মাৰ্দাৰ

মাৰ্দাৰ

।।৩য় তথা শেষ খণ্ড ।।

ইফালে জনমুক্তি মঞ্চৰ নেতাবোৰে থানাত হুলস্থুল লগাই দিছে । এতিয়ালৈকে দোষীক কিয় ধৰিব পৰা নাই । বিৰোধী দলৰ মানুহক এৰেষ্ট কৰি, কিয় মুকলি কৰি দিছে, ইত্যাদি বহুত প্ৰ্শ্ন ।

তেওলোকৰ মতে, মৃত্যুঞ্জয় পাৰ্টীৰ, এজন খুব দক্ষ্ নেতা আছিল । মৃত্যুঞ্জয়ৰ চেষ্টাতেই অহাবাৰ ইলেক্সনত জনমঞ্চ শাসনত অহাটো খাটাং আছিল । জনমঞ্চ যাতে শাসনত আহিব নোৱাৰে তাৰ বাবে হেনো তাক হত্যা কৰি পাৰ্টীক দুৰ্বল কৰিব বিচাৰিছে । হত্যাকাৰীক সোনকালে ধৰিব নোৱাৰিলে সিঁহতে আন্দোলন কৰি চহৰ উতপ্ত কৰাৰ ধমকিও দিছে ।

“ছাৰ”, Sub-Inspector দত্তই, ইন্সপেক্তৰ সিঙৰ ৰুমলৈ সোমাই আহি কলে । “Sir, Treasurer দেৱ শইকীয়াৰ পাছত দুজন মানুহ লগাইছিলো ছাৰ । খবৰ এটা পাইছো । শইকীয়া যোৱাকালি বিৰজৰা নৈৰ সেই দলংৰ ওচৰৰ, মেটেকা ৰ্গাঁওৰ জীৱন নামৰ ঠিকাদাৰ এজনৰ ঘৰত গৈছিল । শুনামতে তাক কিহবাৰ বাবে দেৱ শইকীয়াই টকা দিছে ছাৰ ।”

“ঠিক আছে এটা কাম কৰক দত্ত ।“ ইন্সপেক্তৰ সিঙে ক’লে । “শইকীয়া আৰু ঠিকাদাৰ জীৱনক একে সময়তে আটক কৰক আৰু বেলেগ বেলেগ ৰুমত একে সময়তে জেৰা কৰক । সিহতৰstatement বোৰ নোট কৰক । Let’s See দুয়োজনৰ কথাৰ মিল আছেনে নাই ।”

নিৰ্দেশ মতে অপাৰেছন সঞ্চালন কৰা হল । উৰ্পযুপৰি কৰা জেৰাৰ অন্তত শইকীয়াই স্বীকাৰ কৰিলে যে হত্যাৰ দিনা আৰু কালি তেঁও জীৱন ঠিকাদাৰৰ ঘৰলৈ গৈছিল । হত্যাৰ দিনা শইকীয়াই 1st. installment আৰু কালি 2nd installment ৰ জীৱনে পাবলগীয়া টকা খিনি দিছিলগৈ, কিন্তু সেয়া হত্যাৰ লগত কোনো সৰ্ম্পক নাই । সেয়া কেৱল এক সংযোগ মাত্ৰ ।

জীৱনে পাৰ্টীৰ মিটিঙৰ বাবে মাজে মাজে দৰ্শকৰ যোগান ধৰে । যাতে পাৰ্টীৰ মুখ জনমানসত অক্ষুন্ন থাকে । কেইদিন মানৰ আগতে হোৱা মিটিঙ এখনৰ দৰ্শক যোগানৰ পেমেন্ট আছিল সেয়া । যিহেতু শইকীয়া আৰু জীৱন দুয়ো বন্ধু, সেয়ে টকাতো তেও জীৱনক, ব্যক্তিগত ভাবে লগ কৰি দিছিলগৈ । পুলিছে জীৱনৰ পৰাও সেই একে ভাষ্য পালে । কিন্ত এই সন্দৰ্ভত পুলিছে আৰু কিছু তথ্য পাবৰ বাবে তেওলোকক পুলিছৰ জীম্মাত ৰাখিলে ।

চহৰ খনত পুলিছৰ search operation তীব্ৰ কৰি তোলা হৈছে । চহৰৰ বাহিৰলৈ যোৱা সকলো পথত checking চলি আছে । CCTV ফুটেজ বোৰো check কৰা হৈছে । মাৰ্দাৰ স্পটৰ আশেপাশে সকলো অঞ্চল পৰীক্ষা কৰি পোৱা তথ্যৰ ভিত্তিত analysis চলি আছে । মৃত্যুঞ্জয়ৰ ব্যবসায়ৰ সকলো কন্ত্ৰেক্ট, পলিটিকেল পাৰ্টীৰ সকলো কন্ত্ৰেক্ট এটা এটাকে পৰীক্ষা কৰা হৈছে ।

পুলিছ ৰেৰ্কদত নাম থকা, চহৰৰ যিমান অপৰাধী আছে সকলোকে জেৰা কৰি থকা হৈছে । কিন্তু বাৰে বাৰে সকলোবোৰ তথ্য গৈ গৈ এটা মহা শুন্যত শেষ হৈছেগৈ ।

মৃত্যুঞ্জয়ৰ হত্যা আজি দুমাহ হবৰ হ’লহি । আজি পৰ্য্যন্ত হত্যাকাৰী মুকলি আকাশৰ তলত । আনফালে জনমঞ্চ পাৰ্টীয়ে প্ৰতিবাদ অব্যাহত ৰাখিছে । চহৰ খন মৃত্যুঞ্জয়ৰ হত্যাত উতপ্ত হৈ উঠিছে । পুলিছে এতিয়া চহৰ খনৰ আইন ব্যৱস্থাই চাই নে হত্যাৰ তদন্ত কৰে । কেছটো CBI লৈ Transfer কৰাৰো আবেদন আহিছে পাৰ্টীৰ পৰা । এইবোৰকে ভাবি ভাবি ইন্সপেক্তৰ সিঙ বৰ্তমান থানাতেই আছিল । হঠাত থানালৈ এটা ফোন আহিল ।

-“মই কোনে কৈছো পিছত শুধিব । আপোনালোকৰ পুলিছ টীম লৈ জগতৰ ঘৰলৈ আহক সোনকালে । ” এইবুলি কৈ ফোনটো সিফালৰ পৰা কাটি দিলে ।

লগে লগে ইন্সপেক্তৰে জীপ Start দিলে । জগতৰ ঘৰলৈ বুলি । জগতৰ ঘৰ পাই দেখে বহুত মানুহ । ইন্সপেক্তৰ সিঙ লাহে লাহে সোমাই গল । কিন্তু এয়া কি জগতৰ ভনীয়েক আল্পনাৰ মৃতদেহ মাটিত পৰি আছে । মৃতদেহৰ কাষতে মাকে কান্দি আছে । জগত, তাৰ ভায়েক, বাপেক সকলো নিৰব । তাত থকা কন্স্তেৱল এজনে এখন কাগজ ইন্সপেক্তৰলৈ আগবঢ়াই দি ক’লে , “ছাৰ চুইচাইড ন’ট ।“ ইন্সপেক্তৰে লাহেকৈ ন’টটো পঢ়িব ধৰিলে ।

“মোৰ মৃত্যুৰ বাবে কোনো দায়ী নহয় । মই অনুশোচনাত ভুগীহে এই পথ বাচি ললো । মৃত্যুঞ্জয়ক মই ভাল পাইছিলো, কিন্তু সি, মোৰ ভালপোৱা বাৰে বাৰে প্ৰত্যাখ্যান কৰিছিল । হয়টো মোৰ প্ৰেম একপক্ষীয় আছিল । মই নাজানো কিয়, মোৰ এনে লাগিছিল যেন, সি যদি মোৰ নহয়, তেনেহলে তাক মই আন কাৰোৰে হব দিব নোৱাৰিম । সেইদিনা সেয়ে, তাক মই ৰাইদং চাৰিআলিত লগ পাই ফুৰিবলৈ লগ ধৰিছিলো নদীৰ পিনে । সি মান্তি হোৱাত মই তাৰ গাড়ীত উঠি লৈছিলো ।

তাৰ ওচৰত মই মোৰ ভালপোৱা আকৌ এবাৰ প্ৰকাশ কৰিছিলো । কিন্তু সি আগৰদৰে উৰুৱাই দিছিল । সি কেতিয়াও মোক বুজিবৰ চেষ্টাই কৰা নাছিল । মই হতাশাত ভাগি পৰিছিলো । আৰু এটা সময়ত ছেগ বুজি তাৰ পিষ্টলটো মই উলিয়াই লৈছিলো । সি, গাড়ীৰ DashBoard ৰ কিনাৰৰ সৰু বক্সটোত, তাৰ পিষ্টল যে ৰাখে, সেয়া মই আগৰেপৰা জানিছিলো । সি মই ধেমালী কৰা বুলি ভাবিছিল আৰু সেয়ে একো বাধাও দিয়া নাছিল । ছেগ বুজি সেইদিনা মই তাৰেই পিষ্টলেৰে তাক হত্যা কৰিছিলো ।

পিষ্টলটো ভয়তে মই লৈ আহিছিলো আৰু বাৰীৰ পিছফালে পুতি থৈছিলো । কিন্তু তাৰ পিছৰে পৰা মই অনুশোচনাত ভুগিব ধৰিলো । কতোৱেই মই মন বহাব পৰা নাছিলো । তাৰ অবিহনে, মই আৰু জীয়াই থাকিব নোখোজো । আজি সেয়ে মই চৰম সিদ্ধান্ত লৈ পেলালো । পাৰিলে ক্ষমা কৰি দিব । “

লগে লগে ইন্সপেক্তৰৰ নিৰ্দেশত ঘৰৰ পিছফালটো বিচাৰি পিষ্টলটো, পুতি থোৱা অৱস্থাত সচাকৈয়ে পোৱা গ’ল । Handwriting Experts ৰ দ্বাৰা Check কৰি চুইচাইদ ন’ট টো আল্পনাই নিজে লিখা বুলি সাব্যস্ত হ’ল ।

ইন্সপেক্তৰে ম’নে ম’নে এবাৰ ভাবিলে । ৰাইদং চাৰিআলীৰ CCTV কেইটা ভালে থকা হলে, এই কেছটোৰ সমাধান আগতেই কৰিব পাৰিলোহেতেন । একো নহ’লেও আল্পনাৰ দৰে প্ৰতিভাবান খেলুৱৈক আত্মহত্যা কৰাৰ প’ৰাটো বচাব পাৰিলোহেতেন । Department য়ে CCTV ৰ Annual Maintenance ৰ বাজেট নাৰাখেই নহয় ।

মৃত্যুঞ্জয়ৰ হত্যাৰ দুমহীয়া Search Operation এইদৰেযে শেষ হব, কোনেও, ভাবিবই পৰা নাছিল ।

—- সমাপ্ত ––

🏠

 

By