প্ৰাঞ্জিত ডেকা
মঙ্গলদৈ, দৰং, অসম, ৭৮৪১২৫
মূষলধাৰ বৰষুণজাক। গাড়ীখনেও আহি গাঁৱখনৰ নিৰ্জন এই পথতোতে হঠাতেই বেয়া হ’বলৈ পালে।কি কৰিম নকৰিম ভাবি থাকোতেই এক ছায়ামূৰ্তি আহি মোৰ ৱেগনাৰ গাড়ীৰ খিৰিকীখনত দুই আঙুলিৰে টুকুৰিয়ালে।হঠাতেই সম্বিত ঘূৰাই পোৱাৰ দৰেই চকামকাকৈ দেখা সেই চেহেৰাটো গাড়ীৰ লাইটৰ পোহৰত চাবলৈ চেষ্টা কৰিলো।অলপ অপ্ৰস্তুত হৈ পৰিছিলো সেই সময়ত। নাই ধৰিবই নোৱাৰি।কোনে জানো মাতিছে এই ৰাতি মোক।তাকো এনে নিৰ্জন স্থানত।মূষলধাৰ বৰষুণত ক’ৰ পৰা কোন আহি ওলাল বাৰু এই ৰাতি।
অলপ সাহসীয়াল হ’লেও এনে পৰিৱেশ মোৰ বাবে সদায় আচহুৱা।কিন্তু বিধিৰ কি বিপাক!দৰকাৰী কাম এটাত পুৱাই চহৰলৈ গৈ অহাৰ সময়ত আদবাটতেই পোৱা জেঠাই হতৰ ঘৰত সোমালো।তাতেই ভাত পানী খাই উঠোতেই নিশা ১১বাজি গ’ল। ইমান জোৰকৈ থাকিবলৈ জেঠাইহতে জোৰ কৰাৰ পাচতো নিজৰ গাড়ীখন ষ্টাৰ্ট কৰি গুচি আহিলো প্ৰায় সাত কিলোমিটাৰ মান দূৰৈত থকা ঘৰখনলৈ বুলি।অন্য দিন হ’লে জেঠাইহতৰ আবদাৰত থকা যায় যদিও আজি থাকিবৰ মুঠেও মন নগ’ল।ওচৰৰ চহৰখনতেই নিজৰ কাম কাজ সমাপন কৰি জেঠাই হতৰ ঘৰত থাকোতেই গাঁৱৰ ঘৰৰ পৰা মোলৈ ফোন এটাও আহিছিল অৱশ্যে।নেটৱৰ্ক ভালদৰে নথকাৰ বাবেই স্পষ্টকৈ মাতটো শুনিবলৈ পোৱা নাছিলো বাইদেউৰ।তথাপিও অনুমান এটা কৰিছিলো গাঁৱত কিবা এটা হৈছে বুলি।মনটো উদগ্ৰীৱ হৈ পৰিছিল সেয়েহে।আৰু সেয়ে লৰালৰিকৈ জেঠাইহতৰ ঘৰৰ পৰা বিদায় মাগি ওলাই আহিছিলোঁ।…..