ৰঙা ৰেখাডাল

: আপুনি কিয় সেন্দুৰ নলয় শিৰত? এনেই ইমান ধুনীয়া, অকমাণ লগালে সোণত সুৱগা চৰে।

: ক’ত দেখিলি তই সোণত সুৱগা চৰা?

: আপোনাৰ শাশুড়ীৰ লগত এবাৰ বিয়া খাব গৈছিল যে…কিযে লাগিছিল!

নিভাৰ আত্মবিভোৰ হৈ কোৱা কথাকেইটাই ইশানীক হহুৱালে।

: কওকনা, কিয় নলগায়?

: তই কিয় লগাৱ কচোন।

: মানুহটোৰ দীৰ্ঘ জীৱন কামনা কৰি লগাও। আপুনি নকৰে?

: ৰঙা ৰংগুড়িৰে মানুহৰ আয়ুস বঢ়াব পাৰি নেকি? মই বিশ্বাস নকৰোঁ।

ঘৰুৱা সহায়িকা নিভাই আৰু কিবা সুধিব খুজিছিল, ইশানীয়ে সুযোগ নিদিলে। তাইৰ ব্যক্তিগত জীৱনত বাহিৰা মানুহ সোমাব খোজাটো তাইৰ বাবে অস্বস্তিকৰ। তাই ফোনটো কাণত লগাই আঁতৰি গ’ল।

তাইৰ দৰে নিভাও নৱ বিবাহিতা। প্ৰথম এবছৰ ভালকে বাগৰাৰ পিছত নিভাৰ চেহেৰাৰ উজ্বলতা কমি আহিল, দুৰ্বলো হ’ব ধৰিলে তাই। হিম’গ্লবিন কমা বুলি ধৰি লৈ ইশানীয়ে তাইক গাখীৰ, হৰলিক্স, কেলছিয়াম টেবলেট খুৱাব ধৰিলে। নিভা নহ’লে তাইৰ ঘৰ নচলে। ঘৰখনৰ গোটেই জঞ্জাল নিভাই মাৰে। ঘৰ চাফা কৰা, কাপোৰ-বাচন ধোৱা, ৰন্ধা- বঢ়া। পুৱা চাৰে নটাত বেংকলৈ গৈ ইশানী আৰু অভিদীপ সাতটা মানত ঘৰ সোমায়। সমুদায় কাম সামৰি ইতিমধ্যেই নিভা গুচি যায়। চিক্ চিকীয়া ঘৰ, হট্ কেচত গৰম খানা, শুবলৈ আঠুৱা টানি থোৱা বিচনা- আৰু কি আৰাম লাগে? চাৰি হেজাৰ টকাৰ বিনিময়ত বেছিকেই কাম আদায় হোৱা বুলি ইশানীৰ ধাৰণা।

লাহে লাহে নিভাৰ দেহত কিছুমান অস্বাভাৱিক দাগ দেখি ইশানী তাইৰ পিছত উঠি পৰি লাগিল। বাধ্য হৈ নিভাই চৰম অস্বস্তিত জনালে গিৰিয়েকে তাইৰ গাত হাত তোলা কথা।

: পুলিচৰ ভয় দেখুৱাল ঠিক হ’ব।

: কি যে কয় বাইদেউ! নিজৰ মানুহটোক পুলিচৰ মাৰ খোৱাব পাৰিনে?

: নহ’লে তাৰ কেনেকে শুধৰণি হ’ব?

: হ’ব লাহে ধীৰে…

মন মাৰি নিভাই ঘৰ মচাত লাগে।

কিন্তু নিভাৰ গিৰিয়েকৰ পৰিবৰ্তন নহ’ল। অত্যাচাৰৰ কোব ইমানেই বাঢ়িল যে তাইৰ গৰ্ভত থিতাপি লোৱা সন্তানটোকো বচাব পৰা নগ’ল। ইশানীয়ে তাইক নিজৰ লগতে এসপ্তাহ ৰাখিলে। গিৰিয়েক আহিছিল এবাৰ, ইশানী-অভিদীপৰ ধমকত সুৰসুৰাই গুচি গ’ল।

: এতিয়াও তাৰ নামৰ সেন্দুৰ লগাবিনে?

: সি মোৰ বেয়া চিন্তিলে বুলি ময়ো একে হ’মনে? সি বুজিব এদিন বাইদেউ। ভাল হ’বই।

নিভাৰ গভীৰ বিশ্বাসে ইশানীক চিন্তাত পেলায়। হ’ল বুলি ইমাননো নি:স্বাৰ্থ হ’ব পাৰেনে ভালপোৱা?

নিভা ঘৰলৈ ঘূৰি গ’ল। গিৰিয়েকৰ কোনে যতন ল’ব বুলি ভাবি অস্থিৰ হৈ আছিল। ইশানী আচৰিত হয়। যিজনে তাইৰ এই অৱস্থা কৰিলে, তাৰেই অসুবিধাৰ ইমান চিন্তা! ইশানীৰ কেতিয়াবা মনতে প্ৰশ্ন উদয় হয়,  তাই বাৰু অভিদীপক ইমান গভীৰভাৱে ভাল পায়নে? যদি পায়, তেন্তে তাৰ দীৰ্ঘায়ু কামনাৰ সেন্দুৰকণ লগাবলৈ তাইৰ ইমান অনীহা কিয়? আজিকালি এইবোৰ ব্যতিক্ৰমী খেয়াল মনলে আহিব ধৰিছে নিভাৰ সান্নিধ্যত থাকি। তথাপি ইশানীৰ অনুভৱ হয়, সংসাৰ চলি আছে, বচ্, চলি আছে।

তিনিমাহ পিছৰ কথা। নিভাৰ গিৰিয়েকক তীব্ৰবেগী বাইকে খুন্দিয়াই হস্পিতাল পোৱালেগৈ। তাই কান্দি কাটি একেবাৰে বাউলী। ইশানীয়ে দুদিন ছুটি ল’লে হস্পিতালত নিভাৰ লগত থাকিবলৈ। নিভাৰ ভাগ্য ভাল, সাংঘাতিক কিবা এটা নহ’ল মানুহটোৰ। মূৰত চাৰিটা চিলাই আৰু হাতত প্লাষ্টাৰ।

ইশানী বেংকৰ পৰা ওভতোতে ফল-মূল, গাখীৰৰ টোপোলা লৈ হস্পিতালত সোমাল। তাক ডিছচাৰ্জ দিছে। পেপাৰ-ৱৰ্ক সম্পূৰ্ণ কৰি তাই কাউন্টাৰৰ পৰা উভতি আহোঁতে নিভা আৰু গিৰিয়েকৰ কথোপকথন শুনি দুৱাৰমুখতে থমকি ৰ’ল।

: তোৰ বিশ্বাস আৰু মৰমে মোক এইবাৰলৈ বচালে অ’। মই কিমান অত্যাচাৰ কৰিলো, আৰু তই..

: হ’ব, মনে মনে থাকা। যি হ’ল হ’ল আৰু। এতিয়া তুমি সোনকালে ভাল হৈ লোৱা।

: কালি সপোনত দেখিলো মই বগা কাপোৰেদি ঢাক খাই আছোঁ আৰু কোনোবাই তোৰ শিৰৰ সেন্দুৰখিনি মচি দিছে। তোৰ উকা কপালখন চাব নোৱাৰি অ’। তোৰ কাৰণে ঘূৰি আহিলো।

গিৰিয়েকৰ চকুৰে বাগৰি অহা পানী টোপাল নিভাই চুৰিদাৰৰ দোপাত্তাৰে মচি দিল।

: মোৰ এই ৰঙা ৰেখাদাল খুব শক্তিশালী। তোমাক সদায় সুৰক্ষা দিব।

সেন্দুৰকণক লৈ নিভাৰ আত্মবিশ্বাসে আকৌ এবাৰ ইশানীক অভিভূত কৰিলে।

ঘৰলৈ উভতি আহি এয়া তাই আইনাৰ সমুখত। যোৱা মাহত বিবাহ-বাৰ্ষিকীৰ দিনা তাইৰ বান্ধৱী স্নিগ্ধাই  উপহাৰ দিয়া লোটাচ্ আয়ুৰ্বেদিকৰ সেন্দুৰৰ ষ্টিক্ ডালেৰে তাই কঁপা কঁপা হাতেৰে উজ্বল ৰেখা এডাল টানিলে শিৰত।

এতিয়া তাই সম্পূৰ্ণা। ৰেখাডালৰ অনুপস্থিতিয়ে বিবাহিতা মহিলা এগৰাকীৰ সত্বাক প্ৰত্যাহ্বান জনোৱা অনুভূতিয়ে ইশানীক কোবাই গৈছিল। অভিদীপৰ দীৰ্ঘায়ুৰ বাবেই নহয়, তাইৰ আত্মবিশ্বাস বঢ়াবলৈও ৰেখাডালে যেন তাইক প্ৰতিশ্ৰুতি দিলে!

ডেইজী দাস বৰুৱা

বঙাইগাঁও

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

+ 89 = 97