Jam Raj in Quarantine (এক খুহুটীয়া গল্প)

যমৰজাৰ জৰুৰী তলব । ৫ বজাৰ পৰা মিটিং । সকলো আহিব লাগে । যমলোকৰ সকলো আচৰিত । এনেকুৱা কি পৰিস্থিতি হ’ল যে যমৰজাই ততাতয়াকৈ মিটিং তলব কৰিব লগা হ’ল । ৰজাৰ হুকুম যেতিয়া যাবই লাগিব । চিত্ৰগুপ্তকে আদি কৰি সকলো উপস্থিত হ’লহি । কোনো পাতনি নেমেলাকৈয়ে যমৰজাই চিধাই চিত্ৰগুপ্তকে Charge কৰিলে – “চিত্ৰগুপ্ত, আপোনাক কিহে পাইছে । কোনো বাচবিচাৰ নোহোৱাকৈ গালে গালে কেছবোৰ আনি আছে যে মৰ্ত্যৰ পৰা । মোৰ ইয়াত over crowding   হোৱাৰ উপক্ৰম হৈছে । সেই সোপাক ভৰন পোষণ দিবলৈ ৰাজকোষৰ ধন নাটনি হোৱাৰ উপক্ৰম হৈছে । কি কাণ্ড হৈছে এইটো মোক  জৱাব লাগে । “   

যমৰজাৰ খঙৰ উমান পাই চিত্ৰগুপ্তই মিহি মাতেৰে কলে । “ছাৰ আপুনি মোক মাৰকেই বা কাটকেই এইবোৰৰ বাবে মই অকনো responsible নহয় । মৰ্ত্যত কি ঘটিছে নাজানো ছাৰ, মই মোৰ একাউন্টৰ বহী আপডেট কৰি কিবা এটা বেলেগ কৰো বুলিও  আহৰিয়েই পোৱা নাই ।তাতে আপুনি অভাৰটাইম দিয়াটো বন্ধ কৰি থৈছে নহ’য় ।“

Chance পাই চিত্ৰগুপ্তইও যমৰজাক এষাৰ শুনালে । “হৱ হৱ, এতিয়া অজুহাত দেখুৱাব নালাগে । আপোনাৰ সময় নাই বুজিলো । কোনোবা বেলেগ এজনকটো পঠিয়াব পাৰে মৰ্ত্যলৈ, actually কি হৈছে জানি আহিবলৈ । খালি ৰঙা কভাৰৰ দীঘল বহী খন লৈ কলম পিটিকি থাকিলে, হ’ব জানো ।“ যম ৰজায়ো Return kick দিলে ।  

“পঠাইছিলো ছাৰ । মৰ্ত্যৰ পৰা অনা Computer Expert এজনকে যমদুত সজাই মৰ্ত্যলৈ পঠাইছিলো । দুদিনৰ সময় দি । কাৰন আমাৰ এই খাই খাই গেৰেলা হোৱা দুত কেইটাই কম্পুটাৰ টো নিশিকিলে নহয় । আজিকালি এইবোৰ নাজানিলে কাম চলাব নোৱাৰি ছাৰ । “

“ঠিক আছে । ঠিক আছে . আপোনাৰ সেই Experte বা কি খবৰ আনিলে । জনাব লাগে । “  

“সেইটোৱো হোৱাগৈ নাই নহয় ছাৰ ।  আজি চাৰিদিনেই হ’ল । তেওঁৰ লগত কনেক্সন কাটি গ’ল । মোৰ মবাইলটোকো চাৰ্জ দিবলৈ সময় পোৱা নাই । ইমানেই কেছ ।এই ৰাজসভালৈ আহোতে মবাইলটোকো চাৰ্জ দিবলৈ  লওঁতে মেছেজ এটা দেখিলো । খালি লিখা আছে বেড নিউজ বুলি । এতিয়া আপোনাৰ মিটিংৰ পৰা গৈ চালেহে গ’ম পাম কিনো বেড নিউজ আহিল । মবাইলটো চাৰ্জ তে আছে ছাৰ  । মই এতিয়া যাব পাৰোনে ছাৰ ? বেড নিউজটো আপোনাক জনাব পৰা ধৰনৰ হ’লে জনাম বাৰু । ”

“নিশ্ছিত ভাৱে জনাব লাগিব আপুনি । ” যমৰজাৰ উত্তৰ ।

যমৰজাই অন্তেষপুৰলৈ গমন কৰিলে । বাকী সকলো প্ৰস্থান কৰিলে ।

বৰ টেনছনত গৈছে দিন কাল । আকৌ বা চিত্ৰগুপ্তই কি বা বেড নিউজ আনে ? এ: শান্তিৰে ডিনাৰ টোকে কৰি লওঁ । যমৰজাই ভাবিলে । পিছে দিনাৰ আৰম্ভ কৰোতেই  হল নহয় অথন্তৰ । Electricity লাইন গুছি গ’ল । অন্ধকাৰত যমৰজাই ভালকৈ  ধৰিবই নোৱাৰা হ’ল । ডিনাৰত কি কি বা আইটেম আছে । খঙত একো নাই হৈ যমৰজাই প্ৰহৰীক চিঞৰিলে – “অই কোন ক’ত আছ লাইন গ’ল দেখা নাই ? জেনেৰেটৰ চলাই  নিদিয় কেলেই ?” কিমান কষ্ট কৰি মই চিত্ৰগুপ্তৰ লিষ্টত নাম অহা Electricty Board ৰ ইংঞ্জিনিয়াৰ টোৰ হতুৱাই ৰামদয়াল বিজুলী যোগান আচনীৰ নামত মোৰ প্ৰাসাদত Connection লগোৱাইছিলো । এতিয়া ২৪ ঘন্টাৰ ২২ ঘন্টাই লাইন নাথাকে । থাক এতিয়া আন্ধাৰে মুন্ধাৰে ।  যমৰজাৰ খং মাৰ নৌ যাওতেই প্ৰহৰীটোৱে আহি খবৰ দিলে । “মহাৰাজ জেনেৰেটৰ নচলে । কাৰন তাত তেলৰ বদলি কোনোবাই ৰঙা ৰঙৰ কিবা বেলেগ বস্তু ঢালি দিলে । ” যমৰজাই খঙত একো নাই হৈ ডিনাৰৰ থাল বাটি দলিয়াই আকৌ চিঞৰিলে । “অই প্ৰহৰী সকলোকে এতিয়াই খবৰ দে । কালিলৈ পুৱা ন বজাত দানাপাৰা হ’লত ইমাৰজেন্সী মিটিং আছে বুলি । ”  যমলোকৰ দানাপাৰাত এটা দাঙৰ হ’ল আছে । তাতে যমলোকৰ প্ৰহৰী বোৰৰ Training হয় । দৰকাৰ পৰিলে বেলেগ মিটিঙো হ’য় ।  খবৰ বিয়পি গ’ল । ন বজাৰ আগতেই সকলো ঢপলিয়াই আহিল । চিফ ইঞ্জিনীয়াৰ বিশ্বকৰ্মালৈকো খবৰ পঠিওৱা হৈছিল পিছে তেঁও হেনো আহিব নোৱাৰে কিবা টেণ্ডাৰ অপেনিং আছে বোলে । তেঁওৰ চাবৰ্দিনেট এজন পঠিয়াইছে । নিজৰ আসনত বহি প্ৰথমে যম ৰজাই বিশ্বকৰ্মাই পঠিউৱা চাবৰ্দিনেট জনকে সুধিলে ।“আজিকালি ৰাজপ্ৰাসাদত কাৰেণ্ট্ৰ বাবে ইমান অসুবিধা পাও কেলৈ ? বিলটো আমি টাইম ত পে কৰি থাকো ?” চাবৰ্দিনেটজনৰ উত্তৰ – “মহাৰাজ । এইটো প্ৰশ্নৰ উত্তৰ স্বয়ং চিফেও দিব নোৱাৰিব । মৰ্ত্যত আমাৰ Department ৰ কিমান কৰ্মচাৰীয়ে,  মানুহৰ গালি শপনি খাইছে আপুনি জানেনে ? কৰবাত লাইন টানিবলৈ খুটা নাই । কৰবাত বাহৰ খুটাত , কৰবাত তামোল গছতে লগাইছে ছাৰ । আৰু বিলৰ কথা আপুনি নুলিয়াব । কাৰেণ্ট পাওক বা নাপাওক আপুনি বিল দিবই লাগিব । “ চাবৰ্দিনেট জন কিছু ফোপাই গ’ল । উত্তৰ শুনি যম ৰজাও টেপ মাৰিলে । তথাপি জেনেৰেতৰত কি ৰঙা বস্তু ধালিলে তেওঁৰ জানিবৰ মন গ’ল । এইবাৰ চিত্ৰগুপ্তৰ পাল উত্তৰ দিয়াৰ । “মহাৰাজ জেনেৰটৰ তেল আনিবলৈ সময়মতেই মৰ্ত্যলৈ দূত পঠাইছিলো । ইমানদিনে মৰ্ত্য পৰাই সস্ত্তাতে কন্দেঞ্ছেত আনিয়েই কাম চলাইছিলো । এতিয়া মৰ্ত্যত কিবা হাহাকাৰ লাগিছে মহাৰাজ । দোকান পোহাৰ বন্ধ । গাড়ী মটৰ নচলে । মানুহ বোৰে মুখত কিবা সোপা এটা লগাই ফুৰিব লগা হৈছে ।ইফালে মোৰ একাউন্টত মই কল নকৰাকৈ সোপা সোপে আহিছে । তেল বিচাৰি আমাৰ দুতে গোটেই বিশ্ব ঘুৰিলে মহাৰাজ ।  শেষত যেনিবা সেই অসম মুলুকৰ ৰাস্তা এটাৰ কাষতে মানুহ এটাই মোনা এটাত বটল কেইটামান লৈ সেমেনা সেমেনিকৈ ঠিয় হৈ থকা দেখি আমাৰ দুতে সুধিলে “সেইবোৰ কি আছে বটলত ? মানুহ টোৱেও আগ গুৰি নাভাবি উত্তৰ দিলে – ইঞ্জিনৰ তেল । এটুপি পৰিলেই ইঞ্জিন গৰম হৈ যাব । এয়া চা “ বুলি ৰঙা পানীৰ বটল এটা উলিয়াই দেখুৱালে ।  যম দুতে হাততে স্ব্ৰৰ্গ ধুকি পোৱাদি পালে ছাৰ । গোটেই কেইটা বটল কিনি সি যম লোকৰ ৰাস্তা ল’লে । বাটতে তাৰ মনটো কিবা চেবুৱাত বটল এটাৰ সাফৰ খুলি আঙুলিৰে এচেলেক মাৰিও চালে । এৰা হয়টো একেবাৰে গা গৰম হৈ মুৰত ধৰিছে ।  জেনেৰেটৰ নচলিব কিয় ? কথমপি সি ধলং পলং কৈ যমলোক পাই জেনেৰটৰতোত গোটেই সোপা বটলৰ ৰঙা পানী ধালি দিলেহি । পিছে ছাৰ সেইখিনি জেনেৰেটৰৰ ইঞ্জিন গৰম কৰা তেল নাছিল, মানুহৰ ইঞ্জিন গৰম কৰা তেলহে আছিল । গন্দগোল টো তাতেই হ’ল মহাৰাজ । চিত্ৰগুপ্তৰ কথাত, সভাৰ উপস্থিত সকলোৱে ওলাই আহিব খোজা হাঁহি বোৰ চেপি ধৰিলে ।

যম ৰজাইও কিছু গম্ভীৰ হৈ পৰিস্থিতিটো চম্ভালি লৈ কলে “বাৰু যি হবৰ হ’ল, হ’ল  । পিছ বেড নিউজ টো একা ।“ পানী এগিলাছ খাই চিত্ৰগুপ্তই ক’লে  – “মই কওঁ কওঁ কৈ আছিলো মহাৰাজ । কম্পুটাৰ expert জনে খবৰ পঠাইছে যে মৰ্ত্যত বোলে সাংঘাটিক ৰোগ এটা হৈছে । হিচাৱ নোহোৱাকৈ মানুহ মৰিছে । যেন দেশ বোৰৰ মাজত মানুহ মৰাৰ competition হে হৈছে । বেমাৰ টোৰ নাম তেঁও মেচেজ কৰিছে কিবা ক’ৰণা নে কভিড এনেকুৱাই । বজাৰ সমাৰ ৰাস্তা পদুলীত মানুহৰ সমাগম ক’ম । ৰেল, বাছ উৰাজাহাজ, পানীজাহাজ সকলো বোৰ বন্ধ । ” যমৰজাই চিত্ৰগুপ্তৰ কথা শুনি নিজৰ আঁসনত কঁকাল টো পোনাই বহি সুধিলে । “আৰু কিবা ডিটেইলছ ।” “আছে মহাৰাজ মহাৰাজ আছে ।“ চিত্ৰগুপ্তৰ উত্তৰ । “ডিটেইলছতে ক’ম । শুনক । এই বেমাৰ টো হোৱা মানুহৰ টাছত কোনোবা আহিলে বেমাৰ নোহোৱাজনো ১৪ দিন ঘৰত সোমাই থাকিব লাগিব । কিবা Quarantine নে কি বুলি কয় ।“ যমৰজাই শলাগিলে । “আছছা interesting. এতিয়া চিত্ৰগুপ্ত তুমিতো ১৪ দিন Quarantine ত থাকিবই লাগিব । কাৰন তোমাৰ একাউন্টত জমা হোৱা গোটেই সোপা ক’ৰণা নহয় জানো ? ” “হয় ছাৰ । পিছে তেওলোকে মৃত্যুৰ পিছতহে ইয়ালৈ আহিছে । গতিকে মই Quarantine হব নালাগে । পিছে প্ৰবলেম টো হৈছে সেই কম্পুটাৰ expert টো লৈহে । কাৰণ তেঁওৰ সৈতে একে নামৰ বেলেগ এজনৰো বেমাৰ টো হৈছিল । সেইজন হস্পিটেলত এতিয়াও আছেই । কিন্তু এই কম্পুটাৰ expert  ক মৃত্যু নোহোৱাকৈয়ে হস্পিটেলত ডেদ বুলি কৈ দিলে নহয় । তেওৰ গাত বেমাৰটো আছেই এতিয়া ।আপুনি এইকেদিন তেওঁৰ লগত সনাপিঠা হৈ কম্পুটাৰ শিকিছিল নহয় থাকক এতিয়া ১৪ দিন Quarantine ত ।

চিত্ৰগুপ্তৰ কথাত সভাত উপস্থিত সকলো তাপ মাৰিলে ।

ডা: মৃদুল শৰ্ম্মা

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

4 + 3 =