সংযুক্তা শইকীয়া
বিষয়বস্তু বিশেষজ্ঞা, কৃষি বিজ্ঞান কেন্দ্ৰ, গোলাঘাট, অসম
(sanjukta_saikia@yahoo.co.in)
মূল শব্দ: ৰুগোজ স্পাইৰেলিং, বগা মাখি, নিয়ন্ত্ৰণ, কীটপতংগ, ভেঁকুৰৰ আক্ৰমণ
বগা মাখি
বৰ্তমান সময়ত এবিধ বগা মাখিয়ে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবষত বিভিন্ন ধৰণৰ ফল-মূল যেনে: নাৰিকল, আম আদিকে ধৰি বিভিন্ন ধৰণৰ গছ আৰু বন–বাত আদিত দেখিবলৈ পোৱা যায়। এই বগা মাখিবিধক ইংৰাজীত Rugose spiralling whitefly বোলা হয়। এই বগা মাখিবিধ ২০০৯ চনত ফ্লৰিডাত প্ৰথমে দেখা গৈছিল । লাহে লাহে এই মাখিবিধ বিশ্বৰ বিভিন্ন প্ৰান্তত বিয়পি যোৱাৰ লগতে ২০১৬ চনত দক্ষিণ ভাৰতত পোন প্ৰথম বাৰৰ বাবে চিনাক্ত কৰা হয়। ২০১৮ চনত কামৰূপ আৰু নলবাৰী জিলাৰ বিভিন্ন অঞ্চলত নাৰিকল গছত বিস্তৰ ক্ষতি সাধন কৰাৰ লগত সম্প্ৰতি শোণিতপুৰ আৰু বিশ্বনাথ জিলাতো আক্ৰমণাত্মক ৰূপ লৈছে।
পূৰ্ণাংগ বা অপৈনত মাখিবিধ পাতৰ তলফালে থুপ খাই থাকে। মাখিবিধক চুই দিয়া মাত্ৰকে উৰি নাযায়। অপৈনত মাখিবিধ পৈণত হোৱাৰ আগতে চাৰিবাৰ মোট সলায়। প্ৰথম অৱস্থাত চলাচল কৰে, বাকী অৱস্থাত পাতত ওকনি আৰু চিকৰাৰ দৰে আঠা খাই লাগি থাকে। ইহঁতৰ মুখখন জোঙা বেজীৰ নিচিনা, পাতৰ ভিতৰলৈ সোমাই দি পাতৰ ৰস শুহি খায়। ডাঙৰ হ’লে কাছ পিঠিয়া হৈ পৰে আৰু দেহৰ পৰা কপাহৰ দৰে মম, মৌ আৰু দীঘল সূতাৰ দৰে দেহৰ চাৰিওফালে ওলাই আহে। মৌৰ উপস্থিতিয়ে ভেঁকুৰৰ আকৰ্ষণ কৰে । ভেঁকুৰ আৰু মৌৰ আৱৰণটি ক’লা পৰি যোৱাৰ ফলত কীটনাশকৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ পৰে।