বিজ্ঞান অবিজ্ঞান আৰু বিজ্ঞানমনষ্কতা

ড° পুলক সভাপণ্ডিত
সহকাৰী অধ্যাপক, গণিত বিভাগ, বিশ্বনাথ মহাবিদ্যালয়, অসম, ৭৮৪১৭৬
(pulaksabhapandit@gmail.com)

মূল শব্দ: বিজ্ঞানৰ দৰ্শন, কাৰ্ল পপাৰ, বিজ্ঞান আৰু অবিজ্ঞান, বৈজ্ঞানিক পদ্ধতি, বিজ্ঞানমনষ্কতা

বিজ্ঞানৰ সংজ্ঞা আৰু মূলভিত্তি

বিজ্ঞান কি? নিউটনৰ মাধ্যাকৰ্ষণ সূত্ৰ অথবা আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদৰ সূত্ৰ সম্পৰ্কে নিৰ্ভুল ধাৰণা লব পৰা কিম্বা অইলাৰৰ কঠিন গাণিতিক তত্ত্বত পাৰদৰ্শী হোৱাই বিজ্ঞান নেকি? ৰসায়ন বা পদাৰ্থ বিজ্ঞানত কৰোবাৰ ধাৰণা বহুত স্পষ্ট, কোনোবা গণিতৰ পোক, তাতেই কি তেওঁলোকৰ বিজ্ঞান শিক্ষা সাৰ্থক? উত্তৰ হ’ব নহয়। বিজ্ঞান হৈছে এটা দৰ্শন,যি দৰ্শনৰ মূল ভেটি হ’ল প্রশ্ন কৰা, অনুসন্ধান কৰা। বিজ্ঞান হৈছে বিশ্বৰ যাৱতীয় ভৌতিক বিষয়াৱলীৰ পৰ্যবেক্ষণ,পৰীক্ষণ তথা মূল্যায়ন কৰিব পৰা নিয়মসিদ্ধ, বিধিৱদ্ধ তথা গবেষণালদ্ধ এক পদ্ধতি যি জ্ঞানক সুসংগঠিত ৰূপত একজোঁট কৰে। লেটিন শব্দ ’ছায়েন্টিয়া’ৰ পৰা ইংৰাজী ছায়েঞ্চ শব্দটো আহিছে, যাৰ অৰ্থ হৈছে জ্ঞান। অসমীয়া ভাষাত বিজ্ঞান শব্দটোৰ অৰ্থ হ’ল বিশেষ জ্ঞান।

Download full pdf