শিৱাঙ্গ সাধনা আৰু ভেল্লীনগিৰি তীৰ্থযাত্রা

শিৱাঙ্গৰ আক্ষৰিক অৰ্থ হৈছে “শিৱৰ অঙ্গ” আৰু শিৱাঙ্গ সাধনা (Shivanga Sadhana) হৈছে সৃষ্টিৰ উৎসৰ সৈতে আমাৰ সম্পৰ্ক আৰু মনত ভক্তিভাৱ কঢ়িয়াই অনাৰ এক সুযোগ। ৪২ দিনীয়া এই শক্তিশালী সাধনাই আমাৰ জীৱনলৈ কঢ়িয়াই আনে সবল শৰীৰ আৰু সুস্থ মন। লগতে গ্ৰহণযোগ্যতা শক্তি আৰু গভীৰ স্তৰৰ অভিজ্ঞতা অন্বেষণ

কৰাৰ এক বাট দেখুৱায় । ২০২০ চনৰ মহাশিৱৰাত্ৰিৰ ৪২ দিন আগৰ পৰা মই সাধনা আৰম্ভ কৰিছিলোঁ। নিয়মানুসাৰে ৰাতিপুৱা উঠি নিৰ্দিষ্ট শ্লোকেৰে পূজা কৰাৰ পাছত এগিলাচ নেমুপানী, ৰাতি তিয়াই থোৱা ১০ টামান জালুক আৰু মৌ মিহলাই পান কৰোঁ। লগতে ২-৩ টামান নিমপাত আৰু এমুঠি কেঁচা বাদামেই আছিল ৰাতিপুৱাৰ আহাৰ। দিনত দুবাৰ সম্পূৰ্ণ নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। প্ৰথম আহাৰ দুপৰীয়া ১২ বজাৰ পিছতহে খাব পাৰি। উক্ত সময়ছোৱাত কোনোধৰণৰ নিচাজাতীয় দ্ৰব্য সেৱন ইত্যাদিৰ পৰা বিৰত থাকিব লাগে। নিয়মিত দুবাৰ হাৰ্বেল পাউদাৰেৰে স্নান আৰু সূৰ্যোদয় বা সূৰ্যাস্তৰ পিছত নিৰ্দিষ্ট শ্লোক আওঁৰাই শিৱ নমস্কাৰ নামৰ এটি যোগাসন একেৰাহে ২১ বাৰ কৰাটো দৈনন্দিন কার্যস্বৰূপ। ইয়ে আমাৰ দেহত শক্তিৰ সঞ্চাৰ বৃদ্ধি কৰাত সহায় কৰে। এধাৰী ৰুদ্ৰাক্ষ মালা আৰু ৪২ দিনেই বাহুত এটুকুৰা ক’লা কাপোৰ পিন্ধি থকাটো সাধনাৰ নিয়ম। এই সাধনাৰ আৰু এটা ব্যতিক্ৰমী নিয়ম আছিল ২১ জনৰ পৰা ভিক্ষা খোজাটো ; তাকো একবস্ত্ৰ পৰিধান কৰি। মোৰ সাধনাৰ সমাপ্তিৰ স্থান আছিল তামিলনাডু ৰাজ্যৰ ক’ইম্বাট’ৰৰ ভেল্লীনগিৰি পাহাৰ। তাতেই মই ঈশা যোগ চেণ্টাৰৰ আশ্ৰমত থাকি ভেল্লীনগিৰি পাহাৰ অতিক্ৰম কৰি সপ্তম পাহাৰত অৱস্থিত মন্দিৰ দৰ্শন আৰু আশ্ৰমত থাকি মহাশিৱৰাত্ৰিত অংশগ্ৰহণ কৰিছিলোঁ। যাত্ৰা আৰম্ভৰ প্ৰায় সাত দিনমান আগতে সাধনাৰ নিয়ম অনুসৰি ভিক্ষা মাগিবলৈ চিপাঝাৰলৈ যাম বুলি ঠিৰাং কৰিলোঁ। ৰাতিপুৱাই গা-পা ধুই দৰং জিলাৰ চিপাঝাৰ অভিমুখে ৰাওনা হওঁ। কিন্তু ভীক্ষা খোজাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰা মোৰ বাবে একেবাৰেই সহজ নাছিল। চিপাঝাৰত উপস্থিত হোৱাৰ পিছত বিভিন্ন প্ৰশ্ন, সংকোচ আৰু শংকাই মোক আৱৰি ধৰিছিল। বহু সময় গাড়ীতে বহি বিভিন্ন চিন্তাত মগ্ন হৈ পৰিছিলোঁ । হয়তো চাৰ্ট-পেন্ট পিন্ধি থকাহেঁতেন অলপ উজু হ’ল হয়। প্ৰায় এঘণ্টা সময় নিজৰ লগত যুঁজ কৰি অৱশেষত মন স্থিৰ কৰি একবস্ত্ৰ ধুতি পিন্ধিয়েই ভিক্ষা মাগিবলৈ ওলাই গ’লো। বিশ্বাস কৰক ভিতৰি ভিতৰি সাংঘাতিক লাজ লাগি আছিল যদিও দুই এখন দোকানৰপৰা বিভিন্ন জনৰ বিভিন্ন প্ৰশ্নৰ মাজেৰে আগুৱাই গ’লো। কোনোৱেই বিৰূপ মন্তব্য বা ভিক্ষা নিদিয়াকৈ থকা নাছিল। ই এক অদ্ভুত অভিজ্ঞতা মোৰ বাবে ৷ আমাৰ মিছা অহংকাৰ নাশ কৰিবলৈ সাধনাত সংযোজন কৰা এই প্ৰক্ৰিয়াটো সঁচাই আজিৰ মানৱ জীৱনত প্ৰয়োজনীয়। অহংকাৰ কেতিয়াও অলংকাৰ হ’ব নোৱাৰে। এটা বিশেষ পাত্ৰত আহৰণ কৰা টকাখিনি মহাশিৱৰাত্রিত উচৰ্গা কৰিব লাগে। এই অৰ্থখিনিৰে দুখীয়া মানুহক অন্ন প্ৰদান কৰা হয়। এনেদৰেই ২১ জনতকৈও অধিক লোকৰ পৰা ভিক্ষা সংগ্ৰহ কৰা প্ৰক্ৰিয়াটো শেষ কৰি ঘৰ অভিমুখে গুচি আহোঁ।

মই যাবলৈ ওলোৱা ভেল্লীনগিৰি পাহাৰখনে বিশেষ তাৎপৰ্য বহন কৰে। ভেল্লীনগিৰি পৰ্বতমালাক থেনকাইলায়াম বা দক্ষিণৰ কৈলাশ (The Kailash of the South) বুলিও জনা যায় । দক্ষিণৰ কৈলাশ পৰ্বত নামেৰে জনাজাত ভেল্লীনগিৰি পৰ্বত ভগৱান শিৱ বা স্বয়ম্ভুৰ প্ৰসিদ্ধ বাসস্থান বুলি বিশ্বাস কৰা হয়। ভগৱান শিৱই তেওঁৰ তপস্যাৰ বাবে এই ঠাইখন সৌহাৰ্দ্যপূৰ্ণ পাইছিল আৰু এই পাহাৰৰ জলবায়ু প্ৰায় কৈলাশ পৰ্বতৰ দৰেই। পৰ্বতবোৰ বিভিন্ন প্ৰাকৃতিক তথা ঔষধি গুণ সম্পন্ন গছ গছনিৰে সমৃদ্ধ । পাহাৰ খনৰ তলতেই সদগুৰুৱে নিৰ্মাণ কৰা বিশাল আশ্ৰমখন অৱস্থিত।

৪২ দিনীয়া সাধনা সমাপ্তিৰ বাবে মোৰ বহু প্ৰত্যাশিত ভেল্লীনগিৰি পৰ্বত ট্ৰেকিঙৰ বাবে ১৭ ফেব্ৰুৱাৰী, ২০২০ তাৰিখে বাংগালুৰুলৈ উৰা মাৰিলোঁ তাৰ পৰা আকৌ ক’ইম্বাট’ৰ অভিমুখে যাত্ৰা। এইখিনিতে জনাওঁ যে, তেতিয়ালৈকে ভাৰতবৰ্ষত ক’ভিডৰ সংহাৰ আৰম্ভ হোৱা নাছিল। খবৰ পোৱা মতে কেৰেলাৰ এজন লোকৰ শৰীৰতহে এই ভাইৰাচবিধ ধৰা পৰিছিল। ভেল্লীনগিৰিৰ পৰা ক’ইম্বাট’ৰ চহৰ প্ৰায় ৪০ কিলোমিটাৰ দূৰত অৱস্থিত। আমি থকা খোৱাৰ ব্যৱস্থা অনলাইনযোগে সদগুৰুৰ আশ্ৰমত কৰি থৈছিলোঁ।

দেশ বিদেশৰ বিভিন্ন তীৰ্থযাত্ৰীৰ আগমন। সকলোৰে মুখত সন্তুষ্টিৰ এটা মৃদু হাঁহি বিৰাজমান। তীৰ্থযাত্ৰী সকল থকাৰ বাবে ডাঙৰ ডাঙৰ কেইবাটাও টে’ণ্ট সাজি থোৱা আছিল । সকলো একেলগে থকা খোৱাৰ ব্যৱস্থা নিখুঁত ভাৱে কৰা দেখা পালোঁ । আশ্ৰমৰ পৰা পাহাৰবোৰৰ দৃশ্য ধুনীয়াকৈ দেখা পোৱা যায়। চৌদিশে সেউজীয়া। সৰু সৰু কুটিৰ, পঁজা, খোৱা বোৱাৰ বাবে নিৰামিষ ভোজনালয় ইত্যাদি আশ্ৰমতে উপলব্ধ। আশ্ৰমত থকা চন্দ্ৰকুণ্ড, সূৰ্যকুণ্ড, ধ্যানলিঙ্গ ইত্যাদিবোৰ চালে চকু আঁতৰাবলৈ মনেই নাযায়। প্ৰতিটো বস্তুৱেই সুপৰিকল্পিত। মহাশিৱৰাত্রি উদযাপনৰ আয়োজনৰ কাম কাজ ইতিমধ্যেই আৰম্ভ হৈছিল। বিশাল আশ্ৰমখনত ফুৰিবলৈ পৰিবহন ব্যৱস্থা হিচাপে গৰুগাড়ী উপলব্ধ। আটাইতকৈ আকৰ্ষণীয় আদিযোগীৰ মূৰ্ত্তি। গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত সৰ্ববৃহৎ আৱক্ষ ভাস্কৰ্য (Bust Sculpture) হিচাপে স্বীকৃত ১১২ ফুট উচ্চতাৰ আদিযোগীৰ ৰূপটোৱে আপোনাৰ চেতনাত চাপ পেলাই থৈ যাব। এবাৰ চোৱাৰ পাছত হয়তো মোৰ দৰে আপুনিও তেখেতৰ উপস্থিতি হৃদয়ৰ পৰা কেতিয়াও মচিব নোৱাৰে। অতি শান্তিপূৰ্ণ আৰু জীৱন্ত ঠাই। ভেল্লীনগিৰিৰ পাদদেশত আদিযোগীৰ মূৰ্ত্তি, প্ৰকৃতি আৰু মানৱ উপাদানৰ নিখুঁত মিশ্ৰণে আপোনাক আজীৱন বিৰল অভিজ্ঞতা দিয়াত অলপো কুণ্ঠাবোধ নকৰে। আদিযোগী অৰ্থাৎ প্ৰথম যোগী ৰূপে শিৱক কোৱা হয়। যোগৰ জৰিয়তে মানুহৰ আভ্যন্তৰীণ কল্যাণৰ বাবে অনুপ্ৰাণিত কৰিবলৈ আদিযোগীৰ মূৰ্ত্তি সদগুৰুৱে ২০১৭ চনত প্ৰতিস্থা কৰিছিল।

আশ্ৰমত আমাৰ সাধনা সমাপ্তিৰ (Culmination) বাবে কিছু নিয়ম অনুসৰি আমি সকলোৱে তিল, ভীক্ষাৰ পাত্ৰ আৰু বিশেষকৈ তিনিটা নাৰিকল ক’লা কাপোৰত বান্ধি মূৰত লৈ প্ৰায় দুই কিলোমিটাৰমান দূৰত অৱস্থিত ধ্যানলিঙ্গৰ ওচৰত সমৰ্পিত কৰিবলৈ গ’লো। ধ্যানলিঙ্গত জীৱনক পৰম গভীৰতাৰে উপলব্ধি কৰিবলৈ সকলোৱে ধ্যানত মগ্ন হ’লো। এক সুন্দৰ নিৰিবিলি পৰিবেশ।

আমাৰ টে’ণ্টত ২৫০ জনমান ভিন্ন ঠাইৰ লোক একেলগে আছিলোঁ। কোনো হাই-উৰুমি, নাই চিঞৰ বাখৰ একোৱেই নাই তাত । এই তিনিদিন মোৰ মোবাইল, ৱালেট আৰু অন্যান্য বস্তুবোৰ তেনেকৈয়ে উন্মুক্ত হৈ বিছনাত পৰি আছিল। বিশ্বাসৰ এই মায়াময় যাত্ৰাত কোনেও কাকো হতাশ কৰা পৰিলক্ষিত নহ’ল । আচলতে শিৱাঙ্গ সাধনা সফল ভাৱে ৰূপায়ন কৰা ব্যক্তিৰ সেই স্থানত তেনে মনোভাৱ অহাৰ কোনো অৱকাশ নায়েই।।

সাধনা সমাপ্তিৰ ৰীতি-নীতি শেষ কৰি সেইদিনা ৰাতি প্ৰায় ৮ বজাত ৭ টা পাহাৰ ট্ৰেকিঙৰ বাবে যাত্ৰা আৰম্ভ কৰিলোঁ। ৰাতিৰ বাবে কিছু লঘু আহাৰ, তিনি লিটাৰমান পানী, এটা টৰ্চলাইট আৰু অত্যন্ত প্ৰয়োজনীয় বস্তু কেইপদমান লগত লৈ গৈছিলোঁ। বিশ্বাসমতে, ভেল্লীনগিৰিৰ সপ্তম পাহাৰত ভগৱান শিৱ বসবাস কৰে। প্ৰায় ৬০০০ ফুট উচ্চতাত অৱস্থিত সপ্তম পাহাৰত উপনীত হ’বলৈ ১৪-১৫ কিলোমিটাৰ দুৰ্গম বাট অতিক্ৰম কৰিব লাগে। মহিলাসকলক এই পাহাৰত ট্ৰেকিং কৰিবলৈ দিয়া নহয়। নিশা হাতী বা অন্যান্য প্ৰাণীৰ চলাচল থকা হেতু আমি একোটা গ্ৰুপ হৈ সাৱধানে যাত্ৰা আৰম্ভ কৰিলোঁ। আৰোহণৰ বাবে বাঁহৰ এডাল লাখুটি নিতান্তই প্ৰয়োজনীয়। বিশেষকৈ ঘূৰি অহাৰ পথত। “মূলহাৰা” নামৰ প্ৰথম পাহাৰখন বগাই যাওঁতে দুয়োকাষে থকা গছ-গছনিৰ মাজেৰে অৰণ্যখনত সোমাই পৰিছিলোঁ। কিছু দূৰ যোৱাৰ পিছত উশাহ অলপ ঘন হৈ আহিছিল। কিন্তু ওপৰৰ পৰা ৰাতিৰ চহৰখনৰ দৃশ্যই মনত এক নান্দনিক আমেজ দিছিল। ফেব্ৰুৱাৰী মাহ যদিও গৰম আৰু অবিৰত ট্ৰেকিঙৰ কষ্টৰ ফলত সমগ্ৰ শৰীৰ ঘামেৰে তিয়াই পেলাইছিল। প্ৰায় ডেৰ ঘণ্টামান পিছত আমি দ্বিতীয়টো পাহাৰ “স্বাধীস্থানম”ত উপস্থিত হওঁ। প্ৰথমখনৰ দৰেই শিলেৰে আৱৰা কিন্তু বগাওঁতে বৰ কষ্টকৰ। এটা শিলৰ পৰা আনটো শিলৰ উচ্চতা প্ৰায় ২-৩ ফুট। ভাৱকচোন আমি ঘৰৰ ৬ ইঞ্চি উচ্চতাৰ চিৰিতে খোজকাঢ়ি পঞ্চম মহলালৈ উঠোতেই কিমান কষ্ট অনুভৱ কৰোঁ। তৃতীয়খন পাহাৰত শিলৰ অৱস্থিতি কমি আহে। পাহাৰখনৰ শেষৰ ফালে “কাইকাত্তি সুনাই” নামৰ নিজৰা এটা দেখা পালোঁ। ভাগৰ আৰু ক্লান্ত দেহাৰে নিজৰাটো দেখিয়েই কিবা এটা শীতল অনুভৱ কৰিছিলোঁ। অভিজ্ঞসকলক কম পৰিমাণৰ পানী কঢ়িয়াই ইয়াতে আকৌ ভৰাই লোৱা দেখা পাইছিলোঁ। বুজিবলৈ বাকী নাথাকিল যে আচলতে যিমান বয়বস্তু সিমানেই কষ্ট । তৃতীয়খন পাহাৰ অতিক্ৰম কৰোঁতে আগৰ দুখনতকৈ কম সময় লাগিছিল। “অনাহথম” নামৰ চতুৰ্থখন পাহাৰৰ গঠন তৃতীয়খনৰ দৰেই। পঞ্চম পাহাৰখনত শিলৰ অৱস্থিতি কম আছিল কিন্তু ওখ চাপৰ হোৱা বাবে খোজকাঢ়োতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিলোঁ। ভৰি দুখনে মাজে মাজে আগুৱাই যাবলৈ ইচ্ছা নকৰা হয়। মনৰ বলেৰেই গৈ আছিলোঁ। মনত এটাই ভাৱ আহিছিল, কিয় যে ইয়ালৈ আহিছিলোঁ। আৰু কেতিয়াও ইয়ালৈ নাহো বুলি ইতিমধ্যেই ঠিৰাং কৰিছিলোঁ।

ৰাতি প্ৰায় ২.৩০ বাজিছে। আমি ষষ্ঠ পাহাৰখন বগাই গৈ আছোঁ। পাহাৰখনৰ ৰং আমি কপালত ফোঁট লোৱা বিভূতিৰ দৰেই। পাহাৰখনৰ শেষত নিজৰা এটা বৈ গৈছে। লাহে লাহে ঠাণ্ডাৰ কোবো যথেষ্ট বৃদ্ধি পাইছিল। যদিও নিজৰাৰ সেই নিৰ্মল পানীখিনিত গা নোধোৱাকৈ থাকিব নোৱাৰিলো। অবিশ্বাস্য যেন লাগিলেও, গা ধোৱাৰ পিছত সমস্ত কষ্ট, ক্লান্তি মুহূৰ্ততে যেন নাইকিয়া হৈ গ’ল। পূৰ্ণ উদ্যমেৰে যাত্ৰা পুনৰ আৰম্ভ কৰিলোঁ। আমাৰ লক্ষ্যস্থান সপ্তম পাহাৰৰ শীর্ষ অভিমুখে। লাহে লাহে ৰাতিপুৱাব ধৰিছে। বিভিন্ন ঔষধি গছ-গছনিৰ মাজেৰে এটা লুংলুঙীয়া বাটেৰে আমি আগুৱাই গৈ আছোঁ।

এইখন পাহাৰ বগাওঁতে অলপ ভয় খাইছিলোঁ। পিছলি যদি আহো ক’ত গৈ পৰিম ঠিকনা নাই। ইতিমধ্যে বহু লোকে আধাতে যাত্ৰাৰ সামৰণি মাৰিছে। বৰ সাৱধানেৰে প্ৰায় ৯-১০ ঘণ্টাৰ দীঘলীয়া বাট একেৰাহে অতিক্ৰম কৰি সপ্তম পাহাৰৰ শীর্ষত উপনীত হলোঁগৈ। তেতিয়াও পোহৰ হ’বলৈ আৰু অলপ পৰ আছিল। প্ৰচণ্ড শীত আৰু বতাহে সমগ্ৰ শৰীৰ কঁপাই তুলিছিল। গামোচাখনকে গাত মেৰিয়াই লৈ মন্দিৰত পূজা অৰ্চনা কৰিলোঁ। সকলো শৃংখলাবদ্ধ ভাৱে কৰা হয়। লাহে লাহে পোহৰ হৈ অহাত স্বৰ্গত থকা যেন এক অনুভৱ হ’ল। পৃথিৱীখনৰ পৰা একেবাৰে নিলগত যেন। তললৈ চাওঁতে কেৱল উৰি থকা মেঘ দেখা পাইছিলোঁ। সাগৰ সদৃশ মেঘৰ ওপৰত আমি। লাহে লাহে মেঘৰ মাজেৰে সূৰ্যোদয় এক বুজাব নোৱাৰা স্বৰ্গীয় অনুভূতি। মেঘৰ মাজত একমাত্ৰ সেউজীয়া পাহাৰ, কোমল ৰ’দজাকে ক্লান্ত মনটোক সবল কৰি তুলিছিল। লিখি বা কৈ বুজাব নোৱাৰা এক স্বৰ্গীয় অনুভূতি । আমি তাতে অলপ সময় ধ্যান কৰি এক নতুন অভিজ্ঞতাৰে ওভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। পাহাৰত উঠাটো যিমান কঠিন আছিল নামি অহাটো তাতোকৈ বহু বেছি কষ্টকৰ আৰু সংকটময়। নামি আহোঁতে বিভিন্ন চৰাইৰ মাত, অটব্য অৰণ্যৰ গোন্ধেই মোহিত কৰি তুলিছিল। দুপৰীয়া প্ৰায় ৩ মান বজাত আমি আহি আশ্ৰমত উপস্থিত হওঁ।

কৈলাশ মানসৰোবৰ ট্ৰেকিং কৰি অহা লোক এজনে তেওঁৰ অভিজ্ঞতাৰে সেই ট্ৰেকিঙতকৈ এয়া বেছি কষ্টকৰ বুলি কৈছিল। সুস্থ আৰু সবল শৰীৰ এটাৰ খুবেই প্ৰয়োজন এই ট্ৰেকিঙত। ৪২ দিনীয়া এই সাধনাত শৰীৰক সুস্থ আৰু সবল কৰাৰ এক সুন্দৰ প্ৰক্ৰিয়া আছে, ইযাৰ তাৎপৰ্য উপলব্ধি কৰিব পাৰিলোঁ।।

মোৰ এনেই টোপনি খুব কম বা শুম বুলি ভাবিলেও টোপনি নাহে। কিন্তু সেইদিনা বিছনাত পৰাৰ লগে লগেই টোপনি গৈ পিছদিনা ৰাতিপুৱাহে সাৰ পালোঁ। মহাশিৱৰাত্রি উদযাপনৰ দিনা, ওৰে ৰাতি আমি উজাগৰে থাকি আদিযোগীৰ মূৰ্ত্তিৰ তলত বিশাল আয়োজনত অংশগ্ৰহণ কৰিম। দুপৰীয়া স্নান কৰিবলৈ এক বিশেষভাৱে নিৰ্মিত সূৰ্যকুণ্ডলৈ যাবলৈ ওলালোঁ। ইয়াত স্নান কৰিলে শাৰীৰিক, মানসিক আৰু লগতে আধ্যাত্মিক বিকাশ বৃদ্ধি হোৱা বুলি কোৱা হয়। বৰফৰ দৰে ঠাণ্ডা পবিত্ৰ পানীত ডুব দি প্ৰশান্তিৰ অনুভৱে যেন বুৰাই পেলাইছিল। অত্যন্ত নীৰৱ আৰু শান্তিপূৰ্ণ পৰিবেশ।

আশ্ৰমত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি আমি অলপ শুই লৈছিলোঁ। গধূলি আমি আদিযোগীৰ মূৰ্ত্তিৰ কাষলৈ যাবলৈ ওলালোঁ। ভাৰতবৰ্ষৰ পবিত্ৰ ভূমিয়ে আধ্যাত্মিক বিকাশৰ বাবে অসংখ্য উৎসৱ উদযাপন কৰে তাৰ ভিতৰত ঈশাৰ দ্বাৰা আয়োজিত মহাশিৱৰাত্রি অন্যতম। শিৱাঙ্গ সাধনা কৰা লোকসকলক বহাৰ বাবে সুকীয়া ঠাই দিয়া হৈছিল । পাহাৰৰ তলত সত্যযুগৰ আশ্ৰমৰ দৰে এক ঠাইত বিশাল আয়োজন। চৌদিশে কেৱল মানুহ আৰু মানুহ। আমি মঞ্চৰ পৰা প্ৰায় ৩০০ মিটাৰ দূৰত আছিলোঁ। আমাৰ পিছফালেও প্ৰায় ৫০০ মিটাৰ দূৰলৈকে মানুহে আসন লৈছিল। ইমান দূৰৰ পৰা মঞ্চখন ভালদৰে মনিব নোৱাৰি । সেয়ে ঠায়ে ঠায়ে মণিটৰ লগোৱা হৈছিল। বিশ্বৰ প্ৰতিটো কোণৰ পৰা এই উৎসৱত ভাগ ল’বলৈ অহা মানুহৰ সংখ্যা প্ৰায় ১০ লাখ আছিল। মুখ্য অতিথিৰূপে উপৰাষ্ট্ৰপতি ভেংকায়া নাইডু উপস্থিত আছিল। গোটেই নিশা দেশ-বিদেশৰ প্ৰখ্যাত শিল্পীসকলৰদ্বাৰা নৃত্য, গীত, শব্দ, পোহৰ প্ৰদৰ্শনী ইত্যাদি বিভিন্ন অনুষ্ঠান চলি আছিল। কাষতে আয়োজন কৰা জনজাতীয় বস্তুৰ দোকান, প্ৰদৰ্শনী ইত্যাদিৰ জৰিয়তে ভাৰতবৰ্ষৰ বিভিন্ন সাংস্কৃতিক দিশক একত্ৰিত কৰাৰ এক প্ৰয়াস দেখা পালোঁ। মনত প্ৰাপ্তিৰ এক অনাবিল সুখ, চকুত আশাৰ স্পন্দন, হৃদয়ত আকৌ এবাৰ অহাৰ মানসেৰে ৰাতিপুৱা আমি আশ্ৰমৰ পৰা বিদায় ল’লো ।

✍প্ৰণবেশ বৰ্মন

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

1 + 1 =