কাঞ্চনজংঘা শৃংগ আৰু ধৰ্মীয় বিশ্বাস

কাঞ্চনজংঘা বিশ্বৰ তৃতীয় সৰ্বাধিক উচ্চতাৰ শৃংগ। এই শৃংগৰ উচ্চতা হৈছে ৮৫৮৬ মিটাৰ (২৮১৬৯ফুট)। উল্লেখ্য যে,১৮২৫ বৰ্ষলৈ কাঞ্চনজংঘা শৃংগ বিশ্বৰ সৰ্বাধিক উচ্চতাৰ শৃংগ বুলি সৰ্বজনবিদিত আছিল। কিন্তু ১৮৪৯ চনত চলোৱা এক জৰীপ কাৰ্যত কাঞ্চনজংঘাৰ পৰিৱৰ্তে মাউন্ট এভাৰেষ্ট শৃংগৰ উচ্চতা  সৰ্বাধিক পোৱা যায়। যাৰ ফলত ১৮৫৬ বৰ্ষত কাঞ্চনজংঘাক আনুষ্ঠানিকভাৱে বিশ্বৰ তৃতীয় সৰ্বোচ্চ উচ্চতাৰ শৃংগ হিচাপে স্বীকৃতি প্ৰদান কৰা হয়।

ইফালে চৰকাৰী তথ্য অনুসৰি হিমালয়ৰ কাঞ্চনজংঘা শৃংগ একাধিকবাৰ পৰ্বতাৰোহীয়ে আৰোহণ কৰিছে। কিন্তু এই শৃংগত আৰোহণ কৰা প্ৰত্যেকজন সফল পৰ্বতাৰোহীয়ে  শিখৰটো পোৱাৰ কেইমিটাৰমান আগতেই নিজৰ অভিযান সামৰে। কাৰণ ছিকিমৰ অধিবাসীসকলে কাঞ্চনজংঘাক পৰম পবিত্ৰ বুলি বিবেচনা কৰাৰ লগতে মানি আহিছে। তেওঁলোকৰ ধাৰণা ইয়াৰ শিখৰত ভৰি দিলে এই শৃংগৰ পৱিত্ৰতা নষ্ট হ’ব। সেই বিশ্বাসৰ প্ৰতি সন্মান জনাই পৰ্বতাৰোহী তথা অভিযাত্ৰীসকলে কাঞ্চনজংঘাৰ মূল শিখৰত পদাৰ্পণ কৰাৰ পৰা বিৰত থাকে।

✍ প্ৰাণজিৎ ডেকা

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

+ 66 = 72