ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘৰ্ষ

প্ৰণৱেশ বৰ্মন
মঙ্গলদৈ, দৰং, অসম, ৭৮৪১২৫
(pranabeshbarman@gmail.com)

মূল শব্দ: ইজৰাইল-পেলেষ্টাইন সংঘৰ্ষ, জেৰুজালেম বিতৰ্ক, শৰণাৰ্থী, ইহুদী

প্ৰাচীন সংঘৰ্ষৰ শিপা

ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘৰ্ষ নতুন নহয়। দশকৰ পৰা দশক ধৰি চলা এই সংঘৰ্ষৰ ইতিহাস বহু পুৰণি ৷ কিন্তু কিয় এই সংঘাত? ইহুদী সকলৰ ওপৰত বহুতো ভুল ধাৰণা এটা সময়ত বিয়পোৱা হৈছিল । ইহুদী সকলে যিমান ঘৃণা সহ্য কৰিব লগা হৈছিল হয়তো বিগত ১০০০ বছৰত অন্য কোনো ধৰ্মই সহিব লগা হোৱা নাই। তেওঁলোকক অকল ধৰ্মীয় বিশ্বাসৰ বাবেই নহয় এটা বিদেশী সংস্কৃতি বুলি ভাবিও ঘৃণাৰ চকুৰে চাইছিল। ইতিহাসত ইহুদী সকলে নানান ধৰণে বিশেষকৈ হিটলাৰৰ নাজিবাহিনী তথা দ্বিতীয় বিশ্বযুদ্ধত বৰ্বৰ অত্যাচাৰৰ সন্মুখীন হৈছিল । এইবোৰ কাৰণতেই ইহুদী সকলে ১৮০০ শতিকাৰ পিছৰে পৰা ভাবিব বাধ্য হ’ল এখন স্বদেশ গঢ়ি তোলাৰ। সেয়াও এক দীঘলীয়া ইতিহাস।

Download full pdf