শ্ৰদ্ধয়া দেয়ম,অশ্ৰদ্ধয়া অদেয়ম

ঘৰখনলৈ বোৱাৰী হৈ অহা উপাসনাৰ প্ৰায় এবছৰেই হ’ল।এই এবছৰত বহুত নেদেখা ঠাই দেখিলে,বহু নজনা কথা জানিলে,বহু নকৰা কাম কৰিলে।অভিজ্ঞতাই শিকাই,জীৱন বৃত্তৰ চকৰিটো ঘূৰে,নোকোৱাকৈয়ে থাকি যায় বহু কথা,হৃদয়ত হাজাৰ ধুমুহাই কোবাই গ’লেও সংস্কাৰে বাধা দিয়ে বহু কথা হৃদয়তে ৰাখিবলৈ।

কি নাই ঘৰখনত,ইঞ্জিনীয়াৰ স্বামী,প্ৰফেছৰ শহুৰ শাহু,মেডিকেল পঢ়ি থকা ডাক্তৰ প্ৰকৃতাৰ্থত এখন সুখৰ সংসাৰ,এটি সুখী পৰিয়াল।চালে চকু ৰোৱা কাৰুকাৰ্য খচিত এটি দালান,বৃহৎ আকাৰৰ গেটখনেদি সোমাই আহিলেই মন প্ৰাণ ভৰাই তোলা এখন সুন্দৰ বাগিচা,এখন সৰু সুৰা নাৰ্চাৰীয়েই।দামী দামী বস্তুৰে ভৰি থকা ড্ৰয়িং ৰুমটোৰ একোণত এটি পুথিভঁৰাল।মুঠতে এজন মানুহৰ সোমাইয়েই মোহি নিব পৰা ঘৰখনৰ পৰিবেশ।মাকহঁতৰ মুখত শুনি থকা ঘৰখনৰ কথা তাই বাস্তৱত দেখিছিল যিদিনা ন বোৱাৰীৰ সাজেৰে উপাসনা প্ৰথম ভৰি দিছিল তাইৰ সপোনৰ ঘৰখনত।গাঁওৰ পৰিবেশৰ পৰা চহৰৰ পৰিবেশৰ লগত মিলিবলৈ তাইৰ বেছি সময় নালাগিছিল।শাহুৱেকৰ মৌ বৰষা মাত,শহুৰেকৰ আব্দাৰ,দেৱৰেকৰ বৌ,বৌ কৈ অমুক লাগে তমুক লাগে কৈ পিছে পিছে ঘূৰি ফুৰা স্বভাৱ আৰু স্বামী প্ৰীতমৰ মৰমবোৰৰ মাজত তাই পাহৰি পেলাইছিল তাই যে আন এখন ঘৰৰ ছোৱালী আৰু এতিয়া এইখন ঘৰৰ বোৱাৰী।ভাল লাগিছিল তাইৰ সকলোৰে মৰমবোৰৰ মাজত নিজকে বুৰাই ৰাখি।

বিয়াৰ দুমাহ মানৰ পিছতে উপাসনাৰ জন্মদিন আহিল।বিয়াৰ পিছত তাইৰ নতুন ঘৰখনত প্ৰথম জন্মদিন।নিজৰ ঘৰখনলৈ বৰকৈ মনত পৰে।গাঁওৰ ঘৰত সিহঁতে কমখন উৎপাত কৰে নেকি।যৌথ পৰিয়ালটোৰ প্ৰতিটো ভাই ভনীৰে জন্মদিনত সিহঁতৰ ঘৰত বিষ্ণু পূজা পাতে,পূজাৰ পিছত ওচৰ পাজৰৰ ল’ৰা ছোৱালীকেইটাক মাতি মাক,খুৰীয়েকহঁতে পায়স,লুচী-ঘূগুনীৰে জন্মদিন পালন কৰে।ৰাতিলৈ দেউতাকে ছাগলী মাংস আনে,খুৰীয়েকে বনোৱা মাংসৰ সোৱাদেই বেলেগ, গোটেইকেইটাই পৰম তৃপ্তিৰে ভাতসাজ খায়।পলকতে উৰা মাৰে উপাসনাৰ মনটো মাকহঁতৰ ওচৰলৈ।সেইদিনটোত মাকে তাইক গা ধুবলৈ পানীত গাখীৰ,তুলসী, দূবৰি,তিল,চাউল,ৰূপ,সোণৰ আঙুঠি, তামৰ মুদ্ৰা মিহলি পানী দিয়ে।এইবাৰো মাকে কৈ আছে তাইক বস্তুখিনি নিজে যোগাৰ কৰি ল’বলৈ,পিছে তাইৰ হে লাজ লাগিছে চহৰত ক’তনো তাই তুলসী, দূবৰি বিচাৰিব।তথাপিও এপাকত তুলসী পুলি ক’ৰবাত দেখে নেকি চাই আহিল, পিছে নাই ইমানবোৰ চিনি নোপোৱা ফুলৰ মাজত তাই তুলসী পুলি এটি নেদেখিলে।নিজেও ভাবিলে এতিয়া তাই বিয়া হ’ল যেতিয়া কিছুমান নিয়ম সলাব লাগিব।প্ৰীতমকো তাই এই সম্পৰ্কে একো নক’লে।সেইদিনা ৰাতি বাৰ বজাত সকলোৱে মিলি কেক এটা আনি তাইক চাৰপ্ৰাইজ দিলে।লাজেই লাগিলে তাইৰ, টি ভিত হে দেখিছিল নায়ক নায়িকাই ৰাতি বাৰ বজাত কেক কাটে,নিজে কিন্তু আবেলি পূজা ভঙাৰ পিছত কণমানিকেইটাৰ লগতহে কেক কাটিছিল।তথাপিও কেকটো কাটি সকলোকে খোৱাই প্ৰতিবাৰ প্ৰতিজনক খোৱাওতে ফটোও উঠালে দেৱৰেক পৰাগে।সকলোকে সেৱা এটিও কৰিলে তাই।বেয়া লগা নাই তাইৰ,মানুহবোৰৰ মৰমবোৰ মাত্ৰ অলপ বেলেগ ধৰণৰ।পুৱাই উঠি গোঁসাই ঘৰত চাকিগছি জ্বলাই তাই পাকঘৰত সোমালহি,ইতিমধ্যে শাহুৱেকে পুৱাৰ খানা যোগাৰ কৰিলেই,যিহেতু দেওবাৰ গতিকে সকলোকে পুৱা কৰ্ণফ্লেক্স দিয়া হ’ল।কৰ্ণফ্লেক্সখিনি দেখি তাইৰ মনটো উৰা মাৰিলে আজিৰ দিনটোত মাকে বনোৱা পায়সৰ বাটিটোলৈ।চাহ বনাই থাকোঁতে শাহুৱেকে ক’লে

*আজি তোমাৰ বাৰ্থডে উপলক্ষে এঠাইলৈ যাম ওলাবা।মই সকলো ব্যৱস্থা কৰি থৈছোঁ।প্ৰতিবাৰে ইহঁত দুটাৰ বাৰ্থডেটো আমি যাওঁ আৰু কণমানিকেইটাক কিবা অলপ দি থৈ আহোঁ, এইবাৰৰ পৰা এই লিষ্টত তোমাৰো নাম আহিল।

*কিন্তু কোনফালে যাম মা? তুমি ৰেডী হোৱা আজিৰ দুপৰীয়া সাজ আমি বাহিৰতে খাম আৰু ৰ’বা তোমাৰ বাৰ্থডে গিফ্টটো লোৱা, আজিৰ পৰা আৰু তুমি এই চাদৰ মেখেলা পিন্ধি নাথাকিলেও হ’ব।আজিকালি টাউনৰ আভিজাত্য ঘৰৰ বোৱাৰীয়ে এইবোৰ পিন্ধেই,নিপিন্ধিলেহে মই বৰুৱানী আন্টিহঁতৰ আগত লাজ পাম। মই দেউতাৰাৰ লগত কথা পাতিছো তেওঁৰো কোনো আপত্তি নাই,লোৱা এইটো।

উপাসনাই বৰ আগ্ৰহেৰে উপহাৰটো ল’লে,প্ৰীতমে তাইক তাই ভালপাওঁ বুলি কোৱা ডাঙৰ টেডী বিয়েৰ এটা আনি দিছে,পৰাগে এটা ঘড়ী দিছে আৰু এতিয়া শাহুৱেকৰ পৰা উপহাৰটো পায় তাইৰ মনটো সাতখন আঠখন হ’ল।ৰুমলৈ গৈ তাই পেকেটটো খুলি চাই কেইজোৰমান চেলৱাৰ,মনটো ভৰি গ’ল তাইৰ।চাদৰ মেখেলা পিন্ধি যে তাই বেয়া পাই এনে নহয় কিন্তু ঘৰুৱা কামবোৰ কৰিবলৈ অসুবিধাও নোপোৱা নহয়,এতিয়া যিহেতু শাহুৱেকে নিজেই দিছে তাইৰ পিন্ধিবলৈ অসুবিধা নহ’ব।

শাহুৱেকে কোৱাৰ দৰে গোটেইকেইটা সাজি কাচি যাবলৈ ৰেডী হ’ল।উপাসনাই জোৰোণত দিয়া পাতল সেউজীয়া ৰঙৰ পাটৰ চেটজোৰ পিন্ধি ল’লে।হঠাৎ শাহুৱেক সোমাই আহে

*এই কি পিন্ধিছা এইবোৰ, আমি বিয়া খাব নাযাওঁ নহয়,আশ্ৰমলৈহে যাম আৰু তাৰ পৰা বাহিৰে বাহিৰে ৰেষ্টুৰেন্ট।তাত এইবোৰ পিন্ধিলে একেবাৰে আউটডেটেত লাগিব, তাতে মই বৰুৱা আন্টিহঁতকো মাতিছোঁ, তেওঁলোকৰ আগত নিজকে আউটডেটেত যেন লাগিব হে।খোলা, খোলা, অথনি দিয়া ৰেড কালাৰৰ পাতিয়ালা ড্ৰেছটো পিন্ধা আৰু চুলিখিনি মেলি ল’বা বুজিছা,তোমাক ধুনীয়া দেখাই।

উপাসনাই কথাবোৰ মনতে আওৰাই আকৌ কাপোৰ সলাই।শাহুৱেকে কোৱাৰ দৰে এইবাৰ ওলাই যায়।

*ও এতিয়াহে মোৰ বোৱাৰী যেন লাগিছে, আহা,আহা দেৰিয়েই হৈছে।

উপাসনাই হাঁহি এটা মাৰি গাড়ীত বহে।মাত্ৰ বুজি পোৱা নাই খালী হাতেৰেনো অনাথ আশ্ৰমলৈ কিয়,কেনেকৈ যায়, প্ৰীতমক সুধিবলৈও তাই চান্সেই নাপালে।গাড়ীখন এটা সময়ত গৈ এখন ৰেষ্টুৰেন্টৰ সন্মুখত ৰ’লগৈ।পৰাগ নামি গৈ দুটি ডাঙৰ ডাঙৰ কাৰ্টুন আনি দিকিত ভৰাই দিলে।এইবাৰ উপাসনাই নুসুধি নোৱাৰিলে

*কি আছেনো মা ইয়াত?

*আশ্ৰমৰ ল’ৰা ছোৱালীবোৰৰ বাবে পেকেট লান্স।

উপাসনাই মনতে পাগুলীয়াই থাকিলে পেকেট লান্সত কি থাকিব পাৰে,বইল কণী,পেটিজ,মিঠাই।তাইৰো মন আছিল ঘৰত থাকোঁতে যেতিয়া ফেচবুকত দেখে কোনো কোনোৱে নিজৰ বাৰ্থডে, এনিভাৰছেৰীত পায়স,ভাত,মাংস ৰান্ধি অনাথ আশ্ৰম,বৃদ্ধা আশ্ৰমত আপ্যায়ন কৰে।কিছু দূৰ যোৱাৰ পিছত আশ্ৰমৰ সন্মুখত গাড়ীখন ৰখিল।গোটেই কেইটা নামি গ’ল।ভাগে ভাগে সকলোকে পেকেট লান্স দিয়া হ’ল।শাহুৱেকে তাইকো বিলাবলৈ ক’লে,তেওঁ কেমেৰামেন হ’ল।দুটামান তেওঁ নিজেও দিলে প্ৰীতমক ফটো দুকপি মান তুলিবলৈ দি।বেয়া নালাগিল উপাসনাৰ কণমানিকেইটাৰ লগত সময় পাৰ কৰি।কিন্তু বেয়া লাগিল যেতিয়া সিহঁতে পেকেট লান্সত দিয়া বিৰিয়ানীৰ সোৱাদ ল’বলৈ অসমৰ্থ হ’ল।জলাই, মছলাই গোটেইকেইটাক জোলোকা জোলোকে পানী খোৱালে।আকৌ উপাসনাৰ মনটো উৰা মাৰিলে মাকৰ হাতৰ পায়সৰ বাটিটোলৈ,খুৰীয়েকে বনোৱা মাংসৰ গোন্ধটোলৈ সেইখিনি যদি এই কণমানিকেইটাই পালেহেঁতেন কম তৃপ্তিৰে খালেহেঁতেন নে।

শাহুৱেকৰ সেইবোৰলৈ ভ্ৰূক্ষেপ নাই।আশ্ৰমৰ পৰা ওলাই সিহঁত এইবাৰ গ’ল ৰেষ্টুৰেন্টলৈ,ইতিমধ্যে বৰুৱা আন্টিহঁত আহি পাইছেহিয়েই।কপালত এটি চুমা আঁকি ‘হেপী বাৰ্থডে’ বুলি তেওঁ উপাসনাক বাৰ্থডে গিফ্টটো দিয়ে।পৰাগ,প্ৰীতম আৰু শাহুৱেকৰ পচণ্ড অনুসৰি ষ্টাৰ্টাৰ,বিৰিয়ানী,চিকেন প’ক’ৰা,মছালা চিকেন, পনীৰ বাটাৰ মছালা,মটন ৰ’গান জছ,ডিজাৰ্ট আদিৰে টেবুল ভৰি পৰিল,সকলোৱে আনন্দৰে সময়খিনি পাৰ কৰিলে,মাজে মাজে ফটো উঠাৰ কথাটো ক’বই নালাগে।দিনটো তেনেদৰে পাৰ কৰি সন্ধিয়া সিহঁত ঘৰ পায়হি।জিৰণি ল’বলৈ লৈ ফেচবুকটো খুলি দেখে শাহুৱেকৰ প্ৰফাইলৰ পৰা তাইক টেগ কৰি আশ্ৰমৰ,ৰেষ্টুৰেন্টৰ কেইবাখনো ফটো।নিজকে তাইৰ আউটডেটেত যেন লাগিল।দিনটো যিমানেই নহওঁক শাহুৱেকৰ বাবেই তাই ইমান খিনি নতুনৰ মাজত পাৰ কৰিলে তথাপিও তাই সুখী নহয় কিয়,ৰেষ্টুৰেন্টৰ সুস্বাদু ব্যঞ্জনবোৰতকৈ তাইৰ মানসপটত এতিয়াও ভাহি আছে কেৱল এৰি অহা ঘৰখনৰ পায়স আৰু মাংসৰ বাটিটো‌।শাহুৱেকক ফেচবুকতেই ধন্যবাদেৰে উপচাই পেলালে তাই,শাহুৱেকে যে বাহিৰৰ পৃথিৱীখনৰ লগত খোজ মিলাই আগুৱাব বিচাৰে,মানুহক জনাব বিচাৰে তেওঁৰ আপটোডেট স্বভাৱটোৰ বিষয়ে এইখিনি বুজিছে তাই আজি।

সময় বাগৰে,সময়ৰ বলুকাত এনে বহু অভিজ্ঞতা হ’ল উপাসনাৰ।শাহুৱেকৰ কৰ্ম মহৎ কিন্তু উদ্দেশ্য কেৱল লোক চক্ষুৰ দৃষ্টি গোচৰ হোৱা।চাবলৈ গ’লে তেনেই সহজ কিছু কথা কিন্তু উপাসনাৰ বাবে যেন তাতো থাকে অসহজ কিছু মেৰপাক।প্ৰীতম,পৰাগৰ বাৰ্থডেও তেনেদৰেই পাৰ হ’ল।তাই নিজেই সিহঁতৰ বাৰ্থডেত ৰান্ধি দিম বুলি ক’লে যদিও শাহুৱেক অমান্তি হ’ল।

*ইমান কষ্ট কৰাৰ কি প্ৰয়োজন?ইমানকেইটা ল’ৰা ছোৱালীলৈ তুমি কেনেকৈ বনাবা,নালাগে, নালাগে ইমান কষ্ট কৰিব।ৰেষ্টুৰেন্টৰ পৰাই দি দিম দৰকাৰ হ’লে কিবা চেঞ্জ কৰি দিবা মেনুখন।নহ’লে বোৱাৰীক কষ্ট দিছোঁ বুলি মোক চবেই হাঁহিব।

উপাসনাই জানে এইয়া তেওঁৰ ৰেপুট্যেচন তললৈ যোৱাৰ ভয়ত তেনেকৈ কৈছে।এইবাৰ তাই কেৱল মেনুখন সলাই পেলালে‌।

চাওঁতে চাওঁতে এবছৰেই হ’লহি।আধুনিকা শাহুৱেকৰ বোৱাৰীজনীৰ মনটোহে আধুনিক হ’বলৈ সময় লাগিল।কোনো ক্ষেত্ৰতে বাধা নিদিয়া,যি মন যায় তাকে কৰিবলৈ দিয়া, ফুৰা চকা,পিন্ধা উৰা সকলোতে প্ৰকৃতাৰ্থত এজনী ছোৱালীৰ দৰেই গ্ৰহণ কৰা শাহুৱেকক তাই কোনো দিনে,কোনো কথাতে সেয়ে ভুল ধৰিবলৈ বেয়া লাগিল,প্ৰকৃততে ভুলো নহয়,মানসিকতাৰ সলনি কৰিবলৈও যেন তাইৰ সাহসে নোকোলাই ।

এনিভাৰছেৰী বুলি তাইতকৈও যেন শাহুৱেকৰহে মন উদুলি মুদুলি।কোনখন ৰেষ্টুৰেন্টত পাৰ্টি দিব,কাক কেনেকৈ মাতিব,কি খোৱাব এইবোৰ এইকেইদিন সিহঁতৰ ঘৰৰ সৰৱ আলোচনা।উপাসনাই এইবাৰ প্ৰীতমক কৈ থৈছে সেইদিনা পুৱাই সিহঁত শুক্ৰেশ্বৰ দেৱালয়লৈ যাব,দেৱালয়ৰ বাহিৰত থকা ভিক্ষাৰীকেইজনলৈ তাই পায়স বনাই লৈ যাব লগতে মিঠাইকেইটামানৰো যোগাৰ কৰিবলৈ ক’লে।আগদিনাই শাহুৱেকক তাই কথাটো ক’লে।

*যাব খুজিছা মই বাধা নিদিওঁ, কিন্তু তোমাৰ কষ্ট হ’ব নেকি?বনাই মেলি মন্দিৰলৈ গৈ আকৌ পাৰ্টিলৈ ৰেডী হ’বলৈ কষ্ট হ’ব নেকি?নাইবা ভিক্ষাৰীকেইজনলৈ মিঠাই, পেটিজকে লৈ যোৱা।এটা কাম কৰা নাইবা মন্দিৰলৈ যোৱা, ভিক্ষাৰীকেইজনক পিছদিনা বনাই মেলি খোৱাবা।মই এনেও ভাবিয়েই আছিলোঁ পাৰ্টিৰ বাহিৰেও বৃদ্ধা আশ্ৰমত কিবা এটা দিয়াৰ কথা।আমাৰ বৰুৱানীহঁতেও দিয়ে নহয়।

*নালাগে মা,মই বৰ শ্ৰদ্ধাৰে আগবঢ়াইছো ,মই পাৰিম।অন্তৰত শ্ৰদ্ধা থাকিলে সকলো কামেই কৰিব পাৰি।শ্ৰদ্ধয়া দেয়ম,অশ্ৰদ্ধয়া অদেয়ম।

বহু কথাই ক’বলৈ আছিল যদিও উপাসনাই একো নক’লে।মানুহগৰাকীও আঁতৰি গ’ল।কেতিয়াবা এষাৰ কথায়েই বহু কথাই কৈ যায়।

✍️ মনস্বী শৰ্মা

By