পৰিবেশ প্ৰভাৱ মূল্যায়ন খচৰা ২০২০ আৰু ইয়াৰ পৰ্য্যবেক্ষণ

২০২০ চনৰ মাৰ্চ মাহত দেশৰ পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়( মিনিষ্ট্ৰি অফ এনভায়ৰণমেন্ট,ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ)ৰ তৰফৰ পৰা পৰিবেশগত প্ৰভাৱ মূল্যায়ন(এনভায়ৰণমেন্ট ইমপেক্ট এচেছমেন্ট, সংক্ষেপে ই আই এ)সম্পৰ্কীয় এখন খচৰা অধিসূচনা জাৰি কৰে৷ ক’ভিড মহামাৰীৰ নিচিনা সংবেদনশীল পৰিস্থিতিৰ মাজত আৰু তাৰ পৰিপ্ৰেক্ষিতত দেশত আৰোপিত লকডাউনৰ আৰম্ভণিৰ সময়ছোৱাত এই খচৰাৰ কোনো পৰিবর্তন বা সংশোধন সংক্রান্তীয় পৰামর্শ দিয়াৰ বাবে নজিৰবিহীন ভাৱে সাধাৰণ মানুহক মাত্র ৬০ দিন সময় বান্ধি দিয়া হয়৷ চৰকাৰৰ এনে অভিসন্ধিমূলক কাৰ্য্যত দেশজুৰি ব্যাপক বিৰোধিতা আৰু সমালোচনাৰ সৃষ্টি হোৱাৰ ফলত পৰিবেশ মন্ত্ৰালয়ে মে’ মাহৰ দ্বিতীয় সপ্তাহত ৩০ জুন পর্যন্ত সময়সীমা বঢ়াই দিয়ে। এই খচৰা অধিসূচনা জাৰি হোৱাৰ লগে লগেই দেশৰ পৰিবেশ আইন, অধিকাৰ আৰু আন্দোলনৰ লগত যুক্ত বিভিন্ন দল- সংগঠন তথা পৰিবেশ কর্মীসকলৰ মাজত প্ৰচণ্ড হৈ- চৈৰ সৃষ্টি হয়৷ এই খচৰাখনক তীব্ৰ সমালোচনা কৰি তেওঁলোকে দাবী কৰে যে ই সম্পূৰ্ণ ব্যৱসায়ীক সুবিধাৰ্থে পৰিবেশগত সুৰক্ষা পদ্ধতিবোৰক কাৰ্য্যতঃ ধ্বংস কৰাৰ বাট প্ৰশস্ত কৰিব ৷

১৯৮৬ চনত ভাৰত চৰকাৰে প্ৰণয়ন কৰা এনভায়ৰণমেন্ট প্রটেকচন এক্ট বা পৰিবেশ সুৰক্ষা আইন আৰু ১৯৯২ চনত ব্রাজিলত অনুষ্ঠিত আর্থ চুমিটৰ ৰিঅ’ৰ ঘোষণাপত্রৰ প্ৰেক্ষাপটত সাৰ্বিকভাৱে ১৯৯৪ চনত ভাৰতবর্ষত ই আই এ আইন প্ৰবৰ্তন হয়৷ এই আইনখনেই কিছু পৰিবৰ্তিত আৰু পৰিবৰ্ধিত ৰপত ২০০৬ চনৰ পৰাই সামান্য সংশোধনৰ জৰিয়তে ইমানদিনে কার্যকৰী হৈ আছিল। সেই অনুযায়ী ১ নং তালিকাৰ অন্তর্ভুক্ত যিকোনো নতুন শিল্প বা প্রকল্প আৰম্ভ কৰা, চলিত প্রকল্পৰ ক্ষেত্ৰত কোনো পৰিবর্তন, সম্প্রসাৰণ বা আধুনিকীকৰণ কৰা,আনকি উৎপাদিত পণ্য সামগ্ৰীৰ ক্ষেত্ৰত কিবা সালসলনি ঘটাবৰ বাবে প্রয়োজনীয় পৰিবেশগত মঞ্জুৰীপত্ৰৰ কাৰণে ই আই এ প্ৰতিবেদন আৱশ্যক। ইয়াৰ মূল উদ্দেশ্য হ’ল এই প্ৰতিবেদনৰ ভিত্তিত পৰিবেশ মন্ত্ৰালয়ে প্ৰস্তাবিত প্ৰকল্পবোৰৰ পৰিবেশৰ ওপৰত কি ধৰণৰ(ক্ষতিকাৰক) প্ৰভাৱ পৰিব পাৰে তাক নিৰ্নয় কৰি প্ৰকল্পবোৰৰ অনুমোদন বা প্ৰত্যাখ্যানৰ সিদ্ধান্ত লয়৷ এই ক্ষেত্ৰত প্রকল্পবোৰক (খনি, বান্ধ, বিদ্যুৎ, নির্মাণ, চিমেন্ট, ধাতু শিল্প, নদী উপত্যকাৰ প্রকল্প, ৰাস্তা, পৰিকাঠামো ইত্যাদি) আকাৰ আৰু পৰিবেশগত প্রভাৱৰ মাত্রা অনুযায়ী এ, বি (বি ১ আৰু বি ২) আদি শ্রেণীভুক্ত কৰা হয়৷ সমস্ত পৰিবেশ সম্বন্ধীয় খুঁটিনাটিৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি নির্দিষ্ট প্ৰসংগ চৰ্তাৱলী বা টার্মচ অফ ৰেফাৰেঞ্চ(টি অ’ আৰ)সাপেক্ষে জৈৱিক, ৰাসায়নিক, আর্থ- সামাজিক দিশত যথেষ্টখিনি পৰীক্ষা-নিৰীক্ষা তথা সমীক্ষাৰ পিছত প্ৰতিবেদনটো প্রকল্পৰ শ্রেণী অনুযায়ী নির্দিষ্ট কৰ্তৃপক্ষৰ (কেন্দ্রীয় বা ৰাজ্যিক পৰ্য্যায়ত) ওচৰত মূল্যায়নৰ বাবে জমা দিয়া হয় আৰু এনেকুৱা বিভিন্ন স্তৰ অতিক্ৰম কৰাৰ পিছত পৰিবেশগত মঞ্জুৰীপত্ৰ লাভ কৰিলে প্রকল্পটো আৰম্ভ কৰাৰ অনুমতি দিয়া হয়। ই আই এৰ বিভিন্ন স্তৰৰ ভিতৰত গুৰুত্বপূর্ণ কেইটা হ’ল ষ্ক্ৰিনিং, স্ক’পিং,পাবলিক কনচাল্টেচন আৰু এপ্ৰাইজেল। এই প্রক্রিয়াত অত্যন্ত গুৰুত্বপূর্ণ স্তৰটো হ’ল পাবলিক কনচাল্টেচন অৰ্থাৎ বুনিয়াদি স্তৰত যি সকল লোক প্রকল্পটোৰ দ্বাৰা পোনপটীয়াভাৱে প্রভাৱিত বা ক্ষতিগ্রস্ত হ’ব পাৰে তেওঁলোকৰ মতামত বিবেচনা কৰা৷

সুক্ষ্মভাবে লক্ষ্য কৰিলে দেখা যায় ‘ইজ অফ ডুয়িং বিজনেচ’ ৰ নামত প্ৰকৃততে এটাৰ পিছত এটা অবৈধ কাৰ্য্যকলাপক প্রত্যক্ষ বা পৰোক্ষ ভাৱে বৈধতা দিয়া হৈছে ২০২০ ৰ খচৰাত। যি বিলাক প্রকল্প বা শিল্পই পৰিবেশগত মঞ্জুৰীপত্ৰ অবিহনেই কাম আৰম্ভ কৰিছিল বা পূৰ্বে নিৰ্ধাৰিত সুৰক্ষা বিধি ভঙ্গ কৰিছিল সেইবিলাক প্ৰকৃততে ইমানদিনে ই আই এ আইন ভায়’লেচন বা লঙ্ঘণৰ অপৰাধত দোষী সাব্যস্ত হ’ব লাগিছিল; মোটা অংকৰ জৰিমনাৰ বা মঞ্জুৰীপত্ৰ বাতিলৰ নিচিনা অন্যান্য আইনি ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিছিল৷ কিন্তু এই নতুন খচৰাত এই ‘ভায়’লেচন’ক এক প্রকাৰ আইনি বৈধতা প্ৰদান কৰা হ’ল৷। নেচনেল গ্রীন ট্ৰিবিউনেলে (এন জি টিয়ে) ২০১৬ চনত ৩০০ তাতকৈও অধিক ৰাসায়নিক আৰু অন্যান্য শিল্প (যাৰ ভিতৰত ২৩টা গুজৰাটৰ)ৰ মঞ্জুৰীপত্ৰ বাতিল কৰি কাৰখানা বন্ধ আৰু জৰিমনাৰ নির্দেশ দিয়ে কাৰণ এই প্রত্যেকটো কাৰখানাই ২০০২ চনত পৰিবেশ মন্ত্রলায়ৰ পৰাই ‘পষ্ট ফেক্ট এপ্রভেল’ অৰ্থাৎ উৎপাদন আৰম্ভ কৰি দিয়াৰ পিছত আবেদন কৰি পৰিবেশগত মঞ্জুৰীপত্র লাভ কৰিছিল। এই ‘এক্স পষ্ট ফেক্ট এপ্ৰভেল’ৰ প্রক্রিয়াটোক ট্ৰিবিউনেলৰ ফালৰপৰা এক প্রহসন হিচাপে গণ্য কৰা হয়। এই বছৰ এপ্ৰিল মাহত চুপ্ৰিম কৰ্টেও গুজৰাটৰ তিনিটা শিল্প প্রকল্পৰ ‘পষ্ট ফেক্ট এপ্রভেল’ক অবৈধ ঘোষণা কৰি কয়, “উন্নয়নৰ ক্ষেত্রত সকলো সময়তেই পৰিবেশৰ লগত সামঞ্জস্যপূর্ণ যুক্তিসংগত দৃষ্টিভঙ্গি ৰখা প্রয়োজন। সমাজ আৰু পৰিবেশৰ ওপৰত শিল্পৰ প্রভাৱ মূল্যায়ন আৰু পৰিবেশ আইন, উভয়ৰ মাজত সামঞ্জস্য ৰক্ষা কৰি চলাটোক উন্নয়নৰ পৰিপন্থী ৰূপে নহয় বৰঞ্চ স্থিতিশীল উন্নয়ন, সাম্য আৰু ন্যায়ৰ দিশত আগুৱাই যোৱাৰ পথ হিচাপে বিবেচনা কৰা উচিত৷” অথচ বৰ্তমান এন জি টিয়ে চুপ্রিম কৰ্টৰ এই সকলো ৰায়ক আওকাণ কৰি ই আই এৰ নতুন খচৰাত পৰিবেশ মঞ্জুৰীপত্ৰত উল্লেখিত সুৰক্ষাবিধিক উলংঘা কৰা বা মঞ্জুৰীপত্র অবিহনেই আৰম্ভ কৰি দিয়া সমস্ত নিৰ্মাণ কাৰ্য্য বা শিল্প প্রকল্পবোৰক ‘পষ্ট ফেক্ট ক্লিয়াৰেঞ্চ’ৰ কাৰণে সুযোগ দিয়াৰ কথা ঘোষণা কৰিছে। পৰিবেশ আইনৰ লগত বাৰম্বাৰ বিশ্বাসঘাতকতা কৰি পৰিবেশ মন্ত্ৰালয়ে প্রথমে ২০০২ চনত আৰু তাৰপিছত ২০১৭ চনত ‘শেষ বাৰৰ কাৰণে’ এই পষ্ট ফেক্ট ক্লিয়াৰেঞ্চৰ অনুমোদন দিয়াৰ কথা কৈছিল। কিন্তু বাস্তবত দেখা গৈছে ’শেষ বাৰ’ কথাটোক সম্পূৰ্ণ উলাই কৰি, ২০২০ৰ খচৰাত অত্যন্ত কৌশলগতভাৱে এই বেআইনি প্রকল্পবোৰক পিছদুৱাৰেদি মঞ্জুৰীপত্র দিয়াৰ ব্যৱস্থা কৰা হৈছে।

প্ৰকল্প এটা আৰম্ভ কৰাৰ আগতে প্রস্তাবিত প্রকল্পটোৱে যি বিলাক মানুহৰ ওপৰত প্ৰত্যক্ষভাৱে প্রভাব পেলাব পাৰে তেওঁলোকৰ মতামতে, প্ৰকল্পটোৰ ক্ষেত্ৰত অন্তিম সিদ্ধান্ত লোৱা আৰু নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত নির্ণায়ক ভূমিকা পালন কৰে। ইয়াৰ আগেয়েও কিছুমান প্রকল্পক জনগণৰ মতামতৰ আওতাৰ পৰা আতৰাই ৰখা হৈছিল৷ এতিয়া এই তালিকা খনক আৰু অলপ দীঘল কৰি সাধাৰণ মানুহৰ অংশীদাৰীত্বৰ সম্পূৰ্ণ প্রক্রিয়াটাকেই ধুলিস্যাৎ কৰি দিয়াৰ চেষ্টা কৰা হৈছে। পূৰ্বে এ বা বি-১ শ্ৰেণীৰ অন্তৰ্ভুক্ত কিছুমান নির্দিষ্ট আয়তনৰ নির্মাণ প্রকল্প, নতুন খচৰাত বি ২ শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰা হৈছে অর্থাৎ এনে প্রকল্পবোৰৰ ক্ষেত্ৰত ই আই এ আৰু জনগণৰ মতামতৰ বিষয়টো অত্যাৱশ্যকীয় নহয় বুলি খচৰাত উল্লেখ কৰা হৈছে৷ অৰ্থাৎ এনেবোৰ প্ৰকল্প কোনো বিশেষজ্ঞ কমিটিৰ পৰ্য্যবেক্ষণ আৰু প্ৰতিবেদন অবিহনেই পোণপটীয়াভাৱে অনুমোদন দিয়া হ’ব। এই তালিকাত যুক্ত হৈছে প্রকল্পবিলাকৰ আধুনিকীকৰণ, সমস্ত আবাসন, নির্মাণ আৰু উন্নয়নমূলক প্রকল্প, অন্তৰ্দেশীয় জলপথ, ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্রসাৰণ, সীমান্ত এলেকাৰ (সীমান্তৰ পৰা ১০০ কিলোমিটাৰলৈকে) ৰাষ্ট্ৰীয় ঘাইপথ আৰু পাইপ লাইন, ৰাষ্ট্ৰীয় প্রতিৰক্ষা, সুৰক্ষা সম্পর্কিত যি কোনো প্ৰকল্প। নতুন খচৰাত ‘ষ্ট্ৰেটেজিক প্রজেক্ট’ বা ’কৌশলগত প্ৰকল্প’ৰ নিচিনা শব্দৰ ব্যৱহাৰ কৰি নিজৰ ইচ্ছা অনুসৰি যি কোনো প্রকল্পক ’কৌশলগত প্ৰকল্প’ ৰ মোহৰ লগাই ই আই এৰ পৰিধিৰ পৰা আতৰাই ৰখা হৈছে আৰু ই আই এ অবিহনেই পৰিবেশগত মঞ্জুৰীপত্র দিয়াৰ ব্যৱস্থা কৰা হৈছে। যিহেতু এনে ধৰণৰ প্ৰকল্প বিলাক জনসাধাৰণৰ সন্মুখত প্ৰকাশ কৰা নহ’ব গতিকে নিশ্চিতভাৱে ইয়াত স্বচ্ছতাৰ প্ৰশ্নটো আহি পৰিব৷

এই খচৰাত উল্লেখ কৰা মতে একমাত্ৰ বৃহত্তৰ প্ৰকল্পবোৰৰ ক্ষেত্ৰতহে ই আই এৰ প্ৰয়োজন হ’ব৷ অনাগত দিনত এই নতুন সালসলনি বিপদজনক হিচাপে চিহ্নিত হোৱাৰ পূৰ্ণ আশংকা আছে৷ কাৰণ ইয়াৰ দ্বাৰা সকলোতকৈ প্ৰভাৱিত আৰু লাভান্বিত হ’ব নিৰ্মাণ শিল্প যি সৰ্বাধিক প্ৰদুষণ সৃষ্টিকাৰী প্ৰকল্পবোৰৰৰ অন্যতম ৷ ইতিমধ্যে বিশ্বৰ সকলোতকৈ দুষিত চহৰবোৰৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হোৱা দিল্লীৰ মুঠ বায়ু প্ৰদুষণৰ ২৮.৩০ শতাংশৰ উৎস হ’ল এই নি্ৰ্মাণ শিল্প৷ নতুন খচৰাখনত সন্নিৱিষ্ট এই শিথিলতাই এনে চহৰবোৰক অধিক সংকটৰ মুখলৈ ঠেলি দিব৷ বি ২ শ্ৰেণীৰ অন্তৰ্গত বহুতো প্ৰকল্পৰ বাবে প্ৰস্তাৱিত এলেকাৰ ভিতৰত পৰিবশগত সংবেদনশীল অঞ্চল,জলাভূমি,তৃণভূমি প্লাবনভূমি আৰু মৰুভূমি অন্তৰ্ভূক্ত য’ত পৰিবেশগত প্ৰভাৱ মূল্যায়ন নকৰাৰ ফলত জীৱকূলৰ অপূৰণীয় ক্ষতি হোৱাৰ সম্ভাৱনা আছে৷ তাৰোপৰি নদীবিলাকক পৰিবেশগত মঞ্জুৰীপত্ৰ গ্ৰহণৰ পৰিধিৰ পৰা আতৰাই ৰাখিবৰ বাৱে আশ্চৰ্যজনক ভাৱে কেপিটেল ড্ৰেজি্ঙৰ সংজ্ঞাও সলনি কৰিছে পৰিবেশ মন্ত্ৰালয়ে৷ ২০০৬ চনত ‘কেপিটাল ড্রেজিঙ’ৰ ভিতৰত সমুদ্র আৰু নদীগৰ্ভ ড্রেজিং উভয়েই ই আই এ প্রক্রিয়াৰ অন্তর্ভুক্ত আছিল, অথচ নতুন অধিসূচনা মতে কেৱল সমুদ্র বন্দৰ নিৰ্মাণৰ বাবে হোৱা ড্রেজিঙক ই আই এৰ পৰিধিত ৰাখি নদীৰ বুকুত হোৱা এই ধৰণৰ কাৰ্য্যকলাপক বাদ দিয়া হৈছে। ইয়াৰ ফলত ভাৰতৰ এশৰো অধিক নদীক প্ৰভাৱিত কৰিব পৰা আভ্যন্তৰীণ জলপথ কেপিটেল ড্ৰেজিং আৰু ৰক্ষণাবেক্ষণ প্ৰকল্পবিলাক বি ২ শ্ৰেণীৰ অন্তৰ্ভুক্ত হোৱাত ৰাষ্ট্ৰীয় জলজ প্ৰাণী ডলফিন সহ বহু জলজ জীৱৰ অস্তিত্বলৈ যি ভাবুকি নামি আহিব কাৰ্য্যতঃ তাৰ কোনো মূল্যায়ন নহ’ব৷

পৰিবেশগত মঞ্জুৰীপত্র পোৱাৰ পিছত প্রতি ছমাহৰ অন্তৰালত কমপ্লায়েঞ্চ(সন্মতি) ৰি’পর্ট জমা দিয়াটো প্ৰতিটো প্ৰকল্পৰ ক্ষেত্ৰত ইমান দিন ধৰি বাধ্যতামূলক আছিল য’ত পৰিবেশগত নিদিষ্ট কিছুমান সুৰক্ষাবিধি আৰু চৰ্তাৱলী সঠিক ৰূপত পালন কৰা হৈছে নে নাই সে’য়া উল্লেখ কৰা থাকে৷ নতুন খচৰাত সেই নিয়ম পৰিবৰ্তন কৰি ছ’মাহৰ পৰা এবছৰ কৰি পেলোৱা হৈছে৷ এই এটা বছৰৰ ভিতৰত যিকোনো পৰিবেশগত, সামাজিক, স্বাস্থ্যগত, প্ৰদূষণজনিত পৰিবর্তন ঘটিলে, পৰ্যবেক্ষণ বা মনিটৰিঙৰ অভাৱত সে’য়া উপেক্ষিত হৈ থাকি যাব৷ ইয়াৰ ফলত পৰিবেশৰ ওপৰত যি সুদূৰপ্রসাৰী ক্ষতিকাৰক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে তাৰ ক্ষতিপূৰণ খচৰাত উল্লেখিত জৰিমনাৰে সম্ভৱ হ’বনে? যিহেতু কমপ্লায়েঞ্চ ৰিপোর্টটো স্ব-ঘোষিত তথ্যৰ উপৰত ভিত্তি কৰি জমা দিয়া হয়, সেই ক্ষেত্ৰতো তথ্য গোপনৰ প্ৰচুৰ সম্ভাৱনা থাকি যায়। এনেবোৰ সমস্যা সমাধান কৰাৰ পৰিবৰ্তে, প্রস্তাবিত খচৰাত পূৰ্বৰ প্রক্রিয়াটোক আৰু অধিক দুৰ্বল কৰাহে পৰিলক্ষিত হৈছে৷

লক্ষণীয়ভাৱে কথাটো হ’ল প্ৰস্তাবিত এই খচৰা অধিসূচনাত কোনো ক্ষতিকৰ প্ৰকল্পৰ প্ৰস্তাৱককাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা বা প্ৰকল্পটো বন্ধ কৰাৰ কোনো প্ৰসংগৰ উল্লেখ নাই৷ আনকি সংৰক্ষিত বা পৰিবেশগত সংবেদনশীল অঞ্চলত হোৱা নিয়মলঙ্ঘনৰ বাবেও কোনো ব্যতিক্ৰমৰ কথা উল্লেখ কৰা হোৱা নাই৷

ভাৰত এখন জৈৱবৈচিত্ৰপূৰ্ণ দেশ৷ গতিকে প্ৰকল্প এটা(যি শ্ৰেণীৰেই অন্তৰ্ভুক্ত নহওক কিয়) অনুমোদনৰ ক্ষেত্ৰত পৰিবেশগত প্ৰভাৱ মূল্যায়ন প্ৰক্ৰিয়াত এটা কথা সুনিশ্চিত কৰিব লাগিব যে যি কোনো মূল্যৰ বিনিময়ত অনাগত দিনত এই জৈৱবৈচিত্ৰতা অক্ষুন্ন থাকিব; বিৰল প্ৰজাতিকে ধৰি সমগ্ৰ জীৱকুলৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই আনিব পৰা কোনোধৰণৰ কাৰ্য্যপন্থাৰ সৈতে তিলমানো আপোচ কৰা নহ’ব৷ তাৰোপৰি এখন গণতান্ত্ৰিক দেশ হিচাপে ভাৰতৰ প্ৰতিজন নাগৰিকৰ সুস্থ আৰু প্ৰদুষণ মুক্ত পৰিবেশৰ অধিকাৰ সুৰক্ষিত হ’ব লাগিব বা তথাকথিত উন্নয়নৰ নামত পৰিবেশ সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ ক্ষেত্রত অগ্রণী ভূমিকা পালন কৰা আদিবাসী জনগোষ্ঠী, বনবাসী, কৃষক, মৎস্যজীৱী, মহিলা সহ সকলো জণগণৰ মৌলিক অধিকাৰ কেতিয়াও খৰ্ব কৰা নহ’ব৷ পৰিবেশ প্ৰভাৱ মূল্যায়ন খচৰা, ২০২০ য়ে সংশোধিত ৰূপত এনে এটা পৰ্য্যায় পাওক যাতে বহনক্ষম উন্নয়নৰ জৰিয়তে দেশৰ প্ৰাকৃতিক সম্পদৰাজি সংৰক্ষণ হয়, তাৰ সদ্ব্যৱহাৰ হয় আৰু এখন প্ৰগতিকামী ৰাষ্ট্ৰৰ সপোন বাস্তবায়িত হোৱাৰ দিশত আমি আৰু এখোজ আগুৱাই যাব পাৰো৷

ড° পুলক সভাপণ্ডিত, সহকাৰী অধ্যাপক, গণিত বিভাগ, বিশ্বনাথ মহাবিদ্যালয়

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

47 + = 50