তমসো মা জ্যোতিৰ্গময় – ঊষা

অন্যতকৈ পৃথক বুলি তেওঁ ভাবি আহিছিল এটা সময়লৈ।পিছে তেওঁ কৰা কৰ্মই যথাযথ মৰ্যদা লাভ কৰা নাছিল সমাজৰ দৃষ্টিত।জাত-পাতৰ ৰাজনীতিয়ে ভাৰতীয় সমাজ ব্যৱস্থাৰ স্খলন ঘটোৱাৰ সময়তেই তেওঁৱো ইয়াৰ স্বীকাৰ হৈছিল।কাৰণটো হৈছে তেওঁলোক চাফাই কৰ্মী।শৌচালয়ৰ মল-মূত্ৰ চাফা কৰাই জীৱন তেওঁলোকৰ।শৈক্ষিক দিশত অনগ্ৰসৰ তেওঁলোক,সেইগতিকেই উপায়ন্তৰ হৈ শেষত জীৱিকাৰ সম্বল হৈ পৰে চাফাই কৰ্ম।কাৰোবাৰ ঘৰৰ পায়াখানা,প্ৰস্ৰাৱঘৰ চাফাই কৰি যি দুই-এক টকা উপাৰ্জন কৰে তাৰেও মাহটো চলিবলৈ টনাটনি তেওঁলোকৰ।ইফালে আৰ্থিক নাটনিয়ে জীয়াই থকাত এক সুদৃশ্য বাধাৰ প্ৰাচীৰো থিয় কৰাইছে।

সেই প্ৰাচীৰ ভাগি নিজক মৰ্যদাসহকাৰে জীয়াই থকাতো সপোনৰো অগোচৰ আছিল।পিছে ২০০৩ চনৰ এক ঘটনাই তেওঁৰ জীৱনৰ ৰথচক্ৰ সলনি কৰি পেলায়।তেওঁ বসবাস কৰা গাঁৱলৈ এক অ-লাভজনক স্বেচ্ছাসেৱী সংগঠনৰ প্ৰৱেশ ঘটে।সেই অ-লাভজনক সংস্থাটো হৈছে সুলভ ইন্টাৰনেচনেল।সেই সংস্থাৰ দৃষ্টিগোচৰ হয় এইদৰেই পেটৰ ক্ষুধা নিবাৰণেৰে নামমাত্ৰ হাজিৰাত কাম কৰা মহিলাসকল।এইসকলৰ  মাজৰেই এগৰাকী আছিল ব্যতিক্ৰমী মহিলা।আজিৰ লিখাটোত সেই দৃঢ়মনা মহিলাগৰাকীৰ বিষয়ে উল্লেখ কথা হ’ল।

প্ৰকৃততে এই মহিলাগৰাকীৰ উপৰি গাঁৱৰে দলিত জাতিৰ অন্য নাৰীকো সুলভ ইন্টাৰনেচনেলে তেওঁলোকৰ মহৎ উদ্দেশ্যৰ সৈতে জড়িত কৰায়।এই সংস্থাই সমাজত নিজৰ অধিকাৰৰ হকে যুঁজ দিবলৈ শিকোৱাৰ উপৰি আৰ্থিক স্বাৱলম্বীতাৰ আদিপাঠ পুনৰ এবাৰ শিকায় তেওঁলোকক।সেইদৰে এই সংস্থাৰ সংস্পৰ্শলৈ অহা মহিলাসকলৰ মাজৰেই এগৰাকী আছিল ঊষা ছৌমাৰেৰ।ৰাজস্থানৰৰ ভৰতপুৰ জিলাৰ বাসিন্দা ঊষাক সুলভ ইন্টাৰনেচনেলে দেখুওৱাই জীৱনৰ আন এক সুন্দৰ মসৃণ বাট।যি বাটে তেওঁলৈ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিয়ে।অৱশ্যে ঊষা ছৌমাৰেৰো অনুসন্ধিৎ মনটোৰ লগতে সমাজৰ বাবে কিবা এটা কৰাৰ তীব্ৰ ইচ্ছাই তেওঁক শীঘ্ৰেই সফলতাৰ দিশলৈ লৈ যায়।

এই ঊষাই এতিয়া দুৰ্বল নাৰীসমাজৰ বাবে প্ৰেৰণাস্বৰূপ।তেওঁৰ কৰ্মৰাজিয়ে পূৰ্বতেই স্বীকৃতি লাভ কৰিছিল যদিও এইবাৰ কঢ়িয়াই আনে আন এক সন্মান।সেই সন্মান হৈছে পদ্মশ্ৰী।এই পদ্মশ্ৰী সন্মানৰ যোগ্য উত্তৰাধিকাৰী হিচাপে ভৰতপুৰৰ অখ্যাত গাঁৱৰ এই ঊষা ছৌমাৰে আন এক দৃষ্টান্ত দাঙি ধৰে সকলোৰে আগত।ঊষাৰ এই সফলতাৰ বাট যথেষ্ট মসৃণ নাছিল।কিন্তু যিগৰাকী লোক দৃঢ়মনা আৰু নিজৰ সাধনাক সফল ৰূপায়ণত ব্ৰতী হয়,তেওঁলোকৰ বাবে এনে অনাকাংক্ষিত সফলতাই জীৱনত দিয়ে পৰম আনন্দ।ঊষাৰ জীৱন পৰিক্ৰমা চিনেমাৰ ঘটনাৰ দৰেই।এই ঊষাই মাত্ৰ সাত বছৰ বয়সতেই মাতৃৰ সৈতে লোকৰ ঘৰে ঘৰে গৈ শৌচালয় চাফাই কৰিছিল।প্ৰথম অৱস্থাত ঊষাই এই কৰ্মক সহজভাৱে ল’ব পৰা নাছিল।কিন্তু সেয়া আছিল ঊষাহতৰ বংশগত পেচা।ফলত,উপায়ন্তৰ হৈ পঢ়াৰ বয়সত ঊশাই হাতত ঝাড়ু আৰু বাল্টি লৈ শৌচালয় চাফাই কৰ্মত লাগি পৰিছিল।ইফালে আকৌ দলিত সম্প্ৰদায়ৰ হোৱাৰ বাবেই তেওঁলোকৰ সৈতে অন্য উচ্চ জাতিৰ লোকে মিলা-মিছা কৰিবলৈ অনীহা প্ৰকাশ কৰিছিল।

মাত্ৰ দহ বছৰ বয়সতেই ঊষাৰ বিবাহ হৈছিল।বিবাহৰ পিছত  ৰাজস্থানৰ আলোৱাৰৰ ঊষাৰ শহুৰৰ বংশৰ সকলো লোকেই এই শৌচালয় চাফাই কৰ্মৰ সৈতে জড়িত হোৱাৰ বিষয়ে অৱগত হৈছিল।ইফালে বৈবাহিক জীৱনত চলা তীব্ৰ আৰ্থিক নাটনিৰ বাবেই এটা সময়ত বাধ্যত পৰিয়েই পুনৰ এবাৰ এই শৌচালয় চাফাই কৰ্মৰ সৈতে অনিচ্ছা স্বত্বেও জড়িত হৈ পৰিছিল।কাহিলী পুৱাই উঠি মলিয়ন কাপোৰ এযোৰ পিন্ধি হাতত ঝাড়ু আৰু বাল্টি লৈ ঘৰে ঘৰে গৈ জমা হৈ থকা মলমূত্ৰ চাফাই কৰাত লাগি গৈছিল ঊষা।তাৰ বিনিময়ত লাভ কৰিছিল মাত্ৰ ১৫-২০টকা।কোনো কোনোৱে আকৌ পুৰণি ব্যৱহাৰ কৰা বস্ত্ৰ দান কৰিছিল ঊষাক।নতুন কাপোৰ এযোৰ লোৱাৰ সামৰ্থ নথকাৰ বাবেই ঊষাৰ বাবে সেই পুৰণি কাপোৰযোৰেই হৈ পৰিছিল নতুন বস্ত্ৰৰ দৰে।গতানুগতিক জীৱন তথা আৰ্থিক দৈন্যতাত পিষ্ট ঊষাৰ ভাগ্য ২০০৩ চনত সুপ্ৰসন্ন হয়।প্ৰথমতেই উল্লেখ কৰা সেই সুলভ ইন্টাৰনেচনেল সংস্থাই ঊষাৰ ভাগ্যৰ দুৱাৰত আহি টুকুৰিয়াই।কেতিয়াও কল্পনা নকৰা এনে এক সম্ভাৱনাৰ দুৱাৰৰ ফালে ধাৱমান হৈ ঊষা।এই সংস্থাই ঊষাহতৰ দৰে দৰিদ্ৰতাত ককবকাই থকা তথা সমাজৰ এলাগী লোকসকলক দেখুওৱাই এক নতুন সপোন।

সুলভ ইন্টাৰনেচনেল সংস্থাই ঊষাহতৰ কৰ্মৰাজিৰ উপৰি তাৰ বিনিময়ত কিমান অৰ্থ দিনটোত উপাৰ্জন কৰে সেই বিষয়ে জানিবলৈ উৎসুক হৈ পৰে।এই সংস্থাৰ অধীনলৈ অহা প্ৰায় সংখ্যক এনে মহিলাই নিজৰ জীৱন সম্বন্ধে মুখ খুলি কবলৈ সংকোচবোধ কৰিছিল যদিও এইক্ষেত্ৰত ব্যতিক্ৰম আছিল উষা।এই উষাই একপ্ৰকাৰৰ বাধ্য হৈ সংস্থাৰ মালিক বিন্দেশ্বৰ পাঠকক নিজৰ আৰ্থিক দৈন্যতাৰ বিষয়ে লাজ-সংকোচ পৰিহাৰ কৰি ব্যক্ত কৰে।উষাহতৰ দৈনিক উপাৰ্জন সম্বন্ধে জানিব পাৰি একপ্ৰকাৰে হতবাক হৈ পৰে সুলভ ইন্টাৰনেচনেল সংস্থাৰ মালিক বিন্দেশ্বৰ।তাৰ পিচত বিন্দেশ্বৰে উষাহতক অন্য কৰ্মপন্থা বাচি লবলৈ আহ্বান জনায়।কিন্তু উষাহতৰ দৰে দলিত জাতিৰ লোকসকলৰ অন্য কামক সমাজে স্বীকৃতি দিয়াক লৈ প্ৰথম অৱস্থাত দোধোৰ-মোধোৰত পৰিছিল।এইক্ষেত্ৰত সুলভ ইন্টাৰনেচনেল সংস্থাৰ মালিক বিন্দেশ্বৰে ঊষাহতক পূৰ্ণ সমৰ্থন জনাই কাপোৰ চিলাই, বেগ চিলোৱা,আচাৰ বনোৱা কাৰ্যসমূহৰ সৈতে জড়িত কৰাই।সুলভ ইন্টাৰনেচনেলৰ এনে উৎসাহপূৰ্ণ সহযোগিতাক ঊষাই দুয়োহাতেই আঁকোৱালি লৈ নিজ কৰ্মত মনোনিৱেশ কৰে।

তদুপৰি ঊষা সুলভ ইন্টাৰনেচনেল সংস্থাৰ সৈতে ওতঃপ্ৰোতভাৱে জৰিত হৈ পৰে।ঊষাই প্ৰতিদিনে কৰা এনে কাপোৰ চিলোৱা,বেগ বনোৱা,আচাৰ বনোৱা সামগ্ৰী সমূহৰ বিক্ৰীৰ দায়িত্ব গ্ৰহণ কৰে সুলভ ইন্টাৰনেচনেল সংস্থাই।সেইদৰে পূৰ্বতে মাহেকত ১৫০-২০০ টকা উপাৰ্জন কৰা ঊষাই এই সংস্থাৰ সৈতে জড়িত হৈ মাহেকত ১৫০০ টকাতকৈ অধিক  আয় কৰিবলৈ সক্ষম হয়।এইদৰে আৰ্থিক সকাহ লাভ কৰাত ঊষাই নিজৰ সন্তানকো বিদ্যালয়তো নামভৰ্তি কৰায়।ঊষাৰ জীৱনলৈ আচম্বিতে অহা এনে পৰিৱৰ্তনে তেওঁক আৰু অধিক প্ৰাণৱন্ত কৰি তোলে।তেওঁ এই বিষয়ে অঞ্চলটোৰে পূৰ্বৰ সহকৰ্মীসকলক অৱগত কৰাই আগৰ কামসমূহ বাদ দি নতুন জীৱন লাভ কৰিবলৈ মুকলিকৈ আহ্বান জনায়।সমাজৰ পিছপৰা এইসকল মহিলাক বুজাবলৈ উষাই যথেষ্ট কষ্ট স্বীকাৰ কৰিবলগীয়া হয় প্ৰত্যেক দিনেই।নিজৰ জীৱনলৈ অহা পৰিৱৰ্তন সম্বন্ধে সেই সকল মহিলাক বুজাই একেই বাট আঁকোৱালি লবলৈ আহ্বান জনোৱাৰ ফলত,একাংশই উষাৰ এই সংস্থাৰ সৈতে জড়িত হৈ পৰে।ইফালে একাংশই ঊষাৰ এনে কৰ্মৰাজিক ভৎৰ্সনা কৰে।পিচে হাৰমনাবিধৰ নাছিল ঊষা।তেওঁৰ দৰেই যাতে  অন্য মহিলাসকলৰো নহওক এইবিষয়ে আহ্বান জনাই বিভিন্ন সভা-সমিতিতো অংশগ্ৰহণ কৰে।

এইদৰে চমকপ্ৰদ উত্থানেৰে ঊষা হৈ পৰে সুলভ ইন্টাৰনেচনেল সংস্থাৰ পৰিচালক।কৰ্মসূত্ৰে দেশে-বিদেশে ভ্ৰমণ কৰিবলৈ ধৰে ঊষা।দৰ্শকৰে পৰিপূৰ্ণ সভাত নাৰীসমাজক উদ্বুদ্ধ কৰিব পৰাকে তেওঁ ভাষণ আগবঢ়াবলৈ ধৰে।একপ্ৰকাৰৰ মহিলাসমাজৰ বাবে এটা সময়ত ‘আইকণ’ সদৃশ হৈ পৰে ঊষা।নিজৰ সন্মোহনী শক্তি তথা কৰ্মৰাজিৰে ঊষাই শ শ মহিলাক এই সংস্থাৰ সৈতে জড়িত কৰাই সমাজত আন এক পৰিচয় দিবলৈ সক্ষম হয়।এনেধৰণৰ কৰ্মৰাজিৰ বাবেই ঊষা ছৌমাৰেক চলিত বৰ্ষৰ পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হয়।মজাৰ কথা এয়ে যে, এই পদ্মশ্ৰী সন্মানৰ বিষয়ে দিল্লীৰ পৰা যেতিয়াই তেওক জনোৱা হৈছিল ঊষা সম্পূৰ্ণৰূপে অজ্ঞ আছিল বঁটাটোৰ বিষয়ে।কি এই পদ্মশ্ৰী সন্মান তেওঁৰ বাবে এক নুবুজা সাঁথৰেই আছিল।অৱশেষত তেওঁ সুলভ ইন্টাৰনেচনেলৰ মালিক বিন্দেশ্বৰ পাঠকলৈ ফোন কৰিছিল পদ্মশ্ৰী বঁটাৰ বিষয়ে জানিবলৈ।পিচত বিন্দেশ্বৰ পাঠকৰ মাধ্যমেৰে এই বঁটাৰ গুৰুত্ব সম্বন্ধে ৪২ বৰ্ষীয় ঊষাই জানিবলৈ পাই আনন্দত আত্মহাৰা হৈ পৰে।

শেহতীয়াকৈ ঊষাই নিজৰ অঞ্চলতে এখন বিদ্যালয় স্থাপন কৰাৰ সপোন মনতে পুহি ৰাখিছে।এসময়ত পুৱাই উঠি ঊষাহতে যিদৰে হাতত ঝাড়ু-বাল্টি লৈ গৈ লোকৰ ঘৰে ঘৰে শৌচালয় চাফাই কৰিবলগীয়া হৈছিল,ঠিক এনে অৱস্থা যাতে উত্তৰ প্ৰজন্মৰ নহয়।ঊষাৰ সপোনৰ এই বিদ্যালয়ত পঢ়িয়েই সুনাগৰিক হিচাপে অঞ্চলটোৰ নাম উজলাই তোলক সেয়াও এক আশা তেওঁৰ।সোণালী শৈশৱৰ সময়ছোৱাত কোনেও যাতে জীৱনত যুদ্ধত অৱতীৰ্ণ হ’বলগীয়া নহয়।তেওঁলোকৰ দৰে দলিত সমাজৰ লোকসকলে যাতে স্বগৌৰৱৰে জিলিকি উঠিব পাৰে সেই আশাত ব্ৰতী ঊষা।ঊষাৰ স্বপ্নই সফলতাৰ বাট বুটলি দেশক প্ৰগতিৰ পথলৈ লৈ যাওক।এয়াই সকলোৰে আশা।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

− 1 = 2