নিকৃষ্ট মানসিকতা

নাজানো কিয় আজিকালি এনে হ’বলৈ ধৰিছে মোৰ লগত ! দুদিন আগলৈকে যি মোক সন্মানৰ দৃষ্টিৰে চাইছিল অথবা যিসকলে বোৱাৰী বুলি সমীহ কৰি চলিছিল , সেইসকল লোকৰো কিন্তু আজিকালি মোলৈ বুলি বহুত চিন্তা । সেয়া লাগিলে মোৰ দেওৰ সম্পৰ্কীয়ই হওঁক নতুবা শহুৰৰ বয়সৰে খূড়া সম্বোধন কৰা লোকেই হওঁক। মুঠতে আজিকালি মোক লৈ মোতকৈ বেছি এইসকলৰহে চিন্তl । অথচ , মই তেওঁলোকতকৈ আৰ্থিক দিশত আগবঢ়া , মোৰ দুটা সন্তানৰ সৈতে মোৰ জীৱনো এতিয়া অধিক ব্যস্ততাৰে ভৰা , তেনেক্ষেত্ৰত তেওঁলোকৰ মোলৈ বুলি এনে অনাহকতে চিন্তা কিয় ? ওহো , প্ৰকৃততে কোনেও কাৰো বাবে অনাহকতে চিন্তা নকৰে , এনে ভুৱা চিন্তাৰ আঁৰত সকলোৰে মনত স্বাৰ্থ লুকাই আছে । হয় স্বাৰ্থ , ভিন্নজনৰ ভিন্নমনত কিন্তু মোলৈ বুলি একে প্ৰকাৰৰ স্বাৰ্থ ।

সুব্ৰতই ঠিকেই কৈছিল , মানুহ সুবিধাবাদী প্ৰাণী বুলি , কিন্তু তেওঁ হয়টো এয়া ভুলতো ভবা নাছিল এসময়ত মই তেওঁৰ বন্ধুৰপৰাই অন্তৰ্বাস উপহাৰস্বৰূপে পাম বুলি । আৰু সৰু দেওৰ মনোজৰ লগৰ সেই ল’ৰাটোযে, নামটো জানো কি আছিল , বেংগলী সম্প্ৰদায়ৰ হোৱা বাবে সি আগতেও ভৰি চুই সেৱা কৰে আমাৰ দুয়োজনকে , কিন্তু এইবাৰ সি যেতিয়া ভৰি চুৱে তাৰ হাত হ’লে মোৰ কলাফুল পায়হি । মোৰ অনুভৱ হয় , মাথো এটা বছৰতে মই কিমান মানুহৰ মুখাৰ আঁৰৰ প্ৰকৃত মুখখন দেখিবলৈ সক্ষম হ’লো । ছিঃ , কেতিয়াবা কিয়নো মানুহ হৈ জনম ল’লো তাক ভাবিও ঘৃণা উপজে মনত ।

মই চিত্ৰলেখা দুৱৰা , স্থানীয় কলেজখনৰ বুৰঞ্জীৰ অধ্যাপিকা । কলেজৰ ভিতৰত মোৰ সন্মানেই সন্মান , কিন্তু ঘৰ আহি পালেই , বিশেষকৈ ৰাতিৰ বেলা মোবাইল খুলিলেই কলেজৰ কলিগকেইজনমানৰ পৰা পাওঁ যৌনগন্ধী মেছেজ । অথচ , মাথো এবছৰ আগলৈকে মোৰ লগত কিন্তু কোনোদিনে কোনোজনে এনে ব্যৱহাৰ কৰা নাছিল । এইসকলৰো মোলৈ বুলি এনে আচৰণৰ কাৰণ কিন্তু ভিন্ন – ভিন্ন নহয় , কাৰণ এটাই , এবছৰৰ আগলৈকে মই সধৱা আছিলো , আৰু এতিয়া মই এগৰাকী বিধৱা মহিলা । হয়টো নাৰী জাতিক সন্মান কৰিব নজনা সেইচামে ভাবে যে মই আজিকালি অতৃপ্ত হৈ থাকো , মই যৌনক্ষুধাত আক্ৰান্ত – ক্ষুধাতুৰ , সেয়ে সেইসকলে মোৰ এই অসম্পূৰ্ণতাক সম্পূৰ্ণ কৰিব বিচাৰে l প্ৰকৃততে তাতেই যে তেওঁলোকৰো উদ্দেশ্য সিদ্ধি হ’ব , আৰুনো কি !

মৌচাকৰ লগত মোৰ প্ৰেমবিবাহ হৈছিল , কিন্তু বিয়াৰ পিছতহে মই তাৰ প্ৰকৃত স্বৰূপ গম পাওঁ । প্ৰথমাৱস্থাত মই হতাশ হৈছিলো যদিও পাছত তাক বুজাই – বঢ়াই শুদ্ধ পথলৈ আনিব পাৰিম বুলি ভাবি বহু চেষ্টাও কৰিলো , এনেদৰে তাৰ লগতে মোৰ দুটাবছৰো বাগৰিল , অথচ মৌচাক সলনি নহ’ল । উপায়ান্তৰ হৈ অৱশেষত মই সেই বিশেষ সিদ্ধান্তটো ল’বলৈ বাধ্য হ’লো যিটো কোনো ছোৱালীৰে সপোনত নাথাকে ।

আজি এবছৰেই হ’ল মৌচাকৰ লগত মোৰ ডিভোৰ্চ হোৱা l ইতিমধ্যেই মই মনতে ঠিক কৰি ল’লো যে জীৱনত আৰু কেতিয়াও কোনো পুৰুষক বিশ্বাসত নলওঁ , নিজেই কিবা কৰি খাম , কিন্তু কোনোদিনে কাৰো ঘৈনী হ’বলৈ নাযাওঁ । অৱশ্যে মোৰ এই সিদ্ধান্তত মোৰ ঘৰৰ মানুহ সন্তুষ্ট নহয় , তেওঁলোক কেনেকৈনো সন্তুষ্ট হ’ব , তেওঁলোকক যে মোৰ ভৱিষ্যতৰ নিৰাপত্তাৰ চিন্তাই খাইছে । অৱশ্যে ময়ো আজি এবছৰে গম পাই গৈছো , এইখন সমাজত এগৰাকী ডিভোৰ্চীৰ স্থান ক’ত! কি বুলি দহে ভাবে মোৰ দৰে বিবাহ বিচ্ছেদিত নাৰীবোৰক ! অৱশ্যে , সেই লৈ মোৰ কোনো অসুবিধা নাই , কিন্তু অকলশৰে ওৰেটো জীৱন কটাবলৈ হ’লে মই নিজৰ ভৰিত ঠিয় হোৱাৰ লগে লগে নিজক নিজে ভোকাতুৰ ৰাক্ষসসোপাৰপৰা ৰক্ষা কৰাৰ কিটিপবোৰো আয়ত্ত কৰিব লাগিব । যাৰ বাবেই আজি ছমাহে মই মাৰ্চেল আৰ্টৰ প্ৰশিক্ষণ লৈ আছো , আৰু মনতে পন কৰিছো আজীৱন মই ইয়াৰ চৰ্চা কৰি যাম ।

মই সীমাৰেখা বৰুৱা , পেছাত মই এগৰাকী এচিচ্টেণ্ট পিজিঅ’থেৰাপিষ্ট l মোৰ ঘৰত এতিয়া মোৰ মা – দেউতা কোনোজনেই নাই , মোৰ ল’ৰাটোৰ ছয় বছৰ হওঁতে তেওঁলোক দুয়োকে মই হেৰুৱালো l এতিয়া যদিও নিজা বুলিবলৈ দাদা এজন আছে কিন্তু মই কোনোদিনে তাৰ বোজা হোৱা নাই । আঁতৰে – আতৰে আছো বাবেই বৌৰ লগতো মোৰ সম্পৰ্ক ভাল । এতিয়াটো মোৰ ল’ৰা প্ৰথমো ডাঙৰ হৈ আহিছে । মা – দেউতা নোহোৱা হোৱাৰে পৰা মই আৰু সি ইটো সিটোৰ লগৰী । তথাপিও যেতিয়াই কোনোজনে গম পায় মই ডিভোৰ্চী বুলি তেওঁলোকৰ চকুৰ চাৱনি মিনিটৰ ভিতৰতে সলনি হৈ পৰা মই লক্ষ্য কৰো প্ৰায়েই। ইপিনে মোৰ পেছাই হৈছে ৰোগীক চুই চিকিৎসা কৰা , তেনেস্থলত মই তেনে এজন কামুক ৰোগীক কেনেকৈ ট্ৰিটমেণ্ট দিওঁ সেয়া মাথো মইহে জানো । তেওঁলোকৰ সেই লেতেৰা চাৱনিয়ে যেন মোক কৈ যায়, তুমিটো ( অশ্লীল )পোৱা তিৰোতা , পুনৰ এবাৰ মন নাযায় নে তোমাৰ !

ক্লাছ টেনত এটা শীতল পুৱাত কুঁৱলি ফালি – ফালি মই টিউচনলৈ বুলি গৈ আছিলো । কিন্তু , যেতিয়াই মই সেই হাবিতলীয়া ঠাইডোখৰ পাওঁ মোক দুজনমান মুখ ঢকা লোকে আগচি ধৰিলেহি । মই কিবা এটা কৰিবলৈ বুলি লওঁতেই তাৰে এজনে মোক দাংকোলাকৈ লৈ যায় হাবিৰ ভিতৰলৈ বুলি , আন এজনে আকৌ মোৰ চাইকেলখনৰ লগতে বেগটোও সামৰি আনে । মোক দাংকোলাকৈ দাঙি নিয়াজনে মোক নি য’ত নমালেগৈ , মই দেখিলো তাত আৰু দুজন মানুহে পানীকাপোৰ এখন মাটিত পাৰি ৰৈ আছে । মোৰ বুজিবলৈ একো বাকী নাথাকিল যদিও কৰিবলৈয়ো একো বাকী নৰ’ল , চাৰিওজনে মিলি মোক এনেদৰে খাবলৈ ধৰিলে যে বহুদিন যেন তেওঁলোকে নাৰীদেহৰ সোৱাদ পোৱাহে নাছিল । এটা সময়ত এজন এজনকৈ চাৰিজন মানুহে মোৰ কোমলীয়া দেহাটোক উপভোগ কৰি উঠি গ’ল । লগতে মোকো পুনৰ কাপোৰ কানি পিন্ধি ল’বলৈ কৈ পুনৰ হাবিৰ মাজৰপৰা মোক চাইকেলৰ সৈতে উলিয়াই আনে l যাবৰ সময়ত তেওঁলোকে মোক এটাই কৈ যায় যে মই ভুলতো যাতে মুখ নোখোলো । ময়ো ভাবিছিলো কাকো একো নকওঁ বুলি , কিয়নো মোৰ ভয় হৈছিল মোৰ এই ঘটনাৰ কথা গম পালে দেউতা আৰু জীয়াই নাথাকে বুলি , পিছে চাৰিজনকৈ পুৰুষে ঠান – বান কৰা দেহাৰে মই বেছি দুৰ যাবই নোৱাৰিলো , মুৰটো আচন্দ্ৰাই কেনেকৈনো সৰি পৰিলো ৰাস্তাৰ মাজ – মজিয়াত মই হ’লে গমেই নাপালো ।

মোৰ জীৱনত সেই দূৰ্ঘটনাটো ঘটাও আজি দহ বছৰ হ’ল , দোষীয়ে জেলো খালে , মইটো বদনামী হ’লোৱেই , মোৰ লগতে মোৰ ঘৰখনো বদনামী হ’ল , অথচ সেই ঘটনাটোত আমাৰ হ’লে কোনো দোষ নাছিল। তথাপিও মই জীয়াই আছো , এতিয়া সৰুকৈ হ’লেও কৰ্ম সংস্থাপন এটাও গোটাই ল’লো । তথাপিও সেই ঘটনাটো ঘটাৰে পৰা বিভিন্নজনে বিভিন্নধৰণে মোক প্ৰলোভন দিয়া হ’ল । কোনোজনে যদি মোক ভাওনাৰ ৰাতি ঘৰত অকলে থাকিম নেকি সুধে , কোনোজনে আকৌ সৰু ছোৱালী বুলি বুকুৱে কপালে মৰম কৰিব বিচাৰে , এদিনটো এজন আদহীয়া ব্যক্তিয়ে মোক সুধিয়েই দিলে ” বাৰু তৰা কোৱাচোন , সেইদিনা যেতিয়া সেইকেইটাই তোমাক হাবিলৈ লৈ গৈছিল , তুমি কষ্টৰ মাজতো অলপো সন্তুষ্টি পোৱা নাছিলানে ? ” এজন বয়োজ্যেষ্ঠ লোকৰ মুখত এনে কথা শুনি সেইদিনা মই তেওঁৰ মুখলৈকে থুৱাই দিছিলো। ছিঃ , কিমান নিকৃষ্ট মানসিকতা এই বয়সতো,মই ভাবি পোৱা নাছিলো কাক বিশ্বাস কৰিম কাক নকৰিম । এজনী ধৰ্ষিতাৰ বাবে ধৰ্ষণৰ ক্ষণকেইটা কিমান যন্ত্ৰণাদায়ক হয় , তেনেস্থলত সেইক্ষণতনো কোনো ধৰ্ষিতাই যৌনসুখ লভিবনে !

এনে নহয় যে মোক চাবলৈ ল’ৰা নাহে , আহে ল’ৰা মোক চাবলৈ , কিন্তু যেতিয়াই মই ল’ৰাজনক আচুতীয়াকৈ মাতি মোৰ জীৱনৰ সেই পুৱাটোৰ কথা কওঁ তেওঁ আৰু দুনাই নিজেও নাহে – কোনো খবৰো নপঠিয়াই , কিয়নো কোনো পুৰুষেই এগৰাকী ধৰ্ষিতাক পত্নীৰূপত পাবলৈ নিবিচাৰে । তেওঁলোক নিজে যিয়েই নহওঁক কিয় , তেওঁলোকৰ পত্নী কিন্তু ভাৰ্জিন হ’বই লাগিব । যেন বহুগামিতা পুৰুষসকলৰ জন্মগত অধিকাৰ , অথচ কোনো নাৰী সেই পুৰুষৰে কামনাৰ বলি হ’লে তাই হ’লে ওৰেটো জীৱনৰ বাবে হৈ পৰে সকলোৰে বাবেই অস্পৃশ্য ।

জীৱনৰ সকলো প্ৰত্যাহ্বান নেওচি আগুৱাবলৈ চেষ্টা কৰা ময়েই ধ্যষিতা কম্পনা ভূঞা । এইযে মোৰ মোৰ নামৰ আগত যিটো শব্দ প্ৰয়োগ কৰা হয় , সেয়া কিন্তু মোক মোৰ আই – বোপায়ে দিয়া নহয় , মোৰ কোনো চাৰ্টিফিকেটতো এই শব্দটো উল্লেখ নাই । অথচ এই শব্দটো মোৰ বেলিকা আটাইতকৈ বেছি প্ৰয়োগ হয়। প্ৰকৃতাৰ্থত চাৰিজন পুৰুষে মোৰ দেহক দহ বছৰ আগতেই ধৰ্ষণ কৰি গ’ল , অথচ মোৰ মনক নাৰী – পুৰুষ সকলোৱে মিলি আজি দহবছৰ ধৰি ধৰ্ষণ কৰি গৈছে , আৰু সমাজৰ এনে মানসিকতাৰ বাবেই মোৰ দৰে কিমানজনী ধৰ্ষিতাই আত্মহনণৰ পথ বাচি লৈছে তাৰজানো হিচাপ কোনোবাই ৰাখিছে ! কিন্তু, মই তেনেকুৱা একো নকৰো , কিয়নো মোৰ দেহ পুৰুষতকৈ দূৰ্বল হ’ব পাৰে কিন্তু মন এশজন পুৰুষতকৈ শক্তিশালী।

✍️উজ্জ্বলা বৰদলৈ

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

83 − = 76