উপকৰণসমূহ

ঢেকীয়া আলু বুটৰ ভাজি

ঢেকীয়া আলু বুটৰ ভাজি

উপকৰণ ঢেকীয়া এমুঠি আলু এটা তিয়াই থোৱা বুট এমুঠি পিয়াজ এটা মিঠাতেল এচামুচ নিমখ সোৱাদ অনুসৰি জলকীয়া এটা প্ৰণালী অসমৰ বাৰীত হোৱা অতি সহজলভ্য ঢেকীয়াৰ বহুতো গুণ আছে আৰু অতি সুস্বাদো এবিধ ব্যণ্জ্ঞন। এমুঠি ঢেকীয়া শাক মিহিকৈ কাটি আলু মিহিকৈ কাটি ল'লো।কেৰাহিত তেল গৰম কৰি কুটি থোৱা পিয়াজ খিনি দি ভাজি কুটি থোৱা ঢেকীয়া আলু খিনি লগতে বুট কেইটাও দি নিমক হালধী দি কম জুইত লৰাই লৰাই ভাজিলো ।ঢাকোন মাৰিব নালাগে ভালকৈ সিজি অহাত নমাই নিৰামিষ ভাতৰ লগত পৰিবেশন কৰিলো 👨‍🍳 মাইনু হাজৰিকা
Read More
কচুৰে মাছৰ আঞ্জা

কচুৰে মাছৰ আঞ্জা

উপকৰণ সমূহ:- ১. সৰিয়হ তেল: তিনি/ চাৰি চামুচ ১.ভকুৱা মাছ: ৬ পিচ ২.আবৰ কচু (আমাৰ নামনি অসমৰ নাম।ঠাই বিশেষে নাম বেলেগ বেলেগ হব পাৰে সেয়ে ফটোত দেখাই দিয়া হৈছে): ২টা (১ পাবকৈ কাটি) ৩.আদা: এটুকুৰ +পিয়াজ: সৰু দুটা+কেঁচা জলকীয়া: ২টা= পেষ্ট ৪.তেজপাত: এখিলা ৫.গোটা জিৰা: আধা চামুচ ৬.জিৰা পেষ্ট: ২ চামুচ ৭.নিমখ: জোখ মতে ৮.হালধি: জোখ মতে ৯.মিহিকৈ কটা মান ধনীয়া ৰন্ধন প্ৰণালী: ১) মাছখিনি সৰিয়হ তেলত ভাজি উঠাই থলোঁ। ২)কেৰাহীত ৰৈ যোৱা তেলত কাটি লোৱা কঁচুখিনি ভাজি লৈ উঠাই থলোঁ। ৩)এতিয়া তেলত প্ৰথমে গোটা জিৰা আৰু তেজপাত দি পেষ্ট কৰি থোৱা পিয়াজ, আদা, জিৰা আৰু জলকীয়া খিনি ঢালি ভালদৰে…
Read More
কচুশাক, ঔটেঙা-বিলাহীৰে মাছৰ জোল

কচুশাক, ঔটেঙা-বিলাহীৰে মাছৰ জোল

উপকৰণ এমুঠি কচু শাক মাছ ঔটেঙা ১টা বিলাহী সৰু আকাৰৰ ২টা ২ মুঠি মচুৰ দালি শুকান জলকীয়া, পাচফুৰণ নিমখ হালধি প্ৰণালী: কচুশাকখিনি ভালদৰে ধুই ল'লো। তাৰ পিছত প্ৰেচাৰ কুকাৰত কচুশাক, ঔটেঙা, বিলাহী আৰু ২ মুঠিমান মচুৰ দালি লৈ নিমখ দি ৮/৯ টা মান হুইছেল মাৰি সিজাই ল'লো। তাৰ পিছত এখন পেনত তেল গৰম কৰি তেলত শুকান জলকীয়া আৰু পাচফুৰণ দি লগতে অলপমান হালধি দি সিজাই থোৱা কচুশাকখিনি ঢ়ালি দিলো। তাৰ পিছত ফ্ৰাই কৰি থোৱা মাছখিনি দি উতল অহাত নমাই থ'লো। অতি কম সময়তে হোৱা আৰু খাবলৈও জুতি লগা। 👨‍🍳 নীলাক্ষি বৰা শইকীয়া
Read More
কচুপাতৰ বড়

কচুপাতৰ বড়

বিহাৰী সম্প্ৰদায়ৰ থলুৱাখাদ্য সম্ভাৰ উপকৰণ:- ১/ কুমলীয়া কচুপাত ৮ টা (যিকোনো কচু) ২/ বেচন-২৫০‍ গ্ৰাম ৩/ কেচা জলকীয়া ৭/৮ টা ৪/ নহৰু-১টা ৫/ জিৰা গুৰি-১চামুচ ৬/ ধনিয়া গুৰি-১চামুচ ৭/ হালধি-আধা চামুচ ৮/ নেমু-এফাল (যিকোনো টেঙা দিব পাৰে) ৯/ নিমখ-জোখমতে ১০/ পিঠা গুৰি -আধা কাপ ১১/ মিঠা তেল প্ৰণালী: নহৰু আৰু জলকীয়া পিছি, জিৰা, ধনিয়া, হালধি, নিমখ, নেমু চেপি লব, পিঠা গুৰি বেচনত মিহলাই অলপ পানী দি ডাঠ কে প্ৰলেপ এটা তৈয়াৰ কৰিব। পিছত ডাঙৰ পাত্ৰ এটাত, এটা কচুপাত ওলোটাকৈ পাৰি মিশ্ৰণ খিনি লগাব, এটাৰ ওপৰত এটা পাৰি লগাই যাব। পিছত-সোঁ আৰু বাওঁ ফাল দুটা ধৰি অলপ মান জাপি দিব,তাৰ পাছত…
Read More
কলফুল বা কলডিল বৰ

কলফুল বা কলডিল বৰ

উপকৰণ সমূহ: * কলডিল ১ টা * পিঠাগুৰি আধা বাতি * বেচন ৫ চামুচ * জিৰা গুৰি আধা চামুচ * জালুক গুৰি ১ চামুচ * নিমখ আৰু হালধি (আন্দাজ মতে) * মিঠা তেল (বৰ ভাজিব কাৰণে) ৰন্ধন প্ৰণালী: প্ৰথমে কলডিল টোৰ ওপৰৰ বুঢ়া বাকলি গুচাই ভাল কৈ ধুই, মাজেৰে দুফাল কৰি অলপ বইল কৰি ললো( কেচা ভাব টো নাই হোৱা লৈ কে)। ঠাণ্ডা হলত পাতল পাতল কাটি ললো, এতিয়া এটা প্ৰাত্ৰ ত পিঠাগুৰি,বেচন,জিৰা, জালুক ৰ গুৰি, নিমখ ,হালধি আৰু অকনমান চেনী দি অলপ পানীৰে মিশ্ৰণটো বনাই ললো। কেৰাহী খন গৰম কৰি তাতে মিঠা তেল দিলো, তেল গৰম হলত পাতল কৈ…
Read More
কচুপাতত দিয়া মাছ

কচুপাতত দিয়া মাছ

উপকৰণ সমূহ: সৰু মাছ অলপ কেচাঁকৈ। ভালকৈ চাফা কৰি লোৱাৰ পাছত। মই সৰু মাছ লৈছো। মানে দৰিকনা , মুৱা আদি মিহলি সৰু মাছ হ'লে ভাল। কচু থোৰ ১০ টামান কুমলীয়া। পিঁয়াজ এটা নহৰু কেই ফুটামান আদা অকনমান সৰু বিলাহী কেইটামান জলকীয়া দুটামান নিমখ নিজৰ হিচাপ মতে ৰংটোৰ বাবে হালধী অকনমান দিছো পৰিমাণটো চাই। জিৰা পাউদাৰ আধা চামোচতকৈ অলপ কম ধনীয়া পাউদাৰ আধা চামোচতকৈ অলপ কম। মিঠাতেল এচামুচ ডাঙৰ চামোচেৰে প্ৰণালী: এতিয়া সকলো বস্তু মিহলি কৰি কলপাত এখনেৰে বা হালধী পাত দুখিলামানত ভালকৈ বান্ধি ৰাইচ কুকাৰৰ ওপৰৰ পাৰ্টটোত ষ্টিম কৰিলো। তাৰ পাছত অলপ জুইত পোৰা দৰে হবৰ বাবে গেছটোৰ ওপৰত দি…
Read More
কঁঠাল পিঠা

কঁঠাল পিঠা

উপকৰণ: কঠালৰ ৰস : ২/৩ কাপ পিঠাগুৰি/ময়দা : ২ কাপ চেনি : ১কাপ নিমখ : ১ চিকুট আৰু কলপাত প্ৰণালী: কঁঠাল খিনিৰ গুটি উলিয়াই মিক্সিত মাৰি ৰস উলিয়াই ল'ব। তাতে পিঠাগুৰি,চেনি,নিমখ দি এটা ঘোল প্ৰস্তুত কৰি লব। কলপাত কেইখিলা মান ধুই ৰ'দত শুকুৱাই বা গেছত সেকি লেৰেলাই ল'ব। তাত অলপমান ঘোল দি কলপাত খন দুভাজ কৰি হাতেৰে ওপৰ ফালে হেচি বহলাই দিব।এখন টাৱা গৰম কৰি তাত কলপাত খন দুয়োফালে ভালকৈ সেকি ল'ব। খুব সোনকালে প্ৰস্তুত হৈ উঠিব সুস্বাদু কঁঠাল পিঠা। 👨‍🍳 নিবেদিতা শইকীয়া
Read More
কোমোৰাৰে লোকেল মুৰ্গী মাংসৰ জোল

কোমোৰাৰে লোকেল মুৰ্গী মাংসৰ জোল

উপকৰণ সমূহ: ১. সৰিয়হ তেল: আধা কাপ ২.কটা লোকেল মুৰ্গী: ৪০০ গ্ৰাম ৩.সৰু কোমোৰা এটাৰ আধা ফাল (ফটোত দেখুৱা ধৰণে কাটি লৈছো) ৪.আদা: এটুকুৰ +পিয়াজ: সৰু দুটা+কেঁচা জলকীয়া: ২টা + নহৰু ৮ ফুট +কাটি ৰোৱা কোমোৰাৰ বাকলি= পেষ্ট ৫.তেজপাত: এখিলা ৬.মচলা:- জিৰা গুৰি দুচামুচ + জালুক গুৰি এচামুচ+ হালধি ৰং ধৰাকৈ+ নিমখ জোখ মতে + গৰম মচলা পেষ্ট এচামুচ ৰন্ধন প্ৰণালী: ১) ধুই লৈ পানী টুকি লোৱা মাংসখিনি হালধি নিমখ সানি ৰঙচুৱা হোৱাকৈ ভাজি উঠাই থলোঁ। ২) কোমোৰাৰ টুকুৰাবোৰো সেই তেলতে ভাজি লৈ উঠাই থলোঁ। ৩)এতিয়া তেলত প্ৰথমে তেজপাত দি পেষ্ট কৰি থোৱা পিয়াজ, আদা, নহৰু, জলকীয়া আৰু কোমোৰাৰ বাকলি…
Read More
ঢেঁকীয়া শাকেৰে লোকেল মূৰ্গী মাংস

ঢেঁকীয়া শাকেৰে লোকেল মূৰ্গী মাংস

(ব্ৰইলাৰ বা গাহৰি মাংসৰেও ৰান্ধিব পাৰি) উপকৰণসমূহ: অলপ সৰু সৰুকৈ কটা মূৰ্গী মাংস ৩০০ গ্ৰাম ঢেঁকীয়া শাক এমুঠি বিলাহী এটা সৰিয়হ তেল আধা কাপ নিমখ আন্দাজ মতে হালধি আন্দাজ মতে জিৰা গুড়ী আধা চামুচ ধনীয়া গুড়ী আধা চামুচ কলা জালুকৰ গুড়ী আধা চামুচ গৰম মছলা আধা চামুচ (ইচ্ছা অনুযায়ী ব্যৱহাৰ কৰিব পাৰে ) নহৰু এটা সৰু আদা এটুকুৰা মজলীয়া আকাৰৰ কটা পিয়াজ দুটা কেঁচা জলকীয়া ৭/৮ টা (জ্বলা ইচ্ছা অনুযায়ী কম বেছি ল'ব পাৰে) ৰন্ধন প্ৰণালী: প্ৰথমে মাংসখিনি ভালদৰে ধুই পানী টুকি ল'ব | কেৰাহীত তেল গৰম হ'লে মাংখখিনি কম জুইত ৫/৬ মিনিট সময় ৰঙচুৱাকৈ ভাজি উঠাই ল'ব | তাৰ…
Read More
বাঙালী সম্প্ৰদায়ৰ চিতল মাছৰ মুইঠ্যা

বাঙালী সম্প্ৰদায়ৰ চিতল মাছৰ মুইঠ্যা

উপকৰণসমূহ: * ৫০০ গ্রাম চিতল মাছৰ পিছ * ২০০ গ্রাম সৰিয়হৰ তেল (মিঠা তেল) * ২ টেবিল চামুচ ময়দা * ১ কাপ পিয়াজ পেষ্ট * ১/২ কাপ বিলাহী পেষ্ট * ২ সৰু চামুচ আদা পেষ্ট * ২ সৰু চামুচ নহৰু পেষ্ট * ৪/৫ টা জলকীয়া * ১+১/২ সৰু চামুচ নিমখ * ১ সৰু চামুচ হালধি গুৰি * ১/২ সৰু চামুচ কাশ্মীৰি লাল মিৰ্চ * ১ সৰু চামুচ ঘি * ২/৩ টি ইলাছি * ১ টা তেজপাত * ১ কাপ পানী ৰন্ধন প্ৰণালী: প্ৰথমে- চিতল মাছৰ পিছ সমূহ অলপ সময়ৰ বাবে পানীত সজাই লৈ, ছালৰ পৰা মাছ খিনি ভালদৰে চামুচেৰে চুচি…
Read More