Assamese poem

কিছু হুমুনিয়াহৰ আলেখ্য

কিছু হুমুনিয়াহৰ আলেখ্য

তোমাৰ পৃথিৱীত নিষ্পেষিত প্ৰেমৰ যে স্থান নাই, মই অজ্ঞ নাছিলোঁ.... তথাপিও মৰমবোৰ মাৰাত্মকভাৱে এপাট শৰ হৈ গুছি গৈছিল তোমালৈ। এৰা, তোমাৰ মৰমবোৰ যে একেবাৰে কঠোৰ হৈ গ'ল গাণ্ডীৱৰ শৰেও হয়তো বিন্ধিব নোৱাৰাকৈ... কি কৰিবা এনে কঠিন হৃদয়ৰ আভৰণ লৈ, পাৰিবা জানো নিৰানন্দ জীৱনৰ সৈতে লুকাভাকু খেলিবলৈ? দীপাৱলীৰ দোমোজাত, তোমাৰ পদুলিৰ চাকিবোৰ চুৰি কৰিবলৈ, এৰি দিছিলোঁ মোৰ আকাংক্ষাবোৰক, কিন্তু বিফলতাৰ বিসৰ্গৰে জৰ্জৰিত... মোৰ আকাংক্ষা বোৰ ঘুৰি আহিল বুমেৰাং হৈ... তোমাৰ প্ৰেমৰ ফুলাম গামোচা নহয়... কিছু হুমুনিয়াহৰ আলেখ্য হৈ। দৰজেক পালে এদিন সূধিলোঁহেতেন! মৌন ওঁঠ হলেও হব পাৰেনে মুখৰ হৃদয়? ✍ কৃষ ভটছ
Read More
পূৰ্ণিমাৰ নিশা খোলা খিৰিকীৰে

পূৰ্ণিমাৰ নিশা খোলা খিৰিকীৰে

পূৰ্ণিমাৰ নিশা খিৰিকীখন খুলি দিলো নিমিষতে সোমাই আহি এখিৰিকী মায়াময় জোনাকে চেদেলি ভেদেলি কৰিলেহি আটোমটোকাৰীকৈ সজাই থোৱা মোৰ আপোন দুখৰ শেতেলী, সুযোগৰ অপেক্ষাত বুকুত সোমাই থকা তৃষ্ণাতুৰ শব্দবোৰে থাওকতে ওলাই গৈ খোলা খিৰিকীয়েদি ডিঙি মেলি পান কৰে জোনাক মদিৰা.. ভৰুণ নদী খনলৈ যেতিয়া জোনটো নামি আহে জোনাকৰ ৰাগী লগা শব্দবোৰে সাজে এখন নাওঁ... পাল বিহীন বঠা বিহীন নাওঁখনে, এনাওঁ জোনাক সাৱটি পাৰি দিয়ে আপোন মনে যাযাবৰী যাত্ৰা অসীমৰ... জোনাকৰ ঢৌ খেলাই ৰূপোৱালী মাছবোৰে জাক পাতি চুচুক চামাক কৰি আহি খুটিয়াই চাই জোনাকে জিলিকাই তোলা নাৱঁৰ কুন্দত কটা শৰীৰ। ভৰা নদীত গা ধুই সগৰ্ভা মাছবোৰ মতলীয়া হয় সৃষ্টিৰ চিৰন্তন আহ্বানত ,…
Read More