মাতৃ ভাষাৰ প্ৰতি প্ৰেম

1998 চনৰ 9 জানুৱাৰী, কানাডাৰ ভেংকুভাৰৰ নিবাসী এজন বাঙালী ভদ্ৰলোক ৰফিকুল ইছলামে সংযুক্ত ৰাষ্ট্ৰ সংঘৰ তেতিয়াৰ সচিব প্ৰধান কফি আট্টা আন্নানলৈ এখনি আশাৰে ভৰা পত্ৰ প্ৰেৰণ কৰিছিল ৷ ৰফিকুল ইছলামৰ এই পত্ৰত পৃথিৱীৰ পৰা ক্ৰমাৎ হেৰাই যাব ধৰা ভাষাবোৰৰ সংৰক্ষণৰ বাবে সংযুক্ত ৰাষ্ট্ৰ সংঘৰ তৰফৰ পৰা বিহিত ব্যৱস্থা গ্ৰহন কৰিবলৈ অনুৰোধ জনোৱা হৈছিল ৷৷ এই পত্ৰখনত 21 ফেব্ৰুৱাৰী তাৰিখটো বিশ্ব মাতৃভাষা দিৱস হিচাপে আন্ত:ৰাষ্ট্ৰীয় ভাবে পালন কৰিবলৈ প্ৰস্তাৱো দিয়া হৈছিল ৷৷

1947 ৰ দেশবিভাজনৰ ফলত পূব পাকিস্থান ৰূপে পাকিস্থানৰ লগত চামিল হোৱা বাংলাদেশৰ নাগৰিকৰ ওপৰত তদানীন্তন পাকিস্থান চৰকাৰে উৰ্দূ ভাষাক চৰকাৰী ভাষা হিচাপে জাপি দিছিল ৷৷ স্বাধীন মনা আৰু ভাষাপ্ৰেমী পূব পাকিস্থানৰ বাঙালী নাগৰিক সকলে বাংলা মাতৃভাষাক একাষৰীয়া কৰি উৰ্দূ ভাষাক গ্ৰহন কৰিবলৈ অস্বীকাৰ কৰিলে, স্বাভাৱিক ভাবেই জনগনৰ মাজত ক্ষোভৰ উদ্গীৰণ হল আৰু এই ক্ষোভৰ সুসংগঠিত বহি: প্ৰকাশ ঘটিছিল 1952 চনৰ 21 ফেব্ৰুৱাৰীৰ দিনা ঢাকা বিশ্ববিদ্যালয়ৰ চৌহদত ৷৷ মাতৃভাষাক ৰক্ষাৰ নিমিত্তে স্বতস্ফূৰ্ত্ত ভাবে একত্ৰিত হোৱা লক্ষাধিক প্ৰতিবাদকাৰীৰ এই প্ৰতিবাদ দমন কৰিবলৈ পাকিস্থান সেনাই নিৰ্মম ভাবে প্ৰতিবাদকাৰীৰ ওপৰত মুকলিকৈ গুলি চালনা কৰে ৷৷ বৰ কৰুণ ভাবে এই নিৰ্মম গুলি চালনাত ঢাকা বিশ্ববিদ্যালয়ৰ চাৰিজন ছাত্ৰৰ থিতাতে মৃত্যু হয় ৷৷

 ইয়াৰ পিছতেই মাতৃভাষাৰ প্ৰতি জাগ্ৰত প্ৰেমে সমগ্ৰ পূব পাকিস্থান (এতিয়াৰ বাংলাদেশ) কে সামৰি লয়, জনগনৰ এই প্ৰতিবাদৰ সন্মূখত বশ্যতা স্বীকাৰ কৰি পাকিস্থান চৰকাৰে 1956 চনৰ 29 ফেব্ৰুৱাৰীত পূব পাকিস্থানৰ চৰকাৰী ভাষা হিচাপে উৰ্দূৰ সলনি বাংলা ভাষাক স্বীকৃতি দিবলৈ বাধ্য হয় ৷৷

বাঙালী ভদ্ৰলোক ৰফিকুল ইছলামে সংযুক্ত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানলৈ লিখা পত্ৰত এই সমগ্ৰ ঘটনাৰাজি উল্লেখ কৰি একমাত্ৰ মাতৃভাষাৰ নিমিত্তে শ্বহীদ হোৱা ঢাকা বিশ্ববিদ্যালয়ৰ চাৰিজন ছাত্ৰৰ মৃত্যুৰ দিনটো অৰ্থাৎ 21 ফেব্ৰুৱাৰীৰ দিনটো ইতিহাস স্বীকৃত কৰি “বিশ্ব মাতৃভাষা দিৱস” ৰূপে পালন কৰিবলৈ অনুৰোধ জনাইছিল ৷৷

সংযুক্ত ৰাষ্ট্ৰসংঘৰ তেতিয়াৰ সচিব প্ৰধানে যথেষ্ট গুৰুত্ব সহকাৰে এই পত্ৰ গ্ৰহন কৰে আৰু পৰবৰ্তী বৰ্ষত অৰ্থাৎ 1999 চনত ৰাষ্ট্ৰসংঘৰ শিক্ষা বিজ্ঞান আৰু সাংস্কৃতিক অনুষ্ঠাণ (UNESCO)য়ে 21 ফেব্ৰুৱাৰীৰ তাৰিখটো বিশ্বৰ সমুহ মাতৃভাষাৰ প্ৰসাৰ, প্ৰচাৰ আৰু সমৰক্ষনৰ উদ্দেশ্য আগত ৰাখি “বিশ্ব মাতৃ ভাষা দিৱস” ৰূপে ঘোষণা কৰে ৷৷

আজিৰে পৰা প্ৰায় এশ বছৰৰ আগতে  এক অন্ধকাৰ যুগে আচন্ন কৰিছিল স্বকীয় মাতৃভাষা আৰু সংস্কৃতি সম্পন্ন তাহানিৰ বৰঅসমক ৷৷ 1836 চনৰ পৰা 1873 চনলৈ 37 বছৰ বৃটিছ চৰকাৰে অসমতো বাংলা ভাষাক চৰকাৰী ভাষা আৰু স্কুলীয়া শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি দি বলপূৰ্বক প্ৰয়োগ কৰিছিল ৷৷ আমাৰ পূৰ্ব পুৰুষ সকলে সেই দূৰ্দশা আৰু আনৰ ভাষাক নিজৰ বুলি আঁকোৱালি লবলৈ বাধ্য হোৱাৰ প্ৰায় চাৰি দশক জুৰি চলা সেই কলা দিনবোৰ দেখিছিল ৷৷

আমেৰিকান ব্যপ্তিষ্ট মিচন্যেৰীৰ পুৰোহিত নাথান ব্ৰাউনৰ নেতৃত্বৰ নিৰলস প্ৰচেষ্টাত বাংলা ভাষাৰ ক্ৰমবৰ্ধমান গ্ৰাসৰ পৰা বৰ অসমৰ ভাষা আৰু সংস্কৃতি পুনৰোদ্ধাৰৰ সুসংগঠিত কাৰ্য্য ক্ৰমণিকা আৰম্ভ হয় ৷৷ যদিও বুৰঞ্জীবিদ সকলে ব্যপ্তিষ্ট মিচন্যেৰীৰ সেই প্ৰচেষ্টা মূলত খ্ৰীষ্টিয়াণ ধৰ্ম প্ৰসাৰৰ মূল উদ্দ্যেশৰে আগবঢ়া বুলি কয় তথাপিও স্বকীয় ভাষা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত নাথান ব্ৰাউন সহিতে আমেৰিকান ব্যপ্তিষ্ট মিচন্যেৰীৰ অবদানক কোনেও অস্বীকাৰ কৰিব নোৱাৰে ৷৷

বৃটিছ চৰকাৰৰ অধীনত বিদ্যালয় পৰিদৰ্শক হিচাপে কৰ্মৰত উইলিয়াম ৰবীনছনে সেই সময়চোৱাত প্ৰথমবাৰৰ বাবে “অসমীয়া ভাষাৰ ব্যাকৰণ” লিখি প্ৰকাশ কৰে ৷৷ অসমীয়া শিক্ষিত সমাজ আৰু ব্যপ্তিষ্ট মিচন্যেৰীৰ আশাসুধীয়া কৰ্মৰাজিৰ নিৰব বিপ্লৱৰ ফলতে বিংশ শতিকাৰ আৰম্ভনিৰ পৰা অসমত অসমীয়া ভাষাক চৰকাৰী ভাষা ৰূপে স্বীকৃতি দিবলৈ বৃটিশ চৰকাৰ বাধ্য হয় ৷৷

সমসায়িক এই বৌদ্ধিক জাগৰণৰ সময়চোৱাতে 1846 চনত শিৱসাগৰৰ ব্যপ্তিষ্ট মিচন্যেৰী চপাশালে নাথান ব্ৰাউন, এ এইচ ডেনফৰ্থ, উইলিয়াম ৱাৰডান্দ আদিৰ সম্পাদনাত অসমীয়া ভাষাৰ প্ৰথমখন আলোচনী “অৰুনোদয়” প্ৰকাশ কৰি উলিয়ায় ৷৷ “অৰুনোদয়” ৰ প্ৰকাশ অসমীয়া ভাষাৰ একপ্ৰকাৰৰ পুন:জন্ম বুলিও কব পৰা যায় ৷৷

 ইয়াৰ লগে লগে আনন্দ ৰাম ঢেকীয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, গুনাভিৰাম বৰুৱা আদি মহান অসমীয়া সকলৰ সাহিত্য কৰ্মই অসমীয়া ভাষাৰ ভেটি টনকিয়াল কৰিবলৈ আৰম্ভ কৰে আৰু ভাষাটোৰ সংৰক্ষণ তথা প্ৰসাৰৰ ক্ষেত্ৰখনে সুসংগঠিত গতি লাভ কৰে ৷৷ কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰ সকলৰ আশাসুধীয়া প্ৰচেষ্টাৰ ফল স্বৰূপে গঠন হোৱা “অসমীয়া ভাষা উন্নতি সাধিনী সভা” আৰু 1880 চনত “জোনাকী” আলোচনীৰ প্ৰকাশে মাতৃভাষাৰ প্ৰতি অসমীয়াৰ ভালপোৱা আৰু প্ৰেমক জাতিয়তাবাদী চিন্তাৰ ৰূপত প্ৰতিফলিত কৰিবলৈ ধৰে ৷৷

এতিয়া একবিংশ শতিকাৰ প্ৰায় তৃতীয় দশকৰ ডিজিটেল যুগত আমি উপনীত হোৱাৰ পিছতো আমাৰ মাতৃভাষাটো যেন ক্ৰমবৰ্দ্ধমান প্ৰসাৰ আৰু প্ৰচাৰৰ যুগত যেন প্ৰসাৰৰ বিপৰীতে ভৌগোলিক তথা সমাজ জীৱনৰ ক্ষেত্ৰতো সংকুচিত হৈ আহিছে তেনে এক চিন্তায়ো অসমীয়া বিদ্বান সমাজক চিন্তান্বিত নকৰাকৈ থকা নাই ৷৷ আমাৰ মাতৃভাষাৰ ভৌগোলিক সীমাবদ্ধতা আৰু সংকোচনৰ বিপৰীতে কিন্তু অনান্য বহুতো ভাৰতীয় ভাষা যুগ আৰু সময়ৰ গতিত উন্নত শিৰে প্ৰসাৰ হৈ নিৰ্ভয়ে ঠিয় হৈ ৰৈছে ৷৷ উদাহৰণ স্বৰূপে দক্ষিণ ভাৰতৰ তামিল ভাষাটোৰ কথাই লোৱা হওঁক, ভাৰতৰ তামিলনাডু ৰাজ্যৰ চৰকাৰী এই তামিল ভাষাত কথা কোৱা লোকৰ সংখ্যা দেশে বিদেশে প্ৰায় সাত কৌটি ৷৷ মাতৃভাষা প্ৰেমী প্ৰতিজন তামিলে পৃথিবীৰ আটাইতকৈ প্ৰাচীন আৰু জীৱিত ভাষাৰ ভিতৰত তামিল অন্যতম বুলি গৌৰববোধ কৰে ৷৷ তামিলনাডুৰ আদিচানালু নামৰ পূৰাতাত্বিক অঞ্চলত উদ্ধাৰ হোৱা খ্ৰীষ্টপূৰ্ব 500 ৰ আগৰ তামিল ব্ৰাক্ষ্মী বা তামিজি লিপিৰ অৱশেষৰ প্ৰামানিক তথ্যই তেওঁলোকৰ এই গৌৰৱক তথ্য সহকাৰে প্ৰমানিত কৰিছে ৷৷

আনকি 2004 চনৰ ভাৰত চৰকাৰৰ ইউনিয়ন কেবিনেটৰ ধ্ৰুপদী ভাৰতীয় ভাষাৰ তালিকাতো তামিল ভাষাই ভাৰতৰ আটাইতকৈ প্ৰাচীন ভাষাৰ মাজত স্থান লাভ কৰিছে ৷৷ সুসংস্কৃতিবান জাতি আৰু মাতৃভাষা প্ৰেমী তামিল সকলৰ সাধাৰণ চহা বা বিদ্বান  যিকোনো লোক অথবা আঞ্চলিক ৰাজনৈতিক দলৰ  মাজতো নিজৰ মাতৃভাষাৰ প্ৰতি অনাদৰ বা ঠাট্টা মস্কৰাৰ স্থান নাই ৷৷ নিজৰ মাতৃভাষাৰ প্ৰতি এই প্ৰেম আৰু ভালপোৱাৰ বাবেই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ৰাজনৈতিক দলেও তামিল সকলৰ আঞ্চলিকতাবাদক জোকাই লোৱাৰ সাহস কৰিব নোৱাৰে কাহানিও ৷৷ প্ৰাক স্বাধীনতা আৰু স্বাধীনতাৰ পৰবৰ্তী পৰ্য্যায়তো ভাৰতৰ চৰকাৰী ভাষা ৰূপে হিন্দী ভাষাক স্বীকৃতি দিবৰ প্ৰচেষ্টাত তামিল সকল সদায়ে প্ৰতিবাদ মুখৰ হৈ আহিছে ৷৷ ভাষাপ্ৰেমী তামিল সকলৰ মুখত চিৰদিন একেটাই প্ৰতিবাদৰ শ্লোগান ৰৈছে “আমি হিন্দী ভাষাক ঘৃণা নকৰো কিন্তু আনৰ ভাষা ইচ্ছাৰ বিৰুদ্ধে আমাৰ ওপৰত জাপি দিয়াটোক ঘৃণা কৰো” ৷৷ তামিল ভাষাই ভাতৃত্ববোধ আৰু যৌথ পৰিয়ালৰ জাতি ৰূপে তামিল সকলক বান্ধি ৰাখিছে বুলি প্ৰতিজন তামিল ভাষীয়ে মনে প্ৰাণে বিশ্বাস কৰে ৷৷

তামিল সকলৰ মাতৃভাষাৰ প্ৰতি এই বান্ধোনৰ বাবেই 1981 চনত তামিলনাডুৰ থাঞ্জাভুৰ অঞ্চলত তামিল আৰু অনা তামিল ভাষী সকলৰ মাজত তামিল ভাষাৰ প্ৰসাৰৰ বাবে “তামিল বিশ্ববিদ্যালয়” প্ৰতিষ্ঠা কৰা হয় ৷৷ এই বিশ্ববিদ্যালয়ৰ মূল উদ্দেশ্য তামিল ভাষা সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু গৱেষণাত্মক অধ্যয়ণ ৷৷ তদুপৰি সকলো চৰকাৰী বা বেচৰকাৰী কাৰ্য্যালয় , ব্যৱসায়িক প্ৰতিষ্ঠাণ আদিত তামিল ভাষা প্ৰথম নীতিটো ৰাজ্য চৰকাৰে আৰম্ভনিৰে পৰা সুনিয়ন্ত্ৰিত ভাবে পৰিচালনা কৰি আহিছে ৷৷

 মাতৃ ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ  উদ্দেশ্যেৰে পাঞ্জাব চৰকাৰেও ভাষানীতিৰ অধীনত পাঞ্জাব লোকসেৱা আয়োগৰ বিভিন্ন পৰীক্ষাত অবতীৰ্ণ হবলৈ হলে পাঞ্জাৱ শিক্ষা বোৰ্ডৰ নূন্যতম দশম শ্ৰেণীৰ আধুনিক ভাৰতীয় ভাষা পাঠ্যক্ৰমৰ পাঞ্জাবী ভাষা বিষয়ত বাধ্যতামূলক উত্তীৰ্ণ হবই লাগিব বুলি আইন প্ৰণয়ন কৰি ৰাখিছে ৷৷

এই বাধ্যতামূলক আইনৰ বাবেই পাঞ্জাবৰ সৰহভাগ চৰকাৰী নথিপত্ৰ পাঞ্জাবী ভাষাতেই প্ৰকাশিত হয় ৷৷ যি সকলে হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰ্য্যায়ত পাঞ্জাবী ভাষা পঢ়া নাছিল তেওঁলোকৰ সুবিধাৰ্থে “পাঞ্জাবী ভাষাৰ প্ৰবোধ” পৰীক্ষা বুলি পাঞ্জাবী ভাষা বিভাগৰ পৰা প্ৰতি বছৰে অনুষ্ঠিত কৰা হয় ৷৷

নিজৰ মাতৃভাষাৰ প্ৰচাৰ, প্ৰসাৰ আৰু বিজ্ঞান সন্মত গৱেষণাক আগত ৰাখি 1962 চনত পাঞ্জাৱ চৰকাৰে পাটিয়ালাত “পাঞ্জাবী বিশ্ববিদ্যালয়” প্ৰতিষ্ঠা কৰে ৷৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে ইজৰাইলৰ ভাষাভিত্তিক বিশ্ববিদ্যালয় “হিব্ৰু বিশ্ব বিদ্যালয়”ৰ পিছতেই পৃথিবীৰ ভাষা ভিত্তিক দ্বিতীয়খন বিশ্ববিদ্যালয় হল “পাঞ্জাবী বিশ্ববিদ্যালয়”

 যেতিয়া মাতৃ ভাষা সংকটত পৰে তেতিয়া মাতৃভাষাৰ প্ৰতি অকৃতিম ভালপোৱাই বীৰ যোদ্ধাৰ জন্মদিয়ে ৷৷ ইতিহাসলৈ চালে নিজৰ মাতৃভাষা, সমাজ আৰু সংস্কৃতিৰ বাবে দিয়া বলিদান আৰু চৰম ত্যাগৰ সীমাহীন উদাহৰণ পোৱা যায় ৷৷

1948 চনত জন্ম লাভ কৰা সৰু ৰাষ্ট্ৰ ইজৰাইলৰ নাগৰিক সকলে নিজৰ মাতৃভাষাৰ ৰূপত পৃথিবীৰ পৰা বিলুপ্ত হৈ মৃতভাষা ৰূপে স্বীকৃত হোৱা হিব্ৰু ভাষাক পুনৰ উদ্ধাৰ কৰি মাতৃভাষা ৰূপে স্বীকৃতি দিয়াৰ উদাহৰণে মাতৃ ভাষা আৰু মাতৃভাষা প্ৰেমী সকলক চিৰদিন উদ্বুদ্ধ কৰি ৰাখিব ৷৷

আজিৰ তাৰিখত আমাৰ মাতৃভাষা অসমীয়াও এক সংকটৰ পথেৰে গতি কৰিছে, যাৰ বাবে যিমান সম্ভৱ সোনকালেই আমিও মাতৃভাষাৰ স্থায়িত্ব আৰু গৌৰবৰ ধ্বজ্বা উৰুৱাবলৈ যত সম্ভৱ ব্যৱস্থা হাতত লোৱাৰ প্ৰয়োজন ৷৷ এই সংকটৰ মূহুৰ্তত ভাষাৰ বান্ধোনেৰে একত্ৰিত হোৱাৰ বিপৰীতে আমি যদি ভাগ ভাগ হৈ ভিন্ন মেৰুত অৱস্থান কৰো তেন্তে আমাৰ পূৰ্বপুৰুষৰ চৰম ত্যাগ আৰু প্ৰেমৰ ইতিহাসক ক্ৰমাৎ মোহাৰি পেলোৱাৰ পশ্চাদগামী পথ হে গ্ৰহন কৰা হব ৷৷

লেখক দ্বয়:
বাপুকণ চৌধুৰী
মানস প্ৰতীম গোস্বামী

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

37 − = 27