মুড়ি

আজি কল’নীৰ নতুন বাসিন্দা আৰোহী পাঠকৰ ঘৰত কল’নীৰ মহিলাসকলৰ কিটি পাৰ্টি। নতুন যদিও তাই আৰু গিৰিয়েকে চাকৰিত যোগদান কৰা ছমাহ হৈছে। আৰোহীক কাষৰ ফ্লেটৰ মন্জিমা বাইদেৱে ইতিমধ্যে তেওঁৰ ঘৰত হোৱা পাৰ্টিৰ দিনাই সকলোৰে লগত চিনাকি কৰাই দিছিল। মহিলা গোটটোত আৰোহীক জোৰ কৰি তেৱেঁই সুমুৱাই দিছিল।

আৰোহীও গিৰিয়েকৰ দৰে চাহ বাগানখনৰ অভিযন্তা। বৰকৈ ইঘৰ সিঘৰ ফুৰিবলৈ যোৱাটো তাই ভাল নাপায়। কিন্তু ‘অফিচাৰ্ছ ওৱাইভচ্’ বোলা গোটটোত সন্মানৰ খাতিৰত সোমাই আছে। কিটি পাৰ্টি তাই ভাল নাপায়; সময় আৰু মেধাৰ অপচয় বুলি ভাৱে। তথাপি তিনিটামান পাৰ্টিত উপস্থিত আছিলগৈ।

মুঠ দহগৰাকী মহিলা আৰোহীহঁতৰ লিভিং ৰূমত বহি গল্পত মছগুল। কাৰ্ডচ্ খেলিব অলপ পিছত। আৰোহী পাগঘৰৰ পৰা ওলাই আহিল ডাঙৰ আকাৰৰ কাঁচৰ বাতি এটাত কিবা সজাই। লগত দহটা সৰু সৰু কাঁচৰ বাতি আৰু চামুছ। মাজৰ অত্যাধুনিক চেন্টাৰ টেবল্ খনত বাতিবোৰ নমাই ক’লে,

: আপোনালোকে লওক। মই চাহ আনোগৈ।

তাই আইনাৰ আটকধুনীয়া কাপত চাহ লৈ আহিল; টি বেগ দিয়া ফিকা চাহ।

: আৰে, কোনেও লোৱা নাই যে?

: এয়া মুড়ি নে কি বাৰু?

: হয়। সকলোৱে খায় নিশ্চয়।

আৰোহীয়ে মন কৰিলে, গোটেইকেজনীৰ চকু মুখত অসন্তুষ্টিৰ চাপ। দুজনীমানে তাইৰ মন ৰাখিবলৈ দুচামুচকে ল’লে।

: তোমাৰ চাগে একো বনাবলৈ মন নগ’ল ন?

: পঢ়া শুনা, চাকৰিৰ পিছত লাগি থাকোতে চাগে একো বনাবলৈ নিশিকিলা ন?

: আমাৰ ইন্দ্ৰানীয়ে কেটাৰিং কৰে নহয়। তাইকেই অৰ্ডাৰ দিব পাৰা। অফ্ কোৰ্চ, নেক্স্ট টাইম্।

কথকী বিষয়া-পত্নী কেইগৰাকীৰ কথাত আৰোহীয়ে অকণো অপমানিত অনুভৱ নকৰিলে। মিচিকিয়া হাঁহি এটাৰে তাই শলাগি থলে।

: হ’ব। আজিলৈ এইকণেই গ্ৰহণ কৰক।

অনিচ্ছাস্বত্বেও আটায়ে মুড়িৰ সোৱাদ ল’লে।

: খাবলৈ কিন্তু ভীষন টেষ্টি হৈছে।

আৰোহীৰ বয়সীয়া এগৰাকীয়ে কৈ উঠিল। হ’বই। আৰোহীয়ে কিমান কি উপকৰণ মিহলাইছে। গাজী মগু, চেৰী, কাজু বাদাম, খেজুৰ, ভূজিয়া আৰু নাৰিকৰ ৰোকা। চাহ খোৱা হোৱাত তাই কাপ, বাতিবোৰ পাগঘৰত থৈ আহি সকলোৰে লগত বহিল। মানুহকেইগৰাকীৰ মুখবোৰ তেতিয়াও আন্ধাৰ হৈ থকাত তাই স্মিত হাঁহি এটা ওঠত জিলিকাই ক’ব ধৰিলে,

: আপোনালোকে কিটি পাৰ্টিত এই ধৰণৰ খাদ্য কল্পনাই কৰা নাছিল চাগে। মই কথাখিনি ভাঙি কৈছো শুনক। মই যেতিয়া অপৰ্না বাইদেউৰ পাৰ্টিত উপস্থিত আছিলো, তাত বাইদেৱে কষ্ট কৰি বনোৱা লুচি-ঘুগনী খিনিৰ কিন্তু প্ৰশংসা হোৱা নাছিল। এগৰাকীয়ে সুধিছিল লুচিকেইখন ছাফোলা হেল্থ ৰিফাইনত বনোৱা নে। তেওঁ অইন তেলত ভাজিলে নাখায়। এগৰাকীয় ডিপ্ ফ্ৰাই নাখায় বাবে লুচি নল’লে। কাৰোবাৰ মতে ঘুগনীত মছলা কম হ’ল।

অলপ ৰৈ তাই কৈ গ’ল,

: উপাধ্যায় বাইদেউৰ পাৰ্টিত আপোনালোকে বেছিভাগেই মিঠাই নাখালে। চুগাৰ কনচিয়াছনেছ! মিতালী বাইদেউৰ পায়সখিনি হেনো গাখীৰ ভাত হৈ থাকিল!

তাই সকলোৰে ওপৰত চকু ফুৰালে। মিতালী আৰু অপৰ্নাই তাইক চকুৰ ঠাঁৰেৰে ধন্যবাদ যাঁচিলে। তাই মূৰ দুপিয়াই কৈ গ’ল,

: মোৰ আটাইতকৈ বেয়া লাগিছিল মজুমদাৰ খুড়ীৰ পোলাও চিকেনৰ বদনাম শুনি। মই ব্ৰয়লাৰ নাখাও… লোকেল খালে মোৰ এলাৰ্জি হয়.. পোলাও ৰাজধানী বাচমতিত নবনালে ভাল নহয়.. চিকেন আৰু অলপ গ্ৰেভী হব লাগিছিল….

বয়সীয়াল মজুমদাৰ খুড়ীৰ চকু চলচলীয়া হৈ উঠিল অপমানখিনি মনত পৰাত।

: মই বহুত চিন্তা চৰ্ছা কৰি সেইবোৰ একো নবনোৱাৰ সিদ্ধান্ত ল’লো। যিমানেই কষ্ট নকৰো কিয়, খাওতাই বেয়া কবই। গতিকে মুড়িকে আগবঢ়ালো। মুড়িয়ে কাৰো একো অপকাৰ নকৰে। গেছৰ প্ৰব্লেমো নহয়। আৰু আপোনালোকে খাওঁ বুলি অহা হ’লে প্ৰতিবাৰে ইমান আপত্তি নেদেখুৱালহৈ। এটা কথা ভাবকচোন। মাৰোৱাৰী মানুহ এঘৰলৈ গ’লে একাপ খালি চাহ যাঁচিব। ইমান সোৱাদ লগা চাহকাপৰ লগত দেখোন আমি তাহবিলাক কল্পনাই নকৰোঁ। তেন্তে অসমীয়া মানুহৰ ঘৰলৈ গ’লে চিঙৰা মিঠাই, লুচি ভাজি, লাড়ু পিঠাকিয় কামনা কৰোঁ?

অলপ মৌনতাৰ পিছত কথকী বিষয়া-পত্নী এগৰাকীয়ে কৈ উঠিল,

: তুমি ঠিকেই কৈছা আৰোহী। আমাৰ নিচিনা হেল্থ কনচিয়াছ মহিলাৰ বাবে তোমাৰ মুড়ি আৰু গ্ৰীণ টিয়েই উপযুক্ত খানা হৈছে।

: থেংক ইউ বাইদেউ। আজি আপোনালোকে কৈ যাওক কোনে কি ভাল পায়, মই এদিন বনাই খুৱাম।

: থোৱাহে আৰোহী। দহগৰাকীৰ পছন্দ মতে বনাবলৈ গৈ তুমি নৰিয়াত পৰিবা। তোমাৰ কথাখিনিয়ে আমাৰ আজি চকু মেল খোৱালে।

: হয় দেই। খোৱাত আমি ইমান সতৰ্ক, অথচ লোকৰ পৰা আশা কিমান কৰোঁ!

: সঁচাই তোমাৰ মুড়ি জিন্দাবাদ!

✍️ ডেইজী দাস বৰুৱা

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

+ 87 = 96