বিজ্ঞান অবিজ্ঞান আৰু বিজ্ঞানমনষ্কতা

বিজ্ঞান

বিজ্ঞান কি? নিউটনৰ মাধ্যাকৰ্ষণ সূত্ৰ অথবা আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদৰ সূত্ৰ সম্পৰ্কে নিৰ্ভুল ধাৰণা লব পৰা কিম্বা অইলাৰৰ কঠিন গাণিতিক তত্ত্বত পাৰদৰ্শী হোৱাই বিজ্ঞান নেকি? ৰসায়ন বা পদাৰ্থবিজ্ঞানত কৰোবাৰ ধাৰণা বহুত স্পষ্ট, কোনোবা গণিতৰ পোক, তাতেই কি তেওঁলোকৰ বিজ্ঞান শিক্ষা সাৰ্থক? উত্তৰ হ’ব নহয়। বিজ্ঞান হৈছে এটা দৰ্শন,যি দৰ্শনৰ মূল ভেটি হ’ল প্রশ্ন কৰা, অনুসন্ধান কৰা। বিজ্ঞান হৈছে বিশ্বৰ যাৱতীয় ভৌতিক বিষয়াৱলীৰ পৰ্যবেক্ষণ,পৰীক্ষণ তথা মূল্যায়ন কৰিব পৰা নিয়মসিদ্ধ, বিধিৱদ্ধ তথা গবেষণালদ্ধ এক পদ্ধতি যি জ্ঞানক  সুসংগঠিত ৰূপত একজোঁট কৰে। লেটিন শব্দ ’ছায়েন্টিয়া’ৰ পৰা ইংৰাজী ছায়েঞ্চ শব্দটো আহিছে, যাৰ অৰ্থ হৈছে জ্ঞান। অসমীয়া ভাষাত বিজ্ঞান শব্দটোৰ অৰ্থ হ’ল বিশেষ জ্ঞান।

   অষ্ট্ৰিয়-ব্রিটিছ দাৰ্শনিক কাৰ্ল ৰেইমাণ্ড পপাৰ(১৯০২-১৯৯২)-য়ে ১৯৫৯ চনত ’The Logic of Scientific Discovery’ নামৰ এখন কিতাপত বিজ্ঞান সম্পৰ্কে খুব বিতৰ্কিত এটা বক্তব্য আগবঢ়াইছিল। তেওঁ কৈছিল,’আমি যাক বিজ্ঞান বুলি জানো, সেয়াই আমাক প্ৰকৃততে কোনো জ্ঞান দিব নোৱাৰে; আমি একোৱেই শুদ্ধকৈ জানিব নোৱাৰো,অনুমান কৰো মাত্ৰ৷’ অৰ্থাৎ বিজ্ঞান প্রকাৰন্তৰে এটা অনুমানমূলক ধাৰণা। পপাৰে আৰু কৈছিল যি প্রক্রিয়াৰ মাধ্যমেৰে বৈজ্ঞানিক সত্য গঢ়ি উঠে তাৰ ভিতৰতেই ৰৈ গৈছে ফাঁক। তেওঁৰ মতে কিবা এটা প্ৰমান কৰাৰ আগতে আমি যেতিয়াই কিবা এটা সত্য বুলি ধৰি লওঁ তেতিয়াই আমি এটা পদ্ধতিগত ত্ৰুটিৰ ভিতৰত সোমাই পৰো৷ তাৰোপৰি যিকোনো বৈজ্ঞানিক জ্ঞানক লৈ সন্দেহতো কৰাই উচিত! বাৰ্টেণ্ড ৰাছেলে ’Problems of Philosophy’-ত কৈছিল, ’এই জগতত এনে কি জ্ঞান আছে যাক লৈ কোনোবাই কিবা নহয় কিবা সন্দেহ নকৰে?’

    সঁচাই বিজ্ঞানৰ বাবে ইয়াতকৈ মৰ্যদাহানিকৰ কথা আৰু কি হ’ব পাৰে? য’ত নেকি বিজ্ঞান, ক্ষুদ্ৰ এটি বালিকনাৰ পৰা আৰম্ভ কৰি এই বিশাল বিশ্বব্ৰহ্মাণ্ডৰ পুঙ্খানুপুঙ্খ অধ্যয়নৰ জৰিয়তে তাৰ মৰ্মকথা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তেনেক্ষেত্ৰত বিজ্ঞানে কিবা জ্ঞান দিব পাৰেনে নাই তাক লৈ কোনোবাই যেতিয়া প্রশ্ন কৰে, সে’য়া কিমান এটা সাংঘাতিক বিষয় সহজেই অনুমান কৰিব পাৰি। অৱশ্যে পপাৰে এনে ‘ধৃষ্টতামূলক’ কথা এনেয়ে কৈছে বুলি ভবাৰ নিশ্চয় কোনো থল নাই৷ বিশেষকৈ বিজ্ঞানৰ চৰিত্র সম্পৰ্কে এনে ধৰণৰ কথা কবলৈ যাওঁতে যে তাৰ সমস্ত ইতিহাস হাতৰ মুঠিত ৰাখিব লাগে, সে’য়া নিশ্চয় পপাৰে ভালদৰে জানে। পপাৰৰ জীৱনকালৰ শতিকাতো আছিল বিজ্ঞানৰ সকলোতকৈ বিকশিত সময়।

আইনষ্টাইনৰ ৰিলেটিভিটি বা কোৱান্টাম মেকানিক্সক লৈ পপাৰে বিভিন্ন সময়ত বিভিন্ন মন্তব্য আগবঢ়াইছিল। পপাৰৰ বিৰুদ্ধে বহু খ্যাতনামা বিজ্ঞানীয়ে অভিযোগ আনিছিল যে তেওঁ নেকি বিজ্ঞানৰ সকলো অৰ্জনৰ ওপৰত সদায় সন্দেহ প্ৰকাশ কৰিছিল; বিজ্ঞান প্ৰসংগত সদায় ৰাখিছিল এটা প্ৰশ্নবোধক৷ সঁচাকৈ পপাৰৰ দৃষ্টিত তেনেহ’লে বিজ্ঞান বেলেগ নেকি ?তেনেহ’লে বিজ্ঞান প্ৰকৃততে কি? বিজ্ঞানক অ-বিজ্ঞানৰ পৰা কেনেকৈ পৃথক কৰা যায়? বিজ্ঞান আৰু অবিজ্ঞানৰ সীমা নিৰ্ধাৰণৰ পৰিস্কাৰ কোনো বিভাজন ৰেখা আছেনে?

   প্ৰকৃততে বিজ্ঞান হ’ল প্রকৃতিৰ নিগুঢ় আৰু গোপনে ঢ়াকি ৰখা সত্য উন্মোচনৰ এটা সুশৃংখল হাতিয়াৰ। ইয়াৰ দুটা দিশ আছে, এটা তাত্বিক আৰু আনটো ব্যৱহাৰিক। ব্যৱহাৰিক প্রেক্ষাপটক কোৱা হয় প্রযুক্তি। গতিকে বিজ্ঞান শব্দটো প্রযুক্তিৰ পৰা পৃথক কৰা অনুচিত। বিজ্ঞানৰ তাত্বিক জ্ঞান যেতিয়াই প্রয়োগৰ মাধ্যমেৰে কাৰ্যকৰী হৈ উঠে তেতিয়াই সে’য়া প্রযুক্তিৰ পৰিসৰত পৰে৷ এই বিজ্ঞানৰ বাহিৰত যি আছে সে’য়াই অবিজ্ঞান। তেনেহ’লে বিজ্ঞান আৰু অবিজ্ঞানৰ মাজৰ সীমা কেনেকৈ নিৰ্ধাৰণ কৰা হয়? দুখন দেশৰ মাজৰ সীমা যেনেকৈ নিৰ্ণয় কৰা হয় ঠিক একেদৰে সম্ভৱনে? নিশ্চয় নহয়। কাৰণ, বিজ্ঞান আৰু অবিজ্ঞানৰ মাজত যি পৰিস্কাৰ ৰেখা থাকিব লাগিছিল, তেনে ৰেখা পোৱাটো অত্যন্ত কঠিন। আৰু সেই বাবেই সৃষ্টি হয় বিতৰ্কৰ।

উদাহৰণস্বৰূপে আমি যদি ৰামধেনুৰ কথা বিবেচনা কৰো তেন্তে ইয়াত এটাৰ পিছত এটাকৈ সাতোটা ৰঙৰ ধাৰাবাহিক সমাবেশ দেখা যায়৷। কিন্তু সমস্যাটো হ’ল ক’ত বেঙুনীয়া ৰং শেষ হৈছে আৰু কোন ঠাইৰ পৰা নীলা আৰম্ভ হৈছে তাৰ নির্দিষ্ট ’কাটিং এজ’ বিচাৰি পোৱা যথেষ্ট কঠিন। অৰ্থাৎ ক’ত অবিজ্ঞানৰ শেষ আৰু বিজ্ঞানৰ আৰম্ভণি তাক স্পষ্টকৈ কোৱাটো অত্যন্ত কঠিন কাম৷ পামিষ্ট্ৰি বা হস্তৰেখাবিদ্যা কোনোদিন বিজ্ঞান শাৰীলৈ উঠিব পৰা নাই। কাৰণ বিজ্ঞানে যি সুনিৰ্দিষ্ট আৰু স্পষ্ট জ্ঞান দিয়ে বুলি ধাৰণা কৰা হয়  হস্তৰেখাবিদ্যা সেই মানদণ্ডলৈ উঠিবলৈ সক্ষম হোৱা নাই।

ঠিক একেদৰে বেজালি, তন্ত্রমন্ত্র, বানমৰা, বশীকৰণ, যাদুবিদ্যা ইত্যাদিক বিজ্ঞানৰ পৰিসীমাৰ পৰা বাদ  দিয়া হৈছে৷ অৰ্থাৎ এটা বিষয় স্পষ্ট যে, অবিজ্ঞান বা মানুহৰ যুক্তিহীন বিশ্বাসৰ পৰা বিজ্ঞান পৃথক হৈছে এটা বিশেষ বৈশিষ্টসূচক বিভাজন ৰেখাৰ জৰিয়তে যাৰ নাম ’পৰীক্ষা’। কিন্তু প্রশ্ন হৈছে যি পৰীক্ষা আৰু পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰ কৰি বিজ্ঞানক অবিজ্ঞানৰ পৰা পৃথক কৰা হৈছে সকলোক্ষেত্ৰতে এনে বিভাজন সম্ভব হৈছেনে? বিজ্ঞানত কি অনুমান, কল্পনা, চিন্তা, আৰু গভীৰ অনুধাৱনৰ স্থান নাছিল নেকি?

   এইখিনিতেই আহি পৰে দাৰ্শনিক পপাৰৰ মন্তব্যৰ যথাৰ্থতা। পপাৰে কিয় বিজ্ঞানক কঞ্জেকচাৰ বা অনুমানমূলক ভাৱনা হিচাপে বিবেচনা কৰিছিল। পপাৰৰ এই ভাৱনাৰ এটা কাৰণ হ’ল বিজ্ঞানৰ ইতিহাস। বিজ্ঞানে কি চূড়ান্ত কোনো সত্য দিব পাৰে? বিজ্ঞানৰ ইতিহাসত কি কোনো ভুল-ত্রুটি নাই? বিজ্ঞানৰ দীৰ্ঘ যাত্ৰাত আছে বহুতো ভুল ভ্রান্তি। তেওঁ মতে বিজ্ঞানৰ সত্য চিৰস্থায়ী নহয়, কালৰ গৰ্ভত বিজ্ঞানৰ সত্য মিলি যায়, আকৌ নতুন সত্যই গা কৰি উঠে৷ এৰিষ্টটল আৰু টলেমীৰ বিজ্ঞানে প্রায় হাজাৰ বছৰ ধৰি মানুহৰ মনোজগতত স্থায়ীত্ব লাভ কৰাৰ পিছত তাক বদলি কৰি দিয়ে কপাৰ্নিকাচ,গেলিলিওয়ে।

আকৌ তেওঁলোকৰ বিজ্ঞানো সময়ৰ সোতত সলনি হৈ পৰে, আহে নতুন এক চিন্তা। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি কৃষ্ণগহ্বৰৰ অস্তিত্ব প্রমাণৰ বাবে ব্রিটিছ বিজ্ঞানী ৰজাৰ পেনৰ’জে কৰা গৱেষণাৰ কথা যাৰ বাবে তেওঁ এইবাৰ পদাৰ্থ বিজ্ঞানত ন’বেল পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ সাধাৰণ আপেক্ষিকতাৰ তত্ত্বৰ ভিত্তিত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে যি ধাৰণা দি গৈছিল, সেইটোৱেই আজি সত্যত পৰিণত হৈছে৷ কিন্তু এটা সময়ত আইনষ্টাইনে কৃষ্ণগহ্বৰৰ অস্তিত্ব সম্পৰ্কে যি সম্ভাৱনা ব্যক্ত কৰিছিল তাক লৈ সকলো বিজ্ঞানীয়ে সংশয় আৰু সন্দেহ প্ৰকাশ কৰিছিল৷ গতিকে দেখা যায়  চিৰন্তন সত্য বলে আচলতে একো নাই; এখন সম্ভাৱনাৰ বিশ্বব্ৰহ্মাণ্ডত আমি বসবাস কৰো। এই জটিল বিশ্বব্ৰহ্মাণ্ডৰ এখন এখনকৈ আবৰণ খুলি তাৰ ভিতৰত প্রবেশ কৰাৰ প্রচেষ্টাই হ’ল বিজ্ঞান। বিজ্ঞানৰ সীমাবদ্ধতা আছে৷ সেইবাবেই একবিংশ শতিকাৰ বিজ্ঞান বিংশ শতিকাৰ বিজ্ঞানতকৈ বেলেগ বা আগবঢ়া৷

আনহাতে বিজ্ঞানমনষ্কতা বুলিলে আমি দুটা বৈশিষ্ট্যক বুজো যি বিজ্ঞানক ধাৰণ কৰাৰ বাবে অপৰিহাৰ্য। এই দুটা বৈশিষ্ট্য হ’ল–প্রশ্ন কৰাৰ প্রৱণতা আৰু তাৰ সমান্তৰালভাৱে অনুসন্ধানৰ

প্রৱণতা। অৰ্থাৎ, যি ব্যক্তিয়ে অন্তৰত উপৰোক্ত দুটা বৈশিষ্ট্য ধাৰণ কৰিব, তেৱেঁই বিজ্ঞানমনষ্ক হিচাপে বিবেচিত হ’ব। এই প্রশ্ন কৰা আৰু সত্যান্বেষণ কৰাৰ চেতনা বা মানসিকতা যদি আমাৰ ভিতৰত জাগ্ৰত নহয় তেন্তে হাজাৰ হাজাৰ কিতাপ পঢ়িও আমি হয়তো জ্ঞানী হ’ব পাৰো কিন্তু বিজ্ঞানমনস্ক হ’ব নোৱাৰো৷ আৰু বিজ্ঞান পঢ়ি যদি বিজ্ঞানমনস্কতা সৃষ্টি ন’হয় তাতকৈ  হতাশাজনক আন একোৱেই হ’ব নোৱাৰে৷ কিন্তু লক্ষণীয় কথাটো হ’ল বিজ্ঞানমনষ্ক হ’বৰ বাবে কোনো ব্যক্তি বিজ্ঞানৰ ছাত্র হোৱাৰ প্রয়োজন নাই। ঈশ্বৰচন্দ্র বিদ্যাসাগৰ বিজ্ঞানৰ ছাত্র নাছিল।

তেওঁ আছিল এজন সমাজ সংস্কাৰক। কিন্তু, তেওঁ গাৱেঁ গাৱেঁ স্কুল প্রতিষ্ঠা কৰি শিশুসকলক বিজ্ঞান শিক্ষা দিছিল। আহ্নিক গতি, বাৰ্ষিক গতিৰ ধাৰণা দিছিল৷ যি ব্যক্তি বিজ্ঞানমনষ্ক হয় তেওঁৰ বাবে বিজ্ঞান শিক্ষাৰ পথ স্বতঃস্ফূৰ্তভাৱে মুকলি হয় আৰু তেওঁৰ অনুসন্ধিৎসু মন সদায় বিজ্ঞানৰ এক নতুন সত্যৰ অন্বেষণত ব্যস্ত হৈ থাকে৷ বিজ্ঞানীসকলৰ মনত সদায় বিৰাজমান এই বিশেষ গুনটোৰ বাবেই উন্মোচিত হৈছে বিজ্ঞানৰ ন ন দিশ৷ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত প্ৰদান কৰা বিজ্ঞান শিক্ষাৰ পাঠ্যক্ৰম আৰু পাঠদান সীমিত৷ ইয়াৰ বিপৰীতে বিজ্ঞানমনষ্কতা ৰাষ্ট্রনিৰ্ভৰ কোনো বিষয় নয়, প্রকৃতিনিৰ্ভৰ বিষয়। ইয়াৰ কোনো সীমা-পৰিসীমা নাই, ইয়াত আছে চিন্তাৰ স্বাধীনতা আৰু মুক্তমত প্ৰকাশৰ সুযোগ।

ড° পুলকসভাপণ্ডিত, সহকাৰী অধ্যাপক, গণিত বিভাগ, বিশ্বনাথ মহাবিদ্যালয়

🏠

By