পুৰুষ মানেই

এখন সুন্দৰ গাৱঁলীয়া ঘৰ , আহল – বহল আগচোতাল – পাছচোতাল , আগচোতালৰ কাষে – কাষে যদি বিবিধ থলুৱা ফুলৰ গছ , পাছফালৰ বাৰীত আকৌ বিবিধ ফল – মূলকে ধৰি শাক – পাচলিৰ গছ । গোহালীত গৰু – পুখুৰীত মাছ , হাঁহ – পাৰৰ উপস্থিতিয়ে সজীৱ কৰি ৰখা এটা পৰিবেশ । তাৰোপৰি বছেৰেকৰ বাৰ মাহে লাগি থকা তাতঁশালখনে যেন সোণতেহে সোঁৱগা ৰচিছে। আগচোতালৰ এমুৰে পূবলৈ বুলি মুৰ কৰি থকা সৰু অথচ সুন্দৰকৈ লেপি – মুচি থোৱা গোসাঁইঘৰটো , তাৰ ঠিক সন্মুখতে তুলসীৰ ভেটিটো , য’ত বছৰৰ কেওটা মাহতে সন্ধ্যা চাকি জ্বলোৱা হয় । তাৰোপৰি আগচোতালৰে এমুৰে একাষৰীয়াকৈ থকা পাচঁটা প্ৰকাণ্ড ডাঙৰ ভঁড়ালে ঘৰখনৰ আৰ্থিক অৱস্থাৰ নিদৰ্শন দাঙি ধৰি আছে যুগ যুগ ধৰি । সেইখন ঘৰৰে একমাত্ৰ বোৱাৰী হৈছে ৰশ্মি , দেখাত যেনেকৈ চকুত লগা ব্যৱহাৰ – পাতিতো অতি অমায়িক , কাম – কাজত যেন তাইক কোনেও পিছ পেলাবই নোৱাৰিব , তাঁতৰ শালতো এনে পাৰ্গত যে গাঁৱৰ জীয়ৰী – বোৱাৰীৰ মুখে – মুখে আজি ৰশ্মিৰ নাম।

ৰমেশ্বৰ বৰা আৰু দময়ন্তী বৰাৰ এটাই পুতেক , নাম তাৰ ৰাম , পাচোঁজনীকৈ বায়েকৰ পিছত পেটমুচা ল’ৰা সি । সেয়ে সৰুৰেপৰাই অতি আদৰ – যত্নৰে সি লালিত – পালিত হৈছে । দময়ন্তী বৰাৰ গিৰীয়েক ৰমেশ্বৰ বৰা জীয়াই থাকোতেই পাচোঁজনীলৈ ছোৱালীক বিয়া দিয়ে যদিও ল’ৰাৰ সংসাৰখন চোৱাৰ ভাগ্য নহ’ল তেঁওৰ । হঠাতে হোৱা জ্বৰটোত মানুহটো সিপুৰী পালেগৈ । আচলতে , ঘৰখনৰ প্ৰথম তিনিজনী ছোৱালী দময়ন্তীৰ নিজৰ ভাগৰ নহয় , সতিনীৰ পিনৰহে । কিন্তু , যেতিয়া ৰমেশ্বৰ বৰাৰ ডাঙৰগৰাকী ঘৈনীয়েকৰ মৃত্যু হয় তেতিয়ালৈকে সেই ছোৱালী তিনিজনীৰ মাথো এজনীকহে বিয়া দিয়া হৈছিল , তাৰপাছৰ দুজনীৰ বিয়া দময়ন্তীয়েই মাহীয়েক হিচাপে নহৈ মাক হিচাপে দিয়ে । আচলতে , তেওঁলোক যদিও সমন্ধত সতিনী – একেজন মানুহৰে পত্নী আছিল , কিন্তু দুয়োজনীৰ মাজত বৰ মিলা – প্ৰীতি আছিল , সেয়ে ঘৰখনত সদায় এক শান্তিৰ পৰিবেশে বিৰাজ কৰিছিল । এনে পৰিবেশতে বায়েকহতঁৰ পিছে পিছে ৰামো ডাঙৰ হৈ আহে । সেইসময়ত ঘৰখনৰ ভাতৰ চৰুৰপৰা আৰম্ভ কৰি খেতি – খোলালৈকে সকলো কাম ভাগ কৰি লোৱা হৈছিল , সেয়ে কোনো অসুবিধা নোহোৱাকৈ ঘৰখন চালিত গৈ আছিল । আচলতে কামৰ এই ভাগ – বতৰা দময়ন্তীৰ শাহুৱেকেই কৰি দিছিল , তাৰোপৰি সেইখন আছিল পাচোঁজনীকৈ ছোৱালী থকা ঘৰ , সেয়ে কামৰ বাবে মানুহৰ নাটনি হোৱা নাছিল কোনোদিনেই । তাৰোপৰি গাঁৱৰ দুই – এগৰাকী দুখীয়া মহিলা মাত দিলেই আহিছিল । কিন্তু , একাদিক্ৰমে দময়ন্তীৰ শাহুৱেক , তাৰপিছতে সতিনীয়েক আৰু শেষত গিৰীয়েকৰ মৃত্যু হোৱাত ঘৰখন প্ৰায় উদং হোৱা দি হয়। তাৰোপৰি ছোৱালীবোৰকো এজনী এজনী কৰি যেতিয়া একোখন ঘৰলৈ উলিয়াই দিয়া হয় তেতিয়া ঘৰখনত মানুহ বুলিবলৈ থাকিল মাথো দুটাহে , দময়ন্তী আৰু তেওঁৰ পেটমুচা সন্তান ৰাম । সেয়ে যেতিয়া উদং ঘৰখন পুৰ কৰিবলৈ বুলি দময়ন্তীয়ে পুতেক ৰামৰ বাবে ছোৱালী বিচাৰিবলৈ লাগিল এদিন ৰামে নিজেই আহি মাকক ক’লেহি ৰশ্মিৰ কথা । কিয়নো ৰশ্মি আৰু ৰাম বছৰ ধৰি দুয়োটাই দুয়োটাক ভালপায় আহিছিল , তাতে ৰশ্মিও একো অজাতিৰ ছোৱালী নাছিল , সেয়ে দময়ন্তীয়ে কথাটো জনামাত্ৰকেই দুজনমান আত্মীয় লগত লৈ ছোৱালী খুজিবলৈ বুলি ৰশ্মিৰ ঘৰ গৈ পালেগৈ । অজস্ৰ মাটি – সম্পত্তিৰগৰাকী তথা স্বভাৱে – চৰিত্ৰই ভাল ৰামহেন ল’ৰা এটাকনো এৰে কি বুলি , তাতে তাৰ ঘৰৰপৰা স্বয়ং তাৰ মাকেই যেতিয়া প্ৰস্তাৱ আগবঢ়াই ৰশ্মিৰ মাক – দেউতাকৰ চিন্তা কৰিবলৈ আৰু একো নাথাকিল , গতিকে ছমাহৰ ভিতৰতে ৰামলৈ বুলি ৰশ্মিক বিয়া দি উলিয়াই দিয়ে তেওঁলোকে।

ৰশ্মি বিয়া হৈ আহিয়ে নতুন ঘৰখনৰ সকলো কাম নিজৰ আয়ত্বলৈ আনে । দময়ন্তীয়ে বোৱাৰীয়েকৰ গাত এনে লক্ষণ দেখি নিজেই তাইক সকলো বুজাই – বঢ়াই এদিন ঘৰখনৰ মুল চাবি – কাঠি হাতত গুজি দি কয় —–

: হু , এয়া ল’ , এতিয়াৰপৰা এই ঘৰ – বাৰী – মাটি সকলো তোৰ । মই জানো , তই পাৰিবি সকলো চম্ভালিবলৈ , কেতিয়াবা কিবা অসুবিধাত পৰিলে মোক ক’বি , ময়ো শাহুৱে গৰকা বোৱাৰীয়েই আছিলো , কিবা নহয় কিবা উপায় উলিয়াম । বুজিলি নহয় ?

: হ’ব আই , আপুনি লগত আছে যেতিয়া মোৰো চিন্তা কমিল , মই আপুনি কোৱাৰ দৰেই সকলো কৰি যাবলৈ চেষ্টা কৰিম , মাথো আশিৰ্বাদ কৰে যেন সদায়।—– এইবুলি ওৰণিখন টানি ৰশ্মিয়ে শাহুয়েকৰ চৰণ ষ্পৰ্শ কৰিলে ।

সেইদিন ধৰি ৰশ্মিয়ে যেনেকৈ ঘৰখন ধৰিলে যে ইমান সুন্দৰকৈ মাথো এজনী মানুহে এনে এখন প্ৰকাণ্ড ঘৰ ধৰাটো সাধাৰণ কথা নাছিল । সকলোৱে একমুখে তাইক লক্ষিমী বোৱাৰী আখ্যা দি গ’ল । এনেকৈয়েই দুটা বছৰ পাৰ হ’ল , দুটাকৈ বসন্ত আহিল আৰু গ’ল , কিন্তু ৰশ্মিয়েহে কোনো নতুন খবৰ নিদিয়াত দময়ন্তী চিন্তিত হৈ পৰিল । সেয়ে অকনো পলম নকৰি কিবা দায় – দোষ থাকি যাব পাৰে বুলি খণ্ডাবলৈ তেওঁ গৈ চিধাই সেই জাগ্ৰত শিৱথানখন পালেগৈ য’ত চাকি – বন্তি দিয়েই তেওঁ পুত্ৰ সন্তান লভিছিল l তাত থকা বাবাজনে সকলো শুনি বহু কিবা – কিবি দিহা – পৰামৰ্শ আগবঢ়ায় । আহিবৰ সময়ত দময়ন্তীয়ে গুৱাপানসহ মাননি আগবঢ়াই তেওঁৰ চৰণত দীঘল দি পৰে । ৰাম আৰু ৰশ্মিৰ মনলৈ হয়টো সন্তানৰ কথা অহাই নাছিল , মাকে আহি যেতিয়া সন্তানপ্ৰাপ্তিৰ বাবে কৰিবলগীয়া সকলোবোৰ কৰ্ম দুয়োটাকে ভালকৈ বুজাই দিয়ে তেতিয়াহে যেন তাহাঁতৰ গা লৰিল , তাৰপিচতেই দুয়োয়ে অতি ভক্তিৰে মাকে কোৱাৰ দৰেই সকলোবোৰ কৰ্ম কৰি যায় এটা – এটাকৈ ।

এতিয়া ৰশ্মি যিহেতু বিয়া হোৱা দুবছৰেই হ’ল , তাই আৰু সেই উৰণীয়া মনৰ ছোৱালীজনী হৈ থকা নাই । এতিয়া তাই এজনী দ্বায়িত্বশীল বোৱাৰী , যাৰ কাম তাঁতৰ শালৰপৰা আৰম্ভ কৰি খেতি – খোলালৈকে আছে । অৱশ্যে ৰামো সেই আগৰ ৰাম হৈ থকা নাই , বিয়া – বাৰু পাতি ঘৰ – সংসাৰ সকলোৰে দ্বায়িত্ব তাৰো মুৰৰ ওপৰলৈ আহিল । আচলতে , এই দুটা বছৰত ৰাম আৰু ৰশ্মি দুয়োৰে জীৱনলৈ বহুত পৰিৱৰ্তন আহে। এনেই নকয় নহয় ,’ গছ কাটিলেই মুঢ়া , বিয়া পাতিলেই বুঢ়া ‘ বুলি , ডেকাকালৰ নিচিনা জীৱন আৰু ক’তনো থাকে বিয়া পতাৰ পিছত !

শিৱথানৰ বাবাজনৰ দিহাই সোনকালেই ফল

দেখুৱালে , ৰশ্মিয়ে সুখবৰটো গৈ শাহুৱেকক দিলেগৈ । অৱশ্যে তেওঁ ইতিমধ্যেই হিচাপ কৰিয়েই থৈছিল , গতিকে এতিয়া বুঢ়ীক আৰু পায় কোনে ! বুঢ়ীৰ গা একেবাৰে সাতখন – আঠখন হোৱাদি হ’ল । ইটোহে নকৰিবি – সিটোহে নাখাবি – এইবোৰ খাবি আদি অলেখ উপদেশেৰে তাইক ভৰাই পেলালে তেওঁ । তাৰোপৰি ভাতৰ চৰুত তেওঁ নিজে সোমাই ঘৰৰ কাম – বনত সহায় কৰিবলৈ বুলি গাঁৱৰে আৰু দুজনী মহিলাও ল’লে নতুনকৈ । তেওঁ যে অকল ৰশ্মিকহে নীতি নিয়মেৰে বান্ধি পেলালে এনে নহয় , ৰামৰ ওপৰতো বহুত নিষেধাজ্ঞা লগোৱা হ’ল এইবাৰ । এনেকৈয়ে শাহুৱেকৰ আচপৈচানতে পাঁচ মাহত ভৰি দিলে ৰশ্মিয়ে, পঞ্চামৃতৰো ব্যৱস্থা কৰা হ’ল ইতিমধ্যেই । মাথো মাজে – সময়ে তেওঁ নিজে কেচুৱা পোৱা দিনবোৰৰ কথা কয় আজিকালি ৰশ্মিৰ আগত , আচলতে সতিনী বায়েক নথকা হ’লে তেওঁ যেন তিনিটা সন্তান জন্ম দিবই নোৱাৰিলেহেঁতেন । তেওঁৰ কথা শুনি ৰশ্মিয়েও ভাবে সতিনী ভাল হ’লে কিমান সকাহ , অথচ বেয়া হ’লে সকলো শেষ ।

: ৰশ্মি , তোক কথা এটা ক’বলৈ আছিল মোৰ — এদিন বাহিৰৰপৰা আহিয়ে ৰামে ৰশ্মিক ক’লে , ৰশ্মিয়েও সাতমহীয়া গাটো যেনে – তেনে লৰাই বহি ল’লে কিনো ক’বলৈ আছে গিৰিয়েকৰ তাইক তাকে শুনিবলৈ বুলি ।

: আজি তহঁতৰ গাৱঁলৈ গৈছিলো মই , আহোতে তহঁতৰ ঘৰতো সোমালো , বোলো আগতীয়াকৈ কৈ থৈ যাওঁ ৰুমিক সময়ত পঠিয়াই দিবলৈ । পিছে পিতায়ে মোক বেলেগ কথা এটাহে ক’লে দেখোন ।

: কি ক’লে পিতায়ে ? — ৰশ্মিৰ মুখত প্ৰশ্নবোধক চিন্তা এটা ষ্পষ্টকৈ দেখা গ’ল এইবাৰ ।

: পিতায়ে ক’লে ৰুমিক হেনো মোলৈ দিয়াৰ কথাই ভাবিছে তেওঁ l লগতে ক’লে ৰুমি এইখন ঘৰলৈ আহিলে তোৰো লগ এটা হ’ব বুলি , তাতে এনে সময়ত মানুহৰো দৰকাৰ হয় । ঘৰৰ মানুহ সদায় ঘৰৰেই , বাহিৰৰ মানুহৰ ওপৰত সকলো ভৰষাটো কৰিব নোৱাৰি । —— ৰামৰ মুখত এনে কথা শুনি ৰশ্মিৰ মুখৰ মাত হৰিল , হওঁতেটো তাইৰ নিজৰ দেউতাকেও তিনিজনী অনা , সেইবুলি নিজৰ মানুহটোক লোকৰ লগত কেনেকৈ ভাগ কৰে তাই ! লাগিলে যিমানেই আপোন ভণী নহওঁক কিয় , বিয়া কৰাই অনাৰ পিছত হ’বটো সতিনীয়েই । অৱশ্যে ঘৰখন চাবলৈ মানুহ লাগে, সেয়া তায়ো জানে । তাই ভাবিছিল যিহেতু গৰু – গাই চাবৰ বাবে হালোৱা ল’ৰাটো আছেই , এতিয়া গাঁৱৰে ৰহিমলা বাইৰ লগতে আৰু দুগৰাকী মহিলা আহে ঘৰুৱা কাম – বনত সহায় কৰিবলৈ বুলি , তাৰোপৰি আয়েই চৰু চম্ভালি আছে , গতিকে কেচুৱাটি জন্ম দি এমাহ অশৌচত সোমাই তাই আকৌ ঘৰখন ধৰিব পাৰিব । তেতিয়া কেচুৱা আইতাকে চাব , তাই সময়ত পিয়াহকন দিলেই হ’ল । কিন্তু , এইকণ সময়ৰ সুবিধাৰ বাবেই যদি সতিনী গোটাই অনা হয় , তাইটো গোটেই জীৱনটো নিজৰ মানুহজনক সেইজনীৰ লগতেই ভাগ বতৰা কৰি থাকিব লাগিব ।

ৰামৰ মুখেৰে ওলোৱা এই কথা গৈ দময়ন্তীৰ কাণত পৰিবলৈ বৰ বেছি পৰ নালাগিল , তেওঁ চিধাই পুতেকক মাতি সুধিলে —

: তই কি ভাবিছ’ ৰাম ?

: মোৰ কোনো আপত্তি নাই । — ৰামৰ এই ষ্পষ্ট উত্তৰ বেৰখনৰ সিপাৰৰপৰা কিন্তু ৰশ্মিয়ে ধুনীয়াকৈ শুনি থাকিল । তাই আচৰিত হ’ল এইবাৰ , এইজনেই সেই ৰাম নে , যি তাইক নাপালে দৈয়াঙত জাপ দিম বুলি কৈছিল !

একেবাৰেই সৰুকৈ নিয়ম এটা কৰি ৰশ্মিৰ আপোন ভণী ৰুমিক ৰামলৈ বুলি অনা হ’ল । ৰশ্মিৰ কোঠাৰ কাষৰ কোঠাটো ন ছোৱালীক দিয়া হ’ল । ৰাম এতিয়াৰ পৰা এই দুয়োটা কোঠাৰ নৈশ বাসিন্দা হ’ব ।

ইপিনে শাহুৱেকে নিজৰ শোৱাপাটী ৰান্ধনিঘৰৰ কাষলৈ নিলে মানে চোতালখনৰ সিটো ফাললৈ । এইটো ঘৰত থাকি গ’ল মাথো ৰাম , ৰশ্মি আৰু ৰুমি ।

আজি ৰাম আৰু ৰুমিৰ ফুলশৰ্য্যাৰ নিশা । সময়ত ৰাম গৈ ৰুমিৰ কোঠাত সোমালেগৈ , কাষৰ কোঠাত ৰামৰে সাতমহীয়া সন্তান পেটত লৈ অকলে অকলে পৰি থাকিল ৰশ্মি । নিশা গভীৰৰ পৰা গভীৰ হৈ আহিল , কিন্তু ৰশ্মিৰ চকুলৈ টোপনি অহাৰ কোনো লক্ষণেই দেখা নিদিলে । এসয়মত হয়টো চোতালৰ সিপাৰৰ ঘৰটোৰ কোঠা এটাত শাহুৱেকো টোপনিত লাল – কাল দিলে , কিয়নো এইকেইদিনৰ সকলো কামটো অকল শাহুৱেকেই কৰি গৈছে । তাইক একো কৰিবলৈ নাই দিয়া তেওঁ দেহত কষ্ট পায় বুলি , কিন্তু তাইৰ মনৰ কষ্টৰ কথা কিয় কোনেও অকনো নাভাবিলে ! এগৰাকী নাৰী হিচাপে তাইৰ এই মনোকষ্ট মাকে বুজিব লাগিছিল , কিন্তু নুবুজিলে , শাহুৱেকে বুজিব লাগিছিল , তেঁৱো নুবুজিলে , আৰু ৰাম …… , এই মানুহজনকনো আৰু কি ক’ব তাই ! তাইহে গৰ্ভৱতী হৈছে তেওঁটো হোৱা নাই, তেনেস্থলত তেওঁ কিয় সকলো ত্যাগ কৰিব ৰশ্মিৰ লগ দিবলৈ বুলিয়েই ! তাতে সদায় লগত থকাবোৰে এনেও আমোৱাই । ৰশ্মিৰ দুচুকৰে পুনৰ লোটক বৈ আহিল । একেটা ঘৰৰ একেখন চালিৰ তলতে এজনী গৰ্ভৱতীয়ে ওৰে নিশাটো কান্দি – কান্দিয়েই কটালে , অথচ সেই কোঠাটোৰ বেৰখনৰ সিপাৰে এহাল পুৰুষ – নাৰী লিপ্ত হ’ল আদিম কামনা পুৰণত। অথচ সেইসকল কিন্তু ৰশ্মিৰ বাবে কোনো পৰৰ লোক নাছিল , এজন যদি তাইৰ স্বামী আছিল আনগৰাকী আকৌ তাইৰে নিজৰ ভগ্নী ।

এনেদৰেই দিনবোৰ আগুৱাই গ’ল । আজিকালিটো ৰামে যেন পাহৰিয়েই পেলালে ৰশ্মি নামৰ সত্বাটোক , মাথো নৱবিবাহিতৰ নিচাত মচগুল হৈ কেৱল মাথো ন ঘৈনীয়েক ৰুমিতেই আবদ্ধ হৈ পৰিল মন মগজুৰে ।

: তই আকৌ কিয় কান্দিছ’ ? তোক মোৰ মানুহজনে আনোতে মোক কন্দা দেখিছিলি ? এতিয়া তেওঁক তয়ো আমুৱালি , সেয়ে আকৌ বিয়াৰ বাবে মন মেলিছে । পুৰুষ মানুহ , মন গ’লেই দহজনী আনিব পাৰে , তাতে তই এতিয়া গাভাৰী তিৰোতা , মোৰো কেচুৱাৰ মুতা কাপোৰ সলাওতেই ৰাতিটো যায় । গতিকে তেওঁ আন কাৰোবাক আনিব বিচাৰিছে , আনিবলৈ দে । —– সতিনীৰূপী বায়েক ৰশ্মিৰ কথাত ৰুমি চুপ হৈ ৰ’ল এইবাৰ , এৰা এতিয়া তাই কান্দি – কাটিনো কিটো পাব! ৰশ্মিয়ে ৰুমিলৈ চাই পুনৰ ক’লে —-

: চা ভণী , আমি হ’লো মাইকী জাত , আমাৰ বাবে মাথো এজনেই কিন্তু । পুৰুষ হোৱাৰ বাবেই পিতায়েও আনিছিল তিনিজনীকৈ তিৰোতা বিয়া কৰাই , শহুৰেও আনিছিল দুজনী , আৰু এতিয়া মানুহজনৰো হ’ব তিনিজনী । এনেও আমাৰ সমাজখনটো পুৰুষতান্ত্ৰিকেই , আগৰ ৰজা – মহাৰজায়ো বহুজনীক বিয়া পাতি ৰাণী কৰিছিল , গতিকে এয়া যুগ যুগ ধৰি চলি থকা এটা নিয়ম , য’ত মাইকীমানুহৰ চকুলোৰ কোনো মূল্য নাই । মই গৰ্ভৱতী হৈ থাকোতে তই জানো এবাৰ ভাবি চাইছিলি , তোৰ এনে আগমনে মোৰ কি অৱস্থা কৰিছিল! এতিয়া আকৌ একেটাই হ’বলৈ গৈ আছে । আচলতে দোষ পুৰুষৰ নহয় , দোষ আমাবোৰৰ গাতহে , কিয়নো আমি মাইকী মানুহখিনিয়েই ইজনীয়ে সিজনীৰ দুখ নুবুজো ! আৰু পুৰুষ জাতটো স্বভাৱতেই হ’ল বহুগামী । হয়টো ক’ৰ’বাত কোনোজনে নিজ পত্নীৰ শৰীৰক গুৰুত্ব নিদি কেৱল মাথো মনটোকহে ভালপাব পাৰে , তেনেক্ষেত্ৰত সেইজনৰ বাবে পুনৰ বিবাহৰ প্ৰশ্নই নাহে কোনোকালে , কিন্তু এনে পুৰুষ পাবলৈ বহুত কঠিন । মই যেতিয়া এইজনক ভালপাই আছিলো , তেতিয়া ময়ো ভাবিছিলো , এইজনেই তেনে এজন পুৰুষ বুলি । কিন্তু ক’তা , তেওঁটো মই ভবাৰ দৰে নোলাল । এয়া এপাচি শাকত এটা জলকীয়াৰ দৰেহে । —— বহুদিনপৰা মনত সাচি ৰখা ক্ষোভ – দুখৰ উদগিৰণ হ’ল ৰশ্মিৰ আজি । মনটোৱে যেন আজিহে অলপ শান্তি পালে , তেনে লাগি আহিল ৰশ্মিৰ ।

আজি ৰাম তৃতীয়বাৰৰ বাবে দৰা হৈ ওলাই গৈছে , ওভটি আহোতে লগত আৰু এজনী ঘৈনীয়েকক লগত লৈ আহিব তেওঁ , আৰু আগৰকেইবাৰৰদৰেই মাকে পুনৰ আদৰি আনিব ন বোৱাৰীক । আৰু ইচ্ছা থাকক বা নাথাকক , ৰশ্মি আৰু ৰুমিয়ে আদৰি ল’বই লাগিব সেই নতুন সতিনীগৰাকীক ।

ৰশ্মিৰ কেচুৱাকণৰ বয়স ডেৰ বছৰ হৈছে , ৰুমিৰ আকৌ গা নোধোৱা তিনিমাহেই হ’ল , হয়টো বছৰটোৰ ভিতৰত নতুনগৰাকীয়েও সুখবৰ জনাব , সুখী হ’ব শাহুয়েক , কিয়নো ইমান ডাঙৰ মাটি – বাৰী ভোগ কৰিবলৈ মানুহ লাগে , আৰু মানুহ এনেদৰেই বাঢ়ি এটা পৰিয়ালত । কিন্তু , এজন মাথো পুৰুষক লৈ ঘৈনীয়েকহঁতে কেনেকৈ খাইছে , কেনেকৈ মানুহজনক ভাগ – বতৰা কৰি লৈছে , ইয়াৰ খবৰ জানো কোনোবাই ল’ব ! কোনোজনীয়ে দুখ কৰিলে ক’ব , মাইকী মানুহৰ জীৱনেই এনেকুৱা অ’ , সহিবই লাগিব । আকৌ কোনোজনীয়ে যদি প্ৰতিবাদ কৰে তাই হৈ পৰিব সতিনীৰ লগত মিলিব নোৱাৰা তিৰোতা , মুঠতেই যিয়েই নহঁওক দোষ কিন্তু সদায় মাইকী মানুহৰ গাতে হ’ব । কোনেও কিন্তু এবাৰৰ বাবেও ভাবি নাচায় , নতুন ঘৈনীয়েকক পাই পুৰুষজনে আগৰ কেইজনীৰ প্ৰতি কেনে আচৰণ কৰিছে ! তেওঁলোকে কেৱল মাথো পুৰুষ হোৱাৰ বাবেই দোষ থাকিলেও দোষী সাব্যস্ত হোৱাৰ পৰা সাৰি যায়।

ঠিক দোকমোকালিতে দৰা ঘূৰি অহাৰ শব্দ শুনিলে ৰশ্মিয়ে , ল’ৰাকনক মাহীয়েকৰ ওচৰতে শোৱাই তাই এইবাৰ ওলাই গ’ল । শাহুয়েকে দুজনীমান আয়তীক লগত লৈ নকইনাক আদৰি আনিলে , ৰুমিৰ কোঠাৰ কাষতে সজা নতুন কোঠাটো এইবাৰ সৰুবোৱাৰীক দিলে শাহুয়েকে । সময়ত সকলো ঘৰা – ঘৰি হ’ল , ৰশ্মিও আনদিনাৰ দৰে কামত লাগিল । তাই জানে , যিমানেই যি নহঁওক , তায়েই ঘৰখনৰ ডাঙৰ বোৱাৰী , তাইৰ হাততেই সকলো চাবি কাঠি দি থৈছে শাহুয়েকে. , গতিকে প্ৰাণ থকালৈকে কৰি যাবই লাগিব তাই । গিৰীয়েকে লাগিলে যিমান জনীয়েই নানক , ঘৰখনৰ এই দ্বায়িত্বত মাথো তাইহে আছে । অৱশ্যে তাই কামৰ বাবে আন কাৰোবাৰ মুখলৈ চাই থকা বিধৰ তিৰোতা নহয় , সদায় নিজেই কৰিয়ে খাইছে , আৰু পৰালৈকে কৰিয়ে খাব । অৱশ্যে সতিনী হিচাপে ভণীয়েক ৰুমীক তাই ঠিকেই পাইছে , যি কৰিবলৈ কয় তাকে কৰে তাই , এক সমীহ কৰি চলে তাই সদায় বায়েকক , গতিকে লোকে দেখাকৈ কেতিয়াও একো কাজিয়া হোৱা নাই তাহাঁতৰ মাজত । এইগৰাকীও তেনেধৰণৰ হ’লে ভাল হয় আৰু, নহ’লে ঘৰ গুচি বাঁহ তল হ’ব । অৱশ্যে ভণীয়েকৰ লগত ৰশ্মিৰ কোনো মতবিৰোধ নোহোৱাৰ আন এটা কাৰণো নথকা নহয় , ৰুমীক অনাৰ দিন ধৰি কোনোদিনেই ৰশ্মিয়ে মানুহজনক বিচৰা নাই , ৰুমীৰ লগতেই থাকিবলৈ বুলি এৰি দিলে তাই মানুহজনক সদায়ৰ বাবে । প্ৰকৃততে , ৰামৰ দ্বিতীয় বিবাহৰ দিন ধৰি ৰশ্মিৰ মন – মগজুৰ লগতে কোঠাৰ পৰাও ৰাম । এতিয়া তাই যি কৰিছে , দময়ন্তী বৰাৰ ডাঙৰ বোৱাৰীয়েক হিচাপেহে কৰি গৈছে ।

ৰামৰ সৰু ঘৈণীয়েক যি আঠমঙলা খাবলৈ বুলি মাকৰ ঘৰকৈ গ’ল পুনৰ ঘূৰি নাহিল আৰু , মাকৰ ঘৰৰপৰাই পলাল আগৰ প্ৰেমিকৰ লগত । ৰামৰ অন্তৰত যেন জুইহে লাগিল তেতিয়াৰপৰা , গোটেইখন তাল – ফাল লগাই ফুৰিছে সি । শাহুৱেকে খবৰ ল’বলৈ অহা মানুহবোৰৰ মুখৰ খজুৱতি মৰাতে ব্যস্ত আছে , কিন্তু ৰশ্মি সদায়ইৰ দৰেই ঘৰখনক পৰিচালিত কৰাত ব্যস্ত হৈ আছে । ল’ৰাকনক মাহীয়েকৰ কোলাত দি খবৰ ল’বলৈ অহা লোকসকলক চাহ – তামোল দিছে , পথাৰৰ ৰোৱনীলৈ বুলি ভাতৰ টোপোলা বান্ধিছে , হালোৱা ল’ৰাটোকো ভাত দিছে — মুঠতে ভীষণ ব্যস্ত তাই। ৰুমীৰ গাত যিহেতু লেথা , লগতে গিৰিয়েকে এনে কাণ্ড কৰাৰ দিন ধৰি মনো বেয়া , সেয়ে তাই ভাগিনটোৰ লগতে সময় পাৰ কৰিবলৈ পাই ভালেই পাইছে । তাৰোপৰি আজিকালি তাই বায়েকৰ ওচৰতো বৰ অপৰাধবোধ কৰে , যিমান যাতনা তাই বায়েকক অজানিতে দিছিল সিমান আজি তাই নিজে ভুগি আছে, কিন্তু তাই আচৰিত হয় এয়া ভাবিহে , মাক অথবা শাহুৱেকহঁতেহে কেনেকৈ এনেবোৰ কথাক সহজে লৈ যায় ! তেওঁলোকে নিজেওটো সতিনীৰ ভাত খাই আহিছে এসময়ত , তেনেহ’লে তেওঁলোকেও এনে এটা দিন পাৰ কৰিছে নিশ্চয় । কিমান যন্ত্ৰণাদায়ক নিজৰ মানুহজনক আনৰ লগত ভাগ – বতৰা কৰাটো সেয়া জানিও কিয় বাৰু নিজৰ জী – বোৱাৰীলৈও সতিনী গোটাই আনিছে তেওঁলোকে ! নে ইয়াৰ আৰত কেৱল মাথো বংশ বৃদ্ধিয়েই মুল কাৰণ হৈ ঠিয় দি আছে ! কথাবোৰ ভাবিও তাই ওৰ নাপায় অথচ নভবাকৈয়ো থাকিব নোৱাৰে তাই ।

: চাওঁক , আপুনি আইৰ কথা মানি লওঁক । যোৱাজনীটো গ’লেই , এতিয়া তাইৰ নাম লৈ হুলস্থূলখন কৰি থাকিলেতো তাই ঘূৰি নাহে । —- দময়ন্তীৰ কথাত সৈমান নোহোৱাত ৰশ্মিয়ে অৱশেষত মুখ খুলিলে গিৰীয়েকৰ আগত ।

: তই কি বুজিবি মোৰ মনৰ যন্ত্ৰণাক ! — এইবুলি ৰামে ক’বলৈহে পালে , ৰশ্মিৰ অন্তৰত সুপ্ত অৱস্থাত থকা ক্ষোভৰ বিস্ফোৰণ ঘটিল লগা – লগ —–

: এৰা , আপুনি ঠিকেই কৈছে , মই বুজি নাপাম আপোনাৰ সেই যন্ত্ৰণাক । আৰু বুজিমনো কিয় , আপুনি পাইছিলনে বুজি ? —– ৰশ্মিৰ মুখত এনে কথা শুনি ৰাম আচৰিত হ’ল এইবাৰ —-

: তই কি কৈছ’ এইবোৰ ?— সি পুনৰ সুধিলে তাইক

: অ’ মই যি কৈছো সকলো সত্য কথাই কৈছো , যিদিনা আপুনি আইৰ আগত আপোনাৰ দ্বিতীয় বিবাহত আপোনাৰ কোনো আপত্তি নাই বুলি কৈছিল , সেইসময়ত মোৰ অন্তৰত জ্বলি উঠা জুইকুৰাক আপুনি দেখিছিলনে ? য’ত আপুনি মোক বুজি নাপালে , তেনেস্থলত মই বুজাৰ প্ৰশ্নই নাহে । — খঙত ফোপাই উঠিল ৰশ্মি এইবাৰ ।

: কিন্তু , মইটো প্ৰথমতে তোকেই আহি কৈছিলো , তই আপত্তি নকৰাতহে আইক কওঁ তেনেকৈ ।

: মই কি বুলি আপত্তি কৰাটো বিচাৰিছিল আপুনি ? এইবোৰ কথা মানুহে মুখেৰে ব্যক্ত কৰা কথা নেকি ! আপুনিচোন বিয়াৰ আগতে মোক নাপালে দৈয়াঙত জাপ দিম বুলি কৈছিল , তেনেস্থলত আপোনাৰ ইমান মৰমৰ মানুহজনীক আপুনি নিজেই যেতিয়া ঠেলি দুৰ কৰিব খুজিলে , মই আকৌ কিয় বাধা দিম ! মোৰো নিজা বুলিবলৈ কিবা এটা আছে । —- সদায় জুখি – মাখি কথা কোৱা ৰশ্মিৰ মুখত এনেবোৰ কথা শুনি ৰামৰ লগতে শাহুৱেকো নিতাল মাৰিল ।

: আৰু শুনক , কেৱল যে পুৰুষৰে আমুৱাব লাগে এইবুলিটো কোনো কথা নাই , এতিয়া আপোনাৰ নতুন ঘৈনীৰো আপোনাক আমুৱালে , সেয়ে তাই পুনৰ বিয়াত বহিল , যেনেকৈ আপোনালোক পুৰুষসকল বহে , বাৰে – বাৰে , বিবিধ অজুহাত লৈ , নহয় জানো ! আৰু অতি দুখৰ কথা , আমাৰেই আপোন মাইকীমানুহ কিছুমানেই আপোনালোক পুৰুষসকলৰ এনে কামত হাত উজান দিয়ে , তেওঁলোকে পাহৰি যায় নিজে সতিনী ভাত খোৱাৰ যন্ত্ৰণাখিনিক । কোনো কথা নাই , আজি এই আপোনাক এৰি বেলেগলৈ গ’লগৈ , বিচাৰিলে সপ্তাহটোৰ ভিতৰতে আপুনিও আৰু এজনী আনিব পাৰিব , অ’ত’সোপা মাটি – সম্পত্তি থকা লোকলৈ কোনেও ছোৱালী নিদিওঁ বুলি নকয় । নে কি কয় আই? —- ৰশ্মিয়ে এইবাৰ দময়ন্তীলৈ চাই সুধিলে , তেওঁ মাথো ৰ’ লাগি তাইলৈকে চাই ৰ’ল বহুপৰ । ভিতৰৰ পৰা ভণীয়েকেও বায়েকৰ সকলো কথা শুনি আছিল , তাই ধৰিব পাৰিলে যে তাইৰ বায়েক আৰু আগৰ বায়েকজনী হৈ থকা নাই , তাই ইতিমধ্যেই কালিৰূপ ধাৰণ কৰিছে , ভয়তে তাই থক – থককৈ কপিবলৈ ধৰিলে এইবাৰ ।।।

✍️উজ্জ্বলা বৰদলৈ

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

30 − 23 =