থকাটো অসম্ভৱ। মানৱীয় কৰ্যকলাপ বা কোনো কোনো প্ৰাকৃতিক পৰিঘটনা যেনে আগ্নেয়গিৰি উদগীৰণ, ব্ৰজপাত আদিৰ ফলস্বৰূপে কাৰ্বন-ডাই-অক্সাইড গেছ উৎপন্ন হয়। এই গেছ পৃথিৱীৰ বায়ুমণ্ডল নোপোৱাকৈ শোষণ কৰি ৰাখে গছ-গছনিয়ে। সেয়েহে অৰণ্যক কোৱা হয় “কাৰ্বন চিংক” (carbon sink) আৰু পৰিঘটনাটোক কোৱা হয় “কাৰ্বন চিংকিং” (carbon sinking)। আমাজান অৰণ্যও তেনে এক “কাৰ্বন চিংক”। এতিয়া  আহো দিহিং পাটকাইলৈ। ১১৯•১৯ বৰ্গ কিলোমিটাৰ জোৰা এই দিহিং পাটকাই অভয়াৰণ্যক উত্তৰ-পূব ভাৰতৰ আমাজান (Amazon of North East) বুলিও কোৱা হয়। প্ৰকৃততে দিহিং পাটকাই তিনিখন বৰ্ষাৰণ্য – জয়পুৰ, উজনি দিহিং আৰু দিৰাকৰ সমষ্টি। দিহিং পাটকাইৰ প্ৰধান বৈশিষ্ট হৈছে ইয়াত পোৱা পখিলাৰ প্ৰজাতিসমুহ। প্ৰায় ১৮০০০ প্ৰজাতিৰ পখিলা এই বৰ্ষাৰণ্যত পোৱা যায় যিসমুহ ঘাইকৈ হেস্পিৰিঅডি (Hesperiodea) আৰু   পেপিলিঅনইডি (Pepilionoidea) পৰিয়ালৰ অন্তৰ্ভুক্ত। ইয়াৰ আন এক অকৰ্ষণ হৈছে ইয়াত পোৱা  শতাধিক প্ৰজাতিৰ অৰ্কিডসমুহ। ইয়াৰ ওপৰিও এই বনাঞ্চলসমুহ মলুৱা বান্দৰ, দুস্প্ৰাপ্য লজুকী বান্দৰ, হাতী, বাঘ, লতামাকৰি বাঘ, ভালুক আদি বন্যপ্ৰাণীৰ গৃহভুমি। তদুপৰি এশিঙিয়া গড়ৰ বাহিৰে অসমৰ বাকি তিনিওবিধ ৰাজ্যিক চিহ্ন (State symbol)- দেওহাঁহ (ৰাজ্যিক পক্ষী), হোলোঙ গছ (ৰাজ্যিক গছ) আৰু কপৌ ফুলৰ (ৰাজ্যিক ফুল) প্ৰাকৃতিক ৰম্যভুমি হৈছে  দিহিং পাটকাই।

কিন্তু এই বৰ্ষাৰণ্য সমুহৰনো প্ৰয়োজনীয়তা ক’ত? কিয় ইমান হৈ ছৈ লাগি আছে বৰ্ষাৰণ্য সংৰক্ষণক লৈ? একোখন বৰ্ষাৰণ্য হৈছে একো একোটা স্বাধীন পৰস্থিততন্ত্ৰ, যাক কেন্দ্ৰ কৰি গঢ়ি উঠে সেই ঠাইত বসবাস কৰা জীৱকূলৰ জীৱন।এই পৰস্থিততন্ত্ৰসমুহে নিৰ্ধাৰণ কৰে কেনে ধৰনৰ গছ গছনি বা প্ৰাণী সেই ঠাই সমুহ বৰ্তি থাকিব। আমি কেতিয়াবা ভাবি চইছোনে  মেৰু ভালুক কিয় সুমেৰূতহে পোৱা যয়, আফ্ৰিকাত পোৱা নাযায়? তেনেধৰনে এশিঙিয়া গড় পৃথিৱীৰ ভিতৰতে কেৱল কাজিৰঙাতহে পোৱা যায়। জৈৱ- বিৱৰ্তনৰ ক্ৰমন্বিকা অতিক্ৰম কৰি প্ৰত্যেক জীৱই আজিৰ পৰিস্থিতিত উপনীত হৈছেহি। এই সকলো জীৱকূলেই প্ৰকৃতিৰ সমতা ৰক্ষা কৰাত এক বিশেষ ভূমিকা পালন কৰি আহিছে। আগতেই উল্লেখ কৰা হৈছে যে এই অৰণ্যসমুহে কাৰ্বন-ডাই-অক্সাইড গেছ শোষন কৰি এই গেছ পৃথিৱীৰ বায়ুমণ্ডলৰ পৰা দুৰত ৰাখে। সেউজ গৃহ প্ৰভাৱৰ (Green House Effect) বিষয়ে আমি সকলোৱে জানো। ই এনে এক প্ৰকৃতিক পৰিঘটনা যেতিয়া সূৰ্যৰ ৰশ্মি বায়ুমণ্ডল ভেদি পৃথিৱীত যেতিয়া পৰেহি, তাৰে কিছু অংশ মহাকাশলৈ প্ৰতিফলন হৈ ঘুৰি যায় আৰু কিছু অংশ বায়ুমণ্ডলতে ৰৈ যায়। বায়ুমণ্ডলতে থকা বিভিন্ন গেছ যেনে, কাৰ্বন-ডাই-অক্সাইড, মিথেন, ক্লৰফ্লুৰকাৰ্বন আদিয়ে এই সৌৰশক্তি শোষন কৰি বায়ুমণ্ডলৰ তাপমাত্ৰা বঢ়াই তোলে। সমস্যা তেতিয়া হয় যেতিয়া এই গেছ সমুহ, বিশেষকৈ কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বায়ুমণ্ডলত বাঢ়ি যায় আৰু ফলত পৃথিৱীৰ উত্তাপো বহুগুণে বৃদ্ধি পায়। এই পৰিঘটনাক গোলাকীয় উষ্ণতা বৃদ্ধি (Global Warming) বোলা হয়। এইখিনিতে অৰণ্যৰ ভুমিকা অপৰিহাৰ্য। এই অৰণ্যসমুহেই আমাৰ গ্ৰহটোৰ অম্লজান- কাৰ্বন-ডাই-অক্সাইডৰ সমতা ৰক্ষা কৰি আহিছে। সমগ্ৰ পৃথিৱীক প্ৰয়োজন হোৱা অম্লজানৰ ছয় শতংশ আমাজান অৰণ্যই উৎপন্ন কৰে। তদুপৰি অৰণ্যসমুহেই পৃথিৱীৰ বাবে প্ৰয়োজনীয় পানী জমা কৰি ৰখা স্পঞ্জৰ দৰেও কাম কৰে। অৰ্থাৎ পৃথিৱীৰ জলীয় চক্ৰৰ সমতা বৰ্তাই ৰখাতো সহায় কৰে। অৱশ্যে অতি আচৰিত ধৰণৰ কথা যে বৰ্ষাৰণ্যৰ মাটিভাগ সৰুৱা নহয়। ইয়াৰ মুখ্য কাৰণ হৈছে মাটিত মযুদ থকা মৌল সমুহ গছে আহৰন কৰি নিজৰ গা- গছত জমা কৰি ৰাখে। যেতিয়া গছডাল  মৰি মাটিত বিলীন হৈ যায়, এই মৌল সমুহ পুনৰ মাটিলৈকে ঘূৰি যায়। পৃথিৱীৰ বিভিন্ন দেশত অৱস্থিত এই বৰ্ষাৰণ্য সমুহতে সিক্ত হৈ আছে ভিন্ন খিলঞ্জীয়া জাতি- জনজতিৰ শিপা। অসমৰ দিহিং-পাটকাই অভয়াৰণ্য আৰু তাৰ আশ পাশৰ অঞ্চলত মৰাণ, কছাৰী, চিংফৌ আদি জনজাতীয়ে বসবাস কৰে। এই অভয়াৰণ্যক কেন্দ্ৰ কৰি অঞ্চলটোত এক পৰ্যটন উদ্যোগো গঢ়ি উঠিছে।  

চিপকো আন্দোলন আৰু সম্প্ৰতিক সময়ত ইয়াৰ প্ৰাসংগিকতা:

চিপকো এটা হিন্দী শব্দ যাৰ অৰ্থ হৈছে “সাৱটি ধৰা”। এই আন্দোলনৰ উৎপত্তি ১৯৭৩ চনত হৈছিল। তেতিয়াৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰকাৰে উত্তৰাখন্দৰ (তেতিয়াৰ উত্তৰ প্ৰদেশ) উজনি অলকানন্দা অঞ্চলৰ চামলি জিলাৰ মণ্ডল নামৰ গাঁও এখনত খেলৰ সামগ্ৰী প্ৰস্তুত কৰা কোম্পানী এটাক স্থাপনৰ আজ্ঞা প্ৰদান কৰে, যাৰ উদ্দেশ্যে এক বৃহৎ সংখ্যক গছ কটাৰ নিৰ্দেশ জাৰি কৰে। চৰকাৰৰ এই সিদ্ধান্তই থলুৱা লোকৰ মাজত এক প্ৰতিবাদৰ সূচনা কৰে। অঞ্চলটোৰ লোকসকলে তেওঁলোকৰ আপোন অৰণ্যভুমিৰ গছ গছনিবোৰ ধ্বংস কৰি কোম্পানী স্থাপন হোৱাটো বিচৰা নাছিল। সক্ৰিয় প্ৰকৃতিবিদ ছন্দি প্ৰসাদ ভট্টৰ নেতৃত্বত গাঁৱৰ সকলো ৰাইজ মিলি এই কাৰ্যৰ বিৰুদ্ধে সজোৰে প্ৰতিবাদ আৰম্ভ কৰে। থলুৱা ৰাইজ একগোট হৈ সেই ঠাইৰ অৰণ্যৰ গছবোৰৰ কেউকাষে আৱৰি গছকটাৰ প্ৰতিবাদ কৰে। অতি শীঘ্ৰে এই আন্দোলন কাষৰীয়া ঠাইসমুহটো বিয়পি পৰে। এই আন্দোলনত মহিলাসকলে প্ৰতিবাদৰ এক বিৰল নিদৰ্শন দাঙি ধৰে। ১৯৭৪ চনত যেতিয়া চৰকাৰে উত্তৰাখন্দৰ ৰেনি নামৰ গাঁও অঞ্চলৰ প্ৰায় ২০০০ জোপা গছ নিলামৰ ব্যৱস্থা কৰে, গৌৰা দেৱী নামৰ এগৰকী সহসী নাৰীয়ে ২৫ জনীয়া মহিলাৰে সৈতে “মহিলা মংগল দল” গঠন কৰি সেই ঠাইত উপস্থিত হয়গৈ য’ত গছ কটাৰ নিৰ্দেশ দিয়া হৈছিল। প্ৰত্যেকগৰাকী মহিলা একোজোপা গছ সৱটি থিয় হৈ থাকিল যেতিয়ালৈকে গছ কটা কৰ্য বন্ধ নহল। চৰকাৰ আচম্বিত হ’ল! অৱশেষত তেওঁলোক জয়ী হ’ল আৰু চৰকাৰে গছ নিলামৰ নিৰ্দেশ উঠাই ল’লে। কিন্তু চিপকো আন্দোলনৰ আঁৰত যি মতাদৰ্শ আছিল সেয়া আজি মানুহৰ মাজত জীয়াই আছেনে, সি সন্দেহজনক! চিপকোৰ বিছ বছৰৰ পাছত সেই মহান আন্দোলনক কেন্দ্ৰি শতাধিক সাহিত্যৰ সৃষ্টি হ’ল। কিন্তু তাৰ মুখ্য উদ্দেশ্য পূৰণ নহল।  আজিও নিৰৱিছিন্নভাৱে অৰণ্যৰ  বুকুত কুঠাৰৰ আঘাত পৰিয়েই আছে, হাবি- বন টহিলং হৈয়ে আছে। তথ্য অনুসৰি উত্তৰ পূব ভাৰতৰ বনাঞ্চলসমুহ ক্ৰমৎ সংকীৰ্ণ হৈ আহিছে। ২০১৭ চনৰ ভাৰতীয় বন বিভাগৰ (Indian State Forest Report) প্ৰতিবেদন অনুসৰি উত্তৰ পূব ভাৰতৰ বনাঞ্চলসমুহ ৭৬৫ বৰ্গ কিলোমিটাৰ হ্ৰাস পাইছে। অসমৰ দিহিং পাটকাই অভয়াৰণ্যৰ মুক্ত কয়লা খননক লৈয়ো যথেষ্ট আলোড়নৰ সৃষ্টি হৈছে। সকলোৱে এক মুখে প্ৰতিবাদ কৰিছে। যোৱা ৭ এপ্ৰিলত ৰাষ্ট্ৰীয় বন্যপ্ৰানী মণ্ডলে (National Board of Wildlife) দিহিং পাটকাইৰ অন্তৰ্ভুক্ত চালেকি সংৰক্ষিত বনাঞ্চলত মুক্ত কয়লা খননৰ সন্দৰ্ভত এক আলোচনাত বহে। এই খনন কাৰ্য চলাই আছে ভাৰতীয় কয়লা নিগমে। এই বৈঠক অনুযায়ী চালেকি সংৰক্ষিত বনাঞ্চলত মুক্ত কয়লা খনন কাৰ্যৰ বাবে অনুমতি প্ৰদান কৰা হয় যদিহে ভাৰতীয় কয়লা নিগমে অঞ্চলটোৰ বাবে এক সংৰক্ষণ তথা পুনৰ সংস্থাপনৰ আচনি (Reclamation strategy) দাখিল কৰিব পাৰে। অৰ্থাৎ চালেকিৰ ৯৮•৫৯ হেক্টৰ মাটিত মুক্ত কয়লা খননৰ বাট প্ৰশস্ত কৰা হ’ল। চৰকাৰৰ এই সিদ্ধান্তই অসমৰ শৈক্ষিক তথা চিন্তাশীল সমাজত এক তৎক্ষণিক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। টুইটাৰ, ফেচবুক আদিৰ দৰে চছিয়েল মেডিয়াত দিহিং পাটকাই সংৰক্ষণৰ পক্ষে যোৰদাৰ প্ৰচাৰ চলি আছে। #SaveDehingPatkai, #IamDehingPatkai আদিৰ দৰে ট্ৰেন্দেৰে চছিয়েল মেডিয়া ভৰ্তি হৈ পৰিছে। এয়াই হৈছে চছিয়েল মেডিয়াৰ শক্তি। নিজৰ জীৱনটোতকৈয়ো গছজোপা অধিক মুল্যবান বুলি বিশ্বাস কৰা ভাৱাদৰ্শেৰে সত্তৰ দশকত সৃষ্টি হোৱা চিপকো আন্দোলন আজি একবিংশ শতিকাত আশা কৰিব নোৱাৰিলেও বনাঞ্চল ধ্বংসৰ বিৰুদ্ধে এক ডিজিটেল আন্দোলন ক্ৰমশঃ গঢ় লৈ উঠিছে। ই এক শুভ লক্ষণ। কিন্তু চিপকো আন্দোলনেই হওক অথবা ডিজিটেল প্ৰতিবাদেই হওক, এটা কথা মনত ৰখাটো অতি দৰকাৰ। অৰণ্যক মানুহৰ প্ৰয়োজন নাই। আছে প্ৰয়োজন মানুহক, অৰণ্যৰ!  এখন অৰণ্যৰ সৃষ্টি হয় হাজাৰ হাজাৰ বছৰৰ বিৱৰ্তনৰ মুৰত। তেনে এখন অৰণ্য আপুনি মই দুই চাৰিজোপা গছ ৰুই সৃষ্টি কৰিব নোৱাৰো। মানুহে স্থাপন কৰা “পখিলাৰ বাগিছা”ত জৈৱ- বৈচিত্ৰ  পোৱা নাযায়। শিশু প্ৰকৃতিবিদ গ্ৰেটা থানবাৰ্গে কোৱাৰ দৰে প্ৰকৃতি ৰক্ষা কৰিবলৈ এটা “ফ্ৰাইডে” নাহে। সময় থাকোতেই আমি মানৱ জাতিয়ে এই কথাটো বুজ লোৱাটো ভাল।

ড° নমিতা দত্ত

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

+ 62 = 68