পম্পী শইকীয়া,
বিশ্বনাথ চাৰিআলি, অসম, ৭৮৪১৭৬
পুৱা শুই উঠিয়েই বেৰত ওলমি থকা কেলেণ্ডাৰখনলৈ মন কৰিলে প্ৰয়াত শিক্ষক বিনন্দ চৌধুৰীৰ পত্নী অৱসাৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অপৰ্না চৌধুৰী বাইদেউয়ে | এডাল নাল ভগা চশমা পিন্ধি লাহে লাহে কেলেণ্ডাৰৰ ওচৰলৈ আগুৱাই গ’ল অপৰ্না বাইদেউ | আনদিনাৰ দৰে আজিও ৰঙা চিয়াঁহীৰ কলমটোৰে কেলেণ্ডাৰত আজিৰ তাৰিখটোত চাৰিওপিনে এটা বৃত্ত আঁকিলে | প্ৰায় এমাহমান আগৰে পৰা এনেদৰে প্ৰত্যেক দিনা প্ৰতিটো তাৰিখৰ চাৰিওপিনে বৃত্ত এটা অঁকাটো তেওঁৰ যেন এক অভ্যাসত পৰিণত হৈছে | যিমানেই কেলেণ্ডাৰখনত ৰঙা বৃত্তবোৰৰ সংখ্যা বাঢ়িছেগৈ সিমানেই সেই নিদিৰ্ষ্ট তাৰিখৰ দিনো চমু চাপি আহিছে | তাৰ লগে লগে অপৰ্না বাইদেউৰ মনটো ফৰকাল হৈ গৈ আছে | হয়টো !! আজিয়েই দেখোন সেই নিদিৰ্ষ্ট তাৰিখটো মানে জুনৰ এক তাৰিখ | মুহুূৰ্ততে তেওঁৰ মনটো এক বুজাব নোৱাৰা আনন্দৰে ভৰি পৰিল | নহবনো কিয় ? চাকৰি সূত্ৰে কলিকতাত বসবাস কৰা তেখেতৰ একমাত্ৰ ল’ৰা অনুৰাগে যোৱা মাহতে খবৰটো দিছিল যে, এই মাহৰ এক তাৰিখে সি ,বোৱাৰী মাধু আৰু আঠ বছৰীয়া নাতি মন আৰু ছবছৰীয়া নাতিনী আস্থা সপৰিয়ালে প্ৰায় ডেৰ বছৰৰ মূৰত অসমলৈ আহিব ,নিজৰ ওপজা ঘৰখনলৈ | যিহেতু নাতি নাতিনীৰ দুয়োটাৰে গ্ৰীষ্মকালিন বন্ধ গতিকে এইবাৰ অলপ দীঘলীয়াকৈ ঘৰত আহি থকাৰ কথা | খবৰটো শুনাৰ পৰাই অপৰ্না বাইদেৱে দৈনিক কেলেণ্ডাৰত দাগ দি দি হিচাপ কৰি গৈছিল, মাহৰ কেইদিন গ’ল বুলি | এৰা, অপেক্ষাবোৰটো কিমান যে হেঁপাহ লুকাই থাকে সেয়া প্ৰতিটো পলে পলে অনুভৱ কৰিছিল অপৰ্না বাইদেৱে |