প্ৰণৱেশ বৰ্মন
মঙ্গলদৈ, দৰং, অসম, ৭৮৪১২৫
সৌন্দৰ্য্যৰ দিশেৰে যিদৰে অতুলনীয় তেনেকৈ আন্দামান ভ্ৰমণৰ অভিজ্ঞতাও অসাধাৰণ। ৫৭২ তা সৰু বৰ প্ৰাকৃতিক প্ৰাচুৰ্যৰে ভৰপূৰ দ্বীপ সমূহৰে গঠিত আন্দামানলৈ ২০১৯ চনত সপৰিয়ালে ফুৰিবলৈ গৈছিলোঁ। আমাৰ মনত সৌন্দৰ্য্যৰ চাপ পেলাই থৈ যোৱা ভ্ৰমণৰ মাজত এক উল্লেখনীয় স্থান আছিল চেল্যুলাৰ জেল বা কালাপানী।
চেল্যুলাৰ জেল বা কালাপানী, এনে এক ঠাই যিয়ে আপোনাক স্বাধীনতা সংগ্ৰামী সকলৰ সৰ্বোস্ব ত্যাগৰ পৃষ্ঠাবোৰ আলোকপাত কৰি তুলিব পাৰে। ইতিহাসৰ পাতবোৰ লুটিয়াই যাওঁতে চেল্যুলাৰ জেলত আয়োজিত শব্দ আৰু পোহৰ প্ৰদৰ্শনীয়ে (Sound and Light Show) বিপ্লৱী সকলৰ ত্যাগৰ গৌৰৱে মোক গভীৰ ভাৱে আৱেগিক কৰি তুলিছিল। সন্ধিয়া আয়োজিত প্ৰদৰ্শনীটোত কাৰাগাৰৰ প্ৰতিটো বিশেষ কোঠালিত নিৰ্দিষ্ট পোহৰেৰে আলোকিত কৰি সেই বন্ধ কোঠালিত তথা যথাস্থানত সংঘঠিত নৃশংস আৰু বেদনাদায়ক ইতিহাসবোৰ ঘোষকৰ কণ্ঠত যেন এতিয়াও জীৱিত। বন্দী স্বাধীনতা সংগ্ৰামী সকলৰ কৰুণ ইতিহাসৰ দিনবোৰ চকুৰ ওচৰত ভাঁহি উঠিছিল।