উপকৰণসমূহ

ভেবেলি লতা বৰ

ভেবেলি লতা বৰ

উপকৰণসমূহ: ১. ভেবেলি লতা পাত এমুঠি ২. চাউলৰ গুৰা ৩. আদা ৪. নহৰু ৫. নিমখ ৬. জলকীয়া ৭. পিয়াঁজ ৮. ৰিফাইন তেল বা মিঠাতেল         প্ৰথমে পিচিব বাবে চাউল কেইটা মান তিয়াই থলোঁ।তাৰ পিছত আদা ,নহৰু গুচাই ললোঁ। এতিয়া আমি ভেবেলিলতা পাত মুঠি পিহি  তাৰ লগতেই তিয়াই থোৱা চাউল কেইটা টুকি আদা নহৰু নিমখ সোৱাদ মতে দি একেলগে পিছত বনাই ললোঁ। তাৰ পিছত পিয়াঁজ আৰু জলকীয়া মিহিকৈ কুটি বৰ আকাৰ কৰি এখন কেৰাহীত তেল দি ভাজি দিলোঁ। 👨‍🍳 শৰ্মিষ্ঠা শইকীয়া
Read More
মাহী-হাহেৰে পিঠাগুৰিৰ ভোগ

মাহী-হাহেৰে পিঠাগুৰিৰ ভোগ

উপকৰণসমূহ: ১. হাহৰ কোমল কোমল মাংস ২. পিয়াঁজ ৩. নিমখ ৪. মিঠাতেল ৫. আৰৈ চাউলৰ পিঠাগুৰি প্ৰণালী: পৰিমাণৰ হিচাপটো লিখা নাই কাৰন আমাৰ গৃহিণী সকলে ৰন্ধাবঢ়াত আন্দাজ অনুযায়ী লব পাৰিব । তেল গৰম কৰি পিয়াঁজ ৰঙচুৱা কৈ ভাজি তাতে মাংস আৰু নিমখ দি ভাজিব লাগিব । কম জুইত ৰাখি ভাজি থাকি মাংসখিনি ফুটিব লাগিব । অ ইয়াত হালধি দিয়া নহয় । এতিয়া সৰহকৈ ঠাণ্ডা পনী দি তাত অলপ অলপকৈ পিঠাগুৰিখিনি দি লাহে লাহে লৰাই থাকিলে এটা সময়ত বক বককৈ উতলিবলৈ লব । উতলি উতলি ঘন হৈ আহিব । টান হৈ আহাৰ থিক আগে আগে জোখমতে ৰখাই ঢ়াকোন দি জুই নুমুৱাই…
Read More
জুইত দিয়া কচুপাত পিটিকা

জুইত দিয়া কচুপাত পিটিকা

উপকৰণসমূহ: (২/৩ জনৰ বাবে) ১. কোমলীয়া কচুথুৰ 11/12 ডালমান ২. সৰু বিলাহী এটা নাইবা পকা কণ বিলাহী 7/8টা মান ৩. নহৰু 7/8 ফুটামান ৪. ভোট জলকীয়া বা কেঁচা দীঘল জলকীয়া 4/5 টা ৫. গোটা জালুকৰ গুড়ী আধা চামুচ ৬. জাব্ৰাং গুড়ী এচামুচৰ চাৰি ভাগৰ এভাগ ৭. নিমখ আন্দাজ মতে ৮. সৰিয়হ তেল এচামুচ ৯. কলপাত এখিলা (দুই বা তিনি টুকুৰা ) প্ৰণালী: প্ৰথমতে কলপাত এখন ধুই জুইত অলপ সেকি ল'ব | তেতিয়া কচুপাতখিনি মেৰিয়াবৰ সময়ত ফাটি নাযায় | তাৰ পিছত ভালদৰে ধুই থোৱা কচুথুৰ ,নহৰু ,জলকীয়া, বিলাহী, (গোটা জালুক আৰু জাব্ৰাং গুড়ী কৰাৰ আগতে অলপ সময় তাৱা বা কেৰাহীত গৰম…
Read More
বিহাৰী সম্প্ৰদায়ৰ  ছটপূজাৰ প্ৰসাদ

বিহাৰী সম্প্ৰদায়ৰ ছটপূজাৰ প্ৰসাদ

উপকৰণসমূহ: ১/  আটা- ২৫০গ্ৰা: ২/ ময়দা- ২৫০গ্ৰা: ৩/ চেনি- ২৫০গ্ৰা: ৪/ ৰিফাইন- ৫০০গ্ৰা: ৫/ পান মচলা- ১ চামুচ ৬/ নাৰিকল- এফালৰ আধা ভাগ (ৰুকি লোৱা) প্ৰণালী: আটা আৰু ময়দা, পান মচলা, ৰুকা নাৰিকল একেলগে মিহলাই লৱ, পিছত একাপ ৰিফাইন তেল লগতে মিহলাব, ৰিফাইন মিহলোৱা পিছত আটা অলপ হাতত লৈ মুঠি কৰি চাব লাড়ু দৰে হৈছে নে নাই যদি হোৱা নাই আৰু অলপ ৰিফাইন দিব, পিছত চেনি দিব আৰু অলপ অলপ পানী দি সকলোবোৰ মিহলাব, পানী বেছি নিদিব। (ফটোত দিয়া ধৰণে)। এতিয়া আটাৰ টান কে লাড়ু বনাব আৰু কাঠৰ ফ্ৰেম ডালেৰে চেপ দিব( সকলোৰে ঘৰত ফ্ৰেম নাথাকে বাবে হাতেৰে চেপেটা কৰি…
Read More
মাটিডালিৰ বড়

মাটিডালিৰ বড়

উপকৰণসমূহ: মাটিডালি ১কাপ পিয়াজ ১ টা নহৰু ৪ ফুটা আদা অকণমান নিমখ জলকীয়া প্ৰনালী: মাটিডালি, নহৰু, আদা, জলকীয়া পিহি আন্দাজমতে নিমখ দি পিয়াজ কাটি মিঠাতেলত নিজৰ পচন্দ মতে আকাৰ দি ভাজি টিচু পেপাৰত উঠাই থলো। গৰমে গৰমে চাহ বা ভাতৰ লগত বৰ সোৱাদ লাগে। 👨‍🍳 নয়নী হাজৰিকা
Read More
পুঠীমাছৰ সোৰষে ঝোল

পুঠীমাছৰ সোৰষে ঝোল

উপকৰণসমূহ: পুঠীমাছ ২৫০ গ্ৰাম সৰিয়হ ২ চামুচ ১ টা বেঙেনা কাটিব ইঞ্চিমান, ১ টা পিয়াজ ৫/৬ টা কেচা জলকীয়া হালধী গুৰি নিমখ সৰিয়হ তেল  কালজিৰা প্ৰনালী: পুঠীমাছ খিনি অলপ ভাজি লৈ তাৰ পিছত তেলত কালজিৰা দিব তাৰ পাছত কাটি থোৱা বেঙেনা দি নিমখ হালধি দি ভাজি লৈ উঠাই থব । সেই খিনি তেলত পিহি থোৱা পিয়াজ খিনি দি ভাজি লৈ জলকীয়া কাটি দিব । পিয়াজখিনি ভজা হৈ গলেই ভাজি লোৱা বেঙেনা দি পিহি লোৱা সৰিয়হ দিব ।অলপ সময় ভাজি লৈ পানী দিব অলপ পাছত ওতলিলে ভাজি লোৱা মাছ দিব অলপ ফুটিলে গেছৰ পৰা নমাই অলপ সৰিয়হ তেল দি থব। 👨‍🍳…
Read More