হেপাহৰ এসাজ

লুইতৰ বালি চাপৰিত !!১৯৯৪ চনৰ গ্ৰীস্ম কালিৰ এটি দিন ৷ দিন বাৰ পাহৰিলো ৷ দৰঙৰ বিশিষ্ট সাংবাদিক শ্ৰদ্ধাৰ তুৱা ৰাম ডেকা আৰু শ্ৰদ্ধাৰ ড০ মহেন্দ্ৰ প্ৰসাদ বৰুৱা ডাঙৰীয়াৰ সৈতে ছিপাঝাৰৰ চৰ অঞ্চললৈ গৈছিলো ৷ ধানবাৰী আৰু ফুহুৰাতলী আদি চৰ এলেকাবোৰত থকা লোকসকলৰ সৈতে বাৰ্তালাপ কৰিলো ৷ তাৰ পৰা আমি আমাৰ গন্তব্যস্থান সম্পৰ্কে স্থানীয় লোক সকলক সোধাত গাড়ী নেযাব বুলি ক’লে ৷ আমি বিমোৰত পৰিলো ৷ ‘যি হয় হ’ব, উভটি যোৱাতকৈ আমাৰ গন্তব্যস্থানলৈ যামেই ‘ এই মনোভাৱ লৈ আমাৰ পটলুং কোছাই পদযাত্ৰা আৰম্ভ কৰিলো ৷ পৰিধান কৰা জোতা গাড়ীতেই থলো ৷ একেবাৰে হাস্য বদনে থকা সুৰুজ ককাইক মুৰৰ ওপৰত লৈ প্ৰায় ছয় সাত কিলোমিটাৰ মান পদযাত্ৰাৰ অন্তত গন্তব্যস্থান পালো ৷ অণ্ঠকণ্ঠ শুকাই গ’ল ৷ খোৱা পানী লগত নিয়া নাছিলো ৷ মানে বিস্কুট এপেকেটো নিয়াৰ কথা মনলৈ অহা নাছিল ৷ এতিয়াহে পালো মজা !! অৱশ্যে এই দুয়োগৰাকী ব্যক্তিৰ লগত যাত্ৰা কৰাৰ আনন্দই সুকীয়া ৷ ইমান ৰসাল কথা বতৰা !! ভোক পিয়াহৰ কথা কৰবাতেই ৰয় !!কনিষ্ঠ বুলিও মোক আকৌ নিলগাই নথয় ৷গন্তব্যস্থান পাইহে লাগিল অথন্তৰ !! যি কেইগৰাকী ব্যক্তিয়ে আমাক তালৈকে মাতিছিল তেওঁলোকৰ দেখাদেখিয়েই নাই ! বৃহৎ এলেকাটোও একেবাৰে নিৰ্জন ৷ অৱশ্যে পলসুৱা পানী বুকুত লৈ গতি কৰা নদী এটা আছে ৷ তৃষ্ণা নিবাৰণৰ আন বিকল্পও একো নাই !! ব্যক্তি কেইগৰাকী থাকিলে হয়তো ৰঙা চাহ এপিয়লাই পালোহেতেন ৷ সদ্যহতে পলসুৱা পানীৰেই হাত ভৰি ধুই লওঁ বুলি নদীত নামোতেই দেখিলো উজনীৰ পিনে ভাজ এটিৰ আগত তিনিজন ব্যক্তি ৷ নদীৰ সোতেৰেই উজাই গ’লো ৷ তিনিওগৰাকী ব্যক্তিৰ লগত পৰিচয় হৈ গম পালো তেখেত সকল গৰখীয়া ৷ আমাক চিনি নেপাই যদিওঁ তুৱা দাদাৰ নামটো হেনো শুনিছে ৷ দেউতাক হেনো লগো পাইছে !! আসঃ ৰক্ষা ৷ কিবা এটি হ’ব !নদীৰ পাৰতেই তেওঁলোক তিনিজনৰ বাবে ভাত ৰান্ধিব ৷ ভাত মানে কেৱল ভাত, লগত তেল নমৰা দালি, এজেবা নিমখ আৰু তুলতুলীয়া কেচা জলকীয়া !! আমাৰ অৱস্থা দেখি নদীৰ পলসুৱা পানী গৰম কৰি গামোছাৰে চেকি খাবলৈ দিলে ৷ হওক তৃষ্ণা নিবাৰণ হ’ল বাৰু !!তেওঁলোকৰ পৰাই আমালৈ ভাতৰ ভাগ আগবঢ়ালে ৷ আমি টো ৰৈয়েই আছিলো কেতিয়া নো ভাত খোৱাৰ বাবে কয় !! নদীৰ পাৰতেই বহি কলপাতত একেলগে দুপৰীয়াৰ ভোজন সমাপ্ত কৰিলো ৷ চুচি মাজি খালো ৷ যদিও তেওঁলোকৰ ভাগৰ পৰা ললো !! ইমানেই সোৱাদলগা আছিল সেই খিনি ভাতৰ !! ভাত নহয় যেন অমৃতহে !! বহুতো ভাল হোটেলটো এই সোৱাদ পোৱা নেযায় !! তাতেই দুপৰীয়াৰ ভোকৰ ভাত !! মৰমীয়াল গৰখীয়া কেইগৰাকীক আন্তৰিক ধন্যবাদ জনালো ৷ তেওঁলোকে এটি চমু পথেৰে আমাৰ গাড়ী খনৰ কাষ পোৱাৰ নিৰ্দেশনা দিয়া মতে সোনকালেই আহি পালো ৷ তেওঁলোকক কেইটামান টকা দিম বুলি ভাবিছিলো যদিও তেওঁলোকৰ এই বদান্যতা আৰু সৰলতাৰ প্ৰতি অপমান কৰা হ’ব বুলি বিৰত থাকিলো !**আঠাইশ বছৰ পিছত আকৌ হেপাহৰ এসাজ !! ভাৰত- ভূটান সীমান্তত !!**আজি কিছুদিন আগতে সতীৰ্থ হিতেশ হাজৰিকাৰ সৈতে পুৱাই যাত্ৰা আৰম্ভ কৰিলো ভাৰত ভূটান সীমান্তৰ জ্বালিমুখ অঞ্চললৈ ৷ হিতেশ মঙলদৈ মহাবিদ্যালয় ছাত্ৰ আৱাসৰ মোৰ সহ আৱাসী আছিল ৷ সহ আৱাসী মানে মোৰ আলহীৰ বাবে সদায়েই নিজৰ বিছনাখন এৰি আন কোঠাত ৰাত্ৰিযাপন কৰা !! মঙলদৈ-কলাইগাওঁ- টংলা- পানেৰী হৈ ৷ ননৈ আৰু কুলশী (নামনিত শাকতোলা) নৈৰ সোত সলনি হোৱা আৰু জ্বালিমুখৰ বান্ধটি সম্পৰ্ক ক্ষেত্ৰ ভিত্তিক অভিজ্ঞতা অৰ্জনৰ বাবে ৷ লগত সংগ দিলে নিজডলাৰ অসম আন্দোলনৰ দিনৰে সতীৰ্থ সৎ ৰাম বড়া দেৱে ৷ ষাঠি কিলোমিটাৰ যাত্ৰাৰ অন্তত বৰমুকলি নামৰ গাওঁখন পালো ৷ গাওঁখনৰ শেষৰ ঘৰটোৰ পৰা ৰাস্তা নাই ৷ মানে মটৰ চাইকেলো নেযায় ৷ তাতেই গাড়ী খন ৰাখিলো ৷ লগ পালো সাংবাদিক ধ্ৰুৱ প্ৰসাদ চহৰীয়া, ওদালগুৰিৰ পৰা অহা দীপক শৰ্মা, স্থানীয় হীৰালাল পৰজা, ইন্দ্ৰ বাহাদুৰ নেৱাৰ, প্ৰফুল্ল বসুমতাৰী আৰু প্ৰায় পোন্ধৰ গৰাকী মান ব্যক্তি ৷ এই সকল ব্যক্তিয়েই জ্বালিমুখৰ বান্ধটি নিজা প্ৰচেষ্টাৰে বন্ধাৰ নিৰলস প্ৰচেষ্টা চলাই আহিছে ৷আমি পদব্ৰজে যাত্ৰা আৰম্ভ কৰিলো অতি মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজেৰে ৷ অহা যোৱা মুঠ বিশ কিলোমিটাৰ মান হ’ব ৷ এইবাৰ অৱশ্যে তৃষ্ণা নিবাৰণৰ বাবে পানীৰ ব্যৱস্থা আছে ৷ ওভটনি যাত্ৰাত দেখিলো কুলশী নৈৰ পাৰতে অকনমান জংগল ভাঙি দুপৰীয়াৰ ভাত সাজ ৰন্ধাৰ প্ৰস্তুতি চলাই আছে ৷ বাঢ়নি পানীয়ে শিপা সহ উভালি উটুৱাই অনা গছৰ ঠাল ঠেঙুলি বোৰেই খৰি ৷ অলপ সময় লাগিল যদিওঁ অতি উৎকৃষ্ট ভোজন ৷ সোৱাদো সেই লুইতৰ চাপৰিত গৰখীয়া কেইজনে ৰন্ধা আহাৰৰ দৰে ৷ বনৰ মাজতে আমি আটাইকেইজনে একেলগে আহাৰ গ্ৰহণ কৰিলো ৷ সচাকৈয়ে হেপাহৰ এসাজ !!

ভাৰ্গৱ কুমাৰ দাস

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

1 + 8 =