বিশ্বাসৰ – অবিশ্বাসৰ আঁৰত

দহে নক’লেও মাকৰ মন , আইজনীৰ ষষ্ঠ ইন্দ্ৰিয়ই যেন কিবা ভয়ংকৰ অশনি সংকেতহে দি আছে অহৰ্নিশে , এনে লাগি থাকিল তাইৰ । হওঁতেতো ল’ৰাকণ মোমায়েকৰ ঘৰলৈহে গৈছে , তাকো নিজ ককাদেউতাকৰ লগত , ইপিনে আইজনীৰ মানুহজন বুধিন আজি দহদিনমানেই হ’ল , নৈ সিপাৰলৈ যোৱা , সিটো নৈখনৰ ইপাৰ – সিপাৰ কৰিয়েই থাকে , তথাপিও কিয় জানো তাইৰ অন্তৰাত্মা কপি আছে এইকেইদিন ।

এখন ভৰা ঘৰৰ বোৱাৰী আইজনী , শহুৰ – শাহু – দেওৰ – ননদেৰে ভৰি থকা ঘৰ তাইৰ । তাৰোপৰি তাইৰ নিজৰে দুজনীকৈ ছোৱালী আছে , এজনীয়ে এইবাৰ বহাগতে গাত কাপোৰ ল’লে , আনজনীয়েও কোনদিনা খবৰ শুনাই তাৰ ঠিক নাই । ইপিনে ডাঙৰজনীক বিচাৰি আজিকালি ইযোৰা – সিযোৰা আহি থাকে , হয়টো তাইকো বছৰেকৰ ভিতৰতে দিবই লাগিব । অৱশ্যে , ছোৱালী দুজনী আছে কাৰণে তাই অলপ ৰেহাই পাই কামবোৰৰপৰা । গৰুৱে – গায়ে – হাহেঁ – পাৰই ভৰা ঘৰ এইখন , এইবাৰ যেনিবা হালোৱা ল’ৰাটো নিগাজিকৈ থাকিবলৈ লোৱাৰপৰা তাইৰ গৰু – গাইৰ পিনে নাচালেও হৈছে । শাহুয়েকে সিজোৱা – কৰা কৰে যদিও বাকী গোটেইখনটো তাইৰে ওপৰতেই ন্যস্ত । দেওৰ এটাৰ বিয়াৰ কথাও চলি আছে , তাৰ বিয়াখন হৈ গ’লেও তাই অলপ সকাহ পাব , ইপিনে ননদ দুজনী নামতহে আছে , কোনোকামতে হাত নিদিয়ে তাহাঁতি , এনেয়ে পৈয়েকৰ ঘৰৰপৰা খেদা খাই অহা নাই । তাৰোপৰি আইজনীৰ মৰমৰ তাতঁখনটো আছেই , য’ত সময় পালেই বহি তাইৰ মনৰ হেপাহবোৰ ফুলৰ চানেকিৰে পুৰ কৰে । এইটোয়েইটো তাইৰ পছন্দৰ কাম , বাকী বনাই – সিজাই যদিও ভালপায় , শাহুৱেকে ভাতৰ চৰু এৰি দিয়া নাই তাত তাই ভালেই পাইছে , নহ’লে কেনেকৈ আত মাৰিলেহেঁতেন তাই অ’ত’সোপা কামৰ তাকো অকলে – অকলে ।

এহ , কিনো হৈছে , আজিচোন সূঁতাও বাৰে – বাৰে চিগিছে , আৰু এই কাউৰীজাককনো আজি পাইছে কিহে , অথনিৰেপৰা ৰমলিয়ায়েই আছে । আইজনীয়ে এইবাৰ তাতঁৰ শালৰপৰা উঠিল , মনতে ভাবিলে , যাহ আজি নহ’বোৱেই ইয়াত , বহিলেহে সূতাঁ ছিঙিব । তাইগৈ তাহাঁতৰ খেৰী ঘৰটোৰ সিমুৰ পালেগৈ এইবাৰ , ৰ’দত শুকোৱা কাপোৰকেইটা লৈ ওভতিল , তেনেতে তাই দেখিলে এটা ক’লা মেকুৰী বৰঘৰলৈ সোমাই গৈছে , তাই মেকুৰীটোক দেখি যেনেকৈহে চিঞঁৰিলে শাহুৱেকো উধাতু খাই আহিল ——

: কি হ’ল অ’ আইজনী , কিয় এই মৰ – চিঞঁৰটো মাৰিছ’ ? — তাই শাহুৱেকক একো নকৈ মাথো মেকুৰীটোলৈ আঙুলিয়াই দেখুৱালে , শাহুৱেকে মেকুৰীটোক দেখাৰ মাত্ৰকে হাতত থকা বিচনীখনকে দিলে তাৰ গালৈ মাৰি —–

: আপদটো , এইবাৰ কি আপদ চোচঁৰাবলৈ আহিছ’ ? — তেওঁৰ বিচনী পৰিল এফালে মেকুৰী পলাল সিপাৰে , এইবাৰ তেওঁ বকি – বকি বিচনীখন বুটলি আনিলেগৈ ।

: একো নহয় অ’ আই , পৰভূক চিন্তা কৰ , তেৱাই সকলো বুজিছ’ —– আইজনীয়ে এইবাৰ কাপোৰবোৰ লৈ যাৰ কাপোৰ য’ত তেনেকৈ থ’লেগৈ ।

ইয়াৰ আগৰ বছৰ এনে এটা ক’লা মেকুৰীকে দেখিছিল শাহুয়েকে , যিদিনা তেওঁ তেওঁৰ নুমলীয়া পুতেকক হেৰুৱাইছিল । আইজনীৰ কপালত বিন্দু – বিন্দু ঘাম বিৰিঙি উঠিল । তাই গৈ একোবত মাটিতে পাটি এখন পাৰি বাগৰ দিলেগৈ । মনতে ভাবিলে , এই ক’লা ৰঙৰ মেকুৰীটোক ভগৱানে এই ৰঙেৰে কিয় স্বজিলে বাৰু , আৰু ক’ত’ ৰং আছে পৃথিৱীত , অথচ তাক সৃষ্টি কৰোতে এইটো ৰংহে বাচি ল’লে তেওঁ । আৰু লক্ষী আইৰ বাহক ফেচাঁই নিউ নিউ কৰে যে সি কেনেকৈ নৰিয়াত পৰাজনৰ আয়ুস যে শেষ হ’বৰ হ’ল গম পায় ! সচাঁই কথাবোৰ ভাবিলে আচৰিত লগা ।

: আই , অ’ আই , কি হ’ল তোৰ ? কি কৈ আছ’ তই —- সৰু জীয়েকৰ মাতত আইজনী সাৰ পাই উঠিল । ছেহ , আজি এই ভৰ দুপৰীয়াতে কিহৰ মৰটোপনি আহিল বাৰু তাইৰ , তাই জীয়েকক ক’লে ——

: যাচোন তৰা , ৰঙাপানীকনৰ যোগাৰ আজি তয়ে কৰ , আৰু এই ফুল ক’ত গ’ল ?

: নাজানো তাই ক’ত গ’ল , অথনি জেতুকা এসোপা পিহিবলৈ লোৱা দেখিছিলো নহয় , তাকে লেপি ক’ৰবাত বহি আছে চাগৈ —– সৰুজীয়েক তৰাই কথাকেইটা কৈ কৈ বৰঘৰ পালেগৈ , আইজনীয়ে মনতে ভাবিলে এই ফুলৰ কিহে পাইছে বাৰু তিনিদিনীয়া গাত সেইসোপা লগাবলৈ !

তৰাই ৰঙাপানী বনাই গুৰ অকণৰ সৈতে প্ৰথমে আইতাক আৰু ককাদেউতাকক দিলেগৈ , ককাদেউতাকৰ গাটো বৰ ভাল নোহোৱা দেখি দুয়ো নিজৰ পাটিতে পৰি আছিল । মাকক তাই পিছবাৰাণ্ডাতে ৰঙাপানীকন দি পেহিয়েকদুজনী আলহী খাবলৈ গ’ল বুলি ক’লে মাকক । এৰা , ঘৰখনত মানুহ সৰহ হ’লেনো কি হ’ব , দিনৰবেলা দেওঁৰ দুটা নিজৰ কামক লৈয়ে ব্যস্ত থাকে , আজি তাহাঁতি চাপৰিলৈ গৈছে জেওৰা দিবলৈ , ননদ দুজনী থাকিও নথকাৰ দৰেই , বাকী ফুল আৰু তৰা আৰু তাহাঁতৰ পিছতে পেটমোচা ল’ৰাকণ থাকিলে ঘৰখন গিজগিজাই থাকে , এইকেইদিন সিয়ো নাই , ঘৰখন একেবাৰে উৰুঙা – উৰুঙা লাগি আছে তাইৰ । আইজনীয়ে এইবাৰ তামোলৰ বটাতো লৈ শাহুৱেকৰ কাৰণে তামোল অকন চকলিয়াবলৈ ধৰিলে । তাইৰ মনটো কিন্তু অশান্তই হৈ থাকিল আগৰদৰেই ।

: ব’ল বুলিছো ব’ল , আজিয়েই ব’ল —- হালোৱা ল’ৰাজনে কাৰোবাক কৈছে , কৈছে মানে ঠিক কোৱা নহয় জোৰ দিছে ।

: ৰ’বাচোন , এই চুৱা গাৰে কেনেকৈ যাম হে মই , আগে চুৱাটো যাবলৈ দিয়া ।

: এহ , থ তোৰ চুৱা , তই ঘৰৰ মানুহক বুৰ্বক বনাব পাৰিলেও এই যতীনক নোৱাৰ’ বুজিছ , ময়ো জানো তোৰ এইবোৰ যে ফাঁকি ।

: হঁওটোতেটো এয়া ফাঁকিয়েই , কিন্তু আইহঁতে মই গা মুৰ ধুই আছো বুলিয়েইতো জানে । আৰু মই নিবিচাৰো তেওঁলোকে মই তোলৈ যোৱাৰ আগতেই লেথা লগালো বুলি জনাতো । সেয়ে কৈছো আৰু তিনিটা দিন ৰৈ দিয়া , মই তিনিদিনৰ পিছতেই তোমাৰ হৈ সেন্দুৰ পিন্ধিম ।

: হুহ , দেখিছো দে , মনত ৰাখিবি তই , পেটত লেথা লগাই দুমাহ হ’ল তোৰ ——- হালোৱা যতীনে ক্ষোভ উজাৰিলে আইজনীৰ বৰ জী ফুলৰ আগত এইবাৰ ।

…………………………………

: কি কৈছে আপুনি এইবোৰ ? আৰু পিতাই তই ………… ——- আইজনী ঘপককৈ সৰি পৰিল । মধ্য নিশা যি ওচৰতে আছিল সিয়েই নি পানী দিছে তাইৰ মুৰত , কোনোৱে আকৌ বিচনীৰে বা দিছে , কিন্তু আইজনীৰ সাৰ – সুৰ হ’লে নাই । খন্তেকতে ঘৰখন এখন মৰিশালীলৈ ৰূপান্তৰিত হ’ল , আইজনীৰ গিৰিয়েকে মাথো অপৰাধ স্বীকাৰ কৰি শিলৰ মূৰ্তিৰ দৰে বহি পৰিল পিৰালিতে । ইপিনে দুই বিয়ৈ – বিয়নিৰ মাজত কথাৰ কটা – কটি , কান্দোন শব্দ ভাহি আহিল । আইজনীৰ সৰু জীয়েকে তৰাই অৱশেষত কথাবোৰ সহিব নোৱাৰি দদায়েকক সাৱতি ৰাউচি জুৰিবলৈ ধৰিলে । মাজনিশাৰ নিস্তব্ধতাত এই শব্দ বহুদুৰ শিপাই গ’ল । ওচৰ – চুবুৰীয়াও আহি তাঁহাতৰ ঘৰ ভিৰ কৰিলেহি । কোনোৱে যদি ভাবিলে আইজনীৰ শহুৰেকৰ কিবা হ’ল বুলি , কোনোৱে আকৌ ভাবিলে নৈ সিপাৰলৈ যাঁওতে আইজনীৰ গিৰিয়কৰে অঘটন ঘটিল বুলি । অথচ , কোনোৱেও ভুলতো ভবা নাছিল যে দুদিন মোমায়েকৰ ঘৰলৈ থাকিবলৈ যোৱা ল’ৰাকন আৰু ঘূৰি নাহিবই বুলি । তাকো এনে এটা কাৰণত যিটো বিশ্বাস কৰিবলৈয়ে কঠিন । কিন্তু , সমাজৰ নিয়মক ওভটি ধৰিব কোনে ? অৱশ্যে , বগা চাহাবে এইবাৰতেই এই নিয়ম শেষ কৰিব লাগিব বুলি চমন জাৰি কৰিছে , হয়টো অহা বছৰৰপৰা আৰু এনেকৈ কাৰো কোলা উদং নহয় , কিন্তু আইজনীৰ কোলাটো উদং হ’লেই , কোনে পুৰ কৰিব পাৰিব তাইৰ উদং কোলা !

হয় , নৈ পাৰ হৈ দুদিনৰ বাট , অৱশ্যে বগা চাহাবৰ দৰে ঘোৰা দৌৰালে হয়টো এদিনতে পাবগৈ ঠাইডোখৰ । বৰ জয়াল থান সেইখন , বছেৰেকে প্ৰতি যদি এজন বলিত নাযায় থানত কোনেও ভৰি দিবই নোৱাৰে । ইপিনে আইজনীকো আনিছিল নৈ সিপাৰৰপৰাই , তথাপিও তাঁহাতৰ গাঁৱৰ পৰা বহু দূৰৈতহে আছে থানভাগ , একেবাৰে পাহাৰৰ গাতে লগাকৈ । আইজনীহতঁৰ গাৱঁৰপৰাই তালৈ প্ৰায় দেৰ দিনৰ বাট , বাটনো কি আৰু , হাবিৰ মাজে – মাজে লুং – লুঙীয়া বাট , ঠায়ে – ঠায়ে হিংস্ৰ প্ৰাণীৰো আতংক নথকা নহয় । তথাপিও , সকলো নেওচি মানুহৰ আগমন হয় সেই থানখনলৈ , বিশেষকৈ বছেৰেকৰ সেই বিশেষ পূৰ্ণিমাৰ দিনটোত , যিটোত এজনে থানখনৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়ে । আইজনীৰ শহুৰেক আৰু পিতাইক ডেকাকালতে হেনো এবাৰ গৈছিল তালৈ , তাৰপিছত তাহাঁতৰ ঘৰৰ কোনো কেতিয়াও তালৈ যোৱা নাই , যেন সেই ঠাইৰ নাম ল’লেই ভয়ত নোম শিহৰিত হৈ আহে । আৰু এইবছৰৰ বলিত আইজনীৰ ল’ৰাকনহে পালে উঠাবলৈ , সিটো মোমায়েকৰ ঘৰত থাকিবলৈহে গৈছিল ককাদেউতাকৰ হাতত ধৰি , যোৱাৰ বেলাও মাকক চিঁঞৰি – চিঁঞৰি কৈ গৈছিল তালৈ বুলি ফেহু থৈ দিবলৈ , অথচ সি আহিল এটা খবৰ হৈহে , তাকো নিজ পিতাইৰ মুখৰ খবৰ হৈ ।

কি পাকচক্ৰত গৈ ল’ৰাকন বলিত গ’লগৈ , কোনেও যেন ভালকৈ ধৰিবই নোৱাৰিলে । মোমায়েকৰ ল’ৰাকেইটাৰ লগতেই টাংগুটি খেলি থকা ল’ৰাটোক যেতিয়া পিতাক বুধিনে আনিবলৈ গ’ল , তেতিয়াহে বিচাৰ – খোচাৰ চলিল । পাছত যেতিয়া গম পোৱা গ’ল ল’ৰাকনক থানলৈ নিয়া হৈছে বুলি , পাগলৰদৰে বুধিন – আইজনীৰ পিতাক আৰু ভায়েকহঁতো দৌৰিল থান অভিমুখে , অশেষ কাকূতি – মিনতিও কৰিলে তেওঁলোকে ল’ৰাকনক ঘূৰাই দিবলৈ , কিন্তু যেতিয়া থানৰ পিনৰ পৰা কোৱা হ’ল এবাৰ বলিৰ বাবে উৎসৰ্গিতক কোনোকাৰণতে ঘূৰাই দিব নোৱাৰে বুলি , তেতিয়া বগা চাহাবলৈ চায়ো অনুৰোধ কৰিছিল ল’ৰাকনক উদ্ধাৰ কৰিবলৈ , কিন্তু চাহাবেও ” দিচ ইজ ফৰ লাষ্ট টাইম ” বুলি গা এৰা দিলে । ল’ৰাকনক উদ্ধাৰ কৰিবলৈ যোৱাসকলে চাহাবৰ ভাষা বুজি পোৱা নাছিল প্ৰথমে , পাছত চাহাবৰ লগুৱা এজনে ভঙাই কওঁতেহে তেওঁলোকে ধৰিব পাৰিলে যে ল’ৰাকনক ঘূৰাই পোৱা আৰু অসম্ভৱ । অৱশেষত , ককাদেউতাক – পিতাক বুধিনৰ সন্মুখতেই সকলো কৰ্ম কৰি পৰাশ্ৰিত কৰা হ’ল ল’ৰাকনক , আৰু সময়ত থানলৈ বুলি উৎসৰ্গিত হ’লগৈ । উদ্ধাৰটো কৰিব নোৱাৰিলেই , তাৰ চিন এটাও আনিব নোৱাৰিলে তেওঁলোকে , মাথো আন – আন ভক্তৰ দৰে সকলো চাই উভতি আহিল তেওঁলোক ।

সেই কালনিশাটোত যে আইজনীয়ে নিজৰ এটা সন্তানকেই হেৰুৱালে এনে নহয় , সেইনিশাটোতে ফুলেও গৈ যতীনৰ লগত সংসাৰ কৰিলেগৈ । অৱশ্যে , পৰিস্থিতিৰ ধামধুমীয়াত ফুল যে ঘৰত নাই সেইকথা গম পাবলৈও মানুহখিনিক বহুত সময় লাগিল । সকলোৱে একে মুখে তাইকেই গৰিহণা দিলে মাকক এনে অৱস্থাত এৰি পলাই যোৱাৰ বাবে , কিন্তু প্ৰকৃততে তাই যতীনৰ লগত পলাই যোৱাৰ ঘণ্টাচেৰেকৰ পাছতহে মধ্যনিশা তাইৰ পিতাক বুধিন শহুৰেকৰ সৈতে ঘৰত উপস্থিত হৈছিলহি । আৰু যিমানেই যি নহওঁক তাইৰোতো ভাই বুলিবলৈ এটাই আছিল , যেতিয়া তাইক এই দুঃসংবাদটো যতীনে দিছিলগৈ তাইৰো চকুপানীৰে বাট নেদেখা অৱস্থা হ’ল । যতীনৰ হাজাৰ বাধাক নেওচি তাই আহিছিলো এৰি থৈ যোৱা ঘৰখনলৈ , কিন্তু তাই তেনে এটা অৱস্থাত ঘৰখনক অথাই সাগৰত পৰি থাকিবলৈ এৰি দি পলাই যোৱা বুলি দুগুণ অপমানহে কৰিলে সকলোৱে । কিন্তু , আইজনীয়ে হ’লে একো নক’লে , বুধিনেও একো নক’লে , কিয়নো কিবা কোৱা বা শুনাৰ অনুভূতিবোৰ যে সিহঁতৰ সেইকালনিশাটোতে চিৰদিনৰ বাবে লুপ্ত হৈ থাকিল সেইবাবেই ।।

✍️ উজ্জ্বলা বৰদলৈ

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

27 − 23 =